“উঁ ৱলি যোৱা ভেণ্টিলেটৰকেইখনেদি বাহিৰৰ শেঁতা পোহৰ কোঠাটোলৈ আহি থাকেই বাবে নিশা কোঠাটো কাহানিও সম্পূৰ্ণ আন্ধাৰ হৈ নপৰে; সেই মুম্বাই চহৰখনো ওৰেটো নিশা কাহানিও যেনেকৈ সম্পূৰ্ণকৈ শুই নপৰে, ঠিক তেনেকৈ। সেইবাবেই শেষ নিশালৈকে টোপনিটো সদায় চিলমিলীয়া যেন হৈয়ে থাকে। সেইদিনা নিশাও মই মোৰ সেই আঢ়ৈফুটীয়া খাটীয়াখনত বাগৰটো সলাই বাঁওফালে কাটি হৈছিলোহে মাথোঁ, খোলা ভেণ্টিলেটৰেদি সোমাই অহা শেঁতা পোহৰত অনুমান কৰিব পাৰিলো— কাষৰ আনখন খাটীয়ালৈ সেই মানুহজন আহিল। ওপৰলৈ মুখ দি তেখেত শুই পৰিছে। হঠাৎ মোৰ কিবা এটা আচহুৱা যেন অনুভৱ হ’ল; আৰু মই জোৰকৈ চকুহাল মেলিলো। লগে লগেই মই জাঁপ মাৰি নিজৰ বিছনাত উঠি বহিলো— কি দেখিছোঁ মই এয়া? ভালদৰে নিৰীক্ষণ কৰিলো…, হয়, এয়া তেজ! এসোঁতা তেজ তেখেতৰ মূৰৰ পৰা কপালৰ কাষেদি ঠিক কাণলৈকে বৈ পৰিছে। মই… মই কি কৰিম ভাবি পোৱা নাই। কাহানিও এনে ধৰণৰ চাক্ষুষ অভিজ্ঞতা মোৰ হোৱা নাছিল। মূৰেদি তেজ… আৰু মানুহজন ওপৰলৈ মূৰ দি পৰি আছে! তেখেত জীয়াই আছেতো? একে সময়তে বিভিন্ন ভাবনাই মোক জুমুৰি দি ধৰিছিল— ক’ৰবাত তেখেতৰ এক্সিডেণ্ট হ’ল নেকি? তেতিয়া দুখ পোৱা নাই বুলি ভাবি লৈছিল চাগৈ, আৰু এতিয়া মগজুত ৰক্তক্ষৰণ হৈছে, বাহিৰলৈ তেজ ওলাই আহিছে! ক’ৰবাত মাৰ-পিট কৰি আহিল নেকি! নহ’লে… তেখেত শুই থাকোঁতেই কেনেবাকৈ প্ৰেছাৰ ষ্ট্ৰ’ক হ’ল নেকি? মই অত্যন্ত ভয় খাইছিলো। চিলমিলীয়া টোপনি পলাই ফাঁট মাৰিছিল। এবাৰ চাৰিওফালে চাইছিলো। কোঠাটোত থকা ওঠৰখন বিছনাৰ আটাইবোৰ মানুহ তেতিয়াও অহা নাছিল। যিবোৰ আহিছিল, সকলো শুলে। কাক মাতিম মই?” ৰক্তিম এখন্তেক ৰ’ল।
“তাৰ পাছত?”— মই উৎসুক হৈ পৰিছোঁ পাছৰখিনি জানিবলৈ। কি হৈছিল মানুহজনৰ?
ৰক্তিমে মোৰ ফালে চালে। মই মন কৰিলোঁ— তেওঁৰ মুখখনে বিশেষ এটা ভংগিমা ল’লে। এই ভংগিমাৰ অৰ্থ মই বুজি পাওঁ; তেওঁ বুজাব বিচাৰিছে— অধৈৰ্য নহ’বা লীনা। সকলো ক’ম মই। ইমান বছৰে বুকুৰ তলিৰ কোনোবা এটা চুকত গোট মাৰি থকা কথাবোৰকে কৈ আছোঁ ইমান সময়ে। আৰু… সেই কথাবোৰকে অলপ নিৰিবিলিকৈ পাতিম বুলিয়ে আজি এয়া ওলাই অহা নাই জানো?
হাতত লৈ অহা পানীৰ বটলটোৰ পৰা ৰক্তিমে এঢোক পানী খালে। বাঁওভৰিৰ আঁঠুত থুঁতৰিটোৰে ভেজা দি তেওঁ এইবাৰ দূৰলৈ চাই পঠিয়ালে। কিছু দূৰৈত বিশাল বৰ লুইতৰ নিৰৱধি ধাৰা। দিনটোৰ ব্যস্ততাখিনি উজাৰি ভাগৰুৱা হৈ পৰা বেলিটো এতিয়াও ৰঙচুৱা লুইতৰ সিপাৰে বুৰ মাৰিবলৈ কিছু সময় আছেগৈ। দীঘল মালা এধাৰিৰ দৰে জাক পাতি উৰি যোৱা নীড়মুখী চৰাইবোৰলৈ মই এনেয়ে এবাৰ চাই পঠিয়ালোঁ। আজি, এই সময়ত এই অঞ্চলৰ এনে মনোমোহা শোভাৰ সৈতে মই কিন্তু সমূলি একাত্ম হ’ব পৰা নাই। বেলি এঢলীয়া হোৱাৰ পাছতে এই পৰিৱেশটোলৈ আমি দুয়ো অহাৰ পাছত দুয়ো দুচটা শিলত বহি লৈছিলো; তাৰ পাছত লাহে-ধীৰে ৰক্তিমে কৈ যোৱা কথাবোৰে মোৰ ভাবনাক অন্য এটা দিশলৈ লৈ গৈছিল।
“তাৰ পাছত কি হ’ল জানা?” ৰক্তিমৰ মাতটো শুনি মই তেওঁলৈ চালো। মোলৈ নোচোৱাকৈ ৰক্তিমে সেই একেটা সুৰতে কৈ গ’ল— “মই আৰু নিজকে চম্ভালি ৰাখিব নোৱাৰিলো। মানুহজনৰ যদি সঁচাকৈ কিবা এটা হৈছে… । মই নিজৰ বিছনাৰ পৰা নামি তেওঁৰ কাষলৈ গ’লো। অনুমান কৰিলো— তেওঁ চাগৈ স্বাভাৱিকভাৱেই উশাহ-নিশাহ লৈ আছে। মই ৰৈ থাকিব নোৱাৰি তেওঁৰ বাঁউসীত ধৰি জোকাৰি দিলো— ‘উঠিয়ে ভাইচা’ব… উঠ যাইয়ে…।’ মানুহজন সাৰ পাইছিল। কেৰাহিকৈ মোৰ ফালে চাইছিল; মুখখনত এটা অসন্তুষ্টিৰ অভিব্যক্তি। তেওঁক অত্যন্ত ভাগৰুৱা যেন লাগিছিল। লাহেকৈ তেওঁলোকৰ ভাষাত তেওঁ মোক কিবা এটা কৈছিল। মই ধৰিব পাৰিছিলো— তেওঁক তেনেকৈ উঠাই দিয়াৰ কাৰণটো তেওঁ জানিব বিচাৰিছে। মই অধৈৰ্য হৈ পৰিছিলো— ‘আপকি মুহ মে তেজ… মানে খুন… ।’ মই মুখেৰে কি কি কৈছিলো, ঠিক নাই। তেওঁ এপলক মোলৈ চাইছিল। তাৰ পাছত মুখেৰে ভোৰভোৰাই বিছনাত উঠি বহিছিল। মই ইংগিতেৰে দেখুৱাই দিয়া ঠাইডোখৰত তেওঁ হাত ফুৰাইছিল। চানেকিয়া আন্ধাৰতো তেওঁৰ হাতত লাগি অহা তেজৰ আভাস মই পাইছিলো। মানুহজনে মোলৈ পুনৰকেইটামান মুহূৰ্ত একেথৰে চাই আছিল। লাহে লাহে তেওঁৰ মুখৰ অভিব্যক্তি সলনি হৈছিল যেন অনুভৱ কৰিছিলো।কেইটামান মুহূৰ্তৰ পাছত তেওঁ বিছনাৰ পৰা চুঁচৰি যোৱাৰ দৰে নামি গৈছিল। কাষতে থকা পানীৰ বটলটো লৈ তেওঁ এখন খিৰিকী খুলিলে। লাহে লাহে মুখ আৰু হাত ধুই পুনৰ নিজৰ বিছনালৈ উভতি আহিল। মই হতভম্ব হৈ পৰিছিলো— কথাটো কি; তেখেত… বহুত দুৰ্বল হৈ পৰিছে নেকি! ভেবা লাগি চায়ে থকা দেখি তেওঁ অলসভাৱে মোক কৈছিল— ‘শো যাওঁ, কুছ নেহি হুৱা হে’।’ মই নিজৰ বিছনাত পৰিছিলোহি যদিও কৌতূহল কিন্তু শেষ হোৱা নাছিল।” ৰক্তিম পুনৰ ৰৈ গ’ল; পকেটত থকা মোবাইলটো বাজিছে। কোনোবা সহকৰ্মীৰ দৰকাৰী ফোন হ’ব চাগৈ; ৰক্তিম ফোনত ব্যস্ত হৈ পৰিল।
কৌতূহলবোৰ মোৰো শেষ হোৱা নাই। ৰক্তিমে কলেজৰ পৰা আহি মোৰ হাতত দিয়া চিঠিখন এতিয়াও মোৰ কোলাত পৰি আছে। এই ঠাইখিনিলৈ আহোঁতে মই লগত লৈ আনিছিলো। ৰক্তিমক মন কৰিছোঁ— প্ৰথমৰ পৰাই কথাবোৰ কৈ যাওঁতে তেওঁ মাজে মাজে ভাবুক হৈ পৰিছে। তেওঁ কৈ গৈছে আৰু মই কেৱল কল্পনা কৰি গৈ আছোঁ আজিৰ পৰা প্ৰায় বাইশ বছৰৰ আগৰ সেই ঠাইবোৰ। আমাৰ দেশৰ সুবিশাল চহৰ মুম্বাইৰ ভিতৰৰ এটি অঞ্চল— দাদৰ। সেই ঠাইখিনি কেনেকুৱা হ’ব পাৰে মই নাজানো। কাহানিও মই মুম্বাইলৈ গৈ পোৱা নাই। ৰক্তিম কাহানিবা গৈ পাইছিল নেকি— মই সোধা নাছিলো। আমাৰ সোতৰ বছৰীয়া বৈবাহিক জীৱনত কাহানিও এনে ধৰণৰ কথাবোৰ ওলোৱাই নাছিল। পাতিছোঁ… বহুত কথা আমি পাতিছোঁ। দুখন ঘৰৰ পৰা সকলো চাই-চিতি ঠিক কৰি দিয়া এখন বিয়া; বিবাহৰ আগতে যি দুবাৰমান আমি লগ হৈছোঁ— দুয়োৰে ভাল লগা, বেয়া লগা… সেইবোৰতে কথাবোৰ ৰৈ গৈছিল। বিবাহৰ পাছত… অৰ্বাচীন বহু সূক্ষ্ম-কোমল, নিবিড় অনুৰাগৰ মাজেৰে আমি পাৰ হৈ যোৱা জীৱনটোৰ বহু কথাই হয়তো ৰোমন্থন কৰিছিলো। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁৰ ভাল লগা, একপক্ষীয় প্ৰেমৰ কোনোবা প্ৰেয়সীৰ বিষয়ে কেতিয়াবা শুনিছোঁ। তৈলক্ষেত্ৰত চাকৰিৰ বাবে প্ৰশিক্ষণ ল’বলৈ অসমৰ বাহিৰলৈ, মানে গুজৰাটলৈ এবাৰ যাবলগীয়া হওঁতে সন্মুখীন হোৱা কিছুমান আচহুৱা ঘটনাৰ বিষয়ে জানিছোঁ; নিজৰ ঠাইতে কলেজৰ চাকৰিটো হোৱাৰ পাছত তেওঁলৈ বিবাহৰ বাবে অহা বহু প্ৰস্তাৱৰ বিষয়ে শুনিছোঁ… । পাছলৈ দুয়োৰে কৰ্মক্ষেত্ৰৰ ব্যস্ততা, তাৰ মাজে মাজে আমাৰ ভৱিষ্যতৰ পৰিকল্পনা, সৰু-সুৰা অসুখ-বিসুখ, কৰ্মক্ষেত্ৰত ঘটি থকা বহু তিক্ত-মধুৰ ঘটনা…, সেইবোৰেই আছিল দুয়ো দুয়োকে কেন্দ্ৰ কৰি আমাৰ আপোন মানুহবোৰক সাঙুৰি লৈ গতানুগতিক দুটি কক্ষপথত আমি ঘূৰি থকাৰ ঘটনা। পাছলৈ আমাৰ মাজলৈ আমাৰ জীৱনৰ ৰং— নিধি অহাৰ পাছত সকলোৰে জীৱনত হোৱাৰ দৰেই আমাৰো যেন কক্ষ সলনি হৈ পৰিছিল। আমাৰ সুখ-দুখ, আশা-আকাংক্ষা সকলো তাইকে কেন্দ্ৰ কৰি ঘূৰ্ণায়মান হৈ পৰিছিল। এইবোৰ অৱশ্যে কোনো অগতানুগতিক কথা নাছিল।
এনেকুৱাও নাছিল যে আমি আমাৰ ব্যক্তিগত কথাবোৰ সময়ে সময়ে নপতাকৈয়ে এৰি দিছিলো। প্ৰশিক্ষণৰ সময়ত গুজৰাটত থাকোঁতে ৰক্তিমে সন্মুখীন হোৱা এটি লোমহৰ্ষক ঘটনাৰ বিষয়ে এবাৰ মোক কৈছিল। তেল-পাইপৰ বিস্ফোৰণ হৈ এজন শ্ৰমিকৰ শৰীৰৰ ঊৰ্ধ্বাংশ চকুৰ সন্মুখতে, নিমিষতে ছিন্ন-ভিন্ন হৈ যোৱাৰ বিষয়ে কৈছিল, মই শিয়ৰি উঠিছিলো। সেই ঘটনাৰ পাছত তেওঁ সেই চাকৰিটো এৰি থৈ অহাৰ বিষয়ে শুনিছিলো। বহু কথা… বহু কথাই আমি পাতিছোঁ, মোৰ জীৱনৰ বহু প্ৰাপ্তি-অপ্ৰাপ্তিৰ বিষয়ে মই তেওঁক কৈছোঁ… বহু সময়ত হয়তো আমি দুয়ো অনুভৱ কৰিছোঁ— পতি-পত্নীতকৈ যেন আমি দুয়ো বহুত ভাল বন্ধু হৈ পৰিছোঁ।
আজি এই পৰিৱেশত ৰক্তিমৰ পৰা কথাবোৰ শুনি যাওঁতে মোৰ জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ হৈছে— আমি এজনে আনজনৰ সন্মুখত অতীতৰ কথা যিমান মুকলিকৈ পাতিছিলো, তাতকৈয়ো হয়তো আৰু বহু কথা আছে, যিবোৰ ক’ব লাগিব বুলি এবাৰো নভবাকৈয়ে ৰৈ গৈছিল। মসৃণ বুলি ভাবি থকা তেওঁৰ জীৱনটোৰ কোঁহে কোঁহে এনে কিছু সংঘাতপূৰ্ণ বিচিত্ৰ অভিজ্ঞতাও যে থাকিব পাৰে, এবাৰলৈও মই ভাবিব পৰা নাছিলো। দৰাচলতে ৰক্তিমে আজি কলেজৰ পৰা আহি মোক এই বিশেষ চিঠিখন দেখুৱাইছিল। হিন্দীত লিখা চিঠিখন পঢ়ি যাওঁতে কিছুমান কথা মোৰ বোধগম্য হোৱাই নাছিল। মুম্বাইত থকা সেই পত্ৰকাৰে তেখেতৰ দুখভৰা কথাবোৰ, বাৰ্ধক্যত সন্মুখীন হোৱা বিপৰ্যয়ৰ কাহিনী ৰক্তিমলৈ চিঠি লিখি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছে বুলি কেৱল ধৰিব পাৰিছিলো যদিও মূল কথাটোকে মই ধৰিব পৰা নাছিলোঁ, মানে এই পত্ৰলেখকজন প্ৰকৃততে কোন— কোন এইজন মাধৱৰাও ছাৱৰকাৰ? ৰক্তিমে তেখেতক কেনেকৈ লগ পাইছিল?
এটা অকথিত অধ্যায় ৰক্তিমে মোৰ সন্মুখত মুকলি কৰি গৈছিল। মই কেৱল এখন চিনেমাৰ কাহিনী শুনাৰ দৰে কথাবোৰ শুনি গৈছিলো, অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিলো। মোৰ সন্মুখলৈ ভাহি আহিছিল সেই সময়ৰ মুম্বাই চহৰৰ ভিতৰৰ দাদৰ নামৰ এলেকাটোৰ সেই বিশেষ ঘৰটো। ৰক্তিম কিয় থাকিবলগীয়া হৈছিল সেই ঘৰটোত? দৰাচলতে নব্বৈৰ দশকৰ শেষৰ ফালে, মানে ৰক্তিমহঁতৰ সমসাময়িক ভূতত্ত্ব বিষয়ৰ শিক্ষাৰ্থীসকলৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, ভাৰতীয় তেল নিগম আদি উদ্যোগবোৰৰ চাকৰিৰ প্ৰতি এটা বিশেষ মোহ অথবা আকৰ্ষণ থকাটো স্বাভাৱিক আছিল। স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত ব্যক্তিগত খণ্ডৰ এটা তৈল অনুসন্ধান প্ৰতিষ্ঠানৰ অধীনত চাকৰিৰ বাবে হ’বলগীয়া এটা প্ৰশিক্ষণৰ বাবে ৰক্তিম মুম্বাইলৈ গুচি গৈছিল। সেই সময়ত বহু প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ সম্পূৰ্ণ নকৰাকৈ আঁতৰি যায় বাবে সেই প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষাৰ্থীসকলৰ বাবে থকা-খোৱাৰ বাবদ একো সা-সুবিধা দিয়া নাছিল। মুম্বাইৰ দৰে এখন বিলাসী, ব্যয়বহুল চহৰত যিমান পাৰি কম খৰচত থকা-খোৱাৰ ব্যৱস্থা কৰিবলৈ ৰক্তিমে চেষ্টা কৰিছিল। তেতিয়াই দাদৰ অঞ্চলৰ সেই বিশেষ ঘৰটোৰ বিষয়ে জানিব পাৰি তেওঁ তাতে থকাৰ ব্যৱস্থা কৰিছিল। ইছলাম ধৰ্মাৱলম্বী এজন ব্যক্তিৰ কেইবাটাও মহলা থকা এটা ঘৰ; ৰক্তিমে কৈছিল— একপ্ৰকাৰ জৰাজীৰ্ণ বুলি ক’লেও হেনো অত্যুক্তি নহয়। ওপৰ মহলাবোৰলৈ উঠি যোৱা খটখটীটোত খোজ দিলে যেন ভাগি পৰিব, তেনে ভাব হয়। ঘৰটোৰ প্ৰতিটো মহলাৰ একো একোটা ভাগত বেলেগ বেলেগ কাৰ্যালয়, গুদাম— কত কি যে নাছিল! এটা মহলাৰ এটা দীঘলীয়া কোঠাত ওঠৰখন বিছনাৰ ব্যৱস্থা আছিল, মাত্ৰ আঢ়ৈ ফুটমান বহল একোখন বিছনা— নিশা গভীৰ টোপনিত বাগৰ মাৰি দিলে মজিয়ালৈ সৰি পৰাটো নিশ্চিত আছিল। সেই বিছনাবোৰৰ ইখন-সিখনৰ মাজতো সেই আঢ়ৈ ফুটমানৰহে ব্যৱধান আছিল। ভাৰাতীয়াসকলৰ ভাৰাটো প্ৰতিখন বিছনাৰ বাবদ লোৱা হৈছিল। সমূহীয়াকৈ গা-ধোৱা ঘৰৰ ব্যৱস্থা আছিল। শৌচালয়লৈ যাবলৈ পুৱা বাল্টিত পানী লৈ শাৰীত থিয় হ’ব লগা হৈছিল।… আৰু প্ৰতিখন বিছনাৰ ভাৰাতীয়াসকল… একো একোজন বিচিত্ৰ মানুহ, বিচিত্ৰ চৰিত্ৰ, জীৱন-নিৰ্বাহৰ বিচিত্ৰ কাৰবাৰ সকলোৰে। ভাষা, জাতি, ধৰ্ম— সকলোৰে প্ৰায় বেলেগ বেলেগ। বিশেষ প্ৰয়োজন নহ’লে কোনেও কাকো মাত-বোল কৰিব নিবিচাৰে। সকলো নিজৰ নিজৰ ব্যৱসায়ৰ ধান্দাত থাকে। একেটা কোঠাতে থাকিবলৈ লোৱা বাবেই চাগৈ ভাষিক ভিন্নতা থকা সত্ত্বেও লাহে লাহে এজন-দুজনকৈ সেই মানুহবোৰৰ সৈতে ৰক্তিমৰ চা-চিনাকি হৈছিল। তেওঁলোকৰ বহুতৰ ব্যৱসায়ৰ ধৰণবোৰ আছিল এনেকুৱা— কোনোবাই সাগৰৰ মাজত তৈল-খনন প্লেটফৰ্মত কাম কৰে— তেওঁলোকক ‘ডেৰেক-মেন’ বুলিও কয়; আন কিছুমানে আকৌ জাহাজলৈ মাল-বস্তু কঢ়িওৱাৰ কাম কৰিছিল; তেওঁলোকৰে কোনোবাই বিশেষ কায়দাৰে গোপনে বিদেশলৈ মানুহ পঠিওৱাৰ ব্যৱসায় কৰিছিল। চৌদি আৰব, দক্ষিণ কোৰিয়া, ইংলেণ্ড, কুৱেইট আদি দেশলৈ ৰেল-জাহাজৰ যোগেদি কাৰ্টুনৰ ভিতৰত, বিশেষ আকাৰৰ ডাঙৰ টেমাৰ ভিতৰত পুৰুষ-মহিলা নিৰ্বিশেষে মানুহ পঠাই দিয়া হয়। সেই মানুহবোৰে সেইবোৰ দেশলৈ গৈ সৰু-সুৰা কাম কৰি অৰ্থ-উপাৰ্জনৰ পথ বিচাৰি লয়। তেনে ধৰণৰ মানুহ সৰবৰাহ কৰা ব্যৱসায়ত জড়িত মানুহে আনৰ সৈতে অদৰকাৰত হলি-গলি কৰিবলৈ নিবিচৰাটোৱে স্বাভাৱিক আছিল। আনকি নিশা হোটেলৰ কোঠালৈ বেশ্যা যোগান ধৰা দালালৰ কাম কৰা মানুহো তাত আছিল। দিনৰ ভাগত সাধাৰণতে কাৰো সময় নাথাকে, নিশাৰ ভাগলৈ ভিন ভিন সময়ত কামৰ পৰা অহা মানুহবোৰৰ সৈতে কেতিয়াবা দেখা-দেখি হয়। পুৱাৰ ভাগতো সেই চেগা-ছোৰোকাকৈ… ।
“মই বৰ অশান্তিত নিশাটো পাৰ কৰিছিলোঁ বুজিছা। চুলিৰ মাজেদি বৈ অহা এসোঁতা তেজ পানীৰে ধুই লৈ কাষতে এটা মানুহ শুই পৰিল… কিজানি মানুহটো পাছত মৰি থাকে! চানেকিয়া আন্ধাৰত সিমান ভালদৰে গম লৈ থাকিবও নোৱাৰিছিলো। পাছলৈ মই টোপনি গৈছিলো চাগৈ। পাছদিনা মোৰ ট্ৰেইনিং নাছিল বাবে পুৱা উঠোঁতে অলপ পলম হৈছিল। উথিয়ে তেওঁৰ বিছনালৈ চাইছিলো— মানুহজন বিছনাত নাই। কেনি যাব পাৰে! তেওঁ ঠিকেই আছেতো… ! চাৰিউফালে চাইছিলো। কোঠাটোৰ বেছিভাগেই শোৱাৰ পৰা উঠিছিল। আগৰ দৰেই স্বাভাৱিক পৰিৱেশ। মানুহজন কেনেবাকৈ ঢুকাল যদিতো পৰিৱেশটো স্বাভাৱিক হৈ নাথাকিব। পুৱাতে তেওঁ কেনেবাকৈ মেডিকেললৈ… । বৰ বিশেষ আৰু চিন্তা নকৰি মই গা ধুবলৈ বুলি সাজু হৈছিলো। গা-ধোৱা ঘৰলৈ যাওঁতে বাটতে তেওঁক পুনৰ লগ পাই থতমত খাই গ’লো— তেওঁ ইতিমধ্যে গা-ধোৱা ঘৰৰ পৰা ওলাই নিজৰ বিছনাৰ ফালে আহিছিল। বাটতে মোক দেখি তেওঁ হাঁহি এটাৰে সম্ভাষণ জনালে। মই তেওঁক ভৰিৰ পৰা মূৰলৈ লক্ষ্য কৰিছিলোঁ— ক’তো কেনিও অস্বাভাৱিক একো নাছিল…, তেন্তে কথাটো কি? মানুহজনে মোৰ মনৰ ভাব বুজি পাই গৈছিল। মুকলিকৈ হাঁহি এটা মাৰি তেখেতে কৈছিল— ‘নহাকে আ যাওঁ। বাত কৰেংগে।’ মোৰ চিন্তা-ভাবনা সকলো খেলি-মেলি হৈ গৈছিল বুজিছা? আগদিনা নিশা মূৰৰ পৰা তেজ ওলোৱা মানুহ এজন পুৱা ইমান স্বাভাৱিক হৈ কেনেকৈ থাকিব পাৰে! অন্যহাতে এই মানুহজন…, প্ৰথম দিনা তেওঁক দেখাৰ পাছতে মোৰ ধাৰণা হৈছিল— তেখেতক মই ক’ৰবাত দেখিছোঁ; চিনাকি চেহেৰা; কিন্তু ক’ত দেখিছোঁ? বাৰে বাৰে সুবিধা পালেই মই তেখেতক মন কৰিছিলো— মই নিশ্চিত হৈছিলো, মই তেখেতক বহুত ভালদৰে দেখাটো হয়; কিন্তু সেয়া কেনেকৈ সম্ভৱ হ’ব পাৰে? মানুহজনৰ চেহেৰা দেখিলেই কৈ দিব পাৰি— তেখেত অসমীয়াভাষী হ’বই নোৱাৰে। অসমত লগ পাব পৰা, চেহেৰা মনত থাকি যাবলগীয়া ব্যক্তিও হ’বই নোৱাৰে; তেন্তে? আৰু সেই কথাটো সুধিবলৈকেতো কাহানিও কোনো সুবিধাই নাছিল… ।”
ৰক্তিমে অনৰ্গল কৈ গৈছিল একেটা সুৰতে। মই কেৱল তন্ময় হৈ শুনি গৈছোঁ। সেই মানুহজনে হেনো সেইদিনাৰ পূৰ্বে কোঠাটোত থকা আন কোনো ব্যক্তিৰ সৈতে কাহানিও কথা পতা নাছিল। কেতিয়াও কাকো মাত-বোল কৰিব বিচৰা নাছিল; তেওঁক মাত এষাৰ লগাবলৈও কাকো সুবিধাই দিয়া নাছিল। পুৱাতে ওলাই যায়, নিশা সোমায়হি। তেওঁ কি কৰে, তেওঁৰ ভাষা কি… কোনো কথা জানিবৰ উপায় নাছিল। আগদিনা নিশাৰ সেই ঘটনাটোৰ পাছত মানুহজনে হয়তো ৰক্তিমৰ বিষয়ে এটা ধাৰণা কৰি লৈছিল— আনৰ বিষয়ে যিহেতু চিন্তা কৰিছে, গতিকে ৰক্তিম নিশ্চয় ভাল মনৰ মানুহ হ’ব। গা ধুই অহাৰ পাছত ৰক্তিমৰ সৈতে তেওঁ কথা পাতিছিল। ৰক্তিমে ভগা-ছিগা হিন্দীতে তেওঁৰবিষয়ে জানিব বিচাৰিছিল।
“মই তেওঁক বুজাব বিচাৰিছিলো যে মই তেখেতক বহুত ভালদৰে চিনি পাওঁ যেন ভাব হৈছে। ক’ৰবাত দেখিছোঁ, কিন্তু ক’ত দেখিছোঁ মনত পেলাব পৰা নাই। তেওঁ কিছু সময়লৈ তলমূৰ কৰি ৰৈছিল। অলপ পাছত তেওঁ মোলৈ চাইছিল, এটা ঈষৎ হাঁহি তেওঁৰ ওঁঠত খেলাইছিল। তেওঁ হিন্দীতে মোক সুধিছিল— মই চিনেমা চাওঁ নে নাচাওঁ। মোৰ হাঁহি উঠিছিল; কিয়নো মই আচলতে চিনেমা বুলিলে একপ্ৰকাৰ বলিয়াৰ নিচিনা আছিলো। সুবিধা পালেই নতুন হিন্দী চিনেমা চাবলৈ লৰ মাৰিছিলো। চিনেমাৰ প্ৰতি মোৰ বিশেষ ৰাপ থকা বুলি গম পোৱাৰ পছত তেওঁ কিছু গহীন হৈ পৰিছিল। লাহে-ধীৰে তেওঁ কৈছিল যে তেওঁ হিন্দী চিনেমাত অভিনয় কৰে। মই হয়তো তেওঁক হিন্দী চিনেমাতে দেখিছোঁ।”
ৰক্তিমে মোৰ মুখলৈ চালে। হাঁহি এটা ৰক্তিমৰ ওঁঠত খেলি গ’ল— “ভাবিব পাৰানে লীনা, হিন্দী চিনেমাৰ এজন অভিনেতাই আমি থকা সেই জৰাজীৰ্ণ বঙলাত মোৰ দৰে এখন বিছনা ভাৰালৈ লৈ সমূহীয়া টয়লেট, বাথৰূম ব্যৱহাৰ কৰিব?”
মই অবাক হৈ ৰক্তিমলৈ চালোঁ— কথাটোতো একেবাৰে অবিশ্বাস্য; কিন্তু ভিতৰত কিবা কথা থাকিব নিশ্চয়।
ৰক্তিমে মোৰ অভিব্যক্তি বুজিব পাৰিলে— “প্ৰথমে ময়ো আচৰিত হৈছিলো বুজিছা? তেখেতেই মোক কথাটো বুজাই দিছিল। এখন চিনেমা সম্পূৰ্ণ কৰিবলৈ বহুত মানুহৰ দৰকাৰ হয়; ধৰি লোৱা, এখন আদালতৰ এটা দৃশ্য— তাত বহুত মানুহ বহি থাকিব লাগে; জাজৰ পিছফালে এজন নিৰাপত্তাৰক্ষী হৈ থিয় হৈ থাকিব লাগে; আকৌ ধৰি লোৱা, এখন দোকানত এজন দোকানী দেখুৱাবলগীয়া হ’ল; অথবা এখন বিলাসী হোটেলত এজন ৱেইটাৰৰ দৰকাৰ হ’ল— দুটামান সংলাপ থাকিব; মাৰপিটৰ দৃশ্যবোৰতো ভিলেইনৰ সৈতে আৰু বহুতেই মাৰ খাবলগীয়া হয়; সেইবোৰ কাম কোনে কৰে আমি দৰ্শকে কাহানিবা চিন্তা কৰোঁ জানো? সেই মানুহজন— মাধৱৰাও ছাৱৰকাৰ, তেওঁ তেনে অভিনয়কে কৰিবলৈ দিনটোলৈ ওলাই যায়। সেইবোৰ সময়ত চিনেমাৰ শ্বুটিং কৰিবলৈ মুম্বাইত একো একোটা বিশাল পৰিসৰৰ ষ্টুডিঅ’ আছিল। আজিকালি তেনে ষ্টুডিঅ’ৰ ব্যৱহাৰ চাগৈ নহয়, কাৰণ বেছিভাগ শ্বুটিং আউটড’ৰতে হয়। মাধৱৰাওহঁতৰ নিচিনা আৰু বহুত মানুহে তেনে ষ্টুডিঅ’বোৰৰ বাহিৰত পৰ দি থাকে। তেনেকুৱা সৰু-সুৰা অভিনয় কৰাৰ বাবদ দিনটোৰ বাবে তেওঁলোকক হাজিৰা দিয়া হয়; কেতিয়াবা কোনো এখন চিনেমাত দুই-তিনিটা সৰু সৰু দৃশ্যত ওলাবলগীয়া হয়; আৰু সেইদৰেই সেইবোৰ কাম কৰি কৰিয়ে তেওঁলোকে জীৱনটোৰ আধা সময় পাৰ কৰি দিয়ে।”

ৰক্তিম ক্ষণিকৰ বাবে পুনৰ ভাবুক হৈ পৰিব খুজিছিল, হঠাৎ কিবা এটা মনত পৰাৰ দৰে তেওঁ মোলৈ চালে— “সেইদিনা…, তেওঁৰ কপালত যে তেজ লাগি আছিল— সেয়া শ্বুটিঙত ব্যৱহাৰ হোৱা নকল তেজ আছিল বুজিছা? তেওঁ সেইদিনা মাৰপিটৰ দৃশ্য এটাত অভিনয় কৰি আহিছিল।” ৰক্তিমৰ মুখত এটা বিষাদৰ হাঁহি বিৰিঙি উঠিল।
মই সঁচাকৈ আচৰিত হ’লো। কিমান চিনেমা আমি চাওঁ, মুখ্য চৰিত্ৰত অভিনয় কৰা নায়ক-নায়িকাৰ উপৰি আৰু কত মানুহ সময়ে সময়ে ওলায়; যিবোৰক আমি পাৰ্শ্ব চৰিত্ৰ বুলি কওঁ; কাহানিও আমি ভাবি নাচাওঁ যে তেওঁলাক প্ৰকৃততে কোন, তেনে অভিনয় কৰিবলৈ তেওঁলোক ক’ৰ পৰা, কেনেকৈ আহে, তেওঁলোকৰ জীৱনটো কেনেকুৱা… কিমান তেওঁলোকৰ উপাৰ্জন! অথচ চিনেমা একোখন সফল হোৱাত তেওঁলোকৰোতো অলপ হ’লেও অৱদান থাকে!
ৰক্তিমে কৈছিল— সেই আদ বয়সীয়া মানুহজন লাহে লাহে ৰক্তিমৰ বন্ধুৰ দৰে হৈ পৰিছিল। তেওঁৰ ঘৰ আছিল কোলহাপুৰৰ এখন ভিতৰুৱা গাঁৱত। সৰুৰে পৰা অভিনয়ৰ প্ৰতি থকা তেওঁৰ ৰাপ তথা চিনেমাৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ দেখি এজন মানুহে তেওঁক মুম্বাইলৈ ফুচুলাই লৈ আনিছিল। হিৰ’ হোৱাৰ সপোন বুকুত লৈ তেওঁ ঘৰ-বাৰী এৰি দিছিল। মুম্বাইলৈ আহি উপলব্ধি কৰিছিল আশাভংগ হোৱাৰ বেদনা। তেনে ধৰণৰ সৰু সৰু অভিনয় কৰিবলৈ তেওঁ সুযোগ পাইছিল। তেওঁক বুজোৱা হৈছিল— ডাঙৰ অভিনেতা হ’বলৈ হ’লে এনেকৈহে এদিন সুযোগ আহিব। নিজৰ ঠাইলৈ তেওঁ উভতি যাব নোৱৰা হ’ল— অভিনেতা হোৱাৰ সপোনটোৱে বুকুত ভালদৰেই থিতাপি লৈছিল; ঘৰলৈ গ’লেই জানোচা সুযোগ হেৰাই যায়! ইমান দিনৰ সকলো কষ্ট যদি অথলে যায়! পেটৰ তাড়নাত তেনেদৰে সৰু চৰিত্ৰত অভিনয় কৰি কৰিয়ে দিনবোৰ পাৰ কৰিছিল। তেওঁ ভাবিবই নোৱৰা হৈ পৰিছিল যে নায়ক হ’ব পৰা বয়স তেওঁৰ কাহানিবাই পাৰ হৈ গৈছিল। কেৱল মাধৱৰাৱেই নহয়; ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এনেদৰে নায়ক হোৱাৰ সপোন দেখি বহু যুৱকে ঘৰ-বাৰী এৰি থৈ গুচি আহে। প্ৰলোভন দিও কোনো ব্যক্তিয়ে কিছুমান যুৱকক লৈ আহে। তেওঁলোকেও মাধৱৰাওহঁতৰ দৰেই ষ্টুডিঅ’ৰ বাহিৰত দিন-হাজিৰাৰ বাবে অপেক্ষা কৰিবলৈ শিকি পেলায়। মাধৱৰাওৰ ব্যক্তিগত এটা এলবাম আছিল। ৰক্তিমৰ সন্মুখত তেওঁ সেই এলবামটো দেখুৱাইছিল। তাত বিভিন্ন ফটো লগোৱা আছিল। বহু নামী-দামী অভিনেতাৰ সৈতে তেওঁৰ ফটো আছিল— ধৰ্মেন্দ্ৰ, জিতেন্দ্ৰ, মিঠুন চক্ৰৱৰ্তী, ৰাজেশ খান্না, অমিতাভ বচ্চন…, আকৌ সেই সময়ত নতুনকৈ জনপ্ৰিয় হোৱা নায়ক— সঞ্জয় দত্ত, গোবিন্দ, আমিৰ খান…, এনে বহুতৰ সৈতে তোলা বিভিন্ন ফটোবোৰ তেওঁ আগ্ৰহেৰে ৰক্তিমক দেখুৱাই গৈছিল।
এনেদৰেই সময় পাৰ হোৱাৰ লগে লগে সেই কোঠাটোৰ পৰিৱেশটোও যেন অলপ-অচৰপ সলনি হৈ পৰিছিল। দুই-এজনে গম পাইছিল যে ৰক্তিমে স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত প্ৰশিক্ষণ ল’বলৈ বুলি সেই ঠাইত আছেহি। ঘৰৰ পৰা বেছি পইচা পঠিয়াব নোৱাৰে; গতিকে সেইডোখৰ ঠাই ৰক্তিমৰ বাবে সুবিধাজনক হৈ পৰিছে। আটাইতকৈ বেছি শিক্ষিত বাবে ৰক্তিমক দুই-এজনে কিছু সমীহ কৰিবলৈও লৈছিল।
“এদিন তেওঁ মোক সুধিছিল মই খোৱা-বোৱাৰ বাবে কি ব্যৱস্থা কৰি আছোঁ।”— ৰক্তিম যেন এইবাৰ সামান্য উৎসাহিত হ’ল। মই পুনৰ উৎসুক হৈ তেওঁৰ কথাবোৰ শুনি গৈছোঁ।
“সস্তীয়া হোটেল বিচাৰি বিচাৰি খাই আছোঁ বুলি জনাৰ পাছত তেওঁ মোক বুজাইছিল যে সেইদৰে চলি থাকিলেতো টকা খৰচৰ লগতে বেমাৰেও বাহ ল’ব পাৰে। তেওঁ মোক অন্য এঠাইলৈ লৈ গৈছিল য’ত টিফিন ছিষ্টেমত খোৱাৰ ব্যৱস্থা আছিল। এটা টিফিন এজনৰ বাবে বেছি হয়; কিন্তু দুজনৰ বাবে কম হয়। গতিকে আমি দুয়ো আৰু এজনৰ সৈতে লগ হৈ দুটা টিফিন কিনিছিলো আৰু তিনিজনে ভগাই খাইছিলো। সেইবোৰ আছিল দুখ-অভাৱৰ দিনৰ কাহিনী বুজিছা? এদিন কি হৈছিল জানা?” ৰক্তিমে মোৰ ফালে চাইছিল।
মই তেওঁৰ চকুত চকু থৈছিলো। কথাবোৰৰ গভীৰতাত মই সোমাই পৰিছিলো লাহে লাহে— “কি হৈছিল?”
“মুম্বাইত সেই সময়ত এখন বিখ্যাত কেঞ্চাৰ হস্পিটালত এটা বিশেষ ট্ৰাষ্টৰ উদ্যোগত একোজন কেঞ্চাৰ ৰোগীৰ সৈতে এজন এটেণ্ডেণ্টৰ বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেই কথাটো মোক মাধৱৰাৱে জনাই থৈছিল। কেতিয়াবা কামৰ অভাৱত তেওঁলোকৰ বহুতেই চিকিৎসাৰ বাবে অহা কোনোবা চিনাকি ৰোগী বিচাৰি যায়; সেই ৰোগীসকলৰ এটেণ্ডেণ্ট হৈ সেই ট্ৰাষ্টৰ অধীনত বিনামূলীয়াকৈ থকা-খোৱাৰ সুবিধাৰে থাকিবলগীয়াও হৈছে— সেই কথাবোৰো তেওঁ কৈছিল। পাছত এবাৰ মোৰ ক্ষেত্ৰতে তেনে পৰিস্থিতি আহিছিল। ঘৰৰ পৰা বহুদিন মনি-অৰ্ডাৰ অহা নাছিল। হাতত থকা টকা টুটি আহিছিল। সেইবোৰ সময়ত আমি ঘৰলৈ খবৰ দিবলগীয়া হ’লে পিচিঅ’লৈ গৈ ঘৰৰ কাষৰ মানুহ এঘৰলৈ ফোন কৰোঁ। তেওঁলোকৰ ঘৰৰ পৰা আমাৰ ঘৰত খবৰ পোৱাৰ পাছত আমাৰ ঘৰৰ পৰা কোনোবা এজন আহি তেওঁলোকৰ ঘৰৰ ফোনটোৰ কাষত ৰৈ থাকেহি। পুনৰ ফোন কৰি এক-দুই-মিনিটৰ বাবে কথা পাতোঁ। সেইবাৰ মোৰ ফোন এটা কৰিবলৈও টকাৰ টনা-টনি হৈছিল। কি কৰোঁ ভাবি ভাবি কেঞ্চাৰ হস্পিটালখনৰ ফালে গৈছিলো— কিজানি কোনোবা চিনাকি ৰোগী পাই যাওঁ। ইফালে-সিফালে ঘূৰি ফুৰোঁতে হঠাৎ আমাৰ য়ুনিভাৰ্ছিটিৰ প্ৰবোধ বৰুৱা ছাৰক দূৰৈত দেখিছিলো। ছাৰে মোক চিনি নাপাইছিল, কিয়নো তেওঁ আৰ্ট্ছৰ আছিল… হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আছিল হ’বলা… পাহৰিছোঁ। মই কোবাকুবিকৈ গৈ ছাৰক মাতিছিলোগৈ। গম পাইছিলো— ছাৰৰ পৰিবাৰৰ কেঞ্চাৰ ধৰা পৰিছে। চিকিৎসাৰ বাবে আহিছে। মই ছাৰক অনুৰোধ কৰি বাইদেউৰ কাগজ-পাতি সকলো জেৰক্স কৰি পেলাইছিলো। সেইখিনি কাগজ কাউণ্টাৰত জমা দি এসপ্তাহৰ বাবে বাইদেউৰ এটেণ্ডেণ্ট হৈ থকা-খোৱাৰ ফ্ৰি ব্যৱস্থা কৰিছিলো।” ৰক্তিম পুনৰ মৌন হৈ পৰিছিল।
মই দুয়োটা আঁঠুত থুঁতৰিৰে ভেজা দি সন্মুখলৈ চাই ৰৈছোঁ। বেলি বুৰিবৰ হ’ল। মনটোও লাহে লাহে গধুৰ হৈ পৰিছে। সেই এজন ব্যক্তি— যাক মই কাহানিও দেখা নাই, কাহানিও যাক লগ পোৱাৰ আশা নাই…, তেওঁ এতিয়া মুম্বাইৰ কোনোবা এখন কেঞ্চাৰ হস্পিটালত মৃত্যুৰ ক্ষণ গণি আছে। ৰক্তিমৰ ঠিকনা বিচাৰি এখন চিঠি লিখিছে। ৰক্তিমে কলেজৰ চাকৰিত যোগ দিয়াৰ পাছত চিঠিৰে তেওঁলৈ ঠিকনাটো পঠাইছিল। তেওঁ সেই ঠিকনাটো ইমান বছৰে সাঁচি ৰাখিছে। তেওঁ লিখিছে যে তেওঁৰ এই চিঠিখন ৰক্তিমৰ হাতত পৰিবনে নাই তেওঁ নাজানে; পৰেহি মানে তেওঁ হয়তো এই পৃথিৱীৰ পৰা আঁতৰি যাব। জীৱনৰ এছোৱা সময়ত সহচৰ হৈ পৰা কিছুমান মানুহৰ ঠিকনা বিচাৰি বিচাৰি তেওঁ এনেকৈ চিঠি লিখি গৈছে; তেনেকৈয়ে তেওঁ অপেক্ষা কৰিছে মৃত্যুলৈ… ।
মোৰ কান্ধত ৰক্তিমৰ হাতৰ পৰশ…, মই মূৰ তুলি চালো। ৰক্তিমৰ মুখত এতিয়াও লাগি আছে সেই বিষাদৰ হাঁহিটো— “আমাৰ যাবৰ হ’ল লীনা। অলপ পাছত আন্ধাৰ হৈ আহিব… । আজি মনটো অলপ হ’লেও পাতল হ’ল। তোমাক বহুখিনি কথা ক’বলৈ সুবিধা মিলিল। এখন চিঠি আহিল… আৰু মই পাহৰিব খোজা মোৰ অতীতটো সেই চিঠিখনে পুনৰ মোৰ কাষলৈ লৈ আনিলে। এই কথাবোৰ… মই কিয় ক’লোঁ জানা?” ৰক্তিমে মোলৈ পোনপটীয়াকৈ চালে।
মই উৎসুক হৈ ৰক্তিমলৈ চালোঁ— “মনটো পাতল হ’বলৈকে নহয় জানো?”
ৰক্তিম বহাৰ পৰা উঠিল। মোলৈ এখন হাত আগবঢ়াই দিলে। তেওঁৰ হাতত ধৰি ময়ো থিয় হ’লো। তেওঁৰ চকুলৈ চালো।
“চিঠিখনৰ শেষৰ পৃষ্ঠাটো তুমি পঢ়া নাই চাগৈ?” ৰক্তিমে সামান্য হাঁহিলে— সেই বিষাদমিশ্ৰিত হাঁহিটো।
মই লৰালৰিকৈ পিছফালৰ, মানে শেষৰ পৃষ্ঠাটোত চকু দিলোঁ। দুটা বাক্য আছে তাত। সেই বাক্য দুটা পঢ়ি মই পুনৰ ৰক্তিমলৈ চালো, কি ক’ম ভাবি নাপালো। মাধৱৰাৱে লিখিছে যে তেওঁৰ সকলো কাগজ-পাতিৰ বহুকেইটা জেৰক্স কপি তেওঁৰ নিচিনাকৈ ফিল্মৰ কাম বিচাৰি অহা কেইবাটাও ল’ৰাৰ হাতত জমা দি থোৱা আছে। মই বুজিলো— সেই হস্পিটালখনতো কোনোবা ট্ৰাষ্টৰ অধীনত ৰোগীৰ এজন এটেণ্ডেণ্টৰ বাবে বিনামূলীয়া থকা-খোৱাৰ ব্যৱস্থা আছে। সিহঁতৰ প্ৰয়োজন হ’লেই মাধৱৰাওৰ এটেণ্ডেণ্ট হৈ বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰেহি। মাধৱৰাৱে লিখিছে— সিহঁতৰ বাবেই তেওঁ আৰু কিছুদিন জীয়াই থাকিব বিচাৰে; কিন্তু!
ৰক্তিমৰ হাতত ধৰি মই দূৰৈত থোৱা গাড়ীখনৰ ফালে আগবাঢ়িলো। গাড়ীত উঠিবলৈ লৈ দুয়ো ৰৈ গ’লো। পুনৰ এবাৰ এৰি থৈ অহা ঠাইখিনিলৈ চাই পঠালো। ৰক্তিমে এটা হুমুনিয়াহ এৰিলে।
“আজি মোৰ এটা কথা বৰকৈ মনত পৰিছে লীনা।” ৰক্তিমে নীৰৱতা ভাঙিলে। মই ৰক্তিমলৈ চালো। তেওঁৰ দৃষ্টি দূৰৈত নিবদ্ধ হৈ আছে। “মাধৱৰাৱে এদিন কৈছিল…, কি কৈছিল জানা?”
এইবাৰ ময়ো দূৰলৈ চাই পঠালো। চাৱনিটো উদাস হৈ পৰিছে বুলি ধৰিব পাৰিছোঁ। “তেওঁ কৈছিল যে মুম্বাইলৈ গৈ চিনেমাত কাম কৰিব বুলি ঘৰ-বাৰী এৰি থৈ অহা তেওঁলোকৰ নিচিনা হাজাৰটা মানুহৰ চিতাৰ পৰা একো একোজন অমিতাভ বচ্চন, শ্বাহৰুখ খানৰ জন্ম হয়। এয়াই শাশ্বত, চিৰন্তন সত্য।” ৰক্তিম এখন্তেক ৰ’ল। পুনৰ নিজকে নিজে কোৱাৰ দৰে সৰুকৈ ক’লে— “আজি… তেৱোঁ যাবলৈ ওলাল… । হয়তোবা এতিয়ালৈ তেওঁ বিলীন হৈ পৰিছে আন এখন চিতাত!”
মোৰ মনটো ক্ষণিকৰ বাবে ব্যথিত হৈ পৰিল। মাধৱৰাওৰ দৰে হাজাৰজনৰ চিতাৰ পৰাই জন্ম হয় একো একোজন বিখ্যাত, জনপ্ৰিয় নায়কৰ! জানিবলৈ মন গ’ল মোৰ— সেই নায়কসকলে এনেদৰে এদিন অৱহেলিত, অনাদৃত হৈ মৃত্যুৰ ক্ষণ গণি থাকিবলগীয়া হোৱা মাধৱৰাওহঁতৰ দৰে চিনেমা জগতৰ সৰু সৰু মানুহবোৰৰ বাবে কিবা কৰণীয় আছে বুলি কাহানিবা ভাবেনে বাৰু?
❧ | অধিক গল্প: