প্ৰেমৰ আন এটা গল্প

প্ৰেমৰ আন এটা গল্প
  • 13 Feb, 2026

ই যেতিয়া বিয়াঘৰত উপস্থিত হ’লোগৈ, তেতিয়া ৰভাতলীত তেনেকৈ মানুহ নাছিল। অৱশ্যে পৰহিলৈহে অভ্যৰ্থনাৰ দিন, সেইদিনাহে নিমন্ত্ৰিত অতিথিসকল আহিব। আজি একেবাৰে আপোন মানুহখিনিহে আহিছে। ৰভাতলীত নিজৰ নিজৰ ‘পৰম বান্ধৱ’ ফোনকেইটাক লৈ যিকেইজন মানুহ বহি আছিল, তেওঁলোকৰ কোনোৱেই মোৰ উপস্থিতিৰ উমান নাপালে। এইখন মোৰ সহকৰ্মী, অন্তৰংগ বন্ধু লহৰৰ ঘৰ। আজি তাৰেই বিয়া। লহৰহঁতৰ ঘৰখন মোৰ আপোন ঘৰৰ দৰে। সিহঁতৰ পাকঘৰলৈকে মোৰ বাট নিষ্কণ্টক। তথাপি আজি আলহী-অতিথিৰে গিজগিজাই থকা ঘৰখনলৈ পোনচাটেই সোমাই যাবলৈ মোৰ সংকোচ লাগিল। প্ৰথমতে ৰভাৰ তলতে অলপ সময় বহি লওঁ বুলি ভাবোঁতেই হঠাৎ ভিতৰৰ পৰা আগফালৰ বাৰাণ্ডালৈ ওলাই অহা লহৰৰ ভনীয়েক নমিতাৰ মোৰ ওপৰত চকু পৰাত তাই তাৰ পৰাই চিঞৰি উঠিল— “আৰে সুজল দা, তুমি পালাহি! আহাঁ আহাঁ। আলহীৰ দৰে ৰভাৰ তলত বহিব নালাগে। একদম ভিতৰলৈ আহাঁ।”

নমিতাৰ আহ্বানক সঁহাৰি জনালো যদিও মই পিছে একেবাৰে ভিতৰলৈ সোমাই নগ’লো। ‘হ’ব দিয়া, এতিয়া ইয়াতে অলপ সময় বহি লওঁ’ বুলি বাৰাণ্ডাৰ বেতৰ ছোফা এখনতে গাটো এৰি দিলো।

“তেনেহ’লে তোমাৰ বেগটোকে ভিতৰলৈ লৈ যাওঁ, দিয়া।”— নমিতাই মোৰ সলনি হাতৰ বেগটোকে ভিতৰলৈ লৈ গ’ল। জানো, তাই বেগটো ভালকৈয়ে থ’ব। তথাপি মোৰ মনত এটা শংকা জাগিল। বিয়াঘৰৰ কথা। বেগটোৰ পেটত লহৰক দিবলৈ মই এটা মহঙা উপহাৰ লুকুৱাই আনিছোঁ। আচলতে লহৰক নহয়, লহৰৰ কইনাজনীক।

নমিতা ভিতৰলৈ সোমাই যোৱাৰ পাছ মুহূৰ্ততে হঠাৎ ৰভাখনৰ সোঁফালে থকা ৰান্ধনিশালখনৰ দুৱাৰমুখত মানুহ এজনীক দেখি মোৰ চকু থৰ হৈ গ’ল। আৰে, এইজনী দেখোন তৃষ্ণা! কিন্তু এই ইয়াত ক’ৰ পৰা ওলালহি? তৃষ্ণা লহৰহঁতৰ কি হয়? মিতিৰ-কুটুম, নে চিনা-জনা? যদি এনেকুৱাই কিবা হয়, ইমান দিনে কথাটো মই জনা নাছিলো কিয়? ইয়াৰ আগেয়ে লহৰহঁতৰ কেইবাটাও অনুষ্ঠানলৈ মই আহিছোঁ। কিন্তু ক’তা, সেইবোৰৰ এটাতো তৃষ্ণাক মই দেখা নাই। পাছ মুহূৰ্ততে মোৰ মনটোৱে ক’লে— নাই, এইজনী তৃষ্ণা নহয়। তৃষ্ণা হ’বই নোৱাৰে। দেখাত তৃষ্ণাৰ দৰে হুবহু আন কোনোবাহে। পৃথিৱীত একে সময়তে সাদৃশ্য থকা মানুহ হেনো থাকেই। মানুহজনী তেনেকুৱা কোনোবাহে। মই ভাব-সাগৰত ডুবি থাকোঁতেই ‘তৃষ্ণা’ কোন মুহূৰ্তত মোৰ চকুৰ আগৰ পৰা আঁতৰি গৈছিল, গম নাপালো। ৰহস্যটো জানিবলৈ মোৰ মনটো উচপিচাবলৈ ধৰিলে। অৱশ্যে সেয়া দীৰ্ঘ সময় বাহাল নাথাকিল। অলপ সময় পাছতে…!

“চাহ খাওকচোন।”— মই বহি থকাতে মোক পিঠা-পনাৰ সৈতে চাহ একাপ যঁচাহি মানুহগৰাকীৰ মুখখনলৈ চাই মই এইবাৰ আচৰিত নহ’লো। হয়, এইজনী আন কোনো নহয়, তৃষ্ণাই! কিন্তু এইবাৰ তৃষ্ণাৰ চকু থৰ হৈ গ’ল— “আৰে সুজল দা তুমি? তুমি ইয়াত কেনেকৈ? ক’ৰ পৰা ওলালাহি?”— তৃষ্ণাই একেলগে কেইবাটাও প্ৰশ্ন সুধি পেলালে মোক। তাই প্ৰথম দৃষ্টিতে মোক চিনি পোৱাত মোৰ ভাল লাগিল। অৱশ্যে তৃষ্ণাক লগ পোৱাৰ সময়ৰ পৰা মোৰ চেহেৰাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। মাত্ৰ কপালৰ টতৰেখা অলপ বৃদ্ধি পাইছে আৰু পেটটোৱে গোলাকাৰ ৰূপ ধাৰণ কৰিছে।

“আগেয়ে তুমি ইয়াত কেনেকৈ, কোৱা।”— তৃষ্ণাৰ হাতৰ পৰা চাহকাপ লৈ তাইলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’লো মই।

“সেইবোৰ বহুত কথা। ভাগৰে-জুগৰে আহিছা, আগতে চাহকাপ খাই লোৱাচোন। মোৰ আৰু দুটামান কাম আছে, সেইকেইটা শেষ কৰি তোমাৰ ওচৰলৈ আহিম।”

মই একো ক’বলৈ নাপালোৱেই, তৃষ্ণা বিজুলী বেগেৰে মোৰ ওচৰৰ পৰা গুচি গ’ল। ভাবিছিলো, খালী কাপ-প্লেটযোৰ নিবলৈ তাই আকৌ মোৰ ওচৰলৈ আহিব, কিন্তু সেইযোৰ নিবলৈ তৃষ্ণাৰ সলনি এইবাৰ লহৰৰ ভনীয়েক নমিতাহে আহিল। মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলো। নমিতাকে সুধি পেলালোঁ— “তৃষ্ণা তোমালোকৰ কিবা হয় নেকি?” “নহয়।”
“তেনেহ’লে তোমালোকৰ কাৰোবাৰ বান্ধৱী-চান্ধৱী? বা কিবা বেলেগ সূত্ৰে চা-চিনাকি?”
“নহয়। তাই আমাৰ ঘৰত বিয়াৰ কেইদিন কাম কৰিবলৈ আহিছে।”
“কি? সঁচানে?”
“সঁচা।”— এইবুলি নমিতাই যিখিনি ক’লে, সেয়া হ’ল— কিছুমান ব্ৰাহ্মণ পৰিয়ালে এতিয়াও পুৰণি নীতি-নিয়মবোৰ এৰি দিব পৰা নাই। বোধহয় আগলৈও নোৱাৰিব। তেওঁলোকে পাকঘৰত আন সম্প্ৰদায়ৰ মানুহক সোমাবলৈ নিদিয়ে। আনহাতে বিয়া-বাৰুত আলহী-অতিথি বেছি হয়, পাকঘৰৰ কামৰ ভাৰ বাঢ়ে। আজিকালি সকলো ব্যস্ত। ওচৰ-চুবুৰীয়া, মিতিৰ-কুটুম কাৰো আনৰ ঘৰত একেলেথাৰিয়ে সহায় কৰি দিবলৈ সময় নাই। সেয়ে গৃহস্থই মাননিৰ বিনিময়ত পাকঘৰ চম্ভালিবলৈ ব্ৰাহ্মণ মহিলা কৰ্মী নিয়োগ কৰিবলৈ লৈছে। তৃষ্ণাও এনেকুৱা এগৰাকী সহায়কাৰী। নমিতাহঁতে তাইক দিনে এহেজাৰ টকাকৈ বন্দোবস্ত কৰি এসপ্তাহৰ বাবে আনিছে।…

খালী কাপ-প্লেটযোৰ হাতত লৈ নমিতাই মোক সুধিলে— “তুমি তৃষ্ণাক চিনি পোৱা নেকি?”
“পাওঁ, ভালদৰেই পাওঁ।”
“কেনেকৈ পোৱা?”
“তাই মোৰ কলেজীয়া বন্ধু ৰাজীৱৰ ভনীয়েক। তাই মোৰো নিজৰ ভনীৰ দৰেই।”

খালী কাপ-প্লেটযোৰ লৈ নমিতা আঁতৰি যোৱাৰ পাছত মই নিজকে নিজে প্ৰশ্ন কৰিলো— তৃষ্ণা সঁচাকৈয়ে জানো মোৰ ভনীৰ দৰে আছিল? কিম্বা মই জানো তাইক ভণ্টিৰ দৰে ভাবিব পাৰিছিলো? আৰু তৃষ্ণায়ো জানো মোক ককায়েকৰ দৰে ভাবিছিল? ভাবিব পাৰিছিল? সেই কথা আজিও ৰহস্য হৈয়ে থাকিল। কিন্তু বৰ্তমান এই কথাটোতকৈও মোৰ মনত বেছি ৰহস্যৰ সৃষ্টি কৰা কথাটো হ’ল— তৃষ্ণাৰ দৰে লাহ-বিলাসত ডাঙৰ হোৱা ছোৱালী এজনীয়ে এই কামটো কেনেকৈ কৰিছে? কিয় কৰিবলৈ লৈছে? তৃষ্ণাহঁত ধনীৰ শাৰীত নপৰিলেও সিহঁতৰ ঘৰখন সচ্ছল আছিল। তাই ঘৰখনৰ একমাত্ৰ ছোৱালী আছিল হেতু লাগ বুলিলেই সকলো বস্তু হাততে পাইছিল। অৱশ্যে তৃষ্ণা আলসুৱা নাছিল। ঘৰুৱা কাম-বনবোৰ কৰি তাই ভাল পাইছিল। সেইবোৰ নিয়াৰিকৈ কৰিব পাৰিছিল।

বিয়াঘৰলৈ এজন-দুজনকৈ নিকটাত্মীয় মানুহবোৰ আহিবলৈ ধৰিলে। ফলত হাই-উৰুমিও বাঢ়িবলৈ ধৰিলে। কইনা দূৰণিবটীয়া। সেয়ে দৰা সোনকালেই, আবেলিতে ওলাই যাব। ময়ো বৰযাত্ৰী হৈ যোৱাৰ কথা আছিল। কিন্তু এতিয়া হঠাৎ সিদ্ধান্ত সলনি কৰিলো মই— নাই, মই দৰাৰ লগত নাযাওঁ। জানো— লহৰহঁতে নেৰিব। ব্ৰহ্ম ফাঁকি এটা মাৰিব লাগিব। কিয়নো তৃষ্ণাৰ ওচৰৰ পৰা আঁতৰি যোৱাটো মোৰ দ্বাৰা এতিয়া আৰু সম্ভৱ নহয়। তাইৰ সান্নিধ্য লাভ কৰিবলৈ মোৰ মনটো উদগ্ৰীৱ হৈ পৰিছে। তৃষ্ণাৰ ৰহস্যটো মই আজিয়েই জানিব লাগিব। তাইক আকৌ কেতিয়াবা যে লগ পাম, আশা ক্ষীণ। মই তৃষ্ণাৰ লগত আজি কথা হ’ম। সুযোগ বুজি পাৰিলে তাইক মোৰ মনৰ কথাটোও ক’ম। জানো— তৃষ্ণাক এতিয়া সেই কথা কৈ একো লাভ নাই। তাইক সেই কথা কোৱাৰ সময় কোন কাহানিবাই পাৰ হৈ গ’ল। তথাপি তৃষ্ণাৰ আগত কথাটো কৈ গ’লে মনত অলপ শান্তি পাম।

বহাৰ পৰা উঠি মই ৰভাতলীত এপাক মাৰিলো। ক’ত কি আছে চালো। আচলতে মই তৃষ্ণাৰহে সন্ধান কৰিলো। কিন্তু তাইক ক’তো নেদেখিলো। নিশ্চয় তাই পাকঘৰত ব্যস্ত। ৰান্ধনিশালৰ ওচৰত ৰৈ থাকোঁতেই লহৰে মোক লগ ধৰিলেহি। সি গা ধুই আহিছে। তাৰ চুলি পাতল। তথাপি চুলিৰ পৰা পানী নিগৰি আছে। তাতে কুশল বিনিময়ৰ পাছত লহৰে মোক ক’লে— “কিবা লাগিলে নমিতাক কবি। নিজৰ ঘৰৰ দৰে থাকিবি। সংকোচ নকৰিবি।”

লহৰ আঁতৰি যোৱাৰ পাছতে মই পুনৰ ৰভাতলী পালোহি। এইবাৰ বাৰাণ্ডাত নবহি ৰভাতলীতে বহিলো। বিয়াঘৰীয়া মানুহবোৰৰ আলেখ-লেখ চাই থাকোঁতেই তৃষ্ণা মোৰ ওচৰলৈ আহি মোক ক’লে— “সুজল দা, ভাত হ’বলৈ অলপ সময় আছে। তুমি কিবা অলপ খাই ল’বা নেকি?”

“নাখাওঁ দিয়া। এতিয়া কিবা খালে ভাত খাবলৈ আৰু মন নাযাব। একেবাৰে ভাতকে খাম।”
“তেনেহ’লে তুমি বহাঁ। ভাত হ’লেই তোমাক মই মাতি দিম।”
“হ’ব, ভাত যেতিয়াই হয়, তেতিয়াই দিবা। মোৰ ইমান ভোক লগা নাই।”

তৃষ্ণা মোৰ কাষৰ পৰা খৰ খোজেৰে আঁতৰি গ’ল। মোৰ প্ৰতি তাইৰ আগ্ৰহটো দেখি ভাল লাগিল। মোৰ প্ৰতি তাইৰ টানটো তাৰ মানে এতিয়াও আছে! আগেয়ে ৰাজীৱহঁতৰ ঘৰলৈ গ’লেই তৃষ্ণা সদায় মোক লৈ ব্যস্ত হৈ পৰিছিল। মই কি খাম, কলৈ যাম, ক’ত শুম— এইবোৰ সব তায়ে ঠিক কৰিছিল। তৃষ্ণাৰ হাতখন ৰন্ধা-বঢ়াত ভাল আছিল। তাই মোক বিভিন্ন মুখৰোচক বস্তু কৰি খুৱাইছিল। সিহঁতৰ ওচৰে-পাজৰে থকা মিতিৰ-কুটুম আৰু মঠ-মন্দিৰবোৰলৈ ফুৰাবলৈ লৈ গৈছিল। মোক গা ধুবলৈ গৰম পানী কৰি দিছিল। মোৰ বিছনাখন পৰিপাটিকৈ পাৰি দিছিল। মই মানা কৰিলেও আঁঠুৱাখনো খুঁচি দিছিল। তৃষ্ণাহঁতৰ পিছফালেদি এখন সৰু নৈ বৈ গৈছে। আচলতে নৈ নহয়, এটি জুৰিহে। তৃষ্ণাই তাত মোক সাঁতুৰিবলৈ শিকাইছিল। কিন্তু ৰাজীৱৰ আকস্মিক মৃত্যুৰ পাছত মোৰ সিহঁতৰ ঘৰলৈ যোৱাটো একেবাৰেই বাদ পৰি গৈছিল। সিহঁতৰ একো খবৰেই মই নোপোৱা হৈছিলো। আৰু এনেকৈয়ে তৃষ্ণাও মোৰ জীৱনৰ পৰা হেৰাই গৈছিল।

সময় কটাবলৈ মই ম’বাইলটো উলিয়াই ল’লো। হোৱাটছএপত কেইবাটাও মেছেজ জমা হৈ আছে। সেইবোৰৰ উত্তৰ দিলো। এইখিনি কৰাৰ পাছতে তৃষ্ণাৰ পৰা ভাতৰ আহ্বান আহিল। কেটাৰিঙৰ ল’ৰা আছিল যদিও তৃষ্ণাই নিজেই মোক ভাত বাঢ়ি দিলে। জোৰকৈ ইটো-সিটো খুৱালে। তৃষ্ণাৰ আগ্ৰহতে আনদিনাতকৈ আজি মোৰ দুটেপা ভাত বেছিকৈ পেটলৈ গ’ল। ফলত পেটটো গধুৰ গধুৰ লাগিল। বহাৰ পৰা উঠিবলৈকে মন নগ’ল। মোৰ অৱস্থাটো ধৰিব পাৰি তৃষ্ণাই ক’লে— “তুমি অলপ জিৰাবা নেকি সুজল দা?”
“অলপ জিৰাবলৈ মন গৈছিল। কিন্তু বিয়াঘৰত বিছনা ক’ত পাবা?”
“মই ব্যৱস্থা কৰি দিম নহয়!”
“তেনেহ’লে ব’লা।”

তৃষ্ণাই মোক লহৰহঁতৰ মূল ঘৰটোৰ পৰা সুকীয়াকৈ থকা এটা অইন ঘৰলৈ লৈ গ’ল। ঘৰটোৰ দুৱাৰ খুলি তাই মোক ক’লে— “লহৰ দাহঁতে মোক এইটো ঘৰতে থাকিবলৈ দিছে। তুমি এতিয়া ইয়াতে অলপ জিৰণি লোৱা।”

মোৰ অলপ সংকোচ লাগিল। ‘অচিনাকি’ ছোৱালী (তৃষ্ণাৰ বিয়া হৈছেনে নাই মই এতিয়াও গম পোৱা নাই) এজনীৰ কোঠাত মই শুই থাকিলে লহৰহঁতে একো নাভাবিলেও অইন মানুহে কথাটো সহজভাৱে নল’বও পাৰে। মোৰ মনটো পঢ়িব পাৰি তৃষ্ণাই ক’লে— “একো নহয় দিয়া। ইয়াত মোৰ ল’ৰাটোও শুই আছে। তুমি থাকিলে তাৰ লগ এটা হ’ব।”

তাৰ মানে তৃষ্ণাৰ বিয়া হ’ল! কিন্তু তাইৰ শিৰত যে মই সেন্দূৰ দেখা নাই! এয়া আধুনিকতা নে তাই বিধৱা হ’ল? কথাটো মই ধৰিব নোৱাৰিলো।

মই এতিয়াহে কোঠাটোৰ বিছনাখনলৈ লক্ষ্য কৰিলো। তাত আঠ-দহ বছৰীয়া ল’ৰা এটা ‘দন্তিয়া দ’ হৈ শুই আছে। বিছনাখন অৱশ্যে যথেষ্ট ডাঙৰ। দুজনহে নালাগে, তিনিজনো অনায়াসে শুব পাৰে। ইতিমধ্যে তৃষ্ণা কোঠাটোৰ পৰা ওলাই গৈছিল। মই ল’ৰাটোৰ কাষতে দীঘল দিলো। ল’ৰাটো বেচ মৰম লগা। সি তৃষ্ণাৰ মুখখনেই পাইছে। হঠাৎ মোৰ মনলৈ আহিল— মই অলপ সাহস দেখুওৱাহেঁতেন এই ল’ৰাটো চাগৈ মোৰেই হ’লহেঁতেন! কিন্তু মোৰ মন প্ৰতিনিয়ত সন্দেহ আৰু সংকোচৰ জালে আৱৰি আছিল। মই খোৰা। লেকেচিয়াই লেকেচিয়াই খোজ কাঢ়োঁ। তৃষ্ণাৰ নিচিনা সুন্দৰী, উচ্চাকাংক্ষী, আধুনিকা ছোৱালী এজনীয়ে মোক জানো হৃদয়ত স্থান দিব? তাইলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াই মই যদি লাজত পৰোঁ? তাতকৈ এনেকৈ থকাই ভাল। তেতিয়া একো নাযায়ো, নাহেও।

তৃষ্ণাৰ ল’ৰাটোৱে ভৰি এখন মোৰ গাত উঠালে। সি সাৰ পাই যাব পাৰে বুলি মই ভৰিখন আঁতৰাই নিদিলো। সি টোপনিতে মুখেৰে কিবা বিৰবিৰালে। কি কৈছে একো ধৰিব নোৱাৰিলো। ল’ৰাটোৱে টোপনিতে হাঁহি এটাও মাৰিলে। নিদ্ৰাৰত শিশুৱে মৰা হাঁহিটোৰ নিচিনা ‘ধুনীয়া বস্তু’ পৃথিৱীত হয়তো আৰু একোৱেই নাই!

হঠাৎ তৃষ্ণাৰ ল’ৰাটো সাৰ পাই গ’ল। সি ‘স্মাৰ্ট বয়’। মাকৰ সলনি কাষত অচিনাকি মানুহ এটা দেখি ল’ৰাটোৱে ভয় নাখালে, সংকোচো নকৰিলে। মই তাক কিবা সুধিবলৈ পোৱাৰ আগতেই সি মোক সুধিলে— “তুমি কোন?”
“মই তোমাৰ মামা।”
“ক’তা, তোমাকতো মই আগতে দেখা নাই!”
“মই তোমাৰ নতুন মামা।”
“তোমাক মই কি বুলি মাতিম?”
“সুজল মামা বুলি মাতিবা। পিছে তোমাৰ নামটোনো কি?”
“অভিনন্দন। মায়ে পিছে মোক কাব্য বুলিহে মাতে।”

তৃষ্ণা কবিতা পাগল ছোৱালী আছিল। সেয়ে বোধহয় তাই ল’ৰাটোক মৰমতে এই বুলি মাতে। কাব্যৰ লগত ইটো-সিটো কথা পাতি থাকোঁতেই হাতত চাহৰ ট্ৰে এখন লৈ তৃষ্ণা কোঠাটোলৈ সোমাই আহিল। কাব্যই পিছে মাকৰ প্ৰতি সিমান আগ্ৰহ নেদেখুৱালে। তৃষ্ণাইহে ক’লে— “আমাৰ চাহাবে সাৰ পালে, ভালেই হ’ল। তোমাক মই ধুনু কাপোৰ এযোৰ পিন্ধাই দিওঁ। তুমি মামাৰ লগতে থাকিবা দেই!”

মই ট্ৰেখনৰ পৰা চাহৰ কাপটো হাতত তুলি ল’লো। লগত পিঠা-পনাও আনিছিল। কিন্তু সেইবোৰ খাবলৈ মন নগ’ল। কাব্যক কাপোৰসাজ পিন্ধোৱাৰ পাছত তৃষ্ণাই তালৈও গাখীৰ এগিলাচ আনিলেগৈ। ৰুমতে টেমা এটাত বিস্কুট থৈ দিয়া আছিল। তৃষ্ণাই টেমাটোৰেই বিস্কুটখিনি কাব্যৰ আগত মেলি দি তাক ক’লে— “সোণটো, তুমি এয়া খাই মামাৰ লগতে থাকিবা দেই। মোৰ ঢেৰ কাম আছে। তুমি মামাক দিগদাৰ নকৰিবা।”

ইয়াৰ পাছত তৃষ্ণাই মোৰ পিনে চাই ক’লে— “তুমি কাব্যৰ লগত আমনি নোপোৱাতো?”
“নাপাওঁ। সৰু ল’ৰা-ছোৱালীৰ লগত সময় কটাই মই ভালেই পাওঁ। কিন্তু…!”
“কিন্তু কি?”
“বিয়া খাবলৈ আহি মই ইয়াত সোমাই থাকিলে মানুহে কি ভাবিব?”
“তুমি ইয়াতে সোমাই থাকিব নালাগে নহয়। ইয়াক লৈ মাজে মাজে ওলাই যাবা। ইয়েই তোমাক ইয়াত সোমাই থাকিবলৈ নিদিব।”

তৃষ্ণা হুৰমুৰকৈ কোঠাটোৰ পৰা ওলাই গ’ল। মাকৰ কথাষাৰ সত্য প্ৰতিপন্ন কৰিবলৈকে কাব্যই ক’লে— “আমি অলপ ফুৰি আহোঁ ব’লা সুজল মামা।”
“ক’ত ফুৰিবাগৈ? ইয়াত জানো ফুৰা জাগা আছে?”
“আছেতো! ব’লাচোন।”

কাব্যৰ লগত ৰভাৰ মাজেদিয়েই মই বাহিৰলৈ ওলাই আহিলো। লহৰহঁতৰ গাঁওখনৰ পৰিৱেশ বৰ মনোৰম। অলপ দূৰতে পথাৰ। কাব্যই মোক সেইপিনেই লৈ গ’ল। যাওঁতে বাটতে এখন দোকান পালো। কাব্যক মই কেইপেকেটমান ছিপছ্ আৰু চকলেট কিনি দিলো। সি বৰ ফুৰ্টি পালে। আমি গৈ গৈ এসময়ত গাঁৱৰ মূৰ পালোগৈ। সেইখিনিক দহআলি বুলি কয়। সঁচাকৈয়ে সেইখিনিতে দহটা বাট দহ ফালে গৈছে। মাজতে এটা ডাঙৰ চাৰ্কোল। তাৰ চাৰিউফালে গছ-গছনি। বৰ সুন্দৰকৈ, চিজিলকৈ ৰুইছে গছবোৰ। চাৰ্কোলটোৰ ভিতৰ ফালে, কাষে কাষে পকীৰ বেঞ্চকেইখনমান সাজি থোৱা আছে। মই তাৰে এখনত বহি পৰিলো। কাব্যই চাৰ্কোলটোৰ ভিতৰত দৌৰি-ঢাপলি খেলাত লাগিল। মাজে মাজে দুই-একামোৰ চকলেট আৰু ছিপছ্ খাই ল’লে। পৰিৱেশটো মোৰ বৰ ভাল লাগিল। এনেকুৱা পৰিৱেশত সময় কটাবলৈ নোপোৱা কত দিন যে হ’ল!

গধূলিৰ আগে আগে আমি বিয়াঘৰলৈ ঘূৰি আহিলো। ইতিমধ্যে দৰা যাবৰ সময় হৈছিল। মই ইমান সময়ে নোলোৱা দেখি লহৰহঁত আচৰিত হ’ল। মই হঠাৎ গাটো বেয়া লাগিছে বুলি ব্ৰহ্ম ফাঁকি এটা মাৰিলো। মোৰ উচ্চ ৰক্তচাপ আছে বুলি লহৰহঁতে জানে। সেয়ে সিহঁতে মোক জোৰ নকৰিলে যদিও এটা চৰ্ত দিলে— মই অভ্যৰ্থনালৈকে সিহঁতৰ ঘৰত থাকিব লাগিব। মই বিনা-আপত্তিৰে প্ৰস্তাৱটোত মান্তি হ’লো।

দৰা ওলাই যোৱাৰ পাছত তৃষ্ণাৰ আৰু বিশেষ কাম নাথাকিল। মোৰ ফোনটোত কাৰ্টুন ফিল্ম এখন উলিয়াই সেইটো কাব্যৰ হাতত তুলি দি তৃষ্ণা আৰু মই আগফালৰ বাৰাণ্ডাতে বহি ল’লো। প্ৰথমে তৃষ্ণায়েই কথা উলিয়ালে— “মই বিয়া হ’লো যদিও মোৰ সংসাৰখন বেছিদিন নিটিকিল সুজল দা।”
“কাৰণটো কি?”
“মৃণালৰ বেলেগ এজনী ছোৱালীৰ লগত লেটি-পেটি আছিল। কথাটো মোৰ সহ্য নহ’ল।”
“তুমি এতিয়া ক’ত থাকা?”
“মাহঁতৰ লগতে থাকোঁ। কিন্তু মোৰ নিজৰ উপাৰ্জন মই নিজেই উলিয়াই লওঁ।”
“কিন্তু তুমি এইটো কাম নকৰি বেলেগ কামোতো কৰিব পাৰিলাহেঁতেন! কিবা চাকৰি-বাকৰি…।”
“মোৰ ইমান কম পঢ়া-শুনাৰে আজিৰ যুগত কি চাকৰি পাবা কোৱাচোন?”
“তুমি এই কামটো কৰি সুখীনে?”
“সুখী নহ’লেওতো পেটৰ তাড়নাত কিবা এটা কৰিবই লাগিব! অৱশ্যে এই কামটোত মোৰ উপাৰ্জন ভালেই হয়। আৰু তুমিতো জানাই— পাকঘৰৰ কামখিনি কৰি মই ভালেই পাওঁ।”

সঁচাই, ৰন্ধা-বঢ়াত তৃষ্ণাৰ হাতখন বৰ ভাল আছিল। তাইৰ হাতৰ প্ৰতিটো বস্তুতে এক ভিন্ন সোৱাদ লাগি আছিল।

“বাৰু, তুমি বিয়া কৰালানে নাই?”
“নাই।”
“কিয়?”
“ছোৱালী পোৱা নাই।”
“মিছা কথা নক’বা! তোমাৰ নিচিনা ভাল ল’ৰা এটালৈ ছোৱালীৰ অভাৱ হয় নেকি?”
“তুমিহে মোক ভাল বুলি ভাবিছা। আনৰ দৃষ্টিত মই ভাল নহ’বও পাৰোঁ!”

আচলতে মই বিয়াত নবহাৰ মূল কাৰণটো তৃষ্ণাই। তাইৰ বাহিৰে আন কোনো ছোৱালীকে এতিয়ালৈকে মই হৃদয়ত স্থান দিব পৰা নাই। বোধহয় আগলৈও নোৱাৰিম। কিন্তু এই কথাটো তৃষ্ণাক মই এতিয়া কওঁ কেনেকৈ? কৈ কিবা লাভ আছে জানো?

কথা পাতি থকাৰ মাজতে তৃষ্ণাই মোলৈ চাহ একাপ বাকী আনিলেগৈ। কাব্য পূৰা ফোনটোত ব্যস্ত। চাহৰ কাপত চুমুক দি থকাৰ মাজতে মই হঠাৎ তৃষ্ণাক ক’লো— “তোমাক আকৌ কেতিয়াকৈ লগ পাওঁ, লগ পাওঁ নে নাই তাৰো ঠিক নাই। সেয়ে আজিয়েই তোমাক মোৰ মনৰ কথা এটা কৈ যাওঁ। অৱশ্যে এতিয়া তোমাক সেই কথাটো কৈ যোৱাৰ কোনো অৰ্থ নাই। কিন্তু তোমাক কথাটো জনাই নগ’লে মই মৰিও শান্তি নাপাম। সেয়ে…!”
“ভণিতা এৰা। কি ক’ব খুজিছা, খোলা-খুলিকৈ কোৱা।”— মোৰ কথাটো শুনিবলৈ তৃষ্ণা উৎসুক হৈ উঠিল। তাইৰ এই আগ্ৰহ দেখি মোৰ ভাল লাগিল। তৃষ্ণালৈ অলপ সময় অপলক নেত্ৰে চাই থাকি মই আগতকৈ নিম্নস্বৰত ক’লো— “মই তোমাক ভাল পাইছিলো তৃষ্ণা!”

এইবাৰ তৃষ্ণাই মোৰ মুখলৈ থৰ লাগি চাই থাকিল। তাই মুখেৰে একো নক’লেও তাইৰ বুকুত যে এটা প্ৰচণ্ড কঁপনি উঠিছে, তৃষ্ণাৰ মুখখন দেখিয়েই মই গম পালো। হঠাৎ তাইৰ চকুৰে দুধাৰি লোতক বৈ আহিল। এহাতেৰে চকুপানীখিনি মচি লৈ তৃষ্ণাই এইবাৰ থোকাথুকি মাতেৰে ক’লে— “এইষাৰ কথা তেতিয়াই তুমি মোক নক’লা কিয়? তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনিম বুলি মই সদায় আশা পালি আছিলো।”— তৃষ্ণাৰ দুচকুৰে আকৌ সৰ সৰকৈ চকুপানী ব’বলৈ ধৰিলে।

এইবাৰ মোৰ বুকুত এটা প্ৰচণ্ড কঁপনি উঠিল। জানো— এই কঁপনি সহজে মাৰ নাযায়!

❧ | অধিক গল্প:

প্ৰেমৰ আন এটা গল্প | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook