গো লকীয় স্থিতিমাপক ব্যৱস্থাৰে পৰিচালিত হৈ, দুচকুত চতুৰ চিকাৰী চিলনীৰ দৰে সন্ধানী দৃষ্টি লৈ— ‘এই গ’লেই নেকি’, ‘এহ্ আজি হয়তো নাপাম আৰু’ জাতীয় সংশয়ৰ মাজেৰে খৰখেদাকৈ আহি যিখিনি ঠাইত ৰোৱাহি যাব, সেইখিনিতেই, হয় ঠিক সেইখিনিতেই প্ৰতিদিনে বিৰতিবিহীন ব্যস্ততাৰ বাহুবন্ধনৰ বেহুত বাছ আস্থান এটা সোমাই থাকে। অতীতৰ বুকুত ওপজা বাছ আস্থানটো বৰ্তমানৰ মাজেৰে ভৱিষ্যতৰ দিশে ক্ৰমাৎ ধাৱমান।
সদাব্যস্ত, সুযোগ পালেই সামান্য নষ্ট আৰু ৰুষ্ট হৈ পৰিব খোজা বাছ আস্থানটোৰ বাহুবন্ধনৰ বেহু ফালি প্ৰতি পোন্ধৰ মিনিট, আধা ঘণ্টাৰ ব্যৱধানত বিভিন্ন দিশত বাছবোৰ ওলাই যায়। মেটমৰা হৈ। যাত্ৰীক পাণ জপাদি জাপি। ধূলি-ধোঁৱা উৰুৱাই গুচি যোৱা বাছবোৰৰ খালী ঠাইবোৰ আহি নিমিষতে পূৰণ হৈ পৰে কোনো সুদক্ষ চালকৰ দুহাতৰ পাকত সাজি-কাচি, গা-কচালি অহা অন্য বাছবোৰৰ ভিৰত।
বাছ আস্থানটোৰ বাহুবন্ধনৰ কেইবাতৰপীয়া বেহুখনৰ প্ৰান্তে প্ৰান্তে বিকশিত স্ব-প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন। স্ব-নিয়োজনৰ মহামন্ত্ৰেৰে দীক্ষিত হৈ, ‘বাণিজ্যে বসতি লক্ষ্মী’ বাক্যশাৰীক সাৰোগত কৰি গজি, উজলি উঠিছে বহুকেইখন নানা তৰহৰ দোকান-পোহাৰ। দোকান-পোহাৰবোৰৰ ক’ৰবাত যদি ‘প্ৰলয়ংকৰী বানত নিহত দহ’ শীৰ্ষক শিৰোনামক শিৰত লৈ বাতৰি কাকত এখনে চেঁচা চিঙৰা কেইটামানক বাঁহৰ পাঁচি এটাত ঢাকি আছে, তেন্তে কাষৰে কোনোবা এখনত আকৌ সৰু ফুলৰ চানেকিৰে তৈয়াৰী এধানমান কাণফুলি এযোৰে আইনাৰ শ্ব’-কেচ এটাৰ ভিতৰত মিচিক-মাচাক হাঁহি আছে। কোনো ভোকাতুৰ যাত্ৰীয়ে গ্ৰাহক হৈ সেই চেঁচা চিঙৰাত গুৰি দাঁত বহুৱাই লেলাৱতি মিহলাই থাকোঁতেই যাত্ৰীৰূপী এদল মহিলাই সেই সৰু কাণফুলিযোৰৰ হাঁহিত আকৰ্ষিত হৈ মণিহাৰী বস্তুবোৰ ইলুটি-সিলুটি কৰি, পিটিকি-পাটাকি নেফানেফ কৰিছে।
সেই দোকান-পোহাৰবোৰৰ ক’ৰবাত আকৌ ‘মেমৰি কাৰ্ড’, ‘ইউট্যুব’ৰ ভিতৰত সোমাই কোনো অল্পমতি গায়কে, কোনো স্বল্পমতি কমবয়সীয়া দোকানীৰ আঙুলিৰ পাকৰ পাল্লাত পৰি হাই-হুলস্থূল কৰি আটাহ পাৰি গান গাই চৌদিশ ৰজন্জনাই তুলিছে। কাষতে, সেই গানৰ চিঞৰত কথাৰে কাম নহ’ব বুলি ধৰি লৈ এজন দোকানী আৰু এজন গ্ৰাহকৰ মাজত প্ৰায় টোটোৰা পৰা আম কেইটামানক লৈ আঙুলিৰ আকাৰ-ইংগিতত দৰ-দাম চলিছে। দোকানীয়ে দুয়োটা হাতৰ দহোটা আঙুলি দেখুৱাইছে (সম্ভৱতঃ এশ টকা কেজি), গ্ৰাহকে এটা হাতৰ পাঁচটা আঙুলি দেখুৱাইছে (সম্ভৱতঃ পঞ্চাশ টকা কেজি), দোকানীয়ে নিজৰ তলৰ ওঁঠখন উবুৰিয়াই দি মূৰটো জোকাৰিছে আৰু গ্ৰাহকৰ কাণৰ কাষত জোৰেৰে কৈছে, “নাই, নহ’ব দাদা, কিনাও নপৰে।” (যিটো কথা একেবাৰে গোকাট মিছা) গ্ৰাহকেও এটা শেঁতা হাঁহিৰে কিছু অনীহা দেখুৱাইছে আৰু প্ৰত্যুত্তৰত দোকানীৰ কাণে কাণে কৈছে, “নাই, পৰহি এই দামত দুই কেজি লৈছিলো।” (যিটো কথাও একেবাৰে গোকাট মিছা) এই মিছা কথাৰ দৰ-দামৰ মাজত বেচেৰা আমকেইটাই অধৈৰ্য হৈ সোৱাদেই হেৰুৱাই পেলায়।
এই সামগ্ৰিকতাৰ সামান্য দূৰত বাছবোৰৰ দালাল আৰু হেণ্ডিমেনৰ একো একোটা সৰু সৰু সন্মিলিত গেৰিলা গোটে দেদাউৰি পাৰি যাত্ৰীক মাতে। গন্তব্য স্থানৰ সম্ভেদ আৰু খালী আসনৰ প্ৰতিশ্ৰুতি দি যাত্ৰী কঢ়িয়াই অনা ৰিক্সা, ই-ৰিক্সা, টেম্প’, মেজিক আদি ক্ষুদ্ৰ সংস্কৰণৰ বাহনবোৰক বাট ভেটি ধৰে। যাত্ৰীৰ টালি-টোপোলাবোৰ টনা-আঁজোৰা কৰি যাত্ৰীসকলৰ ব্যক্তিত্বক হিলাই দিয়ে। কেতিয়াবা সিহঁতৰ নিজৰ মাজতে যাত্ৰীক লৈ কাজিয়াৰ সূত্ৰপাত হয়। দুই-এটা সৰু-সুৰা মাৰপিট, গালা-গালি, ঠেলা-ঠেলিৰে সিহঁতে নিজৰ কৰ্তব্য সমাপন কৰি যায়।
সূৰ্যক কেন্দ্ৰ কৰি নটা গ্ৰহৰ সমষ্টিৰে সৌৰজগত গঢ়ি উঠাৰ লেখীয়াকৈ এই বাছ আস্থানটোক কেন্দ্ৰ কৰি এখন চিৰ হুলস্থূলীয়া জগতৰ সৃষ্টি হৈছে। সূৰ্য উদয়ৰ লগে লগে এই জগতৰ ঘূৰ্ণন আৰম্ভ হয় আৰু সূৰ্য অস্ত হোৱাৰ লগে লগে ইয়াৰ অন্ত হয়। প্ৰতিদিন। কেৱল দেওবাৰবোৰ কিছু পাতলীয়া আৰু আচম্বিতে হোৱা বন্ধবোৰত সম্পূৰ্ণ বন্ধ।
এই বাছ আস্থানটোৰেই শেষ সীমনাত থিয় দি আছে বাছ আস্থানটোৰ চালক, হেণ্ডিমেন, দালাল, যাত্ৰী, দোকানী-পোহাৰী সকলোৰে বাবে সময়ে সময়ে অতি প্ৰয়োজনীয় হৈ পৰা এটা ঘৰ। শেলুৱৈ ধৰা শৰীৰেৰে, প্ৰচুৰ আইৰনযুক্ত পানী মুখেৰে কল্কল্কৈ বতিয়াই দিয়া এটা দমকল, দেখিলে ঘিণ লগা, ওকালি আহিব খোজা বিবৰ্ণ দুটা বাল্টি আৰু নাল ভগা দুটা মামৰে ধৰা মগ, নিজৰ কব্জাৰ ভিতৰত ৰাখি বেছ বীৰদৰ্পে থিয় দি থকা ঘৰটো নিজস্ব এক নামকৰণেৰে চিৰমহীয়ান।
সুলভ শৌচালয়। শৌচালয়ৰ প্ৰতিখন দুৱাৰৰ বেৰত লিখি থোৱা আছে শিয়নিত শোৱা, পিপু-সিশো জাতীয় ধোদসকলৰ প্ৰতি এটি চিৰন্তন বাণী— ‘প্ৰস্ৰাৱ, পায়খানা কৰি পানী মাৰিব।’ সেই সুলভ শৌচালয়লৈ সোমাই যোৱা সৰু বাটটোৰ এটা কোণত হাত ভগা চকী এখনত এচকী হৈ সিদ্ধি (ভাং)ৰ ফুৰ্ফুৰীয়া গোন্ধ উলিয়াই বহি থাকে এজন মানুহ। এমুখ কেঁচা-পকা দাড়ি, পিন্ধনত প্ৰায় মলিয়ন কাপোৰ এযোৰ। তেওঁৰ কাষতে মূৰ পেলাই শুই থাকে এটা ক’লা কুকুৰ। (সম্ভৱতঃ তেওঁৰ স্বৰ্গযাত্ৰালৈকে এই কুকুৰ হৈ থাকিব তেওঁৰ একান্ত সহচৰ) শৌচালয়ৰ বেৰত আঁউজাই থোৱা থাকে তেওঁৰ আন এক চিৰলগৰী বিবৰ্ণ, মামৰ সংৰোপিত এখন অতি পুৰণি চাইকেল। যাৰ চকাৰ গতিয়ে কঢ়িয়াই লৈ ফুৰিছে মানুহজনৰ অকোৱা-পকোৱা অকাল অতীত, বিধ্বস্ত বৰ্তমান। আৰু হয়তো কঢ়িয়াই লৈ যাব ভৰসা ভৰুণ ভৱিষ্যতলৈ। যিখনৰ সকলো বাজে, নাবাজে কেৱল বে’ল।
শৌচালয়ত প্ৰস্ৰাৱ-পায়খানাৰ পাছত সঠিক পৰিমাণৰ পানী প্ৰক্ষেপণ কৰা হৈছে নে নাই, সেয়া তেওঁ দুই কাণেৰে শুনিয়েই কৈ দিব পাৰে। সিদ্ধিৰ তন্দ্ৰাত দুচকু মুদি জপ কৰা ভংগীত বহি থাকিলেও তেওঁ শব্দ শুনিয়েই গম পাই যায় যে সঠিক পৰিমাণৰ পানী ঢলা হৈছে নে নাই। সেয়ে কোনো শিয়নিত শোৱা ধোদ ব্যক্তিয়ে যেতিয়া দুৱাৰত খোদিত কৰা বাণীক উপেক্ষা কৰি সামান্য পানীৰেই কাম ফেৰা শেষ কৰি আহে, তেতিয়া তেওঁ কিছু কঠোৰ কণ্ঠেৰে গৰগৰাই উঠে, “পানী মাৰক, আৰু পানী মাৰক।”
তেওঁৰ এই ধ্যানমগ্ন হেন ৰূপ দেখিলে এনে লাগে যেন তেওঁ ‘মৰা, মৰা’ বুলি উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰিছে আৰু এটা সময়ত তেওঁ সঠিককৈ ‘ৰাম, ৰাম’ উচ্চাৰণ কৰিব পৰা হ’বগৈ। আৰু এইদৰে উচ্চাৰণ কৰি গৈ থাকিলেই তেওঁৰ শৰীৰত উঁই হাফলুৱে ছানি ধৰিব আৰু এটা সময়ত সেই হাফলু ভাঙি ওলাই আহিব হাজাৰ হাজাৰ পংক্তিৰে মহাকাব্য ৰচনা কৰিব পৰা এজন বাল্মীকি। আৰু তেওঁ কৈ উঠিব— “মা নিষাদ”। তাৰ পৰায়েই আৰম্ভ হ’ব এখন মহাকাব্যিক মহাকাব্যৰ ৰৈ বৈ যোৱা সোৱাদ।
আচৰিত ধৰণে সেই মানুহজনৰ উপাধিটো সেই মহাকাব্য প্ৰণয়ন কৰা ঋষিজনৰ নামেৰেই আহি পৰিছে। হয়, তেওঁক ভগৱানৰ সন্তান বুলি কওঁতে ইতিহাসেই আছিল সাক্ষী। যাৰ বাবে তেওঁ নাম পালে বজ্ৰধাৰী বাল্মীকি।
বাছ আস্থানটোলৈ দিনৰ দিনটো অনেক মানুহৰ আগমন ঘটে। পুৰুষ-মহিলা-শিশু, আবাল-বৃদ্ধ-বনিতা, নেতা-পালিনেতা, ৰুগীয়া, দুৰ্ভগীয়া, সুখী-দুখী-সন্তাপী, চোৰ-দগাবাজ, দিন-ডকাইত, সাধু-সন্ন্যাসী আদি কিচিম কিচিম মানুহৰ আগমনত বাছ আস্থানটোৰ লগতে সুলভ শৌচালয়টোৱে প্ৰাণ পাই দায়িত্বশীল হৈ পৰে। নিজা লক্ষ্যস্থান প্ৰাপ্ত কৰাৰ আকাংক্ষাৰে অহা যাত্ৰীবোৰৰ প্ৰায় সংখ্যককেই দুটকীয়া মুদ্ৰা এটাৰ বিনিময়ত ‘সৰুবিধ’ আৰু পাঁচটকীয়া মুদ্ৰা এটাৰ বিনিময়ত ‘বৰবিধ’ কৰাবলৈ বুলি সুলভ শৌচালয়ে হাতবাউলি মাতে।
তাড়নাৰ তাগিদাত মানুহৰ জৈৱিক ত্যাগ, যি ত্যাগত আনন্দৰ অপৰিসীম আনন্দ। চিত্ৰ-বিচিত্ৰ মানুহৰ জৈৱিক ত্যাগৰ চিৰসাক্ষী হৈ সিদ্ধি হুপি অতীন্দ্ৰিয় ভাবনাত ডুবি থাকে ভগৱানৰ সন্তান সেয়া বজ্ৰধাৰী বাল্মীকি। দিনান্তত গোট খোৱা দুটকীয়া, পাঁচটকীয়া মুদ্ৰাৰ ভাগ-বতৰাৰ অন্তত হাতত ৰৈ যোৱা কেইটাৰে চলি যায় তেওঁৰ পৰিয়ালৰ ভৰণ-পোষণ আৰু নিজৰ আত্মাৰ স্বজন-তোষণ। ক’লা কুকুৰক কাষত লৈ, শৌচালয়ৰ বেৰত চাইকেল আউজাই থৈ, ভগা চকীত গুম্ মাৰি বহি থকা বাল্মীকিয়ে সিদ্ধিৰ দীঘলীয়া টানত আচ্ছন্ন হৈ দশোদিশ ভ্ৰমি ফুৰে। কাণ দুখনক সুলভ শৌচালয়ৰ ৰখীয়া আৰু হাত দুখনক মুদ্ৰা লোৱাৰ ভংগিমাত থৈ তেওঁৰ মন ভ্ৰমি ফুৰে উদয়গিৰিৰ পৰা অস্তগিৰিলৈ। কুমেৰুৰ পৰা সুমেৰুলৈ। ধ্যানমগ্ন বাল্মীকিয়ে সেয়ে প্ৰায় প্ৰতি মুহূৰ্তে স্নান কৰে জ্ঞানৰ গংগাত। মন্থন কৰে সত্যক, কাৰণ সত্যয়েই সুন্দৰ আৰু সুন্দৰেই সত্য। চৰাচৰ জগত, সসাগৰা ধৰাৰ জ্ঞান, বিজ্ঞান, তদং, ৰহস্য তেওঁৰ সন্মুখত ফটফটীয়াকৈ পৰিষ্কাৰ হৈ পৰে।
বহুকেইটা ছিদ্ৰ লৈ জন্ম লোৱা মানুহৰ ঘাইকৈ প্ৰধান আৰু প্ৰয়োজনীয়-আপদ সদৃশ ছিদ্ৰ দুটা। এটা শৰীৰৰ ওপৰৰ ফালে আৰু আনটো শৰীৰৰ তলৰ ফালে। মাজত বহুফুটীয়া দীঘল এডাল নলী আৰু নলীৰ মাজতেই য’ত গণ্ডগোলৰ বাহ সেই পাকস্থলী। ওপৰৰ ছিদ্ৰৰে গ্ৰহণ আৰু তলৰ ছিদ্ৰৰে বৰ্জন। দেখাত এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। সহজীয়া এক শাৰীৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া। কিন্তু ওপৰৰ ফালে ছিদ্ৰত লুকাই আছে ভোগ আৰু লালসা, সোৱাদ লৈ ফুৰা এখন দীঘল জিভা। কি ৰজা, কি প্ৰজা, ধনী-দুখীয়া, মতা-তিৰোতা— সকলোৰে আছে ভোগৰ বাসনা। যাৰ বাবে ওপৰৰ ছিদ্ৰক লৈয়েই বহুবোৰ যন্ত্ৰণা। ওপৰৰ ছিদ্ৰটোৰ সন্তুষ্টিৰ বাবেই ভুৱন ভুলোৱা বক্তৃতা, আনৰ মুখৰ পৰা ছান কাঢ়ি খোৱাৰ প্ৰৱণতা, থলুৱা, দেশীয়, মহাদেশীয়, আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ জুতি লোৱাৰ সীমাহীন বাসনা। ওপৰৰ ছিদ্ৰৰ এই ভোগ আৰু ভোগ কৰাৰ অশ্বমেধ ঘোঁৰাই আনি দিয়ে তৰপে তৰপে গঢ়ি উঠা জাতি, বৰ্ণ, শ্ৰেণীৰ ধাৰণা। যুদ্ধ, সংঘাত, সংশয়, মাৰি-মৰক, হতাশাৰ কবলত পৰি মানুহে কান্দে ইনাই-বিনাই, কাৰণ, এই সকলোবোৰেইতো আনি দিয়ে ওপৰৰ ছিদ্ৰত লুকাই থকা লুভীয়া চেতনাই। বিপৰীতে তলৰ ছিদ্ৰ ত্যাগৰ আনন্দৰে সদা সুখী। সেয়ে সেই ত্যাগৰ আনন্দক মানুহেই তিনি প্ৰকাৰে সংজ্ঞায়িত কৰিছে এইবুলি যে “একত দুখী, দুইত সুখী, তিনিত ৰোগী।”
“পানী মাৰক, পানী মাৰক।”
সিদ্ধিত দীঘলীয়া দুই টান মাৰি বাল্মীকিয়ে হাতৰ তলুৱাত গ্ৰাহকে তুলি দিয়া মুদ্ৰাবোৰ আঙুলি চালনাৰে জেপত ভৰায়। দুপৰীয়া ভোক লাগিলে বাল্মীকিয়ে বহা ঠাইলৈকে অনাই চাহ আৰু লগত কিবা এটা খায়। গাতে লাগি থকা কুকুৰটোকো এখন বা দুখন বিস্কুটো লগতে দলিয়াই দি যায়। প্ৰভুভক্ত কুকুৰে মালিকৰ সেই বিস্কুটকে পৰম দান বুলি আগভৰিৰ ফাকত লৈ পৰম তৃপ্তিৰে খায়। যুগৰ সাক্ষী চাইকেলখনে যেন নিঃসাৰ হৈ পৰি থাকি এই সকলোবোৰ চায়। ঘূৰণীয়া চকাৰ চাইকেল অতীতৰ আলিয়েদি আহি বৰ্তমানৰ বেৰত আউজি আছেহি; বিচাৰিলে লৈ যাব ভৰুণ ভৱিষ্যতলৈ বুলি।
সিদ্ধিত মজি থকা বাল্মীকিয়ে চাইকেলখনক জগায়। নিঃসাৰ হৈ পৰি থকা চাইকেলখনে জাপ মাৰি মালিকক উঠিবলৈ গা পাতি দিয়ে। তেৱোঁ চাইকেলখনত লাফ মাৰি উঠি অতীতৰ আলিৰে ফোঁফোৱাই গুচি যায়।
ক’ত কেতিয়া কেনেদৰে তেওঁলোকৰ দৰে এনে এটা শ্ৰেণীৰ সৃষ্টি হৈছিল? গেলা-পঁচা আৱৰ্জনা, মল-মূত্ৰ চাফা কৰাৰ এই পৰম্পৰা তেওঁলোকৰ শ্ৰেণীটোৱে কিয় নিজৰ জিনত সংৰোপিত কৰিবলগাত পৰিছিল? বাল্মীকিয়ে শুনা-বুজা কথাৰ মাজৰ পৰা সেই কথাবোৰ জানিব পাৰিছিল।
আচলতে হৈছিল কি? এসময়ত হেনো, মানে বহু শ বছৰৰ আগেয়ে কন্যা সন্তান জন্ম হোৱাটো মানুহে নিজৰ পাপৰ পৰিণতি বুলি বিশ্বাস কৰিছিল। সেয়ে সেই পাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সেই কন্যা সন্তানবোৰক কোনো মন্দিৰ অথবা দেৱালয়ত এৰি থৈ আহিছিল। কালক্ৰমত সেই কন্যা সন্তানবোৰ ডাঙৰ হৈছিল আৰু সিহঁতে চাফ-চিকুণ কৰাৰ কামবোৰ কৰিবলৈ লৈছিল। ক্ৰমে গাভৰু আৰু দেখনিয়াৰ হৈ পৰা এই কন্যাবোৰক মন্দিৰৰ পৰিচৰ্যাকাৰীসকলে যৌন সম্ভোগ কৰিবলৈ লয়। ফলত স্বাভাৱিক গতিৰেই সেই কন্যাবোৰ গৰ্ভৱতী হৈ পৰে। উপায়ান্তৰ হৈ পৰা পৰিচৰ্যাকাৰীসকলে সেয়ে এওঁলোকক মন্দিৰ বা দেৱালয়ত থকা শিলৰ মূৰ্তিবোৰৰ লগত বিয়া পতাই দিয়ে আৰু সময়ত জন্ম পোৱা সন্তানবোৰক ভগৱানৰ সন্তান বুলি জনমানসত প্ৰচাৰ কৰে। আৰু এইদৰে জন্ম পোৱা সন্তানবোৰ আৰু পৰৱৰ্তী প্ৰজন্মৰ পাছৰ প্ৰজন্মই ভগৱানৰ সন্তান হিচাপে নাম পায়। তেওঁলোকেই পাছলৈ অপৰিষ্কাৰ, লেতেৰা, চাফা-চিকুণ কৰা জাতিত, সম্প্ৰদায়ত পৰিণত হৈ পৰে। বিস্তাৰিত হৈ পৰে চৌদিশে, পূবে-পশ্চিমে, উত্তৰে-দক্ষিণে। য’লৈকে যায়, তাতেই অস্পৃশ্য হৈ, অৱহেলিত হৈ সমাজৰ একোণত পৰি ৰয়। কিন্তু সমাজ এখনৰ মূল কামটোৱেই এওঁলোকে কৰিবলৈ লয়। আৰু সেই তেতিয়াৰে পৰা শত অপমান, লাঞ্ছনা-গঞ্জনা সহি সহি তেওঁলোক আহি জিৰাইছেহি বৰ্তমানৰ বুকুত। বৰ্তমানৰ বুকুতো এওঁলোক শংকিত, ভয়াৰ্ত, বিব্ৰত।
এই কথাবোৰ সৰুতেই সাধুৰ নিচিনাকৈ বাল্মীকিয়ে নিজৰ ককাকৰ পৰা শুনিছিল। ককাকেও হয়তো নিজৰ ককাকৰ পৰা। সেই ককাকেও হয়তো নিজৰ ককাকৰ পৰা। এইদৰে সেই সকৰুণ কাহিনী প্ৰজন্মৰ পাছত প্ৰজন্মই আজিলৈকে কঢ়িয়াই লৈ ফুৰিছে। কঢ়িয়াই লৈ যাবৰ বাবেই যেনেকৈ এই কাহিনীটো তেওঁ নিজৰ নাতি-নাতিনীকেইটাকো কৈ পাইছে। তথাপি কিন্তু কোনো খেদ, খং, ক্ষোভ নাই বাল্মীকিহঁতৰ দৰে মানুহবোৰৰ। বিশেষকৈ বাল্মীকিৰতো একোৱেই নাই। বৰঞ্চ তেওঁ গৌৰৱ অনুভৱ কৰে এই বুলি যে তেওঁ তেওঁৰ দৰেই মানুহৰ জৈৱিক ত্যাগৰ এক চিৰসাক্ষী। মানুহে ভোগৰ সময়ত তেওঁক মনত নেপেলাব পাৰে, তেওঁৰ পৰা বহু যোজন দূৰৈত পৰম তৃপ্তিৰে ভোগ কৰিব পাৰে। কিন্তু ত্যাগৰ সময়ত তেওঁলৈ মনত পৰিবই বা তেওঁৰ ওচৰলৈ আহিবলৈ বাধ্য হ’বই হ’ব।
“হেৰা, এইটোৰ খুচুৰা ঘূৰাই দিয়া।”— সুকলমে সুলভ শৌচালয়ত কাম ফেৰা কৰি অহা গ্ৰাহক এজনৰ কৰ্কশ মাতত বজ্ৰধাৰী বাল্মীকিয়ে বজ্ৰ এৰি বায়ু হৈ, চাইকেলেৰে কৰা ভাবনা যাত্ৰাৰ পৰা চকীলৈ উভতি আহে। দেখে মানুহজনে বহু আঁতৰৰ পৰা নোটখন জোকাৰি আছে। তেওঁ বুজিলে যে মানুহজনে তেওঁক নুচুব। এনে অভিজ্ঞতা তেওঁৰ বাবে নতুন নহয়। তেওঁ হাতৰ তলুৱাখন আগবঢ়াই দিলে। মানুহজনে তলুৱালৈ লক্ষ্য কৰি দলিয়াই দিয়া কুৰিটকীয়া নোটখন হাতত লৈ তেওঁ সুধিলে, “প্ৰস্ৰাৱ নে পায়খানা?”
“দুয়োটায়েই।”
“মানে?”
“মানে, পায়খানা কৰোঁতে প্ৰস্ৰাৱো কৰিছোঁ।”
“নাই, পায়খানাৰ লগত হোৱা প্ৰস্ৰাৱৰ কোনো মূল্য নাই।”
“মূল্য নাই মানে?”
“মানে সেই প্ৰস্ৰাৱৰ পইচা দিব নালাগে।”
“অ’ ঠিক আছে। বুজিলো। এতিয়া পাবলগীয়া পইচা ঘূৰাই দিয়া।”
বাল্মীকিয়ে পাঁচ টকা ৰাখি পোন্ধৰ টকা ঘূৰাই দিলে। তিনিটা চক্চকীয়া পাঁচটকীয়া মুদ্ৰা। মানুহজনে আঁতৰৰ পৰা হাত পাতি পইচাকেইটা ল’লে। বাল্মীকিয়ে সামান্য হাঁহিলে আৰু মনতে ভাবিলে— মানুহতহে চুৱা, পইচাত চুৱা নাই। জীয়া মানুহটো চুব নাপায়। মৰা পইচাকেইটা চুব পায়। কি বিচিত্ৰ দেশ এইখন, কি বিচিত্ৰ ইয়াৰ মানুহ, তাতোকৈ বিচিত্ৰ ইয়াৰ নিয়ম।
দেশৰ দুই-চাৰিটা খবৰ বাল্মীকিয়ে ৰাখে। সিহঁতৰ দৰে মানুহবোৰৰ ওপৰত মাজে মাজে দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা মাৰপিট, ম’ৰেল পুলিচিং, ম’ব লিঞ্চিং আদিৰ খবৰ আজিকালি ডাঁৰৰ বাতৰি ডাঁৰে ডাঁৰে আহি পায় যায়। ঘৰত টিভি, দোকানবোৰত টিভি, বাছ আস্থানৰ যাত্ৰী জিৰণি কোঠাত টিভি । অহৰহ এই খবৰবোৰ ভাত উতলা দি উতলিয়েই থাকে। মাজতে সিহঁতৰ দৰে মানুহক জগত বিখ্যাত নেতাই ভৰি ধুৱাই দিয়াৰ ছবিখনো তেওঁ দেখা পায়।
“পানী মাৰক, পানী মাৰক।”
পানীয়ে কি পাপক উটুৱাই লৈ যাব পাৰে? পানীয়ে কি সকলোবোৰ শুদ্ধ কৰিব পাৰে? পাৰে। পানীয়েই যে প্ৰাণীৰ প্ৰাণ, সেই কথা বাল্মীকিয়ে ভালকৈয়ে জানে। শৰীৰৰ সমস্ত আৱৰ্জনা, চৌপাশৰ পুতিগন্ধময় লেতেৰা,— এই সকলোবোৰ পানীয়ে ধুই নিকা কৰিব পাৰে। কিন্তু পানীয়ে নিকা কৰিব নোৱাৰে ভগৱানৰ সন্তান বুলি নাম পোৱা তেওঁলোকক। মানুহৰ শিৰে শিৰে শিৰোধাৰ্য হৈছে সেই কথা, মজ্জাই মজ্জাই মজি গৈছে সেই ব্যাখ্যা যে সিহঁত নীচ, অৱহেলিত হৈ সমাজৰ এচুকত পৰি ৰোৱা মানুহ নামৰ এবিধ প্ৰাণী। পানীয়ে এই প্ৰাণীক শুদ্ধ কৰিব নোৱাৰে। জাতৰ উচ্চাতলৈ নিব নোৱাৰে।
পকোৱা সিদ্ধিৰ ফুৰ্ফুৰীয়া নিচাত এই সকলোবোৰ কথা পৰিষ্কাৰ হৈ পৰে। বাল্মীকিয়ে হাঁহে। হাঁহে এই বুলি যে প্ৰতিজন মানুহৰ শৰীৰত থকা তেজৰ ৰং যেনেদৰে একে, ঠিক তেনেদৰে প্ৰতিজন মানুহৰ শৰীৰৰ পৰা বৰ্জিত মলভাগৰ বৰণো একে। জাতৰ উচ্চতাত থকাজন, পাণ্ডিত্যৰ পয়োভৰত থকাজন, অগাধ সম্পত্তিৰ গৰাকীজন, দেখনিয়াৰজন, গুণী-মানী-সম্ভ্ৰমীজনকে আদি কৰি সকলোৰে মলৰ বৰণ একে। দিনটোত এবাৰলৈ হ’লেও সেই মল ভাগ শৰীৰৰ পৰা বৰ্জন কৰিব লাগিবয়েই। বৰ্জনৰ প্ৰক্ৰিয়াত পৰোক্ষভাৱে বাল্মীকিৰ প্ৰয়োজন হ’বই। এতেকে কিহৰ বাবে জাত-বিচাৰ, কিহৰ পাণ্ডিত্য, কিহৰ সম্পত্তি, কিহৰ ৰূপ, কিহৰ গুণ, কিহৰ মান-সম্ভ্ৰম?
নকয়। জ্ঞানৰ গংগাত ব’ঠা বাই বাই ভাগৰি নপৰা বজ্ৰধাৰী বাল্মীকিয়ে কথাবোৰ মন খুলি কাকো নকয়। ডিঙিলৈকে উজাৰ খাই অহা এই কথাবোৰ নিজৰ মাজতেই আগুলি-পাগুলি তেওঁ তাৰ সোৱাদ লয়, আৰাম লয়। কথাবোৰ নোকোৱাকৈ থকাটো তেওঁলোকৰ পৰম্পৰাৰ প্ৰধান অংগ। ক’লেই যদি জগৰ লাগে। তাতকৈ নোকোৱাকৈ থকায়েই ভাল। বাল্মীকি এই নীতিৰেই চলি থাকে।
সকলোতে তেওঁলোকৰ ডাক পৰে। ডাঙৰ ডাঙৰ মেল-মিটিংবোৰ হোৱাৰ আগে-পিছে তেওঁলোকৰ ব্যস্ততা বাঢ়ে। অপৰিষ্কাৰ হৈ থকা ঠাইখিনিক সভা শুৱনি হ’ব পৰাকৈ পৰিষ্কাৰ কৰি দিয়া, সভা-সমিতি হৈ যোৱাৰ পাছত জঘন্য হৈ পৰা ঠাইখিনি পৰিষ্কাৰ কৰি দিয়া, চহৰৰ অতি জঘন্য পৰিৱেশত থকা নলা-নৰ্দমাবোৰৰ গেলা-পঁচা চাফা কৰি সুচল কৰি দিয়া, কাৰোবাৰ ঘৰৰ অবাধ্যভাৱে ওভতনি যাত্ৰা কৰিব বিচৰা বিষ্ঠাৰ টেংকী পৰিষ্কাৰ কৰি দিয়া আদি এশ-এবুৰি অপৰিষ্কাৰক পৰিষ্কাৰ কৰাৰ কামত তেওঁলোকে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি গা-খাটি আহিছে। এইবোৰ বাদ দিও হস্পিটেল, ষ্টেশন, স্কুল-কলেজ, মৰ্গ, অফিচ-কাচাৰী— ক’ত নাই তেওঁলোক? তেওঁলোকৰ হাতৰ স্পৰ্শত মুহূৰ্ততে পৰিষ্কাৰ হৈ ফন্ফনীয়া হৈ পৰে সকলোবোৰ। বাকী মানুহবোৰেতো কেৱল লেতেৰাহে কৰিব জানে। চাফা কেনেকৈ কৰে, সেই কথা মানুহবোৰে কাহানিও নিশিকিলে। শিকিবয়েই বা কিয়? আছে নহয় বাল্মীকিহঁতৰ দৰে হাজাৰজন। বাল্মীকিহঁতৰ প্ৰজন্মৰ পাছত প্ৰজন্মই এই লেতেৰা চাফা কৰি যাব। বাকীসকলে যেন কেৱল খুচিমতে লেতেৰা কৰিব আৰু চাফ-চিকুণ স্বচ্ছতাৰ ওপৰত বক্তৃতা দিব, সজাগতা সভা পাতিব, আঁচনি কৰিব, চৰকাৰী ধনৰ শৰাধ কৰিব।
ধ্যানমগ্ন বাল্মীকিয়ে প্ৰকৃত ধৰ্মক চিনি পায়। ভগৱানে সৃষ্টি কৰা ইমান ধুনীয়া পৃথিৱীখন সৌন্দৰ্যৰ আকৰ। কি নাই ইয়াত? কিন্তু পলে পলে বাঢ়ি অহা মানুহৰ জনসংখ্যাই এই সুন্দৰ পৃথিৱীখনক লেতেৰা আৰু কদৰ্যময় কৰি তুলিছে। দিনে-নিশাই কৰা মানুহৰ মল ত্যাগৰ ফলত পৃথিৱীখন বিষাক্ত হ’ব ধৰিছে। অপদাৰ্থ মানুহৰ পাল্লাত পৰি পৃথিৱীয়ে আৱৰ্জনা আৰু কদৰ্যময় পৰিৱেশত ডুবি ককবকাবলৈ ধৰিছে। সেয়ে বাল্মীকিয়ে প্ৰকৃত ধৰ্মক অনুসৰণ কৰি সঠিক ৰূপত ধাৰ্মিক হৈ পৰিছে। কাৰণ তেওঁ নিতান্তই ভগৱানৰ সন্তান (যদিও সেই ভগৱান নিৰ্বাক, নিস্পন্দন, নিৰুদ্দেশ। সেয়া শিলৰ ভগৱান)। এতেকে ভগৱানৰ সুযোগ্য সন্তানৰূপে তেওঁ প্ৰধান আৰু প্ৰাথমিক দায়িত্ব হ’ল এই বিপদৰ পৰা পৃথিৱীক উদ্ধাৰ কৰা। সেয়ে ধ্যানী বাল্মীকিয়ে চাইকেলৰ চকাকেইটাই কঢ়িয়াই অনা ইতিহাসৰ শিক্ষাক সাৰোগত কৰি, কুকুৰটোৰ ঘ্ৰাণক অনুসৰণ কৰি লেতেৰা, পুতিগন্ধময়, গেলা-পঁচাবোৰ এফালৰ পৰা চাফা কৰি গৈ থাকে। আৰু নিজৰ কামেৰেই বুজাই দিয়ে জাত, ধৰ্ম-বৰ্ণ, সম্প্ৰদায়ৰ উচ্চাত্মিকতাত উঠি থকা তথাকথিত সেইসকলক, যিসকলে কেৱল লেতেৰা কৰে, গেলা-পঁচাৰে পৃথিৱী ভৰায়, অপৰিষ্কাৰ চেতনাৰে ভুৱন ভূলায়। সেয়ে তেওঁ বাছ আস্থানটোৰ সেই বিশেষ কোণটোৰ হাতভগা চকীখনত বহি কুকুৰ আৰু চাইকেলখনক সাক্ষী কৰি মানুহবোৰক উদ্দেশ্যি কৈ যায়, কেৱল কৈ যায়, “পানী মাৰক, পানী মাৰক।”
জ্ঞানৰ গংগাত বহুবাৰ স্নান কৰা, ধ্যানৰ হাফলুত অনন্তকাল সোমাই থকা বজ্ৰধাৰী বাল্মীকিয়েও জানে যে এদিন পানী টুটি আহিব। পানী ঢালি শুদ্ধ হোৱাৰ ক্ষণ উকলিব। তেতিয়াই, ঠিক তেতিয়াই মানুহে ললাট ভূঞ্জিব। দ’ম দ’ম মল-মূত্ৰ, বিষ্ঠাৰ মাজত মানুহে ককবকাব। বিষ্ঠাৰ মাজত একো একোটা লেও লোৱা কীট হৈ মানুহে ভগৱানক কাকূতি কৰিব— “হে ঈশ্বৰ, এবাৰ, মাত্ৰ এবাৰ আমাকো তোমাৰ সন্তান হিচাপে মানি লোৱা। আমি ভগৱানৰেই সন্তান। হে ঈশ্বৰ, আমিও ভগৱানৰেই সন্তান।”
বাছ আস্থানটো চলি আছে। নতুন-পুৰণি যাত্ৰীৰ আগমনত আনন্দিত হৈ বাছবোৰে নিৰ্দিষ্ট গন্তব্যস্থানলৈ গতি কৰি আছে। আস্থানটোৰ চৌপাশ, একেই উত্তেজনা, হাই-হুলস্থূলেৰে নিজ কক্ষপথত ঘূৰিব লাগিছে।
অদূৰত একেই গৌৰৱেৰে থিয় দি ‘সুলভ শৌচালয়ে’ ন-পুৰণি গ্ৰাহকৰ আগমনত একেই প্ৰাণশক্তিৰে নিজৰ কাম চলাই গৈছে। যেনেকৈ নিজৰ দায়িত্ব সন্মান সহকাৰে পালন কৰিছে শেলুৱৈ সাজ পিন্ধা দমকলটোৱে, বিবৰ্ণ বাল্টি দুটাই, মামৰে ধৰা মগকেইটাই।
হাতভগা চকীখনত সিদ্ধি টানি বহি আছে বজ্ৰধাৰী বাল্মীকি। একেই ৰূপ, একেই পোছাক, একেই হিচাপ-নিকাচ। কাষত প্ৰভুভক্ত প্ৰচুৰ ঘ্ৰাণ শক্তি সম্পন্ন ক’লা কুকুৰ, বেৰত আঁউজাই থোৱা প্ৰাচীন চাইকেল, যাৰ দুচকুৱে পাৰ হৈ আহিছে বহুবোৰ নিষ্পেষণৰ নিদাৰুণ আৰু শোষণৰ সকৰুণ পথ।
এদিন বল্মীকবোৰ জহি-খহি পৰিব। বল্মীকৰ টুকুৰাবোৰত গজি উঠিব ধ্যানপ্ৰাপ্ত মন্ত্ৰেৰে মহীয়ান মনীষী বহু আধুনিক বাল্মীকি। এদিন যিসকলে লিখি উলিয়াব সভ্যতাৰ মহাকাব্যখনৰ প্ৰথমটো বৰ্ণ।
❧ | অধিক গল্প:
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক