[টু কিল এ জুবিন গাৰ্গ— শিৰোনামটো হাৰ্পাৰ লী-ৰ ‘টু কিল এ মকিংবাৰ্ড’ নামৰ প্ৰখ্যাত উপন্যাসখনৰ দ্বাৰা অনুপ্ৰাণিত। উপন্যাসখনত এটিকাছ ফিন্স নামৰ মুখ্য চৰিত্ৰটোৱে তেওঁৰ সন্তান জিমক মকিংবাৰ্ড চৰাই নামাৰিবলৈ উপদেশ দিছিল। কিয়নো, মকিংবাৰ্ড চৰায়ে কাৰো তিলমানো অনিষ্ট নকৰে, বৰং গান গাই আনন্দহে প্ৰদান কৰে। উপন্যাসখনত নিষ্পাপ সৰলতাৰ (innocence) দৰে সুন্দৰ সুকোমল গুণাৱলীক নিভাঁজ আনন্দৰ উৎস আৰু সুস্থ সমাজ জীৱনৰ আধাৰ স্বৰূপে উপস্থাপন কৰিছে। সুস্থ সমাজ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থতে ইয়াৰ ক্ষতি কৰাৰ বিপৰীতে সুৰক্ষিতহে কৰা উচিত।
সাম্প্ৰতিক কালত, বিশেষকৈ বিশ্বায়নৰ পৰৱৰ্তী কালছোৱাত এক আগ্ৰাসী পণ্য সংস্কৃতিয়ে বিস্তাৰ লাভ কৰাৰ ফলস্বৰূপে পোখা মেলা মাত্ৰাহীন লোভ আৰু স্বাৰ্থপৰতাই শিল্পীৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ সুন্দৰ, সুকোমল আৰু সমাজৰ বাবে কল্যাণকৰ উপাদানসমূহ বিনষ্ট কৰিছে। উপন্যাসখনত বৰ্ণিত বৰ্ণবিভেদৰ কলুষতাই স্বাভাৱিক সৰল মানবীয় প্ৰমূল্যক বিনষ্ট কৰাৰ দৰে বৰ্তমানৰ ভোগবাদী পণ্য সংস্কৃতিয়ে এনে গুণৰাজিক ক্ৰমান্বয়ে নিঃশেষ কৰিছে বুলি উপলব্ধি কৰি এই শিৰোনামটো দিয়া হৈছে।]
যোৱা বছৰ (২০২৫)ৰ ১৯ ছেপ্টেম্বৰ তাৰিখে অত্যন্ত মৰ্মস্পৰ্শীভাৱে আৰু এক ৰহস্যময় পৰিস্থিতিত অতিশয় প্ৰতিভাৱান শিল্পী জুবিন গাৰ্গে ছিংগাপুৰত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে। এই নিদাৰুণ আৰু মৰ্মান্তিক ঘটনাই কিদৰে সমগ্ৰ অসমবাসীকে হৃদয়ৰ মৰ্মস্থললৈ জোকাৰি গৈছিল, তাৰ আমি প্ৰত্যক্ষদৰ্শী।
পৰৱৰ্তী সময়ত উন্মোচিত ঘটনাৱলীয়ে এই কথা দেখুৱালে যে জুবিন গাৰ্গৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি চূড়ান্ত হেমাহি প্ৰদৰ্শন কৰি তেওঁক একপ্ৰকাৰ হত্যা কৰা হ’ল। এই ৰহস্যজনক মৃত্যুত যদি কোনো ব্যক্তি বিশেষৰ ভূমিকা আছে, সেয়া হয়তো তদন্ত সংস্থাসমূহে বিশদ অনুসন্ধানৰ মাজেৰে উদ্ঘাটন কৰিব। কিন্তু এই কৰুণ মৃত্যুত যে বিগতকেইটামান দশকত গঢ়ি উঠা এক অৱক্ষয়ী সাংস্কৃতিক পৰিমণ্ডল আৰু ক্ৰমাগতভাবে অধঃপতিত মূল্যবোধ-ব্যৱস্থাৰ ভূমিকা আছে, সেই কথাটোও এই মুহূৰ্তত গুৰুত্বসহকাৰে বিচাৰ কৰি চোৱাটো অতিকে জৰুৰী। বৰ্তমান আমাৰ সমাজত কৰাল মাৰি ধৰা এক ভোগবাদী মূল্যবোধৰে পৰিচালিত সংস্কৃতিৰ অনুশীলনে গভীৰভাৱে শিপাইছে। ক্ষণিকৰ আনন্দ-উত্তেজনা আহৰণৰ বাহিৰে সামগ্ৰিকভাৱে বৃহত্তৰ সমাজখনক উত্তৰণৰ কোনো বাটৰ সন্ধান দিব নোৱৰা এক সাংস্কৃতিক পৰিমণ্ডলে প্ৰভাৱ বিস্তাৰ কৰিছে। এনে সীমাহীন ধন-সম্পত্তি ঘটাৰ উদগ্ৰ লোভৰে পৰিচালিত মূল্যবোধহীন, বেপেৰুৱা সাংস্কৃতিক অনুশীলনেই জুবিন গাৰ্গৰ হত্যাৰ (?) বাবে প্ৰয়োজনীয় পৰিৱেশ গঢ়ি তুলিছিল। সংস্কৃতিৰ চৰ্চা আৰু অনুশীলনক বজাৰৰ পণ্যৰ দৰে বিক্ৰী কৰি ধন ঘটি নিজে চহকী হোৱাৰ বাহিৰে অন্য কোনো মহৎ উদ্দেশ্য নথকা এক সাংস্কৃতিক ব্যৱসায়ৰ বাবে এইগৰাকী বিৰল প্ৰতিভাৱান শিল্পীয়ে নিজৰ জীৱন হেৰুৱাবলগীয়া হ’ল।
ইতিহাসে দেখুৱাইছে যে কেতিয়াবা প্ৰতিভাৱান শিল্পীয়েও মহৎ আৰু কালজয়ী সৃষ্টিৰ বাবে গভীৰ জীৱনবোধৰ সন্ধান দিব পৰা কোনো অনিৰ্বচনীয় অভিজ্ঞতাৰ মাজেৰে পাৰ হোৱাৰ অপেক্ষাত থাকে। জুবিন গাৰ্গো তেনে এক উত্তৰণমুখী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলৈ পোৱাৰ আগেয়েই অকালতে আৰু অপ্ৰয়োজনীয়ভাৱে প্ৰাণ হেৰুৱালে। সংস্কৃতিৰ ব্যৱসায়ৰ এক অৱক্ষয়ী পৰিৱেশে এই প্ৰতিভাক আমাৰ মাজৰ পৰা অকালতে কাঢ়ি লৈ গ’ল। যদি আমি সামূহিকভাৱে সংস্কৃতিৰ ব্যৱসায়ৰ বিপৰীতে মানুহ আৰু সমাজৰ উত্তৰণৰ বাবে সমৰ্পিত সংস্কৃতিৰ সাধনা কৰিলোহেঁতেন আৰু তেনে সংস্কৃতিকে সৰ্বোত্তম মূল্য দিবলৈ শিকিলোহেঁতেন, তেন্তে জুবিন গাৰ্গক আমাৰ মাজৰ পৰা কোনেও আঁতৰাই নিব নোৱাৰিলেহেঁতেন! হয়তো জুবিনে আমাৰ মাজতেই থাকি কোনো মহৎ আৰু যুগজয়ী সৃষ্টিৰ বাবে নিজকে সমৰ্পিত কৰাৰ সুযোগ পালেহেঁতেন। জুবিন গাৰ্গক আমি সেই সুযোগ নিদিলো। এক ব্যৱসায়িক আৰু পণ্য সংস্কৃতিৰ বুকুত জাহ যাবলৈ আমি জুবিন গাৰ্গহঁতৰ দৰে এটা প্ৰজন্মক এৰি দিলো। আৰু যেতিয়া একমাত্ৰ নিজৰ বাবে ধন ঘটাৰ লালসাৰে পৰিচালিত এক সংস্কৃতিৰ ব্যৱসায়ৰ পৰিমণ্ডলে জুবিনৰ প্ৰাণ কাঢ়ি নিলে, তেতিয়া আমি কেৱল হিয়া ধাকুৰি কান্দিছোঁ।
ৰিডম জিৰোৰ জুবিন গাৰ্গ
পল্লৱপ্ৰাণ গোস্বামী
এই কথাত কোনো সন্দেহ নাই যে জুবিন গাৰ্গ এগৰাকী অসীম প্ৰতিভাৰ অধিকাৰী শিল্পী আছিল। ব্যক্তিগতভাৱে জুবিন গাৰ্গৰ সংগীতৰ মই নিজে সাংঘাতিক অনুৰাগী নাছিলো যদিও তেওঁ গোৱা ‘মায়াবিনী ৰাতিৰ বুকুত’, ‘ফুল ফুলক ৰ’দৰে ফুল’ আদিকে ধৰি কেইটামান গান মোৰো বৰ প্ৰিয় আছিল। তেওঁৰ গানবোৰ বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয়। যৌৱন কালৰ বিভিন্ন আৱেগ, অনুভূতি আৰু ভাবোচ্ছ্বাসক লৈ সৃষ্টি কৰা তেওঁৰ সৰহভাগ গানেই যুৱ প্ৰজন্মক আলোড়িত কৰি ৰাখিছে। কিন্তু প্ৰতিভাৰ জোখেৰে জুবিন গাৰ্গ কাল আৰু স্থানৰ সীমাক অতিক্ৰম কৰা কালজয়ী সৃষ্টিৰ সম্ভাৱনা থকা এগৰাকী শিল্পী আছিল। তেওঁৰ প্ৰতিভাই যুগজয়ী সৃষ্টিৰ বাবে যি উত্তৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ যোৱাৰ প্ৰয়োজন, তাক সমাপন কৰাৰ সুযোগ পোৱাৰ আগতেই অকালতে আৰু অনাহুতভাৱে জীৱন সমাপ্তি ঘটিল। এইটো বৰ বেদনাদায়ক। উত্তৰণৰ সেই প্ৰক্ৰিয়া সমাপন কৰাৰ সুযোগ পোৱাহেঁতেন হয়তো জুবিন গাৰ্গৰ পৰা অসমৰ সমাজ জীৱনে আৰু বৃহত্তৰ মানৱতাই বহু কালজয়ী সৃষ্টি পাবলৈ সক্ষম হ’লহেঁতেন।
জুবিন গাৰ্গে দি থৈ যোৱা সৃষ্টিৰাজিৰ গুৰুত্বক তিলমানো লাঘৱ নকৰাকৈ এই কথাটো ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ যে যি ভোগকেন্দ্ৰিক আৰু আত্মস্বাৰ্থ সিদ্ধিৰ অস্ত্ৰ ৰূপে ব্যৱহৃত সংস্কৃতিৰ ব্যৱসায়ৰ জুবিন গাৰ্গ বলি হ’ব লগা হ’ল, তেনে সাংস্কৃতিক মূল্যবোধৰ বিপৰীতে দেশ-জাতি-মানৱতাক উত্তৰণৰ নতুন পথ আৰু প্ৰেৰণাৰ সন্ধান দিব পৰা সংস্কৃতিৰ সাধনাক উচ্চ স্থান দিয়াৰ সাংস্কৃতিক পৰিমণ্ডল গঢ়ি তোলাহেঁতেন আজি জুবিন গাৰ্গক আমি হেৰুৱাব লগা নহ’লহেঁতেন। শংকৰদেৱ-জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ সাংস্কৃতিক প্ৰমূল্যক আমাৰ সমাজে শিৰত লৈ থকাহেঁতেন হয়তো এনে দুৰ্যোগ অহাৰ বাট বন্ধ হ’লহেঁতেন। সংস্কৃতিক বেপাৰৰ পণ্যত পৰিণত কৰাৰ ক্ষয়ংকৰী প্ৰৱণতা, পণ্য সংস্কৃতিৰ উন্মাদ আৱাহনৰ যি পৰিৱেশ আমাৰ সমাজে বিগত সময়ছোৱাত গঢ়ি তুলিলে, জুবিনহঁত তাতেই বলি গৈছে। এই সংস্কৃতিৰ ব্যৱসায়ৰ সৈতে হাত উজান দি জুবিনক হত্যাৰ পৰিৱেশ এটা আমিয়েই ৰচনা কৰি দিলো। বহু পূৰ্বেই যদি সংস্কৃতিৰ এই ব্যৱসায়ৰ বিৰুদ্ধে গৰ্জন কৰি উঠিলোহেঁতেন, এই বেপাৰী চক্ৰান্তক সংগঠিতভাৱে ছিন্ন-ভিন্ন কৰিলোহেঁতেন, তেনেহ’লে হয়তো জুবিন আমাৰ মাজত জীয়াই থাকি বহু কালজয়ী সৃষ্টিৰে জাতিক আৰু মহীয়ান কৰি থৈ গ’লহেঁতেন।
আজি জুবিনক হেৰুৱাই আমি যিদৰে মৰ্মাহত হৈছোঁ, একেদৰে সংস্কৃতিৰ ব্যৱসায়ৰ সৈতে আপোচ কৰাৰ অক্ষমণীয় অপৰাধৰ বাবে আমি আত্মসমালোচনা কৰা উচিত নহয়নে? আমি নিজকে প্ৰশ্ন কৰা উচিত— অনাগত ভৱিষ্যতত বৃহত্তৰ সমাজখনৰ কোনো কল্যাণ সাধন কৰিব নোৱৰা সংস্কৃতিৰ এনে ব্যৱসায়িকৰণৰ নিকৃষ্ট প্ৰচেষ্টাৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় দিমনে? আজি যদি নিজকে আমি এই প্ৰশ্নবোৰৰ মুখামুখি কৰাব নোখোজোঁ, তেন্তে জুবিন গাৰ্গৰ বাবে প্ৰদৰ্শন কৰা আমাৰ শোক গভীৰতাহীন সাময়িক উন্মাদনা ৰূপে হেৰাই যাব।
এইটো অনস্বীকাৰ্য যে জুবিন গাৰ্গৰ বেদনাদায়ক আৰু অনাহুত মৃত্যুৰ বাবে দায়ীসকলক চিনাক্ত কৰি কঠোৰতম দণ্ড বিহাৰ দায়িত্ব চৰকাৰ আৰু আইনী কৰ্তৃপক্ষৰ। এই প্ৰক্ৰিয়াত ধন আৰু ক্ষমতাৰ প্ৰভাৱত যাতে কোনো গাফিলতি নহয়, সেইটো সতৰ্কতাৰে নিশ্চিত কৰিবলৈ ৰাইজ সচেষ্ট হৈ থাকিব লাগিব। কিন্তু ইয়াতেই আমাৰ দায়িত্বৰ অন্ত নপৰে। অনাগত দিনত আৰু বহু জুবিনক যাতে হেৰুৱাবলগীয়া নহয়, তাৰ বাবে সংস্কৃতিৰ ব্যৱসায়ৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব নোৱাৰিলে জুবিনৰ মৃত্যুৰ বাবে জগৰীয়া এই পৰিস্থিতিৰ অৱসান নঘটিব। সেই অৰ্থত, আমি সকলোৱেই জুবিনৰ দৰে শিল্পীৰ হত্যাকাণ্ডৰ পৰিৱেশ ৰচনাৰ দায় মূৰ পাতি ল’ব লাগিব। প্ৰকৃতাৰ্থত জুবিনৰ বাবে ন্যায় প্ৰতিষ্ঠা হ’ব লোভ আৰু লালসাৰ কদৰ্য বোকাত নিমজ্জিত সংস্কৃতিৰ মুখা পিন্ধা দুষ্কৃতিক সমাজৰ পৰা পুলিয়ে-পোখালিয়ে উভালি পেলাবলৈ গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰাইহে।
জুবিন: শেষ বুলিলেইতো শেষ নহয়
ড° দুলাল হাজৰিকা

বিতর্কৰ বহাগ
মালিনী গোস্বামী

শতবৰ্ষত ভূপেন হাজৰিকা
ড° পৰমানন্দ মজুমদাৰ

জুবিন গাৰ্গৰ কবিতাত প্ৰেম আৰু প্ৰতিবাদ
ড° দুলাল হাজৰিকা

হে শিল্পী, হে শিল্প
অনিৰ্বাণ দত্ত
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক

