সুৰটোৱে ভিতৰত গুণগুণাই থাকে, অথচ ওলাই নাহে। গায়ক, গীতৰ কথা, গীতিকাৰ, সুৰকাৰ— সকলোৰে নাম-ধাম পাহৰিলে। নাহে মানে কোনোপধ্যেই মনলৈ নাহে। সুদীৰ্ঘ অন্বেষণ আৰু হাহাকাৰৰ অন্তত স্বপ্নৰাগে অকস্মাৎ ক’ৰবাত সেই গানটো শুনিলে আৰু সি অভ্যন্তৰত এক মৃদু আলোড়ন অনুভৱ কৰিলে। বহু যুগৰ মূৰত সুধাময়ী বাইদেউৰ ঘৰখনলৈ আহি তাৰ এনে অনুভৱেই হ’ল। চিনাকি চ’ৰাঘৰটোৰ কাঠৰ ক’লা বাতাম দিয়া আয়তাকাৰ বেৰবোৰৰ পাতল সেউজীয়া ৰং, কোঁচাই থোৱা গুলপীয়া পৰ্দাৰ মাজেৰে সোমাই অহা কুহুমীয়া ৰ’দত জিলিকি উঠা, বাইদেৱে সূতাৰে কাম কৰা টেবুল-চকীৰ ফুলাম কাপোৰ, দেৱাল চিত্ৰৰ কাৰু-কাৰ্য— সকলোতে সোঁৱৰণীয়ে ভিৰ কৰি আছিল। শংকৰদেৱ আৰু বিষ্ণু ৰাভাৰ পেইণ্টিং দুখন, কাঠৰ খোলা আলমাৰিত পৰিপাটিকৈ জাপি থোৱা কিতাপবোৰ— হেমকোষ, জীৱনৰ বাটত, পুৱতি তৰা, ইয়াৰুইঙ্গম, দস্যু ভাস্কৰ ছিৰিজ— স্বপ্নৰাগৰ দৃষ্টি বাগৰি এচুকৰ টেবুলত সজাই থোৱা সোণালী ৰঙৰ গ্ৰাম’ফোনটোত চকু ৰৈ গ’ল। তাৰ কাষতে পূৰ্বে হেমন্ত ছাৰ-সুধাময়ী বাইদেৱে ব্যৱহাৰ কৰা কেইবাটাও বাদ্যযন্ত্ৰ— তবলা, হাৰমনিয়াম, মেণ্ডোলিন, দোতাঁৰা আদি সজাই থোৱা আছে। বুকুত গুনগুনাই থকা সুৰটো যেন হঠাৎ বাজি উঠিল আৰু সোঁৱৰণিবোৰে চাৰিওফালে লয়লাসে জাকি মাৰি ওলাই আহিব খুজিলে। ঘৰখনৰ এই গোটেই বাতাবৰণটোৱে তাৰ সোঁৱৰণীৰ তাঁৰবোৰ জোকাৰি গৈছে, কাৰণ তাৰ জীৱনৰ লগত এছোৱা ভাল লগা সময়— শৈশৱ, কৈশোৰ আৰু এখিনি প্ৰিয় মানুহ জড়িত হৈ আছে। তাৰ কাষতে নিৰ্ঝৰিণী— তাৰ কণমানি ছোৱালীজনী বহি আছিল। তাই নীৰৱে বহি আছিল— চকু-মুখত কিছু কৌতূহল। কণমানি নিৰ্ঝৰিণীৰ লগত নিশ্চিতভাৱে সোঁৱৰণীৰ কোনো কথা জড়িত নোহোৱাটোৱেই স্বাভাৱিক।
স্বপ্নৰাগে দুখেৰে ভাবিলে, কদৰ কৰিব বুলি মিছাই আশা কৰিবলৈ সোঁৱৰণীয়েও এৰিছে চাগৈ কোন কাহানিবাতে।
তাৰ মনত পৰে, ষ্ট’ৰ ৰূমত পৰি থকা, মামৰে ধৰা অচল চাইকেলখন, যিখনে তাক বোকোচাত তুলি বহু বাট লৈ ফুৰিছিল, স্কুলৰ দিনবোৰ যাৰ ওপৰতে শেষ হৈছিল, বাইকখন অহাৰ পাছত পৰিচৰ্যাৰ অভাৱত অকালতে অথৰ্ব হৈ পৰা সেই চাইকেলখন এদিন উধাও হৈছিল। চাইকেলখন নেদেখি সি খবৰ লওঁতে নিৰুত্তাপভাৱে এটা উত্তৰ পাইছিল, “এনেয়ে পৰি থকাতকৈ ভগা-ছিগা লোহাৰ-লক্কৰ নিয়া ঠেলাৱালাটোক দি পঠালো।” কিছুমান মানুহৰ ওচৰত আৱেগিক উষ্মাৰ প্ৰদৰ্শন আচলতে একেবাৰে অৰ্থহীন। ক্ষোভ আৰু অসহায়তা সামৰি সি নীৰৱে ৰ’ল। হাতুৰীৰ প্ৰতিটো কোবত ছিন্ন-ভিন্ন হৈ যাওঁতে তাৰ মৰমৰ চাইকেলখনে হয়তো গমেই নাপালে, তাৰ বাবে সি এনে এখন বিশেষ বাহন, যাৰ লগত পৃথিৱীৰ কোনো বাহনৰে তুলনা নহয়। নিৰ্মমভাৱে হেৰুওৱাৰ পাছতহে চাইকেলখন তাৰ আৰু ওচৰ চাপি আহিছিল। তেনে এটা পৰিণতি সি বিচৰা নাছিল আৰু সেই বাবে তাৰ মনত এক অপৰাধবোধ ৰৈ গৈছিল। তাৰ পাছতো সি নুবুজা নহয়, তেনেকৈয়ে হেৰাই গৈ থাকে পুৰণি কিতাপবোৰ, গানৰ কেছেটবোৰ, ৰেডিঅ’টো আৰু বহু কিবাকিবি। সুধাময়ী বাইদেউৰ জীৱন সংগী হেমন্ত ছাৰো ফটো এখন হৈ দেৱালত ওলমি আছে। তেওঁলোকে লাভ কৰা পুৰস্কাৰ আৰু সম্বৰ্ধনা পত্ৰৰে ভৰি আছে আলমাৰিৰ কেইবাটাও খলপ। সৰু চহৰখনৰ সংগীতৰ অনুষ্ঠানবোৰত সুধাময়ী বাইদেউ আৰু হেমন্ত ছাৰ এটি জনপ্ৰিয় যুটি আছিল। ৰেডিঅ’ত দুয়োৰে গান বাজিছিল। আধুনিক গীত, লোকগীত, বৰগীত, জ্যোতি-বিষ্ণু-পাৰ্ৱতিপ্ৰসাদৰ গীতবোৰ শুনিয়ে পাৰ হৈছিল স্বপ্নৰাগহঁতৰ শৈশৱ, কৈশোৰ আৰু যৌৱন। ফিলিপছ্ কোম্পানীৰ ৰেডিঅ’ এটাত বাজি থকা অলেখ পুৰণা গীতে সিহঁতক এখন অন্য জগতৰ সন্ধান দিছিল। নীলিম গগন ঢৌৱাই ঢৌৱাই অসীমলৈ গুচি যাব খোজা, বৃষ্টিমুখৰ ধূসৰ সন্ধ্যা এটাত মনৰ অৱসাদ ধুই নিয়া সেই জগতখনত কোনোবা এটা গধূলি সুন্দৰ কৰি ফুলা গধূলিগোপাল এপাহত সিহঁতৰ পোৱাখিনিৰ লগত হেৰুওৱাখিনিও ৰৈ গৈছিল। এক নিৰন্তৰ অন্তৰ্ধ্বনি হৈ সেয়া বুকুত এতিয়াও বাজি ৰয়।
বৈকুণ্ঠ প্ৰয়াণ
সপোনজ্যোতি ঠাকুৰ
সুধাময়ী বাইদেউৰ চ’ৰাঘৰত নিৰ্ঝৰিণীৰ সৈতে বহি থাকোঁতে শেহ আঘোণৰ এই আবেলিটো তাৰ কিবা এটা বিষণ্ণ যেন লাগিল। ৰাতি দি যোৱা বৰষুণ এজাকৰ পাছত জাৰ নামিছে। চ’ৰাঘৰৰ খিৰিকীয়েদি সোমোৱা শেঁতা, হেলনীয়া ৰ’দ কাঁচলিয়ে ঈষৎ পোহৰ ছটিয়াইছে।
— কিমান দিনৰ মূৰত তোমাক দেখিছোঁ!
বাইদেউৰ মাতত আশ্চৰ্য আৰু উচ্ছ্বাস। তাৰ পাছত তেওঁ নিৰ্ঝৰিণীৰ মূৰত মৰমেৰে হাত বুলাই কথা পাতিবলৈ আৰম্ভ কৰিলে। সি শান্তভাৱে হাঁহি থাকিলেও ভিতৰত সৰুকৈ এটি কঁপনি অনুভৱ কৰিলে। কোঠাটো পূৰ্বৰ দৰেই আছে। দহ-পোন্ধৰ বছৰ অগৰ সেই কোঠাটোৰ বিশেষ একো পৰিৱৰ্তন হোৱা নাই। হেমন্ত ছাৰৰ ফটোখনহে নতুনকৈ যোগ হৈছে। ছাৰহঁতৰ কাষৰ ঘৰটোতে সিহঁত তেতিয়া ভাৰাত আছিল। হাইস্কুলত পঢ়ি থাকোঁতে দেউতাকে তাক হেমন্ত ছাৰৰ সংগীত বিদ্যালয়খনত নাম লগাই দিছিল। সেই তেতিয়াৰে পৰা এই চহৰখন এৰালৈকে প্ৰায় আঠ-ন বছৰ ধৰি এই ঘৰখনৰ সৈতে তাৰ এটা নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল। কেৱল সংগীত চৰ্চাই নহয়, এই ঘৰখনতে সি বন্ধৰ দিনবোৰত ৰেডিঅ’ত, গ্ৰাম’ফোনত গান শুনি ঘণ্টাৰ পাছত ঘণ্টা বহি থাকিছিল, আলমাৰিত থকা বাহিৰা কিতাপবোৰৰো পাত লুটিয়াইছিল।
হেমন্ত ছাৰে সিহঁতক বিভিন্ন প্ৰতিযোগিতাত গান গাবলৈ লৈ গৈছিল। সেই দলটোত বৰ্ষাস্তুতিও আছিল। তাই স্বপ্নৰাগহঁততকৈ কেইবছৰমান সৰু আছিল। বৰ ধুনীয়াকৈ তাই পাৰ্ৱতিপ্ৰসাদৰ গীত গাই কেইবাবাৰো প্ৰথম পুৰস্কাৰ পাইছিল। সেইবোৰ দিন এতিয়া তাৰ চকুৰ আগেদি চলমান ছবিৰ দৰে পাৰ হৈ গৈছে।
চাকৰি সূত্ৰে এই চহৰখন এৰি গুচি যোৱা দেউতাকৰ দৰে সিয়ো উচ্চ শিক্ষাৰ বাবে এদিন আঁতৰি গৈছিল আৰু বহু বছৰৰ পাছত জীৱিকাৰ তাড়নাত আকৌ এই চহৰখনলৈ ঘূৰি আহোঁতে হেমন্ত ছাৰ আৰু সুধাময়ী বাইদেউৰ ঘৰখনলৈ প্ৰথমে মনত পৰি গৈছিল। সিহঁতৰ এতিয়াৰ ঘৰৰ পৰা হেমন্ত ছাৰহঁতৰ ঘৰলৈ দূৰত্ব বাঢ়িল যদিও আজি সি যেনেতেনে অলপ সময় উলিয়ালে।
বহু কথা নোকোৱাকৈয়ো বুজি পোৱা যায়। তাৰ বাবে কেৱল সামান্য সংবেদনশীলতাৰহে দৰকাৰ। সুধাময়ী বাইদেৱেও স্বপ্নৰাগে নোকোৱাকৈয়ে বুজি উঠিছিল।
— নিৰ্ঝৰিণীক গান শিকাব খুজিছা? ভাল কথা। পঠাই দিবা। তোমালোককো শিকাইছিলো নহয়। তাইকো শিকাম দিয়া।
মিঠা হাঁহি এটাৰে পোহৰ হৈ উঠিছিল সুধাময়ী বাইদেউৰ মুখখন। তাৰ পাছত স্বপ্নৰাগৰ কৰ্মব্যস্ততাৰ বাবে বৰ্ষাস্তুতিয়েই নিৰ্ঝৰিণীক গান শিকাবলৈ সুধাময়ী বাইদেউৰ ওচৰলৈ লৈ গৈছিল। বৰ্ষাস্তুতিৰ সৈতে হোৱা তাৰ বিয়াখনো সুধাময়ী বাইদেউৰ বাবে এটা প্ৰত্যাশিত খবৰেই আছিল। পূৰ্বৰ প্ৰিয় ছাত্ৰীগৰাকীক ঘূৰাই পাই বাইদেউ সুখী হৈছিল।
কিছু দিনৰ পাছত যেতিয়া সুধাময়ী বাইদেউ আৰু বৰ্ষাস্তুতি লগ হৈছিল, দুয়োজনীয়ে বোলে পাৰ্ৱতিপ্ৰসাদৰ প্ৰিয় গীতবোৰ গুণগুণাবলৈ আৰম্ভ কৰিছিল। নিৰ্ঝৰিণীয়ে স্বপ্নৰাগক প্ৰতি দিনে পৰম উৎসাহেৰে সকলো খবৰ দি আছিল।
এইখন চহৰতে সুধাময়ী বাইদেউৰ ঘৰত সি বৰ্ষাস্তুতিক লগ পাইছিল। একেলগে গান শিকিছিল। তাতে ভূপালীৰ লগতো সিহঁতৰ বন্ধুত্ব গঢ়ি উঠিছিল। সততে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত আৰু পাৰ্ৱতিপ্ৰসাদৰ গীতৰ প্ৰতিযোগিতাত অংশ ল’বলৈ সিহঁত একেলগে গৈছিল। এবাৰ ভূপালী আৰু স্বপ্নৰাগে একেলগে হেমন্ত ছাৰ-সুধাময়ী বাইদেউহঁতে আয়োজন কৰা সংগীত বিদ্যালয়খনৰ বাৰ্ষিক সমাৰোহত পাৰ্ৱতিপ্ৰসাদৰ ‘সেউজী পাৰত তোমাৰ নিৰলা ঘৰত’ গানটো গাইছিল। গানটো গোৱাৰ পাছত হেমন্ত ছাৰে দুয়োকে খুব প্ৰশংসা কৰিছিল। তাৰ পাছত কেইবাদিনলৈ বৰ্ষাস্তুতিয়ে তাক মাত-বোল কৰা নাছিল। আচলতে ভূপালীৰ সৈতে সেই গানটো গাবলৈ বৰ্ষাস্তুতিকহে কোৱা হৈছিল। দুদিনমান আখৰাও কৰা হৈছিল। কিন্তু শেষত সিদ্ধান্ত লোৱা হৈছিল— দুয়োটাই নাৰী কণ্ঠ হোৱাতকৈ এটা পুৰুষ কণ্ঠ থাকিলে বেছি ভাল লাগিব। বৰ্ষাস্তুতিক ‘আমাৰে সখীয়া’ গীতটো গাবলৈ দিয়া হৈছিল। তাইৰ অভিমানভৰা গোমা মুখখন মনত পৰিলে আজিও তাৰ হাঁহি উঠি যায়।
পাগৰ পাণ আৰু পিঞ্জৰাত প্ৰাণ
সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা
কেইবছৰমানৰ পাছত বৰ্ষাস্তুতি আৰু সি একেখন কলেজতে নামভৰ্তি কৰিলে। ভূপালী তেতিয়ালৈ সৰ্বভাৰতীয় পৰ্যায়ৰ টিভি চেনেল এটাই আৰম্ভ কৰা হিন্দী গীতৰ ৰিয়েলিটি শ্ব’ এটাত অংশগ্ৰহণ কৰি জনপ্ৰিয় হৈ উঠিছিল আৰু মুম্বাইতে থাকি হিন্দী চলচ্চিত্ৰৰ গীত গাবলৈ প্ৰচেষ্টা চলাই আছিল। সৰুৰে পৰা হিন্দী গীতত ভূপালীৰ বিশেষ দখল আছিল। বৰ আৱেগেৰে তাই প্ৰায়ে লতা মংগেশকাৰৰ দৰে ‘দিল হুম হুম কৰে’ গাইছিল। কলেজত পঢ়ি থাকোঁতে তাইৰ লগত সিহঁতৰ যোগাযোগ নাইকিয়াৰ নিচিনাই হৈছিল।
— স্কুলত পঢ়ি থাকোঁতে ভূপালীয়ে তোমাক মনে মনে ভাল পাইছিল। তোমাৰ লগত ‘সেউজী পাৰত’ গানটো গাই থাকোঁতে তাইৰ হিয়া উলাহে নধৰা হৈ আছিল।
— মই দেখোন একো ধৰিব পৰা নাছিলো। তোমালোক ছোৱালীবোৰ সৰুতে বৰ আগবাঢ়ি যোৱা দেই।
— তেনেকৈ নক’বা কিন্তু। তেতিয়াতো কোৱা নাছিলো। এতিয়াও নকলোহেঁতেন তাই থকা হ’লে। বেছি নকৰিবা। আৱেগিক আকৰ্ষণ এটাহে মাত্ৰ।
— হ’ব দিয়া। অসমীয়া শব্দ এটা লিখিব নজনা, ৰোমান লিপিত অসমীয়া গান লিখি গোৱাজনীক এই জনমত আমাৰ ভাল পোৱা নহ’ব।
— হঁহুৱালা কিন্তু দেই। অসমীয়া জনাটো তোমাৰ ভালপোৱাৰ প্ৰথম চৰ্ত নেকি?
— নিশ্চয়।
— ভাল কথা। নতুন কথা এটা জানিলো।
বৰ্ষাস্তুতিয়ে তালৈ কৌতুকেৰে চাই হাঁহিছিল। আচলতে তাইৰ মনত গুলোম বান্ধি থকা দিশ এটা ফৰকাল হৈ পৰিছিল।
তেতিয়াই সিহঁতে লোকসংগীতৰ দল এটা খুলিছিল। অসমৰ জাতি-জনজাতিৰ সুৰবোৰ, কথাবোৰ বুটলি আনি সিহঁতে পৰিৱেশন কৰিছিল। দেশী-বিদেশী লোকসংগীতৰ সুৰবোৰ অক্ষত ৰাখি তাৰ গীতৰ কথা অসমৰ পটভূমিত থাপি-থুপি অনুসৃষ্টি কৰিছিল। ‘প্ৰাণ প্ৰৱাহ’ নামৰ সেই দলটোৱে ব্যতিক্ৰমী পৰিচয় এটা গঢ়িবলৈ সক্ষম হৈছিল। সিহঁত দুটাৰ লগতে স্নেহময়, মুগ্ধনয়নী, সেউজপ্ৰিয়া আৰু শ্যামল আবিৰ আছিল দলটোৰ সক্ৰিয় সদস্য। সেই দিনবোৰতে বহু পুৰণা গীতৰ আদান-প্ৰদানৰ মাজেদিয়ে বৰ্ষাস্তুতি তাৰ কাষ চাপি আহিছিল। বনবিবিৰ পাঁচালী গাঁৱতে ৰঙা পাৰীৰ সেউজীয়া শাৰী পিন্ধি, চুলিত বনফুল-পাত আৰু চৰাইৰ পাখি গুঁজি অহাৰ দিনাই তাইক সি ভালপোৱাৰ কথা কৈছিল। বৰ্ষাস্তুতিয়ে তালৈ চাই হাঁহিছিল আৰু জৰুৰী কাম এটাৰ কথা কৈ খৰখোজেৰে আঁতৰি গৈছিল। যেন এইমাত্ৰ নৈৰ পানীৰ পৰা বুকুত মেঠনি মাৰি উঠি আহিল নৈপৰীয়া গাঁৱৰ কোনো কিশোৰী, তাইৰ মেলা চুলিত সৰাপাত; ঘাঁহেভৰা বাঁহতলীয়া বাটটোৰে আহি থাকোঁতে তাক দেখি কোবাকুবিকৈ পাৰ হৈ গুচি গ’ল। তেনে এখন ছবিয়েই স্বপ্নৰাগৰ মনত ৰৈ গৈছিল। গানৰ মাজেদি আৰম্ভ হোৱা সিহঁতৰ প্ৰেমক লৈ কলেজত বহু গল্প-গুজব চলিছিল। লাহে লাহে সিহঁতৰ পঢ়া-শুনা, জীৱন-জীৱিকাৰ হেঁচাত গান তল পৰিছিল। ‘প্ৰাণ প্ৰৱাহ’ও স্তিমিত হৈ আহিল। সিহঁতৰ অগ্ৰজ স্নেহময় আৰু সেউজপ্ৰিয়াই কলেজীয়া শিক্ষা সামৰি দিল্লী বিশ্ববিদ্যালয় পালেগৈ।
— গান এনেয়ো থাকি যাব আমাৰ লগত। এই নিচাটো জীয়াই ৰাখিবলৈ পেচাৰ কথা ভাবিব লাগিব।
— হেমন্ত ছাৰ-সুধাময়ী বাইদেউৰ দৰে থাকিম আমি। গানেই আমাৰ নিচা-পেচা সকলো হ’ব।
— ভাবি চাবা। গানক পেচা কৰিলে বজাৰৰ লগত তাল মিলাই চলিব লাগিব। নিচাৰ লগত আপোচ কৰিব পাৰিবা?
— হেমন্ত ছাৰহঁতে আপোচ কৰিছে নেকি?
— নাই কৰা। কিন্তু এনেকৈ এটা স্তৰত, সৰু পৰিসৰ এটাত ৰৈ যাব বিচাৰা নেকি? সংগীতৰ নতুন নতুন দিশ অন্বেষণ কৰিবলৈ অৰ্থনৈতিক সুস্থিৰতাৰ খুব প্ৰয়োজন হ’ব।
বৰ্ষাস্তুতি শুদ্ধ নে ভুল আছিল, এতিয়া আৰু তাৰ ভাবিবলৈ মন নাযায়। কেতিয়াবাতে সুধাময়ী বাইদেৱে কোৱা কথাষাৰহে তাৰ মনলৈ আহে, “তোমালোক দুটাক দেখিলে আমাৰ আগৰ দিনবোৰলৈ মনত পৰি যায়। কিন্তু গানকেই যদি সৰ্বস্ব বুলি ভাবা, মনত ৰাখিবা, সেই বাট মসৃণ নহয়, সেই বাট বন্ধুৰ। বহু কথা আওকাণ কৰিব পাৰিব লাগিব। কিন্তু এই জগততো তোমালোকৰ সন্মুখত অনেক বাট থাকিব। কোনটো বাটেৰে যাবা, সেই সিদ্ধান্ত তোমালোকৰ। তোমালোক আজিৰ যুগৰ জনা-বুজা ল’ৰা-ছোৱালী। বাট ভুল নকৰা বুলি আমাৰ বিশ্বাস আছে।”
এতিয়া উভতি চাই স্বপ্নৰাগে ভাবে, সিহঁতে বাট চিনাত ভুল কৰিলে নেকি? অসহায়ভাৱে আৰু কিছু অভিমানেৰে সিহঁত প্ৰিয় বিষয়টোৰ পৰা আঁতৰি আহিছিল। মৌখিক সাক্ষাৎকাৰত হয়তো খাৰাংখাচ আৰু বিতৰ্কিত মন্তব্যৰ বাবে কেইবাবাৰো অনুত্তীৰ্ণ হোৱাৰ পাছত প্ৰশাসনিক বিষয়া হোৱাৰ আশা বাদ দি ব্যক্তিগত খণ্ডৰ কোম্পানী এটাত সোমোৱাৰে পৰা তাৰ নিয়মিত ৰেৱাজ আৰু অনুষ্ঠানাদিত সংগীত পৰিৱেশন কমি আহিছিল। অৱশ্যে ছেগা-চোৰোকাকৈ সেই নিচা চলি থাকিছিল। গান গোৱাতকৈ সুবিধা পালে শুনাহে হৈছিল অলপ-চলপ। বৰ্ষাস্তুতিৰো প্ৰায় তদ্ৰুপ অৱস্থাই হৈছিল। স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে যোগ দিয়াৰ পাছত কেম্পাছৰ ভিতৰৰ সভা-সমিতিবোৰতে তাইৰ সংগীত-চৰ্চা সীমাৱদ্ধ হৈ ৰৈছিল। “আমাৰ সংগীত চৰ্চা এতিয়া কমি কমি ক’মাত আছেগৈ।”— মাজে-সময়ে খবৰ-বাতৰি লোৱা বন্ধুবোৰক সিহঁত দুটাই ৰগৰ কৰি কৈছিল। কিন্তু দুয়োৱে একাণপতীয়াকৈ সংগীতক সময় দিব নোৱৰাৰ দুখ এটাৰ বাবে ক্ষোভ আৰু অভিমানতে বাহানা উলিয়াই সংগীতৰ পৰা আঁতৰি আছিল নেকি? অপৰাধবোধৰ পৰা উদ্ভৱ হোৱা পলায়ন আছিল নেকি সেয়া? নাই, এনেকৈ ভাবিবলৈ সিহঁতে সমূলি ইচ্ছা কৰা নাছিল। তাতকৈ বাহানাই ভাল। ক’ব পাৰি উত্তম। সামাজিক মাধ্যমত গান গাই জনপ্ৰিয় হোৱাৰ বাসনাও সিহঁতৰ মনত জন্মা নাছিল। কেৱল নীৰৱ প্ৰাৰ্থনাৰ দৰে সংগীত সিহঁতৰ বুকুত ৰৈ গৈছিল।
দীৰ্ঘ পাঁচ বছৰৰ অন্তত চাকৰি এৰি এই চহৰতে স্বাধীনভাৱে ব্যৱসায় এটা আৰম্ভ কৰিবলৈ দুয়ো গুচি আহোঁতে প্ৰথম সিহঁতৰ হেমন্ত ছাৰ-সুধাময়ী বাইদেউলৈ মনত পৰিছিল। তেওঁলোকৰ ওচৰলৈ ঢপলিয়াই আহিবলৈ সিহঁতৰ প্ৰবল ইচ্ছা হৈছিল। কিন্তু ব্যস্ততাৰ বিভিন্ন অজুহাতত আহিবলৈহে সময় উলিয়াব পৰা নাছিল। স্কুল বাছখনৰ যান্ত্ৰিক বিজুতিৰ বাবে সি নিৰ্ঝৰিণীক নিজেই স্কুলৰ পৰা লৈ আনোতে হঠাৎ মনত পৰাত হেমন্ত ছাৰৰ ঘৰত সোমাল। পৰম আশ্চৰ্যৰে সি আৱিষ্কাৰ কৰিলে, সকলো একেই আছে, কেৱল নাই হেমন্ত ছাৰ। দুবছৰৰ আগলৈকে সি হেমন্ত ছাৰৰ সকলো খা-খবৰ পাই আছিল। গণ চেতনাৰে গান গাই অহা ছাৰ-বাইদেউৰ আদৰ নৱপ্ৰজন্মৰ মাজত কমি আহিছিল। এনেয়ো গান শুনাতকৈ গান চোৱা আৰু গানত নচা মানুহৰ সংখ্যা বাঢ়ি আহিছিল। নদীৰ ঢৌৰ দৰে ন ন গায়কৰ আগমন ঘটিছিল। সামাজিক মাধ্যমত দুই-চাৰিটা গান গাই ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰা গায়কে টিভি চেনেলৰ মঞ্চ শুৱনি কৰিছিল আৰু লাখ লাখ টকাৰ বিনিময়ত মঞ্চত বিহুসুৰীয়া গীত গাইছিল। সেইসকল গায়কৰ কোনোবা এজন মঞ্চত উঠাৰ আগতে দুই-চাৰিটা গান গাবলৈ মাজে-সময়ে ছাৰ-বাইদেউক আমন্ত্ৰণ কৰা হৈছিল। লাহে লাহে কিছু অপ্ৰীতিকৰ অভিজ্ঞতাৰ সন্মুখীন হৈ তেনে আমন্ত্ৰণ তেওঁলোকে গ্ৰহণ কৰিবলৈ এৰি পেলাইছিল। সংগীত বিদ্যালয়খন কোনোমতে চলি আছিল। পূৰ্বৰ দৰে প্ৰশিক্ষাৰ্থী নাছিল। তথাপি যিকেইজন আহিছিল, তেওঁলোককে দুয়োজনে আন্তৰিকতাৰে শিকাইছিল। আপ্ৰাণ প্ৰচেষ্টাৰে হেমন্ত ছাৰ আৰু সুধাময়ী বাইদেৱে আত্মিক তাড়নাৰে আৰম্ভ কৰা সংগীতৰ সুঁতিটো শুকাই যাবলৈ দিয়া নাছিল। জীয়াই ৰাখিছিল তাৰ উহ। বৰগীত, লোকগীত, জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, পাৰ্ৱতিপ্ৰসাদৰ গীতৰ পৰা অসমীয়া আধুনিক গীতসমূহলৈকে সকলো গান শুদ্ধ ৰূপত শিকোৱাৰ ওপৰত ছাৰ আৰু বাইদেৱে গুৰুত্ব দিছিল। সেই তেতিয়াৰে পৰা ছাৰ-বাইদেৱে ঘৰখনত সংগীতৰ এখন আশ্ৰম কৰি গঢ়ি তুলিছিল। বতাহত দুলি থকা ৱিণ্ড চাইমৰ পৰা ফুলনিত উৰি ফুৰা চৰাইৰ কল-কাকলিলৈকে ঘৰখনৰ সকলোতে একো একোটা সুৰ আৰু ছন্দ আছিল। বাইদেৱে কৈছিল, “কাণ পাতি শুনিলেই হ’ল। আমাৰ চৌপাশে সংগীত বাজি থাকে।” স্বপ্নৰাগহঁত ছাৰ-বাইদেউৰ প্ৰশিক্ষাৰ্থীয়েই নহয়, সন্তানৰ দৰে আছিল। আৰু সেইহাল মানুহকে সিহঁতে এদিন পাহৰি গৈছিল। নিৰ্ঝৰিণীৰ স’তে সি বহু বছৰৰ মূৰত আকস্মিকভাৱে ঘৰখনলৈ গৈ বাইদেউৰ মুখৰ পৰা হেমন্ত ছাৰ একেবাৰে গুচি যোৱাৰ কথা জানিব পাৰিছিল। ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতে কোনোবা উদণ্ড বাইক চালকে ছাৰক মহটিয়াই থৈ গৈছিল। মূৰ ফাটি তেজেৰে লুতুৰি-পুতুৰি হৈ পকী ৰাস্তাত পৰি আছিল হেমন্ত ছাৰ।
— হাস্পতাললৈ নিয়াৰ পাছত এৰাতি থাকিলে মাত্ৰ। ৰাতি পুওৱাৰ আগতেই সকলো শেষ।
সুধাময়ী বাইদেৱে হুমুনিয়াহ পেলাই কৈছিল। স্বপ্নৰাগৰ মুখৰ মাত হেৰাইছিল। তাৰ সংগীতৰ ভগৱান তেজে তুমৰলি হৈ পৰি আছিল ৰাস্তাত। সজীৱ বতাহ এছাটি বিচাৰি যোৱা বুকুৰ সুৰ এটিহে যেন বেসুৰা কৰতৰ ঘৰ্ঘৰনিৰ মাজত হেৰাই গৈছিল। সিদিনা কথাষাৰ শুনাৰ পাছত সি বাইদেউৰ চ’ৰাঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল। সৰু চোতালখনত বিয়লিৰ হেঙুলীয়া পোহৰে সন্ধিয়া নমাৰ ইংগিত দিছিল। কাষতে কেইবাটাও নিৰ্মীয়মান এপাৰ্টমেণ্টৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল। যান্ত্ৰিক আৱাজত স্বপ্নৰাগৰ কাণ ঠহঠহাই গৈছে। কৰ্কশ শব্দবোৰ অধিক তীব্ৰ হৈ তাৰ মন-মগজুত ঘূৰিবলৈ আৰম্ভ কৰিছে। এপাৰ্টমেণ্টবোৰে ঘেৰি পেলোৱা এই সৰু ঘৰখনলৈ চাই স্বপ্নৰাগৰ কিবা এটা মায়া হ’ল। এক দৃঢ় স্বাভিমানেৰেহে যেন ঘৰটো থিয় হৈ আছে।
— বিল্ডাৰে এই মাটিখিনি বিচাৰি কেইবাবাৰো আহিছে জানা। মাটিখিনিৰ বিনিময়ত দুটা ফ্লেট দিয়াৰ কথা কৈছে। দুটা নালাগে, দহটা ফ্লেট দিলেও মই এই ঘৰ-মাটি সিহঁতৰ হাতত এৰি দিব নোৱাৰোঁ। ছাৰৰ ফালৰ পৰিয়ালৰ পৰাও মোক জোৰ কৰি আছে। তেওঁলোকেও মোক বেয়া পাইছে। কিন্তু মই এই ঘৰ-মাটি এৰি দিয়া নাই। কেনেকৈ দিওঁ, কোৱা? তোমালোক আকৌ উভতি অহা দেখি বৰ ভাল পাইছোঁ। মই এদিন নোহোৱা হৈ গ’লেও তোমালোকে এই ঘৰখন হেৰাই যাবলৈ নিদিয়া— সেই বিশ্বাস মোৰ আছে।
কথাখিনি কৈ থাকোঁতে সুধাময়ী বাইদেউৰ মুখত সেমেকা হাঁহি এটা বিয়পি পৰিছিল। সেই মুহূৰ্তত স্বপ্নৰাগৰ উপলব্ধি হ’ল, বাইদেৱে আচলতে প্ৰজন্মৰ পাছত প্ৰজন্মক গানবোৰ শুদ্ধ ৰূপত শিকায়ে দায়িত্ব সামৰা নাই, তেওঁ লিখি আছে স্বাভিমানৰো স্বৰলিপি। আকাশ ঢাকি বাঢ়ি অহা বিল্ডিংবোৰে এই আপোন ঘৰখন এদিন গ্ৰাস কৰি পেলাব— এনে হ’বলৈ সিহঁতে এৰি দিব পাৰিবনে? নাই, কেতিয়াও নোৱাৰে। সি নিজকে আশ্বস্ত কৰিবলৈ যত্ন কৰিলে— ভয় নকৰিবি স্বপ্ন, মানুহৰ বুকুৰ সুৰবোৰক একোৱে তল পেলাব নোৱাৰে। হাজাৰ বাধাই হেঁচা মাৰি ধৰিলেও তাক ওফৰাই সেয়া উঠি আহিবই। সেই সংগীত ইমানো দুৰ্বল নহয় যে বজাৰ বা ভাইৰেলৰ ঢৌৱে নিয়ন্ত্ৰণ কৰিব পাৰিব। আজিকালি এনেকৈহে চলে বুলি কোনোবাই গা উটাই দিব পাৰে, সিহঁতে দিয়ক, উটি যাবলৈকে সিহঁত আহি থাকিব, গৈ থাকিব। নিজকে হাজাৰ বুজোৱাৰ পাছতো হঠাৎ সি উদ্বিগ্ন হয়— উদণ্ড বাইক আৰোহীয়ে মহটিয়াই যোৱাৰ দৰে ৰাতিটোৰ ভিতৰতে হিট হৈ গান কিছুমান আহে, জোৱাৰ-ভাটাৰ দৰে আহি থাকে ঢৌবোৰ। মানুহৰ বুকুৰ সুৰবোৰ তেজেৰে লুতুৰি-পুতুৰি হৈ হেমন্ত ছাৰৰ দৰে পৰি থাকে। বৰ কৰুণভাৱে মৰি থাকে। কোনেও একো গম নাপায়। এনে হ’বলৈ কেনেকৈ এৰি দিব পাৰি? চাই থাকিব পাৰি? কোম্পানীৰ কামত দিনে-ৰাতিয়ে ব্যস্ত হৈ থাকোঁতে, বচৰ টাৰ্গেট পূৰণ কৰিবলৈ দৌৰি থাকোঁতে, ক’ত কি ঘটি আছে চাবলৈ, ভাবিবলৈ তাৰ আহৰি নাছিল। এতিয়া হেমন্ত ছাৰৰ আকস্মিক মৃত্যুৰ কথা শুনি সি ভাবিবলৈ বাধ্য হৈছে।
বৰ্ষাস্তুতিৰ পৰা সি জানিব পাৰিছে, মুম্বাইৰ পৰা ভূপালী ঘূৰি আহিছে। একেবাৰে। এই কেইদিনতে তাই সিহঁতৰ ঘৰলৈয়ো অহাৰ কথা। হিন্দী গানৰ ৰিয়েলিটি শ্ব’ এটাত গীত গাই জনপ্ৰিয় হৈ পৰা ভূপালীয়ে হিন্দী ছবিৰ সংগীত জগতখনত খোপনি পুতিবলৈ বহু বছৰ ধৰি এটা প্ৰচেষ্টা চলাই আছিল। দেশ জুৰি জনপ্ৰিয় হোৱাৰ পাছতে তাই সেই চেনেলটোৰ লগত চুক্তিবদ্ধ হৈছিল। বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ লগতে যত-যিমান অনুষ্ঠানত গীত গাই উপাৰ্জন কৰিছিল, সেই আয়ৰ সিংহভাগ তাই চেনেলটোকে দিব লগা হৈছিল। এবছৰমানৰ বাবেহে তাই সঘনে গীত গাবলৈ আমন্ত্ৰিত হৈছিল। এনেয়ো বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানলৈ অনেকৰে শেন চকু। পৰৱৰ্তী বৰ্ষতে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ হিন্দী চেনেলত গীত গাই অসমৰ পৰা তিনি-চাৰিজনমান কিশোৰ-কিশোৰী আৰু যুৱ গায়ক-গায়িকা জনপ্ৰিয় হৈ উঠিছিল। তেতিয়া সকলোৰে দৃষ্টি সিহঁতৰ ওপৰতে নিবদ্ধ হ’ল। সেই এবছৰতে কৰা উপাৰ্জনৰ যিখিনি অংশ তাইৰ হাতত ৰৈ গৈছিল, তাকে লৈ ভূপালী মুম্বাইলৈ ৰাওনা হৈছিল। তাই অতি উচ্চাকাংক্ষী হৈ উঠিছিল। ইতিমধ্যে তাইৰ ৰেৱাজ কমি আহিছিল। বাণিজ্যিক স্বাৰ্থত সাংস্কৃতিক সন্ধিয়াবোৰত বিৰতিহীনভাৱে গীত গোৱাৰ ফলত তাইৰ কণ্ঠৰো পৰিৱৰ্তন ঘটিছিল। স্বাভাৱিকতেই সেই পৰিৱৰ্তন ইতিবাচক নাছিল। অশেষ চেষ্টাৰ পাছত দুখনমান চিনেমাত তাই গীত গাবলৈ সুযোগ পাইছিল যদিও সেই গীতকেইটা জনপ্ৰিয় নহ’ল। কেইটামান ভাল গীত গাবলৈ তাই সুযোগ পাইছিল যদিও মূৰকত আন কেইগৰাকীমান প্ৰতিষ্ঠিত গায়িকাৰ কণ্ঠতহে সেই গীতবোৰ বাণীবদ্ধ কৰি মুক্তি দিয়া হৈছিল। মুক্তিৰ পাছতে জনপ্ৰিয় হৈ পৰা সেই গীতবোৰ হাতৰ পৰা হেৰুৱাই ভূপালী তীব্ৰভাৱে হতাশ হৈ পৰিছিল। সেই দিনবোৰত কিছুমান নতুন মানুহৰ স’তে তাইৰ পৰিচয় ঘটিছিল আৰু লাহে লাহে এখন অন্য জগতত সোমাই পৰিছিল। নতুনকৈ চিনাকি হোৱা বাদ্যযন্ত্ৰী এজনৰ সৈতে তাই একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। মুম্বাইত তাই নিজেই নিজৰ অভিভাৱক আছিল। নিচেই সৰুতে তাইৰ দেউতাকৰ মৃত্যু হৈছিল। তাইক কোলাত লৈ মাক নিজৰ ঘৰলৈ— এই চহৰখনলৈ উভতি আহিছিল। ককাক-আইতাকৰ কোলাই-বোকোছাই তাই ডাঙৰ হৈছিল। ককাকে তাইক হেমন্ত ছাৰ-সুধাময়ী বাইদেউৰ সংগীত বিদ্যালয়খনত নাম লগাই দিছিল। সেই দিনবোৰতে তাইৰ মাক পুনৰ্বিবাহত বহিছিল। এই চহৰখনত তাই ককাক-আইতাকৰ সৈতে ৰৈ গৈছিল। হাইস্কুলত পঢ়ি থাকোঁতে ককাকৰ মৃত্যু হৈছিল। ৰিয়েলিটি শ্ব’টোত গান গাই থাকোঁতে মুম্বাইলৈ এবাৰ আইতাককো গৈছিল। সেই এপিছদটোত আইতাকে ভগা ভগা হিন্দীৰে কোৱা তাইৰ জীৱন কাহিনীয়ে দৰ্শকক আৱেগিক কৰি তুলিছিল। তাৰ এবছৰৰ পাছতে মানুহজনী ঢুকাইছিল। তেতিয়ালৈ তাই মুম্বাইত থিতাপি লৈছিল। মাকৰ লগত তাইৰ যোগাযোগ নাইকিয়াৰ নিচিনাই আছিল। ককাক-আইতাকৰ মৃত্যুৰ পাছত তাই এটা মুক্ত বিহংগ হৈ পৰিছিল। কিন্তু তাই পাহৰি গ’ল যে মুক্ত হ’লে সন্মুখত অনেক পথ খোলা থাকে আৰু সঠিক পথ বাছি উলিওৱা মস্কিল হৈ পৰে। তাই যি পথেৰে গুচি গৈছিল, সেই পথেৰে তাই সপোন আৰু আকাংক্ষাবোৰ চুব পৰা নাছিল। উচ্ছৃংখল আৰু নিচাগ্ৰস্ত জীৱন এটাই তাই শিকি যোৱা সুৰবোৰ তল পেলাই আন কিছুমান অভ্যাসহে দি গ’ল। তাই কণ্ঠদান কৰা দুটামান আইটেম ছং জনপ্ৰিয়ও হ’ল। কিন্তু ঢৌৰ দৰে অহা গানবোৰৰ আয়ুকাল তেনেই চুটি আছিল। নতুন গানৰ ভিৰত তাইৰ গানকেইটা তল পৰি গ’ল। একেলগে থাকিবলৈ লোৱা সংগীয়ে এদিন ঘোষণা কৰিলে, তাইক তাৰ ভাল নলগা হৈ আহিছে। ইতিমধ্যে সি মনে মিলা নতুন সংগী পাইছে। তাইৰ ক’বলৈ একো নাথাকিল। কাৰণ সিহঁতৰ সম্পৰ্কটো মুক্ত আছিল। তাৰ পাছতো তাই দুখী হ’ল। সি গুচি যোৱাৰ পাছত তাই অকলে সেই ভাৰাঘৰটোতে থাকি গ’ল। তাই অধিক উচ্ছৃংখল হৈ পৰিল। নিচাত ডুবি থকা হ’ল। ক’লা পৰিল, ক্ষীণালে, জীৰ্ণ-শীৰ্ণ হৈ পৰিল তাই— ভিতৰে-বাহিৰে। কোঠাটোৰ পৰা বাহিৰলৈ ওলাবলৈ তাইৰ মন নোযোৱা হ’ল। গান গাবলৈ ভয় লগা হ’ল। মনলৈ আত্মহত্যাৰ চিন্তা আহিল। হঠাৎ এদিন তাই সুধাময়ী বাইদেৱে শিকোৱা গীত এটা সামাজিক মাধ্যমত শুনিবলৈ পালে— ‘তোৰ নাই যে বন্ধোৱা বাট, তোৰ পদে পদে আছে কতনো উজুটি, কত ঘাত-প্ৰতিঘাত।’ গানটো তাই কেইবাবাৰো শুনিলে। শুনিয়ে থাকিল। বাৰে বাৰে। গানটোৱে তাইৰ ভিতৰত শুই থকা সুৰ এটা জগাই তুলিলে। তাই ঢহমহাই উঠি বহিল। তাই ক’ত আছেহি? কিয় আছেহি? কি কৰিবলৈ ওলাইছে তাই? গানটো শুনি শুনিয়ে তাই কাপোৰ-কানি সামৰিলে আৰু মুম্বাই এৰি সেইদিনাই গুচি আহিল। অসমলৈ আহিয়ে তাই মাকক বিচাৰিলে। মাকক তাই বেলেগ দেখিছিল। তেওঁৰ মুখত বয়সৰ চাপ পৰিছিল। তাইক দেখি তেওঁ থৰ লাগিল আৰু তাৰ পাছত হাঁহিলে। মাকৰ লগত তাই এসপ্তাহমান থাকিল। তেওঁ তাইক একেবাৰে লগত ৰাখিব খুজিছিল। কিন্তু তাই আকৌ হেমন্ত ছাৰ আৰু সুধাময়ী বাইদেউক বিচাৰি আহিছিল। তাই জানিছিল, তেওঁলোকেহে তাইক বাট এটা দেখুৱাব পাৰিব। তাই আকৌ বাইদেউৰ লগতে থাকি গান গাবলৈ আৰম্ভ কৰিছিল।
পাৰ্শ্বৰাগ
আকাশ দীপ্ত ঠাকুৰ
প্ৰথমদিনা নিৰ্ঝৰিণীক লৈ যাওঁতে স্বপ্নৰাগে ভূপালীক লগ পোৱা নাছিল। সেইদিনা তাই মাকৰ ওচৰলৈ গৈছিল। সুধাময়ী বাইদেৱেও তাক তাইৰ কথা ক’বলৈ পাহৰিছিল। পাছত বৰ্ষাস্তুতিয়ে বাইদেউৰ ঘৰত ভূপালীক লগ পাইছিল আৰু সকলো কথা জানিব পাৰিছিল। আজিকালি বাইদেউৰ লগতে ভূপালীয়েও ল’ৰা-ছোৱালীবোৰক গান গাবলৈ শিকায়।
— শেহতীয়াকৈ নিজৰ ভাষা-সংস্কৃতি আৰু গীত-মাতৰ প্ৰতি মানুহবোৰৰ অলপ হ’লেও আগ্ৰহ বাঢ়িছে। সিদিনা বাইদেৱে তাক হাঁহি মাৰি কৈছিল— আন একো নহ’লেও ছ’চিয়েল মিডিয়াত দিবলৈয়ে কিছুমানে আজিকালি গান শিকিবলৈ বিচাৰে। সি শলাগিছিল। হওক তেওঁ, তেনেকৈয়ে ভাল কিবা এটা হৈছে!
বৰ্ষাস্তুতি আৰু নিৰ্ঝৰিণীৰ মুখৰ পৰা স্বপ্নৰাগে সুধাময়ী বাইদেউৰ ঘৰখনৰ সকলো খবৰ পাই থাকে। যাবহে পৰা নাই। ব্যস্ততাৰ মাজতো সেই ঘৰখনে তাক হাত-বাউলি মাতি থাকে। লাহে লাহে তাৰো মুম্বাইৱালী ভূপালীৰ দৰে অৱস্থা হৈছে। গান গাবলৈ পাহৰাৰ নিচিনাই হৈছে তাৰ। মাজে মাজে তাৰ হেমন্ত ছাৰ আৰু সুধাময়ী বাইদেউৰ প্ৰতি অভিমান হয়। কিয় তেওঁলোকে সংগীতকেই সিহঁতে নিচা-পেচা সকলো কৰি লোৱা উচিত বুলি স্পষ্টভাৱে নক’লে? ভূপালীৰ দৰে বাট ভুল কৰিব বুলি ভাবিছিল? সিহঁতে নিজেই সিদ্ধান্ত লোৱাটো বিচাৰিছিল? হেমন্ত ছাৰ থকা হ’লে সি এই কথাটো সুধিলেহেঁতেন। কিন্তু ছাৰৰ অনুপস্থিতিত এই কথাই বাইদেউক দুখ দিব বুলি ভাবি কথাষাৰ তাৰ সোধা নহ’ব কাহানিও। সুধাময়ী বাইদেউ আৰু হেমন্ত ছাৰৰ প্ৰেমকাহিনী সিহঁতে সৰুতেই শুনিছিল। সেই প্ৰেমক বাইদেৱে আজিও আলফুলে জীয়াই ৰাখিছে। একোৱে সেই প্ৰেমক ম্লান কৰিব পৰা নাই। চাৰিওফালৰ নিৰ্মীয়মান বিল্ডিংবোৰ, দৌৰি থকা মানুহবোৰ, হৈ-হাল্লা, লোহাৰ-লক্কৰৰ আৱাজ, ধূলি-ধোঁৱাৰ মাজত ফুলনিখনৰ সৈতে এই কণমানি ঘৰখন এখন মৰূদ্যানৰ দৰে লাগে তাৰ— যিখন মৰূদ্যানৰ ঠিকনা হেৰুৱাই সিহঁতে বহু দিন অনাই-বনাই ঘূৰি ফুৰিছিল।
কালি তাক বৰ্ষাস্তুতিয়ে এটা নতুন খবৰ দিলে। দুজনমান ছাত্ৰৰ সৈতে সুধাময়ী বাইদেউ, ভূপালী আৰু তাই আকৌ ‘প্ৰাণ প্ৰৱাহ’ৰ দৰে সংগীতৰ নতুন দল এটা খোলাৰ কথা ভাবিছে। সেই দলটোত সিহঁতে স্বপ্নৰাগকো ৰাখিব খুজিছে। সি ভিতৰত এক আলোড়ন অনুভৱ কৰিলে। আকৌ গান গাব সি? বুকুত শুই পৰা সুৰবোৰ আকৌ জগাই তুলিব? এই কামটোকে দেখোন সি কৰিবলৈ বিচাৰি আছিল। ৰাতিলৈ সি এটা সপোন দেখিলে, সেউজীয়া দুহাত প্ৰসাৰিত কৰি এক প্ৰকৃতি কন্যা— তাইৰ কাণ আৰু ডিঙিত পকা ধানৰ থোক, হাতত অৰণ্যৰ ফুল-পাত— চাৰিওফালে এজাক চৰাই আৰু পখিলা উৰি ফুৰিছে— কি এক মধুৰ সংগীত বাজি আছে চৌপাশে! সন্মোহিত মানুহৰ দৰে সি আগবাঢ়ি গৈ আছে…।
পাছদিনা গধূলি কাম সামৰি বাহিৰে বাহিৰে স্বপ্নৰাগ সুধাময়ী বাইদেউৰ ঘৰলৈ বুলি ওলাল। সঠিককৈ নাজানিলেও সি শুনিছিল, নিৰ্ঝৰিণীৰ দৰে এদিন সুধাময়ী বাইদেৱে হেমন্ত ছাৰৰ দেউতাকৰ ওচৰত গান শিকিবলৈ আহিছিল। হেমন্ত ছাৰৰ লগত একেলগে গান গাইছিল তেওঁ, একেলগে সংগীতৰ প্ৰতিযোগিতাবোৰত যোগ দিবলৈ গৈছিল। একেদৰে, বহু বছৰৰ পাছত হেমন্ত ছাৰ আৰু সুধাময়ী বাইদেউৰ ওচৰত গান শিকিবলৈ আহিছিল বৰ্ষাস্তুতি, স্বপ্নৰাগ আৰু ভূপালী। কতটা ব’হাগ আহি গুচি গ’ল, কতজাক ধুমুহা মূৰৰ ওপৰেদি পাৰ হৈ গ’ল। সুধাময়ী বাইদেৱে আজিলৈকে অনেক যুঁজ-বাগৰ কৰি সংগীতৰ সেই সুঁতিটো জীয়াই ৰাখিছে। সংগীতৰ মাজেদিয়ে তেওঁ জীয়াই ৰাখিছে প্ৰেম। আজিকালি স্বপ্নৰাগে নিৰ্ঝৰিণীৰ গান শুনি ভাবে, মাজতে বাট ভুল কৰিছিল যদিও সিহঁতে জীয়াই ৰাখিব সেই সুঁতিটো। উভতি অহা ভূপালী আৰু নতুনকৈ আৰম্ভ কৰিবলৈ বিচৰা সিহঁতৰ মিউজিক ব্ৰেণ্ডটোৰ খবৰে তাৰ মনত এক আশা জগাই তুলিছে।
সুধাময়ী বাইদেউৰ ঘৰৰ চৌহদত সোমাই স্বপ্নৰাগ এখন্তেক চোতালতে ৰ’ল। এজাক বতাহে ফুলনিখনৰ ডাল-পাতবোৰ লৰাই আছিল। এনে লাগিছে, ফুলগছবোৰে যেন ঘৰটোক বিচিহে আছে। ভিতৰৰ পৰা গান এটা ভাহি আহিছে। সি ধৰিব পাৰিছে, সেইটো ভূপালীৰ মাত। তাই এফাকি গোৱাৰ পাছত সুধাময়ী বাইদেউ, বৰ্ষাস্তুতি আৰু নিৰ্ঝৰিণীয়ে পুনৰ গাইছে। স্বপ্নৰাগৰ মনত পৰিল, এই গীতটো ঘৰত কিবাকিবি কামত ব্যস্ত থাকোঁতে আগতে তাৰ মাকে প্ৰায়ে গাইছিল। কেতিয়াবা মাকৰ লগত দেউতাকেও গাইছিল। ভূপালী এনেয়ো স্মৃতিৰ ৰাগ— দ্য ৰাগ অৱ মেমৰি। তাইৰ গানটোত আন এটা কাহিনীও আছিল— ধু ধু বালি, ভগ্ন ইমাৰত আৰু জ্বলি থকা জুইৰ পোহৰত ৰাতিৰ মৰুভূমি আৰু তাতে এক কৰুণ আকূতিভৰা চকু-মুখৰ নাৰীয়ে অকলশৰে বিচাৰি ফুৰিছে তাইৰ হেৰুওৱা প্ৰেম। সেই প্ৰেমৰ স্থিতি ইমান উচ্চতাত যে ভগা ডেউকাৰে তাই তালৈ যাবগৈ নোৱাৰে। এতিয়া পকা অঙঠাৰ দৰে জোনৰ পোহৰে তাইক কেৱল পুৰিছে।
গান শুনি তন্ময় হৈ থকা স্বপ্নৰাগৰ হাতত জাৰগুটি উঠিবলৈ আৰম্ভ কৰিছে।
প্ৰেমহীনতা
ধ্ৰুৱজ্যোতি শৰ্মা

আকাশৰ সীমা
প্ৰশান্ত কুমাৰ নেওগ

বল্মীক
সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা

বঁটা-পৰ্ব
ভূপেন্দ্ৰ নাথ হাজৰিকা

অকণমানি সেউজ দৈত্য
প্ৰকল্প ৰঞ্জন ভাগৱতী
এই লেখাটি সম্পূৰ্ণকৈ আৰু বিজ্ঞাপনমুক্তভাৱে পঢ়িবলৈ নীলা চৰাইৰ সদস্য হওক
অসমীয়া ভাষা-সাহিত্যৰ সুস্থ বৌদ্ধিক চৰ্চাক আগবঢ়াই নিবলৈ আৰু আমাৰ সকলো সংৰক্ষিত লেখা নিৰ্বিঘ্নে পঢ়িবলৈ আমাৰ পাঠক সমাজৰ সৈতে যুক্ত হওক।
বা কেৱল এই লেখাটি পঢ়িবলৈ (বিজ্ঞাপনযুক্ত) এটা বিনামূলীয়া একাউণ্ট সৃষ্টি কৰক
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক



