প্ৰা য়ে খিৰিকী মুখৰ এচমকা কোমল ৰ’দৰ জিলিঙনি মুখত পৰাকৈ বহি কলম তুলি লৈ অসংলগ্ন স্মৃতিবোৰ খেদি ফুৰা ময়ূৰী এক সৰলমনা আৰু ভাবুক ছোৱালী। ব্যস্ত চহৰৰ কোলাহলৰ মাজতো নিঃসঙ্গতা তাইৰ বাবে হৃদয়ৰ এক বোবা যন্ত্ৰণা।
গুৱাহাটীলৈ আহিও অতিষ্ঠ হৈ পৰিছিল তাই। নতুন পৰিৱেশ, নতুন মানুহৰ মাজতো নিঃসঙ্গতাই তাইৰ মন-আত্মাৰ মাজত হাহাকাৰ তুলিছিল। কিবা এক নিষ্ঠুৰ শূন্যতাই যেন চেলেকি আছিল তাইৰ মস্তিষ্ক! উকা কোঠাটোত ডাঙৰকৈ বন্ধাই থোৱা বিচিত্ৰৰ নিৰ্বাক ফটোখনৰ সৈতেনো আৰু তাই কিমান কথা পাতিব! প্ৰায়েই উভতি যায় তাই এৰি অহা সেই অভিশপ্ত দিনবোৰলৈ… ।
আয়তীৰ উৰুলিৰে চোতলাৰ ৰভাখন মুখৰিত হৈ উঠিছিল, তাৰ মাজৰ পৰাই পাঁচগৰাকী আয়তীয়ে চেলেং কাপোৰৰ ওপৰত চাউল ছটিয়াই বিয়ানাম গাইছিল—
আগে দিয়া পাছে দিয়া
পঞ্চ আয়তীয়ে ৰাম ৰাম
পঞ্চ আয়তীয়ে…
দূৰ্বাঘাটৰ পানী আনি
আইদেউৰ মূৰত দিয়ে।…
চকুপানীৰে বাট নেদেখা ময়ূৰীৰ মনটোক ঘৰখন এৰি যোৱাৰ দুখতকৈ এক অন্য দুখেহে জোকাৰি আছিল। বিধৱা হ’ল বুলিয়েই সমাজৰ পঙ্গু ৰীতি-নীতিয়ে কিদৰে এগৰাকী মাতৃক সন্তানৰ শুভ কাম এটাৰ পৰা আঁতৰাই ৰাখিব পাৰে! এইবোৰ কথাই ময়ূৰীক বৰকৈ আচৰিত কৰি তুলিছিল। তাতোকৈ বেছি আচৰিত হৈছিল, কোনো এজন মানুহেই সেই নিয়মৰ বিৰুদ্ধে মাত এটা নমতাৰ বাবে।
সময়বোৰ বাগৰিল। এতিয়া তাই নিজেই অনুভৱ কৰিবলৈ লৈছে বিধৱা হোৱাৰ নিৰ্মম যন্ত্ৰণা। গুৱাহাটীলৈ চাকৰি বিচাৰি আহিব লগা হোৱাত মিতিৰ-কুটুমকে আদি কৰি সকলো সম্পৰ্কীয়ৰ মুখতেই তাইক লৈ বু বু-বা বা! মুহূৰ্তৰ বাবে ভাবে তাই, সকলোৰে পৰা আঁতৰি আহি সেই বু বু-বা বাৰ পৰা অন্ততঃ মুক্ত হ’ল! কিন্তু, হাতত কলমটো লৈ যেতিয়া কিবা এটা লিখোঁ বুলি টেবুলত বহে, তাই ভাবিবলৈ বাধ্য হয়— সঁচাই মুক্ত হ’লনে বাৰু তাই? কাৰণ, অফিচৰ সহকৰ্মীসকলৰকেইগৰাকীমানে সুবিধা পালেই তাইক সহানুভূতি দেখুৱাই কয়— “তোমাৰ কপালখন সঁচাকৈয়ে বৰ দুখ লগা দেহি; হাতৰ পৰা জেতুকাৰ গোন্ধ আঁতৰাই নাছিল চাগে নহয়নে? আজি তেখেত থকা হ’লে তুমিনো ক’ত চাকৰি কৰিব লগা হ’ল হয় চাগে!”
আন কিছুমানে আকৌ ইতিকিং কৰি কয়— “তোমাৰ ভাগ্যখন দেখিলা, তেখেতে চাকৰি কৰিবলৈ সুবিধা এটা কৰি থৈ গ’ল।”
এচামে কয়— “ফুল কুমলীয়া বয়সতেই এনে হ’ল যেতিয়া নতুন সংসাৰ এখন পাতিবলৈ মন কৰা। নহ’লে পাহাৰ হেন জীৱনটো অকলে পাৰ কৰিবলৈ বৰ কষ্ট হ’ব!” উস্ ৰাম, তাই যেন তাইৰ জীৱনটো কাৰোবাৰ ওচৰত বন্ধকতহে থৈছে! প্ৰতিজন মানুহৰ মুখৰ সংলাপে যেন ময়ূৰীৰ মূৰটোতহে কুঠাৰাঘাত কৰে।
একে লগে কাম কৰা পুৰুষসকলৰ চকুলৈ চাই কথা ক’ব নোৱাৰে তাই। সিহঁতৰ চঞ্চল চকুৱে যেন তাইৰ বগা সাজ পৰিধান কৰা দেহাটোত বৰকৈ কিবা অনুসন্ধান কৰি ফুৰে। কমটো মনোকষ্টত ককায়েকৰ ঘৰৰ পৰা তালি-টোপোলা বান্ধি গুচি আহিব লগা হৈছিলনে তাই!
বিচিত্ৰ ঢুকুওৱাৰ পাছত ময়ূৰীয়ে মাক আৰু ককায়েক-বৌয়েকৰ লগত আছিল। দুখবোৰ পাতল হওক বুলিয়েই ককায়েকে ঘৰলৈ লৈ গৈছিল তাইক। কিন্তু আপোন ঘৰখনো যেন তেতিয়া ময়ূৰীৰ বাবে কিবা অচিনাকি যেন হৈ পৰিল। তালৈ যোৱাৰ দিনৰে পৰা ওচৰৰ সম্পৰ্কীয় খুৰীয়েক এগৰাকীৰ কিছু কথাই ময়ূৰীক বৰকৈ অতিষ্ঠ কৰি তুলিছিল।
বৌয়েকক দেখা পালেই তপৰাই মাত এটা দিয়ে— “এইক একেবাৰে লৈ আহিলা নে? কোনোবা এজন চাই বিয়াখন আকৌ পাতি দিয়া; এনেকৈ তোমালোকৰ সৈতেনো আৰু কিমান দিন থাকিব হয়নে!”
এদিন কমাৰ গাঁৱৰ এগৰাকী মহিলাই সূতা নিবলৈ বুলি আহি পাকঘৰত মাকৰ আগত কৈছিল— “ছোৱালীজনীয়ে অকালতে বগা সাজযোৰ পিন্ধিব লগা হ’ল। গাভৰু ছোৱালীক চকুত লগাকৈ এনেকৈ নথ’ব বাইদেউ। কিবা এটা গতি লগাবৰ ব্যৱস্থা কৰক। পাছত মান সন্মান বচাবলৈ কিন্তু টান হ’বগৈ পাৰে।” এইখিনি কথা ময়ূৰীয়ে বাহিৰৰ পৰা নিজ কাণে শুনিছিল। মাকে অতি নম্ৰভাৱে উত্তৰ দিছিল— “এৰা, উপযুক্ত এজন পালে কিবা এটা কৰিব লাগিব।” লগে লগে সন্মুখৰ পৰা মাত আহিল— “সময় ৰৈ নাথাকে বাইদেউ। বিধৱা এজনীক বিয়া পাতিবলৈ উপযুক্ত এজন বিচাৰি ফুৰিলে ক’ত পাব? হেৰি নহয়, আমাৰ এখেতৰ সৈতে একেলগে কাম কৰা পদ্ম হাজৰিকাৰ ঘৈণীয়েক ঢুকুওৱা আজি কেইবাবছৰেই হ’ল। ইমান দিনে ঠিকেই আছিল, এতিয়া বয়স হৈছে যে খোৱামুঠি সময় মতে ৰান্ধি দিবলৈকে মানুহ এজনী লাগে। শুনিছোঁ, বৰ পুতেকে দেউতাকৰ বিয়া পাতিবলৈ ভাল ছোৱালী এজনী চাই ফুৰিছে। আপুনি কয় যদি মই কথাটো আগবঢ়াব পাৰোঁ।”
কথাবোৰ কাণত পৰাৰ লগে লগে ময়ূৰীৰ ভৰি-হাত কঁপিবলৈ ধৰিলে। আকৌ এখন বিয়া… ! মনৰ দুখতে মাকৰ ফালে আগুৱাই গৈ তাই ক’লে— “শুনি ভাল পাইছনে মা?” কঁপা কঁপা মাতেৰে মাকে তাইৰ ফালে চাই ক’লে— “তহঁতে কি বুজিবি মোৰ মনৰ অৱস্থা! মই নিজেই এজনী বিধৱা, কত যন্ত্ৰণা সহ্য কৰি তহঁতক ডাঙৰ কৰিলো। এতিয়া এই বয়সত আৰু এজনী বিধৱাক বুকুত সাবটি লৈ ফুৰিব লগা হৈছে। মই না ভালকৈ খাব পাৰিছোঁ না শুব পাৰিছোঁ! ইমানৱোৰ মোৰ কপালতেই থাকিব লাগে নে!”
ময়ূৰীৰ ভৰিৰ তলৰ পৰা মাটিখিনি যেন খহি পৰিল। তাই স্বামী এবাৰহে হেৰুৱাইছিল, বিধৱাও এবাৰহে হৈছিল, কিন্তু মানুহৰ কথাবোৰে ময়ূৰীৰ স্বাভিমানক প্ৰতি নিয়ত বিধৱা কৰিবলৈ আৰম্ভ কৰিলে। সেইবোৰৰ পৰাই নিজকে মুক্ত কৰিবলৈকে তাই একেকোবে ঘৰ এৰি গুৱাহাটী পালেহি। বিধিৰ ইচ্ছাত চাকৰিটোও লগে লগে পালে।
“অ’ মামী, নামাৰিবা নামাৰিবা, মই একো কৰা নাই। মোক বিশ্বাস কৰা মামী। অ’ মা অ’ মা… । আঃ দুখ পাইছোঁ অ’… আঃ, নামাৰিব মোক… !”— সৰু ছোৱালী এজনীৰ কাতৰ চিঞৰত ময়ূৰীৰ সম্বিৎ ঘূৰি আহিল। গুৱাহাটীলৈ অহাৰ পৰাই ময়ূৰীয়ে কাষৰ ঘৰৰ ৰিণিকিয়ে চিঞৰা প্ৰায়েই শুনিছিল। ৰিণিকি মাক-বাপেক নথকা ছোৱালী। ভাৰাঘৰলৈ অহাৰ পাছত ৰিণিকিৰ সৈতেই প্ৰথম চিনাকি হৈছিল তাইৰ। কিন্তু অহাৰ দিন ধৰি মাউৰা ছোৱালী এজনীক মাৰ-ধৰ কৰা শব্দবোৰে ময়ূৰীৰ অন্তৰত বৰকৈ আঘাত দি আছিল। সন্মান হানি হোৱাৰ ভয়ত মাত দিওঁ বুলিও দিব নোৱাৰে! কি ঠিক, আকৌ বা কি ব্যৱহাৰৰ সন্মুখীন হ’বলগা হয়! ক্ৰমাৎ ৰিণিকিৰ কান্দোনৰ শব্দ বাঢ়ি আহিল… ।
“আই অ’ মা অ’ বৰ দুখ পাইছোঁ! মামী, আৰু নামাৰিব মোক।” ৰিণিকিৰ কাতৰ আৰ্তনাদ শুনি ময়ূৰীয়ে আৰু সহ্য কৰি থাকিব নোৱাৰিলে। একেকোবে ৰূমৰ পৰা ওলাই গৈ কাষৰ ঘৰৰ দুৱাৰমুখত কিছু পৰ থমকি ৰ’ল। বেটৰ শব্দ আৰু ৰিণিকিৰ কান্দোন একে গতিৰেই শুনা গ’ল। মনলৈ সংকোচবোধ আহিলেও উপাই নাপাই সাহ গোটাই লৈ মানুহঘৰৰ দুৱাৰখন ময়ূৰীয়ে হেঁচুকি দিওঁতেই খোল খাই গ’ল। সন্মুখত দেখিলে, হাতত এছাৰি এডাল লৈ মানুহজনীয়ে ৰিণিকিক খুব কোবাইছে আৰু ওচৰতে মোমায়েকে ভৰিৰ ওপৰত ভৰি থৈ বাতৰি কাকত পঢ়ি সভ্য আৰু আভিজাত্যৰ পৰম্পৰা ৰক্ষা কৰিছে। তাই ৰৈ থাকিব নোৱাৰিলে। দৌৰি গৈ ৰিণিকিক দুহাতেৰে তুলি ল’লে। কিবা এটা ক’বলৈ মুখ মেলিবলৈ লওঁতেই সিফালৰ পৰা বাক্যবাণ নিক্ষেপ কৰিলে— “আপুনি কাক সুধি আমাৰ ঘৰত সোমাল? এইখন এখন ভদ্ৰ মানুহৰ ঘৰ বুলি আপুনি নাজানে নেকি? মোৰ সংসাৰত কি হৈছে-নহৈছে ইমানদিনে তাৰমানে কাণ পাতি তাকেই শুনি আছিল? প্ৰথম দেখোঁতেই বুজিছিলো, আপুনি কি চৰিত্ৰৰ হ’ব পাৰে। গিৰীয়েক নিজে মৰিছিল নে মৰা হৈছিল, আপুনিহে জানিব। কুলক্ষণী এজনীয়ে মোৰ ঘৰত ভৰি থ’বলৈ সাহ কেনেকৈ কৰিলে হে, নে মোৰ মতাৰ ওপৰত চকু? ইয়াত চাকৰি কৰাৰ নামত লোকৰ মতাৰ গোন্ধ বিচাৰি ঘূৰি ফুৰিছে, ছিঃ… ।”
❧। আৰু পঢ়ক: ড° জয়শ্ৰী গোস্বামী মহন্তৰ গল্প ‘তৰগ ৰস ৰস ইন্দু’
ময়ূৰীয়ে তধা লাগি মাত্ৰ শুনিহে থাকিল। প্ৰতিটো শব্দই যেন তাইৰ বুকুত শেলে বিন্ধা দি বিন্ধিলে। পুনৰবাৰ অপদস্থ হ’ল তাই। লাজ-অপমানত একো নকওঁ বুলি ভাবিও কঁপা কঁপা মাতেৰে তাই কৈ পেলালে— “হয়, ভুল মোৰ। বিধৱা হ’লে আত্মা মৰি যায় বুলি মই ভবা নাছিলো। কিন্তু এটা কথা কৈ থৈ যাওঁ, বিধৱা অকল মই নহয়, আপোনাৰ সৈতে এই গোটেই সমাজ আৰু সমাজ ব্যৱস্থাই বিধৱা। মই স্বামীহাৰা বিধৱা, কিন্তু আপোনালেক হ’ল বিবেকঁহাৰা বিধৱা, মনত ৰাখিব।”
কেইছেকেণ্ডমানৰ আগলৈকে ৰাহুত-বাহুত দি থকা মানুহগৰাকী আৰু বাতৰি কাকত পঢ়ি থকা ভদ্ৰ মানুহজনে ময়ূৰী ওলাই অহাৰ ফালে নিৰ্বাক হৈ চাই থাকিল ঠিক সদ্য বিধৱা এগৰাকীৰ সৰ্বনাশী অসহায়তাৰে!