উ শাহত অক্সিজেন লোৱা আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি থকা কালৰ বুকুত বহুবোৰ পণ্ডিতক লগ পালো। কিচিম্ কিচিম্ পণ্ডিতৰ পণ্ডিতালি, পাণ্ডিত্যৰ কেৰামতালি দেখা পালো। উপকৃত হ’লো যিমান, তাতকৈ আহুকালত পৰিলো বেছি। বাস্তৱিক জগতৰ সৈতে প্ৰায়েই অমিল সেই পণ্ডিতসকলৰ পাণ্ডিত্যপূৰ্ণ তত্ত্বৰ তক্তাত শুবলৈ গৈ পিঠিৰ বিষ গোটালো। কিন্তু এই সময়লৈকে লগ পোৱা দুগৰাকী পণ্ডিতৰ কথা মই পাহৰিব নোৱাৰিম। ইয়াৰে এগৰাকী গানৰ পণ্ডিত, আনগৰাকী পাণৰ পণ্ডিত।
গানৰ পণ্ডিতৰ কথা আহি থকা সময়ত কেতিয়াবা ক’ৰবাত কেনেবাকৈ সুযোগ-সুবিধা মিলিলে ক’ম। আজি সদ্যহতে পাণৰ পণ্ডিতৰ বিষয়েই এবকলা বলকিম।
অৱশ্যে পাণৰ পণ্ডিতৰ বিষয়ে কোৱাৰ আগতে এখন পাতনি মেলাটো জৰুৰী আৰু প্ৰয়োজনীয়ও।
চহৰ এখনৰ নাভি ফালি ওলাই যোৱা ঘাইপথটোৰ পূব দিশত এটা অতি পুৰণি চিনেমা হল আছিল। যোৱা শতিকাৰ আঠৰ দশকত ‘পেহলী’ নামৰ এখন জনপ্ৰিয় হিন্দী চিনেমাৰে হলটোৰ প্ৰথমটো দৰ্শনী আৰম্ভ হৈছিল। সেই সময়ৰ কোনো এক ধনৱান পুত্ৰই নিজৰ জন্মদাত্ৰী মাকৰ নামত হলটোৰ নামকৰণ কৰিছিল, যিদৰে আজিৰ পৰা সাতশ-আঠশ বছৰৰ আগেয়ে দক্ষিণ ভাৰতৰ বিজয়নগৰ নামৰ ৰাজ্যখনৰ কৃষ্ণদেৱ ৰাই নামৰ শাসনকৰ্তাজনে নিজৰ মাকৰ স্মৃতিত নাগালাপুৰম নামে এখন উপকণ্ঠীয় নগৰ নিৰ্মাণ কৰিছিল। বুজিলো যে মন, ধন আৰু ক্ষমতা থাকিলেহে মাতৃস্নেহ চিৰযুগমীয়া হয়। মানুহৰ মুখে মুখে ‘দিতি’ নামেৰে হলটো জনপ্ৰিয় হৈ পৰিছিল। গাঁৱৰ পৰা গাড়ী ভাৰা কৰি জাকে জাকে মানুহ আহি সেই জনপ্ৰিয় চিনেমা হলটোত হিট্ চিনেমাবোৰ চাইছিলহি। কলেজীয়া ছাত্ৰ-ছাত্ৰী, প্ৰেমিক যুগল, পুলিচ-পকেটমাৰ, দোকানী-বেপাৰী, কিশোৰ-ডেকা-আদহীয়া— সকলোৱে এবাৰলৈ হ’লেও হলটোত সোমাই ৰোমাণ্টিক গীত এটাৰ পিকচাৰাইজেশ্যন, ফাইটিং, অতি নাটকীয় উৎকণ্ঠা, ৰহস্য উদ্ঘাটনৰ সোৱাদ লৈছিল। ব্লেকাৰকেইটাই চৰা দামত টিকট বেচিছিল, চাইকেল ষ্টেণ্ডৰ গৰাকীয়ে ছেকেণ্ড শ্ব’ৰ পাছত কুপন চাই গৰাকীহঁতক চাইকেল, স্কুটাৰবোৰ চমজাই দিছিল। পোষ্টাৰমেনে চিনেমাৰ পোষ্টাৰবোৰ চহৰখনৰ অলিয়ে-গলিয়ে থকা বেৰবোৰত মাৰি ফুৰিছিল। টিকট মাষ্টাৰে কাউণ্টাৰেদি সোমাই অহা হাতবোৰত টিকট তুলি দিছিল। গেইটমেনে টিকটটো ফালি দৰ্শকক ভিতৰলৈ সোমাবলৈ দিছিল আৰু টিকট চেকাৰে দৰ্শকবোৰক সৰু টৰ্চ লাইট এটাৰে বাট দেখুৱাই আসনত বহিবলৈ দিছিল। প্ৰেম-সংঘাত, হাঁহি-কান্দোনৰ সম্পূৰ্ণ মনোৰঞ্জন দি, দিনটোত তিনিটা শ্ব’ দেখুৱাই হলটোৱে নিশা এঘাৰ বজাৰ পৰা পুৱা বাৰ বজালৈকে জিৰণি লৈছিল।
চিনেমা হলটোৰ কাষতে এটা প্ৰাচীন অসম আৰ্হিৰ ঘৰ। ঘৰটোৰ শিৰত জিলিকিছে এখন গ্ল’চাইন— নগৰ আৰক্ষী চকী। খাকী পোছাক, ৰঙা টুপী, বেতৰ লাঠী, কেইটামান থ্ৰি-নট-থ্ৰি ৰাইফল, পুৰণি ট্ৰাংক, বিবৰ্ণ ফাইল, দুৰ্ঘটনাগ্ৰস্ত বাহন, লকআপ সহিতে আৰক্ষীৰ সৰু-বৰ বিষয়াকেইজনমানক বুকুত বান্ধি নগৰখনৰ সাহ হৈ নিজগুণে বিদ্যমান এই নগৰ আৰক্ষী চকী। ‘জনহিতাৰ্থে’ শ্ল’গানক জৰুৰী বুলি জাহিৰ কৰি শতিকাজুৰি থিয় দিয়া সেই আৰক্ষী চকীৰ কাষতেই ভৰিৰ ওপৰত ভৰি তুলি ৰাজকীয় ভংগিমাত বহি লৈ বাঁওহাতে বুন্দিয়াৰ লাৰু তথা অংকুশ আৰু সোঁহাতেৰে সৰ্বদা ভক্তক উদ্দেশ্যি আশীৰ্বাদ দি থকা অৱস্থাত সেয়া সিদ্ধিদাতা গণেশৰ বিগ্ৰহ। বিগ্ৰহৰ জেউতি উজলাই জিলিকি আছে এক সুউচ্চ মন্দিৰ। মন্দিৰৰ তোৰণত খোদিত এক অভয় বাণী— ‘ঔম গাং গণপতয়ে নমঃ’। তোৰণত ওলমি আছে এটা ঘণ্টা। ভক্তৰ হাতৰ পৰশত মাজে মাজে বাজি উঠা ঘণ্টাই সিদ্ধিদাতাক সদা সজাগ কৰি ৰাখে।
মন্দিৰৰ কাষতেই এক বৃহৎকায় শ্বপিংমল। অহা আহিছে, যোৱা গৈছে। সোমোৱা সোমাইছে, ওলোৱা ওলাইছে। বেগ ভৰ্তি দুহাত, সন্তুষ্টিৰ হাঁহি ভৰ্তি মুখ।
পথটোৰ এপাৰে এক বিচিত্ৰ জগত। মনোৰঞ্জন, নিৰাপত্তা, আধ্যাত্মিকতা আৰু বিলাসিতাৰ এপাৰ। পথটোৰ ইপাৰে অৰ্থাৎ চিনেমা হলটোৰ বিপৰীত দিশত, ঠিক ক’ব পাৰি প্ৰায় মুখে মুখেই— ‘পণ্ডিত পাণ বাহাৰ’। এখন পাণৰ ঘুমতি দোকান। দোকানখনৰ কাঠৰ জাপকেইচটাৰ এখনত লিখা আছে— ‘প্লাম্বাৰৰ বাবে যোগাযোগ কৰক এই নম্বৰত’ আৰু আন এখনত লিখা আছে— ‘সকলো ধৰণৰ ইলেক্ট্ৰিকেলছ্ সমস্যাৰ বাবে যোগাযোগ কৰক এই নম্বৰত।’ গভীৰ আস্থা আৰু আত্মবিশ্বাসেৰে লিখি থোৱা জাননী দুখন দেখিলে এনে লাগে যেন পাৰিলে এজনে অৰ্জুনৰ দৰে শৰ মাৰি পাতাল ফুটাই আমাৰ ঘৰবোৰত পানীৰ ব্যৱস্থা কৰিব আৰু আনজনে শত বাধা নেওচি, প্ৰয়োজনত ‘বিগ ডেম’ সাজি হ’লেও যেন কাৰেণ্ট উৎপাদন কৰি আমাৰ ঘৰবোৰত পোহৰৰ ব্যৱস্থা কৰিব।
‘পণ্ডিত পাণ বাহাৰ’ৰ কাষতেই আছে ‘ত্ৰিনয়ন অপ্তিকেলছ্’। বিশ্বাস জগাই তুলিব পৰাকৈ লিখা আছে— ‘ইয়াত চকু পৰীক্ষা কৰি চশ্মা দিয়া হয়’। কোনে, কাক সুধি, কাৰ লগত আলোচনা কৰি দিয়ে দোকানৰ নাম? উত্তৰহীন এই প্ৰশ্নই মোক ভবাই তোলে।
আত্মবিশ্বাসৰ অক্লান্ত আশা যেন ত্ৰিনয়ন অপ্তিকেলছ্। য’ৰ পৰা পাৱাৰ মিলাই এযোৰ চশ্মা পিন্ধিলে যেন পিন্ধোতাই লাভ কৰিব এক তৃতীয় নয়ন। যি নয়নত দৃশ্যমান হৈ উঠিব অনেক নয়নাভিৰাম দৃশ্য, উন্মোচিত হ’ব ঢাক খাই থকা বহুবোৰ সত্য।
অৱশ্যে, নকৈ নোৱাৰিলো যে মই নিজ চকুত ওলোমাই লৈ ফুৰা চশ্মাযোৰো এই ত্ৰিনয়নৰ পৰাই কিনি লোৱা। চশ্মাযোৰেৰে নয়নাভিৰাম দৃশ্য আৰু ঢাক খাই থকা সত্য চাবলৈ পাইছোঁ নে নাই নাজানো, কিন্তু পণ্ডিতে নুৰিয়াই দিয়া পাণখনত কেইটুকুৰা চুপাৰি দিলে, বাবা ইলাচি-বাবা চুপাৰি দিলে নে নাই, সেয়া কিন্তু সঠিককৈ দেখিছোঁ।
ত্ৰিনয়নৰ কাষতেই সেয়া উপমহাদেশখনত আৰম্ভ হোৱা প্ৰথমটো সভ্যতাৰ নামেৰে— ‘সিন্ধু মেডিকেল হল’। সকলো ধৰণৰ ঔষধত ১৫ শতাংশ ৰেহাইৰ বেনাৰ আঁৰি হাস্যবদনে বহি আছে গৰাকী। আৰ্যৰ আক্ৰমণত তচ্নচ্ হৈ পৰা সেই সভ্যতাৰ কোনো বাসিন্দাৰ পাঁচ হাজাৰ বছৰীয়া জিন তেজত কঢ়িয়াই কঢ়িয়াই হয়তো সেই গৰাকী আজিৰ তাৰিখত ১৫ শতাংশ ৰেহাই মূল্যত ঔষধ বিক্ৰী কৰি ৰিভলভিং চেয়াৰত এচকী হৈ বহি থম্ থম্ মদনগোপাল হৈ আছে। কোনে জানে এই কথা? এনেবোৰ কথাক হাঁ বুলিবও নোৱাৰি, না বুলিবও নোৱাৰি।
সিন্ধু মেডিকেলৰ গাতে গা লগাই দুপাৰি দাঁতৰ হাঁহি বিৰিঙাই সেয়া ‘ডেণ্টেল ক্লিনিক’। পাণ খাই দুপাৰি দাঁতত দাগ লাগিলেও কোনো কথা নাই। ‘ডেণ্টেল ক্লিনিক’ত সোমালেই হ’ল। এমোকোৰা হাঁহি মুখত লৈ দাঁতৰ ডাক্তৰজনে মুহূৰ্ততে দাঁতৰ সকলো সমস্যাক কৰি দিব চম্পৎ।
এইদৰেই আগে-পিছে, কাষে-পাজৰে এই সমুদায়ক সামৰি প্ৰায় পইত্ৰিশ বছৰীয়া অভিজ্ঞতাক মূলধন হিচাপে লৈ চলি আছে ‘পণ্ডিত পাণ বাহাৰ’। পণ্ডিত নামেই নে উপাধিয়েই— নাজানো। সম্ভৱতঃ উপাধি। কুৰি বছৰ বয়সৰ পৰা পাণ বনাই বনাই, গ্ৰাহকক খুৱাই খুৱাই এতিয়া তিনি কুৰি বছৰলৈ পাঁচ বছৰ কম হৈ থকা অৱস্থাত পণ্ডিতক নিতান্তই এতিয়া পাণৰ পণ্ডিত বুলিব পাৰি।
পণ্ডিতৰ পাণৰ সোৱাদ সম্পৰ্কে প্ৰথম শুনিছিলো কোনো এজন সহকৰ্মী বন্ধুৰ মুখত— “পাণ খাব আপোনাৰ পণ্ডিতৰ তাত।”
মই তেতিয়া মাজে-মধ্যমে দুই-এখন পাণ মুখশুদ্ধি হিচাপে খাবলৈ আৰম্ভ কৰিছোঁহে মাথোন। মই সুধিলো, “কোনখিনিত নো?”
“দিতি চিনেমা হ’লৰ একদম অপজিটত। দেখিবয়েই লিখি থোৱা আছে,— পণ্ডিত পাণ বাহাৰ।”
পাণ বাহাৰ কথাটোৱে মনলৈ আনিলে, ফুলৰ বাহাৰ, ঘৰৰ বাহাৰ, ষ্টাইলৰ বাহাৰ আদিৰ কথাও।
বন্ধুৰ উপদেশ মানি যথাসময়ত পণ্ডিতৰ পাণ দোকান পালোগৈ। আইনাৰ বাকচ এটাৰ ভিতৰত জাপে জাপে জাপি জাপি সজাই থোৱা পাণবোৰৰ শোভা দেখি বিমুগ্ধ নহৈ নোৱাৰিলো। ৰঙা মাৰ্কিন কাপোৰ এখনেৰে মেৰ খাই থকা পাণবোৰে ইখনে সিখনক এক মধুৰ আলিংগনেৰে সাবটি শুই আছে। পণ্ডিতে যেন আঙুলিৰে হেঁচুকিলেই সাৰ পাই পৰিশ্ৰমী সিৰা-উপসিৰা জিলিকা পিঠিখন চূণ আৰু খয়াৰ সানিবলৈ এৰি দিব।
পণ্ডিতলৈ চাই বাক্যবাণ এৰিলো, “পাণ। মিঠাপট্টি এশ বিছ।”
পণ্ডিতে প্ৰথম দিনাৰ গ্ৰাহক হিচাপে মোৰ মুখলৈ চালে আৰু পাণ সম্বন্ধীয় চমু প্ৰশ্নকেইটামান সুধিলে। যেনেকৈ ডাক্তৰে ৰোগীক, উকীলে মক্কেলক, ৱেইটাৰে গ্ৰাহকক সোধে।
“কাথা নে বিনা কাথা?”
ইতিমধ্যে ময়ো দুই-এখন পাণ খাই পাণ সম্বন্ধীয় কথাবোৰ জনা হৈছোঁ। উত্তৰ দিলো, “কাথা।”
“চুফাৰি পাতলা নে মোটা?”
“পাতলা। একপিচ মোটা।”
“বাবা ইলাচি?”
“দিয়া, অলপ ষাঠি মাৰি দিবা।”
বচ্। প্ৰথম দিনাৰ গ্ৰাহক এজনৰ পৰা এইখিনিয়েই জানিবলগীয়া। ভিন্ন ব্যক্তিৰ ভিন্ন জিভা, ভিন্ন সোৱাদ, সেয়ে বিভিন্ন পাণ। সোৱাদ আৰু পাণ সংক্ৰান্ত এই প্ৰাথমিক তথ্যখিনি পণ্ডিতে এদিন জানি ল’ব পাৰিলেই হ’ল। পাছলৈ গ্ৰাহকজন দোকানৰ সন্মুখত থিয় দিলেই হ’ল আৰু। পণ্ডিতৰ সুদক্ষ হাতৰ কেৰিকাচাৰত মুহূৰ্ততে গ্ৰাহকভেদে পাণবোৰ নুৰিয়ানুৰিকৈ তৈয়াৰ হৈ হাতৰ পাকতেই ইহাত-সিহাতকৈ আহি গ্ৰাহকৰ মুখত সোমায়হি।
জহকালি কাটা গেঞ্জি আৰু জাৰকালি দীঘল হাতৰ চোলা এটাৰ ওপৰত হাফ-ছুৱেটাৰ এটা পিন্ধি ডিঙিত মাফলাৰ এখন মেৰিয়াই পণ্ডিতৰ অভিজ্ঞ দুহাত স্বয়ংক্ৰিয়ভাৱে চলি থাকে। লগতে চলি থাকে তেওঁৰ অভিজ্ঞ মগজুৰ পৰা সংকেত লৈ চলি থকা দুই ওঁঠৰ মুখ, “আচলতে কি জানে ছাৰ?”
“কোৱা পণ্ডিত।”
আমাৰ দৰে মানুহবোৰ পণ্ডিতৰ দৰে মানুহবোৰৰ বাবে সদায় ‘ছাৰ’ আৰু তেওঁলোক আমাৰ দৰে ছাৰসকলৰ বাবে সদায় ‘তুমি’। বয়সৰ লেখেৰে যাৰ যিমানেই নহওক কিয়।
“এইবাৰ কিন্তু ক’লা ধন ঘূৰি আহিবই, চাই থাকক।”
বুজিলো যে ভাল দিন অহাৰ সেই বিখ্যাত প্ৰতিশ্ৰুতিটোৱে পণ্ডিতৰ অৱচেতনত বাহ সাজিলে। মই সামান্য হাঁহি মাৰি ক’লো, “বাৰু চাওঁচোন, সময়েহে ক’ব।”
“চাব ছাৰ, ঘূৰি আহিবয়েই। ভগৱানে কৰিলে সকলো ঠিক হৈ যাব।”
আকৌ বুজিলো যে পণ্ডিতৰ আত্মবিশ্বাস অযুত পৰিমাণে অটুট। ঘূৰি অহা ক’লাধনৰ ভাগ লৈ বগাধনী হোৱাৰ স্বপ্নত বিভোৰ।
মই একো উত্তৰ নিদিলো। আৰু দিবও নোৱাৰোঁ। কাৰণ ইতিমধ্যে মই পণ্ডিতে নুৰিয়াই দিয়া পাণখন অকণমান শুঙি, ত্ৰিভুজ সদৃশ পাণখনৰ তলৰ কোণটোৰ সামান্য দাঁতেৰে ছিঙি মুখত ভৰালোৱেই।
যদিও কথাখিনিত মোৰ একেবাৰে সন্মতি নাছিল আৰু কথাখিনি মই কাহানিও বিশ্বাস নকৰোঁ; তথাপি কিন্তু পণ্ডিতে মোৰ সন্মতি আৰু বিশ্বাস আছে বুলি ধৰি ল’লে। পাণে মৌন কৰা মোৰ মুখে প্ৰমাণ কৰিলে যে মৌনই সন্মতিৰ লক্ষণ।
খয়াৰ স্নানেৰে সিক্ত পণ্ডিতৰ দুহাত। সোঁহাতত উদণ্ড খয়াৰদণ্ড আৰু বাঁওহাতৰ তলুৱাত পাৰি লোৱা সিৰাময় সেউজীয়া পাণখিলাৰ মাজত হোৱা ছন্দোৱদ্ধ ঘৰ্ষণৰ ফলত ছিটিকি পৰা ৰঙচুৱা খয়াৰ কণিকা তথা চূণ কণিকাবোৰে অ’ত ত’ত সৃষ্টি কৰিছে বহুবোৰ পেইণ্টিঙৰ। এগিলাচ খয়াৰ আৰু এগিলাচ চূণক দুটা পিতলৰ ঘটিয়ে নিজৰ মুখত সুমুৱাই লৈ নিজে কাঠৰ গাত দুটাৰ মাজত হতভগীয়াৰ দৰে সোমাই আছে। এক হৃদয় বিদাৰক, দুখ লগা দৃশ্য। না ওকালি উলিয়াই দিব পাৰে, না তৃপ্তিৰে গিলি থব পাৰে।
কিয় খায় মানুহে পাণ? প্ৰশ্নটো নিজকে নিজে সুধিলো। কাৰণ ময়োতো মানুহ। কোনোবাই কোৱা মনত পৰে যে মানুহৰ ভিতৰত এটা চেডিষ্ট্ মন থাকে। সি সহজতে নমৰে। সুযোগ পালেই মূৰ দাঙি উঠিব খোজে। গতিকে এই চেডিষ্ট্ মনটোক দমন কৰিবৰ বাবে বাহিৰৰ পৰা এটা চেডিষ্ট্ নিচা পঠিয়াই দিয়াৰ দৰকাৰ। হুলৰে হুলক কঢ়াৰ নিয়ম।
কি এক অদ্ভুত যুক্তি? আত্মপ্ৰত্যয় নিয়াবলৈ এই পৃথিৱীত অনেক যুক্তি আছে। সময় বুজি, সুযোগ বুজি যুক্তিবোৰ নিজৰ কৰি ল’লেই হ’ল।
পণ্ডিতৰ পাণ দোকানৰ সন্মুখত চালানী মাছ কঢ়িয়াই আনি স-সন্মানেৰে অৱসৰ লাভ কৰা এটা বগা ৰঙৰ থাৰ্মোকলৰ বাকচ থৈ দিয়া আছে। ‘পাণুৱৈ’ গ্ৰাহকে পিকাবৰ বাবে। ৰাজহুৱা পিক্দানিৰ দায়িত্ব লৈয়ো নাৰ্ভাছ নহয় বাকচটো। ‘পিকোৱা ভাইসকল, যিমান ইচ্ছা সিমান পিকোৱা। মই জিন্দা আছোঁ।’— এইদৰে যেন মনৰ ভিতৰত বিন্দাচ ভাৱ এটা লৈ বাকচটো পৰি আছে।
এমুখ ৰঙা পিক বাকচটোৰ বুকুলৈ পেৰেক্কৈ নিক্ষেপ কৰি মই ব্যস্ত পণ্ডিতক সুধিলো, “কি হে পণ্ডিত, ইলেকচনৰ হাল-চাল কি? কি কৰিবা এইবাৰ?”
মই জানো, নিৰ্বাচন, ভোটদান, চৰকাৰ গঠন আদিবোৰ পণ্ডিতৰ প্ৰিয় বিষয়। সম্ভৱতঃ প্ৰব্ৰজিত হৈ অহা পণ্ডিতহঁতৰ দৰে মানুহবোৰে ভোটদানৰ যোগেদিয়েই এই ঠাইত নিজৰ স্থায়িত্ব কায়েম কৰিব খোজে।
“আমিতো ছাৰ ডাইৰেক্ট ৰাজনীতি নকৰোঁ। তথাপিতো জিকিব কিন্তু এই পাৰ্টিয়েই।”
ইমানদিনে কথা পাতি ময়ো পণ্ডিতৰ ৰাজনৈতিক দৰ্শন, দলীয় প্ৰেম, ভোটপ্ৰেম আদিবোৰ জনা হৈ গৈছো। সেয়ে পণ্ডিতৰ সুৰতে সুৰ মিলাই ক’লো, “তাকেহে পণ্ডিত, ভাল দিন আনিব পৰা জিকা পাৰ্টিকেই ভোট দিব লাগিব আৰু।”
পণ্ডিত উৎসাহী হৈ পৰিল। খয়াৰৰ ঘৰ্ষণ বাঢ়ি গ’ল। খয়াৰ কণিকাবোৰ ছিটিকি অ’ত-ত’ত পৰিল।
“হয় ছাৰ, আপুনি শিক্ষিত মানুহ কাৰণে কথাবোৰ বুজি পাইছে।”
ভোট দি ভালপোৱা পণ্ডিতে সেয়ে নিৰ্বাচনৰ বহুদিন আগৰে পৰা তলসুঁতীয়াকৈ প্ৰচাৰ-প্ৰসাৰৰ কাম কৰি আছিল আৰু ভোটৰ দিনা গোটেই দিনটো পাণ দোকানখন বন্ধ ৰাখিছিল।
এই সকলোবোৰে আছিল ভাল দিনৰ কথা। ভাল দিন মানে শ্ল’গানৰ ভাল দিনটো নহয় পিছে। তেতিয়া চৌদিশে পোহৰ আছিল। ব্যস্ততাৰে দিনটোৰ আৰম্ভণি হৈছিল। ঘাইপথটোত অহৰহ গাড়ী-মটৰ, ঠেলা-ৰিক্সা, টেম্পো, বাছ চলিছিল। থৰ হৈ এই সকলোবোৰ চাই ৰৈছিল দুপৰীয়াটোৱে। সন্ধিয়াটোৱে সাজি-কাচি চঞ্চল হৈ সেই দিনবোৰত পণ্ডিতৰ পাণ দোকান সহিতে চৌদিশ মুখৰিত কৰি ৰাখিছিল। চিনেমা হলটোত পূৰ্ণোদ্যমে চলিছিল হিট্ হিট্ চিনেমাবোৰ। হাঁহি হাঁহি মনোৰঞ্জনৰ সোৱাদ লৈ হলটোৰ পৰা ওলাই আহিছিল মানুহবোৰ।
সেই দিনবোৰত মই পণ্ডিতৰ হাতেৰে নুৰিওৱা পাণখন মুখত ভৰাই প্ৰায়েই সেই সন্ধিয়াটো উপভোগ কৰিছিলো। ঘাইপথটোৰ এফাল জুৰি শুই থকা গৰুজাকে দিনান্তত ভক্ষণ কৰা ঘাঁহবোৰ পুনৰাই পাগুলি থাকোঁতে ময়ো পণ্ডিতৰ হাতৰ পাণখন মুখত ভৰাই পাগুলি পাগুলি বাং-বিংবোৰ ভাবি ভাবি সন্ধিয়াটো পাৰ কৰিছিলো। গৰুকেইটাই পাগুলি পাগুলি কি ভাবিছিল নাজানো। হয়তো সিহঁতে আনন্দ পাইছিল এইবুলি যে আজিৰ তাৰিখত সিহঁত আৰু নিৰাপত্তাহীন নহয়। সিহঁতৰ সুৰক্ষাৰ বাবেও চৰকাৰে দুদিনকৈ সভাঘৰত চৰ্চা কৰি আইন আনিবলৈ যো-জা কৰিছে। মানুহতকৈ সম্প্ৰতি যে সিহঁতৰ দাম বেছি, সেই কথা হয়তো অনুমান কৰি ইটোৱে সিটোৰ গা চেলেকিছিল।
ইফালে গৰুৰ দৰে মই পাণ পাগুলি পাগুলি অনেক কথা ভাবি থাকোঁ। ভাবোঁ যে নোম সৰি, নেজ সৰি থিয়দঙা দিয়া মোৰ দৰে মানুহবোৰৰ শাৰীৰিক অৱয়বটো বাহ্যিক আৰু অভ্যন্তৰীণ অংগ-প্ৰত্যংগৰে গঠিত। মেচিন এটা অহৰহ চলি থকাৰ দৰে মানুহবোৰো অহৰহ চলি আছে। জন্মৰ পৰা এই অংগ-প্ৰত্যংগবোৰে অহৰহ দিবা-ৰাত্ৰি নিজৰ কাম কৰি আছে। চকুযুৰিয়ে সৰগো চাইছে, নৰকো চাইছে। নাকে ভাল-বেয়া, পঁচা-গেলা সকলো শুঙিছে। ওঁঠযুৰিয়ে কথাই প্ৰতি নিজক লৰাইছে, প্ৰয়োজনত চুমিছে, চুমুক দিছে অথবা হুপিছে। দাঁতযুৰিয়ে চোবাইছে, ফূৰ্তিত হাঁহিছে, খঙত কৰচিছে। জিভাই হয় হকে-বিহকে লৰফৰাই লৰফৰাই কথা কৈছে, নহয় সোৱাদ চাকি, লৰণি মাৰিডালৰ দৰে খোৱা বস্তুক দাঁতে চোবোৱাত সহায় কৰিছে। বাদ বাকী শৰীৰৰ অভ্যন্তৰৰ অংগ-প্ৰত্যংগবোৰে কপালৰ ঘাম মাটিত পেলাই নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিছে।
বৰ আনন্দ আৰু সুখৰ আছিল সেই সন্ধিয়াবোৰ। যাৰ বাবে পাণৰ পাগ উঠাবলৈ মই প্ৰায়েই কৈছিলো, “পণ্ডিত, বগা অকণ দিয়া।”
বগা মানে পাণখনৰ পাগ উঠাবলৈ চূণ অকণ বিচাৰি ঘূৰি চাই দেখোঁ পণ্ডিততো নায়েই, পণ্ডিতৰ পাণ দোকানো সেই ঠাইত নাই। সকলো ফালে চকু ফুৰাই চাই দেখোঁ— একো নাই। মনোৰঞ্জন, আধ্যাত্মিকতা, বিলাসিতাৰো দেখোন একো চিন-মোকাম নাই। কেৱল জিলিকি আছে নিৰাপত্তা।
হাৰে, কি হ’ল হঠাতে? সকলোবোৰ দেখ-নেদেখ হৈ গ’ল যে?
“হেৰি ডাঙৰীয়া, কি চাই আছে? পলাওক পলাওক, দেখা নাই পুলিচৰ গাড়ী, শুনা নাই চাইৰেনৰ শব্দ?”
পলাতক পথচাৰী এজনে একপ্ৰকাৰ ডবিয়াই কৈ থৈ গ’ল। কেনি যাওঁ-নাযাওঁ কৰোঁতেই সশব্দে নগৰ আৰক্ষী চকীৰ পৰা ওলাই অহা পুলিচ বাহিনীটোৱে ধৰ-পাকৰ আৰম্ভ কৰিলে। উদ্যত এজন পুলিচ মোৰ দিশে লাঠী দাঙি আগুৱাই আহিল আৰু কোবাই কোবাই মোৰ গাৰ পৰা ভাইৰাছ খেদিবলৈ উদ্যত হ’ল। মই দুই হাত দাঙি বাধা দিবলৈ বৃথা চেষ্টা চলালো।
অদূৰত দুকোব খোৱা পথৰুৱা এজনে ৰিঙিয়াই ক’লে, “ঔষধৰ দোকানলৈ আহিছোঁ বুলি কওক। প্ৰেছক্ৰিপছন থাকিলে দেখুৱাই দিয়ক।”
হাঁ কৰি হেবাং হৈ পৰা মই ঔষধৰ দোকানলৈ আহিছোঁ বুলি দোহাৰিলো। পুলিচজনে কাগজ ক’ত বুলি সুধিলে। ইতিমধ্যেই মুখাৰে মুখ ঢাকি থকা মই আধা উশাহ আৰু আধা নিশাহৰ মাজত থকা শেষকণ অক্সিজেন গিলি ওপৰ পকেটৰ পৰা কাগজ এখিলা উলিয়াই দেখুৱালো। সৌভাগ্যক্ৰমে সেইখন ডাক্তৰৰ প্ৰেছক্ৰিপছন আছিল আৰু মই এক নিশ্চিত বেত্ৰাঘাতৰ পৰা ৰক্ষা পৰিলো।
পুলিচজন গৰগৰাই উঠিল, “প্ৰেছক্ৰিপছন পকেটত লৈ ক’ত ঘূৰি ফুৰিছে? ঔষধৰ দোকানলৈ যাওক।”
“কিন্তু পণ্ডিত কলৈ গ’ল? পণ্ডিতৰ পাণ দোকানখনৰ কি হ’ল?”— মনৰ ভিতৰত ভোৰভোৰালো।
“জহন্নামে গ’ল পণ্ডিত, মৰি ভূত হ’ল পণ্ডিত।”— পুলিচজনে হোঁকাৰি উঠিল। মদমত্ত এটা খঙাল ষাঁড়গৰুৰ দৰে তেওঁ ফোচফোচাই উঠিল।
বুজিলো যে সম্প্ৰতি আমি মানে মোক ধৰি, পণ্ডিতকে আদি কৰি যত জনগণ, এতিয়া শুকান বাঁহৰ চেপাত পৰিলো। কাহানিও পথাৰৰ কেঁচা আলি এটাত গচক নিদিয়া আমাক এতিয়া ভাইৰাছৰ ভয়ে কাবু কৰিলে নে কৰিবলৈ বাধ্য কৰিলে সেয়া সন্দেহৰ আৱৰ্তত।
এতিয়া আমাৰ দৰে মানুহৰ কেনি যাওঁ গোপাল কেনি যাওঁ কৃপালৰ দৰে অৱস্থা। মানুহেই মেলি দিয়া ভাইৰাছৰ ভয়ত আমাৰ দৰে মানুহেই ত্ৰস্তমান। আমাৰ বাবেই যত ৰকমৰ কৰ-কাটল, নীতি-নিয়ম, হৰেক ৰকমৰ এচ-অ’-পি। মানিলে ধান, নামানিলে পতান। ভয়ত ভজি জী থকাটোৱেই মূল। মাজে মাজে পাছে আমাক আকাশীবাণীৰে সোধে, “উশাহত অক্সিজেন পাইছাহঁত নে?”
নাপালেও ক’ব লাগিব পাইছোঁ বুলি। নহ’লে কথা বিষম। ৰঙা চকুৰ পৰা উফৰি আহে জুই। হাতত জিলিকি থাকে সৌকা।
“ভোকৰ ভাত, পিয়াহৰ পানী পাইছাহঁত নে?” আকৌ সোধে আমাক।
সোধাটো যে কল্যাণকামিতাৰ প্ৰাথমিক চৰ্ত। নিৰাময় হওক নহওক, সোধাটো দায়িত্ব। সেয়ে মৰমেৰে সোধে। আমিও মৰমত গলি-পমি উত্তৰ দিওঁ, “পাইছোঁ, পাইছোঁ। পিছে কমকৈ পাইছোঁ আৰু।” উত্তৰ আহে, “হ’ব হ’ব, বেছিকৈ খোৱা বেয়া। মেদ হ’ব, চৰ্বি বাঢ়িব। স্বাস্থ্য ভালে ৰাখিবলৈ কমাই খাব লাগে।”
ভাইৰাছ আক্ৰান্ত চহৰখন দিনে দিনে চাইৰেনৰ শব্দত আৰু বেত্ৰাঘাতৰ নিয়ন্ত্ৰণত কুচিমুচি নিঃপালি দিয়ে। ভাইৰাছৰ ভয়তকৈ ভোকৰ ভয়ে মানুহবোৰক খেদি ফুৰে। মনোৰঞ্জনৰ চিনেমা হল বন্ধ হৈ যায়। বিলাসী শ্বপিংমলেও ছাটাৰ পেলায়। ব্যস্ত ঘাইপথটো কলাঘুমটি মাৰি নিঃসাৰ হৈ পৰি থাকে।
তাকে দেখি আধ্যাত্মিকতাৰ সিদ্ধিদাতায়ো সাময়িক বিৰতি ঘোষণা কৰে। সাৰে থাকে কেৱল নগৰ আৰক্ষী চকী। নিজৰ জনহিতাৰ্থে স্থিতি জাহিৰ কৰি চাইৰেন আৰু হুইচেলৰ শব্দৰে নগৰখনত ত্ৰাসৰ চাৰি চহ মাৰে। মানুহে উপায়ান্তৰ নাপাই ভোকতকৈ ভাইৰাছক ভয়ত ভজিবলৈ লয়। ভাইৰাছ নামৰ ভয়ংকৰ ভয়টোৱে মানুহক অজগৰ এডাল হৈ গিলিবলৈ ধৰে।
পণ্ডিতৰ পাণ দোকানত উঁয়ে ধৰে। অচিন মকৰাই জাল গুঠি গুঠি পণ্ডিতক মেৰিয়াই ধৰে। পাণবোৰ গছতে শুকাই মৰমৰীয়া দিয়ে। চুপাৰিবোৰ তামোল হৈ থাকোঁতেই জাক জাক কেৰ্কেটুৱাই খাই আদায় কৰে। খয়াৰ, চূণ-জৰ্দাবোৰত ভেঁকুৰ লাগে। দোকানৰ বন্ধ জাপবোৰত জিলিকি থাকে— ‘সামাজিক দূৰত্ব মানি চলক’, ‘মাস্ক পৰিধান কৰক’। মোৰ কাণত অহৰহ বাজি থাকে পণ্ডিতে কোৱা শেষ কথাষাৰ, “ছাৰ, যি বুজিলো নিজৰ চকুৰ চকুপানী নিজেইহে মচিব লাগিব। আন কোনোবাই মচি দিবলৈ আহিলে স্বাৰ্থৰ চৰ্ত আৰোপ কৰিব।”
তাৰমানে পণ্ডিতে শেহতীয়াকৈ হ’লেও মই বুজাম বুলি থকা কথাবোৰ বুজি উঠিছিল। বাস্তৱতাৰ নিৰ্মম সত্যক পণ্ডিতে পাগুলি পাগুলি হয়তো হজম কৰিছিল। ভাইৰাছৰ ভয়তকৈ ভোকৰ ভয়ে পণ্ডিতক সৰলকৈ কথাবোৰ বুজাই দিছিল। কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গৈছিল।
ইফালে সামাজিক দূৰত্ব মানি চলি চলি ময়ো লাহে লাহে এটা অসামাজিক প্ৰাণীলৈ ৰূপান্তৰিত হ’লো। মাস্ক পৰিধান কৰি কৰি চিনাকি মানুহকেই চিনাত ভুল কৰা হ’লো বা চিনিও নিচিনাৰ ভাও ধৰা হ’লো। এই শংকিত সময়ত নিজে কেনেকৈ বাচি থাকিম সেই চিন্তাত ডুব গৈ থাকিবলৈ ল’লো।
কেনেকৈ মনত ৰাখিম পণ্ডিতৰ দৰে এটা সাধাৰণ পাণ দোকানীক? যিহে ধৰ-পাকৰ আৰম্ভ হ’ল, যেন দিনতেই সূৰ্যগ্ৰহণ হোৱা দি আন্ধাৰ নামিল। গতিকে ক’ত কেনেকৈ বিচাৰি পাম পাণ পণ্ডিতক!
নিজৰ সাগৰতেই সাঁতুৰি পাৰ নোপোৱা মই কিদৰে অথাই সাগৰত ডুবি মৰা মানুহৰ জীৱন ৰক্ষা কৰিম? সামাজিক দূৰত্বৰ প্ৰকোপত আমি দেখোন দিনে দিনে ইজনৰ পৰা সিজন বিচ্ছিন্ন হৈ গৈ আছোঁ, কেৱল গৈ আছোঁ। মাস্ক পিন্ধা মুখৰ পৰা আমাৰ মাতবোৰ নোলোৱা হৈ গৈ আছে। কেৱল গৈ আছে। আমি বিচৰা ধৰণেৰেই সু-নাগৰিক, ভালৰো ভাল ল’ৰা-ছোৱালী হৈ পৰিলো।
কত প্ৰতিশ্ৰুতি, কত আশ্বাস, কত অভয়বাণী, কত ৰকমৰ যে কথা-প্ৰবচন আমাক কোৱা নহয়! কিমান ধৰণৰ সপোন যে আমাক দেখুওৱা নহয়। আমি এইবোৰতেই সুখী। যিহে দিন-কাল, সুখী নহয় বুলি ক’বলৈকো টান। টলকা মাৰি থাকিলেই ভাল, নাথাকিলেই কাল। আৰু আমিও মাথা মোটা, নেজ সৰা, নোম সৰা, থিয়দঙা দিয়া জীৱ। সহিলেই সম্পদ বোলা কথাষাৰকেই সাৰোগত কৰি ভেলটোৰ ভিতৰত জীৱটো লৈ চলি থাকিব পাৰিলেই হ’ল আৰু। মিছা-মিছি ঝামেলা, মেৰপেচত সোমোৱাৰনো কি দৰকাৰ? এতেকে ক’ৰ পণ্ডিত, সামান্য এটা পাণদোকানীৰ কি হ’ল, কলৈ গ’ল, কোনে খবৰ ৰাখে? খবৰৰ মাজৰ এটা খবৰ হৈ, নিজেই এটা স্ব-ঘোষিত ভাইৰাছ হৈ পণ্ডিত পঁচি-গলি নাইকিয়া হৈ গ’ল হয়তো। পণ্ডিতৰ দৰে হাজাৰ-বিজাৰ, লাখ লাখজন খোজকাঢ়ি কাঢ়ি, চুচুৰি-বাগৰি, হেপাই-ফোপাই চলি আছে। তেনেকৈ হয়তো পণ্ডিতো চলি আছে। চলিব নোৱাৰিলে যাব ৰসাতলে, যাব জহন্নামে। কাৰ কি আহে যায়?
অৱশেষত চাওঁতে চাওঁতে পণ্ডিতৰ খবৰ পোৱা গ’ল।
নতুনকৈ বিয়া পতা পণ্ডিতে পত্নী সহিতে দিতি হলৰ পৰা চিনেমা এখন চাই গাতে গা লগাই ওলাই আহিছে।
সপত্নীক পণ্ডিতে সিদ্ধিদাতাৰ বিগ্ৰহৰ সন্মুখত শৰাই-সঁফুৰা দি আশিস মাগিছে। দুয়ো ষাষ্টাঙ্গে প্ৰণাম জনাইছে।
সপত্নীক পণ্ডিতে শ্বপিংমলটোত বাছি-বিচাৰি লাগতিয়াল বস্তুৰ বজাৰ কৰিছে। দুহাতত দুবেগ বজাৰ লৈ দুয়ো হাঁহি হাঁহি খট্খটিৰে নামি আহিছে।
পণ্ডিতে ত্ৰিনয়ন অপ্তিকেলছৰ পৰা পাৱাৰ মিলাই এযোৰ চশ্মা কিনিছে। চশ্মাযোৰে পণ্ডিতক বেচ মানিছে। গোটেইটো একেবাৰে দেখনিয়াৰটো হৈ পৰিছে।
পণ্ডিতে সিন্ধু মেডিকেলৰ পৰা জ্বৰ, কাঁহ, চৰ্দি, পেটচলা আদি সচৰাচৰ ৰোগৰ দৰবকেইটামান ১৫ শতাংশ ৰেহাইত কিনি চিন্তিত মনেৰে ঘৰমুৱা হৈছে।
পণ্ডিত এদিন ডেণ্টেল ক্লিনিকখনৰ পৰাও ওলাই আহিছে। দাঁতৰ বিকাৰ কি পণ্ডিতৰ সহচৰ আছিল?
এইদৰে পণ্ডিতক দেখা গৈছিল বুলি কোনোবাই কোনোবাই কৈ আছে। কিন্তু সঠিক খবৰটো কি?
সঠিক খবৰটো বুলি ক’বলৈ গ’লে— পণ্ডিতকো পালে। মানে? মানে কি আৰু? পণ্ডিত পজিটিভ।
“হাঁ, কি কথা কোৱা?”
“হাঁ আৰু কি? সঁচা কথা। ভাইৰাছে পণ্ডিতৰ বুকু কুৰুকি কুৰুকি খাই পেলালে। অক্সিজেন লেভেল ডাউন। উন্নত চিকিৎসাৰ অভাৱত, অক্সিজেনৰ অনিয়মত পণ্ডিতৰ প্ৰাণবায়ু বাহিৰ হৈ গৈছে। আনকি ডেড্বডিও ঘৰৰ মানুহে চমজি লোৱা নাই। বাহিৰে বাহিৰে জ্বলাই পেলোৱা হৈছে।”
“ইচ্ ইচ্, ৰাম ৰাম, কোনে দিলে খবৰটো?”
“নিৰাপত্তাত নিয়োজিত নগৰ আৰক্ষী চকীয়ে।”
কাণ্ড দেখি ভয়ত ভজা মই সিন্ধু মেডিকেলৰ পৰা ১৫ শতাংশ ৰেহাইত পাৰে মানে ‘ইমিউনিটি বুষ্টাৰ’ কিনি ঘৰ সোমালো। কিজানিবা মোকো পায়! পণ্ডিতে নুৰিয়াই দিয়া খনে খনে কম পাণ পকতিয়াইছিলোনে?
দুৱাৰৰ খিলি লগাই মই ভিতৰ সোমালো। প্ৰাণৰ মায়াত বিছনা ল’লো।
চিল্মিল্কৈ টোপনি আহিছিলহে মাত্ৰ। বাহিৰত আকাশ-বতাহ কঁপাই— ‘জিন্দাবাদ জিন্দাবাদ, ভোট দিয়ক ভোট দিয়ক, আকৌ এবাৰ ভোট দিয়ক’ৰ দৰে ঐকতান শুনিবলৈ পালো। দলে দলে মানুহ, নেতা-পালিনেতাৰ দল্দোপ-হেন্দোল্দোপ।
সেই ভোটভিক্ষা ভ্ৰমণৰ সংকীৰ্তনত ভাইৰাছে পলাই ফাট মাৰিলে। বসুমতীৰ মেলা ফাটত ভাইৰাছ লুকাই পৰিল।
বিছনাতে বাগৰ নসলোৱাকৈ ভাবিলো, বেচেৰা পণ্ডিত, পিঞ্জৰাত প্ৰাণটো লৈ জী থকা পণ্ডিতে ভোট দি বৰ ভাল পাইছিল। ভোটটো দিবলৈকে যদি তাক জীয়াই ৰাখিলেহেঁতেন!
“ভোটটো দিবলৈকে তুমি কিবাকৈ জীয়াই থাকিব লাগিছিল পণ্ডিত। মৰি গৈ তুমি বৰ বেয়া কাম কৰিলা!”
❧ | অধিক গল্প: