“ছাৰ, সোমাব পাৰোঁনে?” দুৱৰীজনে সৌৰভক কোঠাটোত সোমাবলৈ দুৱাৰখন মেলি ধৰিলে যদিও সি শিষ্টাচাৰ দেখুৱাই দুৱাৰমুখতে থিয় হৈ ৰ’ল। ‘দৈনিক মাতৃভূমি’ কাকতৰ সাংবাদিক, প্ৰথিতযশা সাহিত্যিক অজ্ঞাত ফুকনে কিবা এটা লেখাত চকু ফুৰাই আছিল। তেওঁ কাকতখনৰ পৰা মূৰ দাঙি দুৱাৰমুখত সৌৰভক দেখি আহ্লাদিত হৈ উঠিল।
“অ’ সৌৰভ, আহাঁ, আহাঁ। মোৰ কোঠাত সোমাবলৈ তুমি অনুমতি ল’ব লাগে নেকি?”
ফুকনৰ বৃহৎ ছেক্ৰেটেৰিয়েট টেবুলখনৰ বিপৰীত দিশে থকা চকী এখনত সৌৰভ বহি পৰিল। বাহিৰত টিকা ফটা ৰ’দ। গা জ্বলি যোৱা গৰম। ফুকনৰ শীতাতপ নিয়ন্ত্ৰিত কোঠাটোত বহাৰ লগে লগে সৌৰভৰ দেহা শাঁত পৰি গ’ল।
“কোৱাচোন— ইমান দিনৰ মূৰত কিয় আহিলা?” ফুকনে চকুৰ পৰা চছমাযোৰ খুলি লেখাটোৰ ওপৰতে থ’লে।
“ছাৰ, আপোনাৰ কাকতত মই বিজ্ঞাপন এটা দিব খোজোঁ।”
“কিহৰ বিজ্ঞাপন?”
“কথাটো আপোনাক অলপ বুজাই ক’ব লাগিব। আপোনাৰ সময় অপব্যয় নহয়তো?”
“নহয়, কোৱা। হ’লেও তোমাৰ কাৰণে এইকণ সময় মই খৰচ কৰিব পাৰিম।”
সৌৰভে দহ টকা এটা বচাবলৈ প্ৰায় দুই কিল’মিটাৰ বাট খোজ কাঢ়ি আহিছিল। পিয়াহত তাৰ অণ্ঠ-কণ্ঠ শুকাই গৈছিল। সৌৰভে হেণ্ডবেগটোৰ পৰা পানীৰ বটলটো উলিয়াই ঘট্ ঘট্কৈ কেইঢোকমান পানী খাই ল’লে। তাৰ পাছত হাতৰ তলুৱাৰেই কোৱাৰি দুটা মচি ক’লে— “ছাৰ, মই মোৰ গল্পবিলাক বিক্ৰী কৰিব খোজোঁ।”
“মানে?”
“মানে কথাটো এনেকুৱা— মোৰ প্ৰতিটো গল্পৰ বাবদ যিয়ে মোক পোন্ধৰ হাজাৰকৈ দিব, তেওঁক মোৰ গল্পবোৰ দি থাকিম। সেইবোৰ পাছত তেওঁ নিজৰ নামত য’ত প্ৰকাশ কৰে কৰি থাকিব। কথাটো মই চিৰদিন গোপনে ৰাখিম।”
ফুকনে বৰ্তমান সৌৰভৰ আৰ্থিক অৱস্থাটোৰ কথা জানে। সি এই কামটো কিয় কৰিবলৈ ওলাইছে, তেওঁ ভালদৰেই বুজি পালে। সেয়ে তেওঁ তাক আন এটা কথা সুধিলে— “নিজৰ সৃষ্টিকৰ্মসমূহ এনেকৈ আনৰ নামত ওলালে তোমাৰ বেয়া নালাগিবনে?”
“বেয়াতো লাগিবই। কিন্তু ইয়াৰ বাহিৰে যে মোৰ উপায় নাই।”
“কিন্তু তুমি আমাৰ ইয়াত এনেকুৱা মানুহ পাবা জানো?”
“নিশ্চয় পাম। এতিয়া অসমত টকা থকা মানুহৰ অভাৱ নাই। এওঁলোকৰ বহুতে নিজকে চহকী হিচাপে পৰিচয় দিয়াৰ লগতে সামাজিক পৰিচিতি এটাও বিচাৰে। আৰু ইয়াৰ কাৰণে এওঁলোকে পইচা খৰচ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰে। হাত খুলি খৰচ কৰিবলৈ প্ৰস্তুত হৈ থাকে।”
“ঠিক আছে। তুমি বিজ্ঞাপনটো লৈ আহিছা নেকি?”
“আনিছোঁ ছাৰ। এইটো—।” সৌৰভে বেগৰ পৰা কাগজ এখিলা উলিয়াই ফুকনৰ হাতলৈ আগবঢ়াই দিলে। তাৰ বিজ্ঞাপনটোৰ শিৰোনাম আছিল— ‘সহজে লেখক হ’ব খোজে নেকি?’ ফুকনে সেইটো পঢ়ি চাই সৌৰভক ঘূৰাই দি ক’লে—“তুমি এইটো এতিয়া আমাৰ বিজ্ঞাপন বিভাগত দি দিয়াগৈ।”
“ছাৰ, এইটোত কিমানমান খৰচ পৰিব?”
“হ’ব, তুমি এইটোৰ কাৰণে পইচা দিব নালাগে। মই মেনেজ কৰিম সেইটো।”
নিৰ্দিষ্ট বিভাগত বিজ্ঞাপনটো জমা দি সৌৰভ ‘দৈনিক মাতৃভূমি’ কাকতৰ কাৰ্যালয়ৰ পৰা ওলাই আহিল। সি পহিলাতে এইখন কাকততে ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে চাকৰি কৰিছিল। তেতিয়াৰ পৰাই ফুকনৰ লগত তাৰ ঘনিষ্ঠ সম্পৰ্ক। তেওঁ তাক হাতত ধৰি কাম শিকাইছিল। ফুকন তাৰ ফ্ৰেণ্ড, ফিল’ছফাৰ এণ্ড গাইড আছিল। কিন্তু এই কাকতখনত সি মাত্ৰ তিনি বছৰহে আছিল। বেলেগ এখন কাকতে তাক সৰহকৈ দৰমহা দিয়াৰ টোপ দি এইখন কাকতৰ পৰা ‘হাইজেক’ কৰিছিল। দিছিলোঁ। কিন্তু লক ডাউনৰ সময়তে কাকতখন বন্ধ হৈ যোৱাত তাৰ এতিয়া চলিবলৈ উপায় নোহোৱা হৈছে। পানীত হাঁহ নচৰা অৱস্থা। কিয়নো কাকতবোৰৰ চাৰ্কুলেচন কমি যোৱাত, সেইবোৰ লোকচানৰ সন্মুখীন হোৱাত কোনো কাকতেই নতুন মানুহ নোলোৱা হ’ল। ক’তো চাকৰি বিচাৰি নাপাই সৌৰভ হতাশ হৈ পৰিছিল। তাৰ জমা টকা প্ৰায় শেষ। আনহাতে সৌৰভ এজন প্ৰতিষ্ঠিত গল্পকাৰো। প্ৰতিখন কাকত-আলোচনীতে তাৰ নিয়মিত গল্প প্ৰকাশ পাই থাকে। তাৰ এতিয়ালৈকে পাঁচখন গল্পপুথি প্ৰকাশ পাইছে। সি ইতিমধ্যে কেইবাটাও পুৰস্কাৰ, বঁটা-বাহন লাভ কৰিছে। দেশৰ বিভিন্ন ঠাইলৈ গল্প পাঠ কৰিবলৈ আমন্ত্ৰিত হৈছে। গল্পৰ কৰ্মশালা, ছেমিনাৰ আদিত সমল ব্যক্তি হিচাপে সন্মানিত হৈছে। কাকত-আলোচনীবোৰৰ বিহু আৰু পূজা সংখ্যাবোৰত তাৰ গল্প নাথাকিলেই নহয়। তাৰ গল্প থাকিলেহে সেইবোৰৰ বিক্ৰী ভাল হয়।
কিন্তু গল্প লিখি সৌৰভে যিকেইটা পইচা পায়, তাৰে মহানগৰীত চলাটো সম্ভৱ নহয়। ইপিনে সি ঘৰলৈও পইচা পঠাব লাগে। ভায়েক-ভনীয়েক দুয়োটাই কলেজত পঢ়ি আছে। মাক ৰুগ্না। দেউতাক সি মহানগৰীলৈ অহাৰ আগেয়েই ঢুকাল। আৰু সবিতা? ইয়াত ভালদৰে থিত লোৱাৰ পাছতে সি তাইক মনৰ কথাখিনি ক’ব বুলি ভাবিছিল। কিন্তু এতিয়া সেই সপোন ভাগি চূৰমাৰ হৈ গৈছে।
আকাশৰ সীমা
প্ৰশান্ত কুমাৰ নেওগ
সৌৰভে অজ্ঞাত ফুকনক আশ্বাস দি আহিছিল যদিও সিয়ো পেটে পেটে ভয় খাই আছিল তাৰ বিজ্ঞাপনটোলৈ কোনেও সঁহাৰি নজনাব বুলি। কিন্তু সেইটো প্ৰকাশ পোৱাৰ দিনাই গধূলি পৰত তালৈ এটা ফোন আহিল— “মোৰ নাম বিবেকানন্দ চৌধুৰী। আপোনাৰ বিজ্ঞাপনটোৰ প্ৰতি মই আগ্ৰহী। কিন্তু আপুনি গল্পৰ দামটো অলপ বেছি কৈছে।”
সৌৰভে পটু ব্যৱসায়ীৰ দৰে ক’লে— “চাওক মহাশয়, এটা গল্প লিখিবলৈ কিমান মূৰৰ ঘাম মাটিত পেলাব লাগে, এজন লেখকেহে জানে। আপুনি বিনাকষ্টেৰে এটা গল্প পাব। গল্পটো প্ৰকাশ হোৱাৰ লগে লগে আপুনি লেখক হিচাপে পৰিচিত হ’ব। আৰু কি ঠিক, আপোনাৰ গল্পই এসময়ত ডাঙৰ পুৰস্কাৰ-চুৰস্কাৰো পাই যাব পাৰে। তেতিয়াতো আপুনি একেৰাতিতে বিখ্যাত হৈ যাব।”
“কিন্তু আপোনাৰ গল্প সম্পাদকসকলে প্ৰকাশৰ উপযুক্ত বিবেচনা নকৰিবও পাৰে। তেতিয়া?”
“এই ক্ষেত্ৰত আপুনি এশ শতাংশই নিশ্চিত থাকক। আপুনি যি কাকত-আলোচনীলৈকে গল্প নপঠিয়াওক কিয়, প্ৰকাশ পাবই। আৰু যদি প্ৰকাশ নাপায়, আপোনাক মই আধা পইচা ঘূৰাই দিম।”
“তেতিয়াও দেখোন মোৰ লোকচান হ’ব।”
“চাওক মিঃ চৌধুৰী, ব্যৱসায়ত ৰিস্ক ল’বই লাগিব। ন’ ৰিস্ক, ন’ গেইন।”
“ঠিক আছে। আপুনি মোক গল্প কেতিয়া দিব?”
“আপোনাক যেতিয়া লাগে।”
“পৰহিলৈ দিব পাৰিবনে?”
“পাৰিম। মাত্ৰ আপুনি এডভান্স হিচাপে মোৰ একাউণ্টত আজিয়েই দহ হাজাৰ ভৰাই দিব।”
“ঠিক আছে।”
পাছদিনা সৌৰভৰ লগত আৰু দুজন গ্ৰাহকে যোগাযোগ কৰিলে। তাৰ পাছদিনা আৰু দুজনে। তাৰ পাছদিনা আৰু তিনিজনে। এনেকৈ এসপ্তাহৰ ভিতৰতে তাৰ পোন্ধৰজন গ্ৰাহক গোট খালে। সৌৰভে মনতে এটা পৰিকল্পনা কৰিলে— সি মাহত মাত্ৰ চাৰিটা গল্পহে লিখিব। কিয়নো সি যিহেতু প্ৰতিজন গ্ৰাহকৰ পৰা এক বুজন পৰিমাণৰ ধন ল’ব, গতিকে গল্পবোৰৰ মানো উচ্চ হ’ব লাগিব। পইচাৰ লোভত সি পাল মাৰি লিখিলে নহ’ব। তাৰ ব্যৱসায়টোত এইখিনি সততা সি অন্ততঃ বজাই ৰাখিব পাৰিব লাগিব। আৰু বৰ্তমান অৰ্থনীতিৰ এই মন্দাৱস্থাৰ সময়ত ঘৰতে বহি বহি মাহে ষাঠী হাজাৰ টকা পাই থকাটো ধেমালি কথা নহয়, এটা ডাঙৰ লাভ, ভালেই উপাৰ্জন।
সৌৰভৰ প্ৰতিভা অফুৰন্ত, লিখাৰ ক্ষমতা অপৰিসীম। সি একেটা বৈঠকতে দুই-তিনি হাজাৰ শব্দৰ একোটা গল্প লিখি শেষ কৰি দিব পাৰে। বিগত দহ বছৰত সৌৰভে প্ৰায় তিনিশ গল্প লিখিলে। তাৰ ডায়েৰিত এতিয়াও প্ৰায় এহেজাৰ গল্পৰ প্লট পৰি আছে। সৌৰভৰ মনলৈ নিতৌ নতুন নতুন গল্পৰ প্লট আহিয়েই থাকে। সেইবোৰ পাহৰি যায় বুলি সি ডায়েৰি এখনত টুকি থয়। গতিকে গল্পবোৰ লিখি যাবলৈ সৌৰভৰ একো অসুবিধা নহ’ল। মাত্ৰ একেৰাহে লিখি থাকিব লগা হোৱাত মাজে মাজে হাতৰ বিষ উঠিল।
সৌৰভে বিক্ৰী কৰা প্ৰথম গল্পটো অজ্ঞাত ফুকনৰ কাকতখনতে ওলাল। গল্পটো সম্পাদনা কৰিবলৈ লওঁতেই ফুকনে গম পাইছিল— সেইটো সৌৰভৰ গল্পই হ’ব। কিয়নো তাৰ গদ্যশৈলী আৰু লিখাৰ ষ্টাইল সম্পৰ্কে তেওঁ ইতিমধ্যে ভালদৰেই অৱগত হৈ গৈছে। গল্পটো প্ৰকাশ পোৱাৰ দিনাই ফুকনে সৌৰভলৈ ফোন কৰি ক’লে— “তোমাৰ গল্পটো বৰ ভাল হৈছে সৌৰভ।”
সৌৰভে সেমেকা হাঁহি এটা মাৰি ক’লে— “ছাৰ, মইনো ক’ত গল্প লিখিলোঁ? মই দেখোন বহু দিন গল্প লিখাই নাই।”
“কিয়, বিবেকানন্দ চৌধুৰীৰ গল্পটো তোমাৰেই গল্প নহয় জানো?”
“ওহোঁ, সেইটো আৰু এতিয়া মোৰ গল্প হৈ থকা নাই। যাৰ নামত প্ৰকাশ পাইছে, তেওঁৰহে গল্প।”
“তথাপি কথাটো মই সহ্য কৰিবলৈ টান পাইছোঁ।”
“আপুনি মন বেয়া নকৰিব ছাৰ। মানুহে কেতিয়াবা পৰিস্থিতিৰ দাস হৈ ইয়াতকৈও নকৰিবলগীয়া কাম কৰিব লগা হয়। মই ড্ৰাগছ বা পৰীক্ষাৰ প্ৰশ্ন কাকত বেচি ব্যৱসায় কৰা নাই। সমাজৰ উপকাৰী প্ৰডাক্ট এটাহে বিক্ৰী কৰিছোঁ। তাকো নিজে সৃষ্টি কৰা।” কথা বঢ়াৰ ভয়ত সৌৰভে ‘আজিলৈ এৰিছোঁ ছাৰ, পাছত কেতিয়াবা কথা পাতিম’ বুলি ফোনটো কাটি দিলে।
দুবছৰৰ ভিতৰতে সৌৰভৰ হাতলৈ এক বুজন পৰিমাণৰ ধন আহিল। কিয়নো এই সময়খিনিৰ ভিতৰতে তাৰ গ্ৰাহক বাঢ়ি বাঢ়ি সাতাইছজন হ’লগৈ। তাৰ গল্পৰ চাহিদা বাঢ়ি যোৱাত সি গল্পৰ দৰো বঢ়াই দিলে। পোন্ধৰৰ ঠাইত বিছ হাজাৰ কৰিলে। আজিকালি মাহত সি পাঁচটাকৈ গল্প লিখে। কেতিয়াবা সৌৰভে এই গল্পকেইটাৰ উপৰি নিজৰ কাৰণেও এটা গল্প লিখে। কিন্তু কি হয়— তেনেকুৱাতে কোনোবা গ্ৰাহক এজনে কিবা জৰুৰী প্ৰয়োজনত তাক গল্প খুজি জোৰকৈ ধৰে। সি ইয়াৰ সুযোগ পূৰাদমেই লয়। সেইটো গল্প সৌৰভে বিছৰ ঠাইত পঁচিছ হাজাৰত বিক্ৰী কৰে।
সৌৰভৰ এতিয়া সচ্ছল জীৱন— দামী সাজ-পোছাক, স্মাৰ্ট ফোন, বিদেশী ঘড়ী, বিলাসী গাড়ী, ফ্লেট…। সু খাদ্য আৰু নিশ্চিন্ত জীৱনে তাৰ চেহেৰাতো আভিজাত্যৰ ৰং ছটিয়ালে। সৌৰভৰ এতিয়া নিজৰে বিশ্বাস নহয়— এদিন যে সি পইচাৰ অভাৱত এসাঁজ খাই আনসাঁজ লঘোনে আছিল। ছাৰ্ফ-চাবোন কিনিব নোৱাৰি কেইবাদিনলৈকে মলিয়ন কাপোৰ পিন্ধিছিল। অসুখ-বিসুখ হ’লে এল’পেথিক দৰবৰ সলনি হোমিওপেথি বা বন দৰব ব্যৱহাৰ কৰিছিল। বিনাচেনিৰ লালচাহ খাইছিল। বহু দূৰ খোজকাঢ়িয়েই ঘূৰি ফুৰিছিল। ৰিছাৰ্জ কৰিব নোৱাৰি বন্ধু-বান্ধৱৰ ফোনৰ পৰা কথা হৈছিল…। লেখক হিচাপে সৌৰভে দুখীয়া-নিছলা মানুহৰ দৰিদ্ৰতাৰ ছবি অনেক গল্পত অংকন কৰিছে। কিন্তু নিজৰ জীৱনতো যে কেতিয়াবা এনেকুৱা হ’ব পাৰে, সি কাহানিও ভবা নাছিল। হতাশ-জৰ্জৰ দিনবোৰত তাৰ কেতিয়াবা এনেকুৱা লাগিছিল যেন সি আত্মহত্যাৰ পথকে বাছি ল’ব। কিন্তু পাছ মুহূৰ্ততে সি মনটো ডাঠ কৰি লৈছিল— নাই, নাই। এই অমূল্য জীৱন অথলে নিয়াব নোৱাৰি। এদিন নহয় এদিন সি সফলতাৰ সোপান নিশ্চয় বগাব।
বল্মীক
সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা
সৌৰভে গাঁৱৰ ভগ্নপ্ৰায় ঘৰখন চকুত লগাকৈ সজালে। ভায়েক-ভনীয়েক দুয়োটাই ব্যৱহাৰ কৰিব পৰাকৈ স্কুটি এখন লৈ দিলে। মাকক অলপ দিন তাৰ লগত ৰাখি ভাল ডাক্তৰ এজনৰ হতুৱাই চিকিৎসা কৰোৱাই সুস্থ কৰি তুলিলে। সৌৰভৰ জীৱনটো খৰালিৰ নৈ এখনৰ দৰে মসৃণ গতিৰে বৈ যাবলৈ ধৰিলে। কিন্তু তেনেতে এদিন হঠাৎ…।
সেইদিনা ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি সৌৰভ টেবুলত বহিছিলহে, তেনেতে তাৰ ড’ৰবে’লটো ঘনাই ঘনাই বাজি উঠিল। সি দুৱাৰখন কাণি-দুৱৰীকৈ মেলি ধৰি দেখিলে— বাহিৰত কেইজনমান আৰক্ষীৰ লোক। সি আচৰিত হ’ল। তাৰ ঘৰত এই পুৱাই পুৱাই পুলিছ। সি কি অপৰাধ কৰিলে?
“আপুনি সৌৰভ দুৱৰা হয়নে?” বিষয়া পৰ্যায়ৰ আৰক্ষীজনে তাক সুধিলে।
“হয়, আহক ভিতৰলৈ।”
কনিষ্টবলকেইজন বাহিৰতে থাকিল। অকল আৰক্ষী বিষয়াজন ড্ৰয়িংৰুমলৈ সোমাই আহিল। তেওঁ বহাৰ পাছত সৌৰভে তেওঁক উৎকণ্ঠাৰে সুধিলে— “কিয় আহিল কওকচোন।”
বিষয়াজনে হাতত লৈ থকা পিতলৰ টুপ লগোৱা লাখুটিডাল এক বিশেষ কায়দাৰে, চেৰেকী ঘূৰোৱাদি ঘূৰাই ঘূৰাই ক’লে— “আপোনাৰ ওপৰত মানুহ এজনে আমাক কমপ্লেইন দিছে।”
“কমপ্লেইন, কিহৰ কমপ্লেইন?”
“আপুনি না চাকৰি কৰে, না ব্যৱসায় কৰে অথচ আপোনাৰ এই বিলাসী জীৱন। আপোনাৰ ইনকম ছ’ৰ্চ কি আমি জানিব খোজোঁ।”
“মই এটা ব্যৱসায় কৰোঁ।”
“কি ব্যৱসায়?”
“সেইটো কথা আপোনাক মই কেতিয়াও ক’ব নোৱাৰোঁ।”
“কিয়?”
“কাৰণ এইটো এটা গোপন ব্যৱসায়।”
“তেনেহ’লে আপুনি অবৈধ অস্ত্ৰ-শস্ত্ৰ, ড্ৰাগছ, সুৰা আদিৰ ব্যৱসায় কৰে?”
“নকৰোঁ। মই যিসকল লোকৰ লগত ব্যৱসায়টো কৰোঁ, সেইসকল লোকৰ লগত আগতে চুক্তি কৰি লৈছোঁ ব্যৱসায়টোৰ কথা গোপনে ৰখাৰ।”
“মিছা কথা। আমি আপোনাৰ ঘৰ খানাতালাচী কৰিম।”
“ছাৰ্ছ ৱাৰেণ্ট আনিছে?”
“আনিছোঁ। এয়া চাওক।” আৰক্ষী বিষয়াজনে ইউনিফৰ্মৰ জেপৰ পৰা কাগজ এখন উলিয়াই সৌৰভৰ হাতত তুলি দিলে। সি সেইখন পঢ়ি চাই বিষয়াজনক ঘূৰাই দি ক’লে— “ঠিক আছে। আপোনালোকে চলাওক খানাতালাচী। কিন্তু আপোনালোকৰ একো লাভ নহ’ব।”
আৰক্ষী বিষয়াজনৰ নিৰ্দেশত বাৰাণ্ডাত ৰৈ থকা পুলিচ কনিষ্টবলকেইজনে তড়িৎ গতিৰে সৌৰভৰ গোটেই ঘৰটোতে খানাতালাচী চলালে যদিও আপত্তিজনক একো বস্তু নাপালে। কথাটোত বিষয়াজন যথেষ্ট হতাশ হ’ল। তেওঁ এইবাৰ সৌৰভক ক’লে— “আমি আপোনাৰ একাউণ্ট ছেক কৰিম।”
“কৰক।” সৌৰভে নিৰ্ভয়ে তাৰ স্মাৰ্ট ফোনটো আৰক্ষী বিষয়াজনলৈ আগবঢ়াই দিলে। বিষয়াজনে সৌৰভৰ একাউণ্টলৈ যিকেইজন ব্যক্তিৰ পৰা ধন আহিছে, সেই আটাইকেইজন ব্যক্তিৰে নাম আৰু ফোন নম্বৰ সংগ্ৰহ কৰি তেওঁলোকৰ লগত যোগাযোগ কৰিলে। কিন্তু এই ক্ষেত্ৰতো তেওঁ বিফল হ’ল। কিয়নো সেই আটাইকেইজন ব্যক্তিৰে এজনো অপৰাধী নহয়। তেওঁলোকৰ নামত একো অসামাজিক কামত লিপ্ত হোৱাৰ তথ্য নাই। বৰঞ্চ সেই আটাইকেইজন ব্যক্তিয়েই সমাজৰ একো একোজন প্ৰতিষ্ঠিত ব্যক্তি— কোনোবাজন সফল ব্যৱসায়ী, কোনোবাজন মহাবিদ্যালয়ৰ শিক্ষক, কোনোবাজন ৰাজনৈতিক নেতা, কোনোবাজন অভিযন্তা, কোনোবাজন ৰাজপত্ৰিত বিষয়া…। সৰ্বোপৰি তেওঁলোক প্ৰতিজনেই একোজন গল্প লেখক। আৰক্ষী বিষয়াজনে বিফল মনোৰথ হৈ সৌৰভক ফোনটো ঘূৰাই দিলে। তেওঁ তালৈ এইবাৰ আন এপাট অস্ত্ৰ এৰিলে— “তথাপি আপুনি এবাৰ থানালৈ যাব লাগিব।”
সৌৰভৰ এইবাৰ খং উঠিল— “আপোনালোকেতো একো প্ৰমাণ নাপালে? তেনেহ’লে মই কিয় থানালৈ যাব লাগে?”
“এইটো আমাৰ নিয়ম।”
সৌৰভে বুজিলে— বিষয়াজনে তেওঁৰ ক্ষমতাৰ বাহাদুৰি দেখুৱাব খুজিছে। সিয়ো তাকে কৰিলে। সৌৰভে তাৰ গল্পৰ গ্ৰাহক, এজন উচ্চপদস্থ আৰক্ষী বিষয়ালৈ ফোন কৰি গোটেই কথাখিনি এই বিষয়াজনৰ সমুখতে বিৱৰি ক’লে। উচ্চপদস্থ বিষয়াজনে সৌৰভক ফোনটো এই বিষয়াজনক দিবলৈ কোৱাত সি সেইটো লাউড স্পিকাৰত দি তেওঁলৈ আগবঢ়াই দিলে। উচ্চপদস্থ বিষয়াজনে ফোনতে এই বিষয়াজনক ইমানেই ধমকি দিলে যে তেওঁৰ মুখখন কেঁহেৰাজৰ দৰে হৈ গ’ল। বিষয়াজনে সৌৰভক ফোনটো ঘূৰাই দি ক’লে— “ছৰি, বেয়া নাপাব। আপোনাক মিছামিছিকৈ দিগদাৰ দিলোঁ।”
“একো নাই, এয়া আপোনালোকৰ ডিউটিহে কৰিছে।” সৌৰভৰ মুখেৰে এটা বিদ্ৰূপাত্মক হাঁহি বাগৰি গ’ল।
আৰক্ষী বিষয়াজন বহাৰ পৰা উঠাৰ আগমুহূৰ্তত সৌৰভে তেওঁক সুধিলে— “মই জানিব পাৰোঁ নেকি মোৰ ওপৰত কোনে কমপ্লেইন দিছিল?”
“ছৰি মিষ্টাৰ দুৱৰা। আমিও আপোনাক এই কথা ক’ব নোৱাৰিম। কাৰণ আমিও ব্যক্তিজনৰ নাম গোপনে ৰাখিম বুলি তেওঁক প্ৰতিশ্ৰুতি দি থৈছোঁ।”
সৌৰভে ভালদৰেই জানে— মৰা মানুহক জীওৱাৰ বাহিৰে বাকী সব কামেই এতিয়া পইচাৰ জোৰত কৰিব পাৰি। সেয়ে সি বিষয়াজনক চিধা টোপ দিলে— “আপোনাক মই এটা উপযুক্ত মাননি দিম। আপুনি মাত্ৰ মোক মানুহজনৰ নামটো কওক।”
খন্তেক আগলৈকে হতাশা আৰু অপমানেৰে জৰ্জৰিত হৈ থকা বিষয়াজনৰ মুখখন হঠাতে পোহৰ হৈ উঠিল। এইবাৰ তেওঁ বিদ্ৰূপাত্মক হাঁহি এটা মাৰি ক’লে— “আপুনি মোক ভুল বুজিছে মিষ্টাৰ দুৱৰা। নাভাবিব সকলো আৰক্ষী বিষয়াই পইচাৰ লুভীয়া বুলি। আমাৰ মাজত এতিয়াও অনেক সৎ আৰক্ষীৰ লোক আছে— যিসকলৰ কাৰণে সমাজখনে অলপ হ’লেও ন্যায় পাই আছে। আৰক্ষীৰ মানুহ মাত্ৰেই লোভী, নৃশংস, দুৰ্নীতিপৰায়ণ— এয়া সম্পূৰ্ণ শুদ্ধ ধাৰণা নহয়।”
সৌৰভে বৰ লাজ পালে। সি তলমূৰ কৰিলে। আৰক্ষী বিষয়াজনে পুনৰ ক’লে— “চাওক মিষ্টাৰ দুৱৰা, আমি পুলিছৰ মানুহবোৰে জনসাধাৰণৰ ছাইক’লজি ভালদৰেই বুজি পাওঁ। আপুনি এজন সৎ মানুহ। অজাতশত্ৰু। এনেস্থলত এই কথাটোৱে আপোনাক নিশ্চয় আঘাত দিছে। আপোনাক কোনে, কিয় অপকাৰ কৰিব খুজিছে, তাক জানিবলৈ আপোনাৰ মন যোৱাটো একো অস্বাভাৱিক কথা নহয়। আপোনাৰ মানসিক অৱস্থাটো অনুধাৱন কৰিয়ে মই আপোনাক মানুহজনৰ নামটো ক’ম, কিন্তু তাৰ বিনিময়ত আপুনি মোক পইচাৰ সলনি বেলেগ এটা বস্তু দিব লাগিব।”
“কি বস্তু?” সৌৰভৰ মাতটো ৰুগীয়া মানুহৰ মাতৰ দৰে শুনা গ’ল। সি এতিয়াহে ওপৰ মূৰ কৰিলে।
“প্ৰতিশ্ৰুতি।”
“কিহৰ?”
“সেই মানুহজনক এই বিষয়ে আপুনি একো সুধিব নোৱাৰিব, তেওঁৰ ওপৰত কোনো মানহানি কে’ছ তৰিব নোৱাৰিব।”
“হ’ব, আপোনাক মই কথা দিলোঁ।”
আৰক্ষী বিষয়াজন অলপ সময় মৌন হৈ ৰ’ল। সৌৰভে উৎকণ্ঠাৰে তেওঁৰ মুখলৈ চাই ৰ’ল। ইয়াৰ পাছত বিষয়াজনে যিটো নাম উচ্চাৰণ কৰিলে, সেইটো শুনি সৌৰভ উচপ খাই উঠিল। সি যেন নিজৰ কাণ দুখনকে বিশ্বাস কৰিব নোৱাৰিলে। বিষয়াজনে নামটো ভুলকৈ কোৱা নাইতো?
আৰক্ষী বিষয়াজনে সৌৰভক পুনৰ এবাৰ কৰমৰ্দন কৰি, ‘আপুনি নিশ্চিন্তমনে ব্যৱসায় চলাই যাওক’ বুলি কৈ তাৰ পৰা বিদায় ল’লে। সৌৰভে দুৱাৰখন বন্ধ কৰি ড্ৰয়িংৰুমৰ ছোফা এখনতে ধপচকৈ বহি পৰিল। তাক বৰ ভাগৰুৱা মানুহৰ দৰে দেখা গ’ল। তাতে সি চিন্তাৰ সাগৰত ডুব মাৰিলে। আনে কৰিলেও অজ্ঞাত ফুকনে তাৰ লগত এই কামটো কেতিয়াও কৰিব নালাগিছিল। তেওঁ কিয় কৰিলে এই কামটো? তাৰ প্ৰতি ঈৰ্ষান্বিত হৈ? কিন্তু তেওঁ তাক কিয় ঈৰ্ষা কৰিব? তেওঁ তাতকৈ বহু ওপৰৰ মানুহ। এতিয়া সি তেওঁৰ প্ৰতিদ্বন্দ্বী হোৱাৰো সম্ভাৱনা নাই। কিয়নো এতিয়া দুয়োৰে কৰ্মক্ষেত্ৰ বেলেগ। লক্ষ্যও বেলেগ। এয়া নিশ্চয় মানুহৰ অদৃশ্য, জটিল আৰু ৰহস্যঘন মনস্তত্ত্বৰে পৰিচয়। সৌৰভে ইয়াৰ পাছৰ গল্পটো এই বিষয়টোৰ ওপৰতে লিখাৰ কথা ভাবিলে। সি লগে লগে প্লটটো ডায়েৰিখনত লিখি থ’লে।
বৈকুণ্ঠ প্ৰয়াণ
সপোনজ্যোতি ঠাকুৰ
সৌৰভে আধা লিখি থোৱা গল্পটো পুনৰ উলিয়াই ল’লে যদিও সি আজি লিখাত মন বহুৱাব নোৱাৰিলে। সি ইমান দিনে ভক্তি কৰি অহা মানুহজনলৈ তাৰ আজি খং উঠিল। মানুহ ইমান হিংসুক হ’ব পাৰেনে? সি সৎ পথেৰে এটা ব্যৱসায় কৰিছে, তাতো মানুহৰ শেনচকু। কিন্তু পাছ মুহূৰ্ততে কথাটো সি মনৰ পৰা বাহিৰ কৰি দিলে। অজ্ঞাত ফুকনে আগেয়ে তাক বহুক্ষেত্ৰত সহায় কৰি থৈছে। সেয়ে সি তেওঁক ক্ষমা কৰি দিলে। তেওঁৰ প্ৰতি কৃতজ্ঞ হৈয়ে থাকিল।
সৌৰভে গল্প বেচাৰ মাজে মাজে চৰকাৰী চাকৰি এটাৰ কাৰণে ইণ্টাৰভিউ দি থাকিল। কিয়নো সি ভালদৰেই বুজি পাইছিল— তাৰ লিখাৰ ক্ষমতা সদায় একেদৰে নাথাকিবও পাৰে। অসুখ-বিসুখ হৈ সি যদি দীৰ্ঘদিন বিছনাত পৰি থাকে, তাৰ উপাৰ্জনৰ পথ বন্ধ হৈ যাব। তেতিয়া সি চলিব কেনেকৈ? জমা টকা শেষ হ’বলৈ সৰহ দিন নালাগে। কিন্তু ইণ্টাৰভিউ দি দি তাৰ এসময়ত আমনি লাগিল। সি বুজিলে—তাৰ নিচিনা মধ্যমীয়া মেধাৰ ল’ৰা এটাই চিধা আঙুলিৰে ঘিঁউ উলিয়াব নোৱাৰে, আঙুলি বেঁকা কৰিবই লাগিব। তেনেকুৱাতে এদিন সৌৰভে পূৰ্বতে চাকৰি কৰা, বন্ধ হৈ যোৱা বাতৰি কাকতখনৰ সম্পাদকজনে তালৈ ফোন কৰিলে। তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ প্ৰেছ কাউন্সিলৰ এজন সদস্য হিচাপে নিযুক্তি পাইছিল। কুশল-বাৰ্তাৰ প্ৰাথমিক কথাখিনি শেষ হোৱাৰ পাছত প্ৰাক্তন সম্পাদকে সৌৰভক চিধা ক’লে— “তোমাক মই চাকৰি এটা দিব পাৰোঁ। কিন্তু তাৰ কাৰণে তুমি মোক পাঁচ লাখ দিব লাগিব। দিব পাৰিবানে?”
সৌৰভে তাজ্জুপ মানিলে। আগেয়ে কথাই কথাই নীতি-আদৰ্শৰ কথা কোৱা মানুহজন দেখোন এতিয়া চাকৰিৰ দালাল। হায় আদৰ্শ, হায় বিবেক। সৌৰভ মনে মনে থকা দেখি প্ৰাক্তন সম্পাদকে পুনৰ ক’লে— “তুমি এতিয়া আঢ়ৈ লাখ দিলেও হ’ব। বাকীখিনি বাৰু চাকৰি হোৱাৰ পাছত দিবা। মোৰ প্ৰস্তাৱটোত যদি তুমি মান্তি আছা, মোক সোনকালে জনাবা। তোমাৰ প্ৰতি মোৰ সদিচ্ছা আছে কাৰণেহে প্ৰথমে তোমাকেই কথাটো ক’লোঁ। নহ’লে এইটো চাকৰিৰ কাৰণে দহ লাখ দিবলৈও বহুত প্ৰস্তুত আছে।”
সৌৰভৰ কাৰণে পাঁচ লাখ টকা এতিয়া একো ডাঙৰ অংক নহয়। নিজে নিজে অহা এই সোণালী সুযোগটো সি হাতচাৰা হ’বলৈ নিদিলে।
“মই পইচা দিম ছাৰ। কিন্তু এটা কথা।”
“কোৱা।”
“ঘোচ লোৱাতকৈ দিয়াটো হেনো বেছি অপৰাধ। গতিকে আপোনাক ঘোচ দিলে মই জানো অপৰাধী হৈ নাযাম?”
“তুমি ধৰা পৰিলেহে অপৰাধী হ’বা। আমি ধৰা নপৰাকৈ কামটো কৰিম আকৌ।”
“তথাপি বিবেকৰ বিচাৰ বুলিতো কথা এটা আছে।”
“সেইবোৰ গুলী মাৰা। সেইবোৰ এতিয়া অচল টকা। অসমীয়াত এষাৰ কথা আছে নহয়— ছল চাই চাপৰি বজাবা। এতিয়া এইটোৰে যুগ।”
সৌৰভে বুজিলে— প্ৰাক্তন সম্পাদক এই এবছৰতে এজন পটু দালাল হৈ গৈছে। সি আৰু কথা নবঢ়াই ক’লে— “ঠিক আছে ছাৰ। মই আপোনাৰ কথা মানি লৈছোঁ।”
“ইউ আৰ ম’ষ্ট ৱেলকাম।”
সৌৰভৰ জীৱনৰ ডাঙৰ কথা এটা প্ৰায় অনায়াসেই সমাধা হৈ যোৱাত তাৰ মন আনন্দেৰে ভৰি পৰিল। তাৰ মুখেৰে এটা গীতৰ কলি আপোনা-আপুনি ওলাই আহিল— মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে, ভাবিব কোনেনো কোৱা সমনীয়া…।
কিন্তু পাছ মুহূৰ্ততে সৌৰভৰ বিবেক দংশন আৰম্ভ হ’ল। তাৰ অতি দুৰ্দিনতো সি এই কামটো কেতিয়াও কৰিব বুলি ভবা নাছিল। সততা তাৰ জীৱনৰ মূল মন্ত্ৰ আছিল। বিবেক আছিল চিন্তাৰ সাৰথি, নৈতিকতা চৰিত্ৰৰ ভূষণ। সি এইবোৰ ক’ত হেৰুৱালে? কেতিয়া জলাঞ্জলি দিলে? নে সি সোঁতৰ বিপৰীতে যুঁজাৰ মানসিকতা হেৰুৱাই পেলাইছে? কিন্তু এই চাকৰিটো সি নিকিনিলেও আন কোনোবাইতো কিনিব। আস, এতিয়া সমাজৰ সৰহভাগ মানুহেই সুবিধাবাদী হৈ পৰিছে। এওঁলোকৰ ভিতৰত নাই কোন? সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি সাংবাদিক, বুদ্ধিজীৱী, সাহিত্যিক, শিক্ষক, অধ্যাপকলৈকে সকলো আছে। তেনেস্থলত সি কোন কুটা? নাই নাই, এইবোৰ অযথা কথা চিন্তা কৰি একো লাভ নাই। সৌৰভে মনটো পাখি কটালি দি গল্পৰ বহীখন উলিয়াই ল’লে। নয়ন চৌধুৰী নামৰ গ্ৰাহক এজনক আজিয়েই গল্প এটা দিয়াৰ তাৰিখ আছে তাৰ। সৌৰভে চাকৰি পোৱা কথাটো অজ্ঞাত ফুকনে কেনেবাকৈ গম পাইছিল। সি এতিয়াও গল্প বেচি থকা দেখি এদিন তেওঁ তালৈ ফোন কৰি ক’লে— “তোমাৰতো এতিয়া স্থায়ী উপাৰ্জনৰ পথ এটা ওলাল, এনেস্থলত তুমি এতিয়া গল্পবোৰ নিজৰ নামত প্ৰকাশ নকৰা কিয়?”
সৌৰভৰ হাঁহি উঠিল। এসময়ত সাপ হৈ খুঁটি এতিয়া বেজ হৈ জাৰিবলৈ আহিছে। সি শ্লেষ মিহলি কণ্ঠেৰে ক’লে— “ছাৰ, গল্প লিখি কাকত-আলোচনীৰ পৰা কিমান পইচা পায়, সেই কথা আপুনি ভালদৰেই জানে। সেইকেইটা পইচা নহ’লেও হ’ব মোৰ।”
“সেইটো সঁচা। কিন্তু ইয়াৰ কাৰণে এসময়ত তোমাৰ নাম হ’ব, যশ হ’ব। তুমি নিজকে এজন প্ৰখ্যাত সাহিত্যিক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিবা। বঁটা-বাহন পাবা।”
“সেইবোৰলৈ মোৰ এতিয়া আৰু মোহ নাই ছাৰ। এইবোৰে বিপদত মোক কেতিয়াও সহায় নকৰে।”
“মানে তুমি কি ক’ব খুজিছা?”
“মানে মোৰ যদি কেতিয়াবা জটিল ৰোগ এটা হয়, অকল মোৰ চাকৰিৰ টকাকেইটাৰে সেইটো ভাল কৰিব পাৰিম জানো? আপুনিতো জানেই— মোৰ ইগ’ বহুত বেছি। মই আন বহুতৰ দৰে অৰ্থ সাহায্য বিচাৰি নিউজ ছেনেল বা বাতৰি কাকতত মোৰ একাউণ্ট নম্বৰ দিব নোৱাৰোঁ— লাগিলে মই নাখাই মৰিম। সেয়ে ভৱিষ্যতৰ কাৰণে মই এনেকৈয়ে পইচা গোটাব লাগিব।”
অজ্ঞাত ফুকন মনে মনে থাকিল। সৌৰভে কোৱা কথা সম্পূৰ্ণ সঁচা। তেওঁৰ বুকুৱেদি এটা দীৰ্ঘ হুমুনিয়াহ সৰি পৰিল। সেইদিনা ৰাতি ভাত খোৱাৰ পাছত ভনীয়েকে সৌৰভক ফোন কৰি জনালে— গাঁৱৰে সবিতাক সিহঁতে বৌৱেক হিচাপে পাব খোজে, যদিহে সি আপত্তি নকৰে আৰু নিজে কোনো ছোৱালী পচন্দ কৰি থোৱা নাই। সৌৰভে ভনীয়েকক একো তাৎক্ষণিক উত্তৰ নিদিলে। তাক ভাবিবলৈ দুদিনমান সময় দিবলৈ ক’লে।
সৌৰভে কৈশোৰ কালৰ পৰাই সবিতাৰ প্ৰতি এক অনামী আকৰ্ষণ অনুভৱ কৰিবলৈ লৈছিল। কিন্তু অন্তৰ্মুখী স্বভাৱৰ সি সেই কথা সবিতাক মুখ ফালি ক’ব নোৱাৰিলে। এতিয়া ঘৰৰ ফালৰ পৰাই প্ৰথমে বাটটো কাটি দিয়া কাৰণে সি ভালেই পালে। সবিতা মৰম লগা ছোৱালী। পঢ়া-শুনাতো ভাল। কিন্তু আৰ্থিক অসুবিধাৰ কাৰণে অধিক উধাব নোৱাৰিলে। তাৰ কাৰণে সবিতাক অপচন্দ কৰিব লগা একো নাই। কিন্তু প্ৰেম আৰু বিবাহ সৌৰভৰ কাৰণে এতিয়া দুটা সুকীয়া ‘বস্তু’। তথাপি…।
ফুলৰ পাহিত পৰি থকা নিয়ৰৰ টোপালৰ দৰে সবিতাৰ নিষ্পাপ মুখখন মনৰ ভিতৰত সুমুৱাই সৌৰভে চকু দুটা মুদিব খোজোঁতেই হঠাৎ তাৰ ফোনটোৱে আৰ্তনাদ কৰি উঠিল। শোৱাৰ আগেয়ে সদায় সি ফোনটো ছাইলেণ্ট ম’ডত থয়। কিন্তু সবিতাৰ কথাটোৰ কাৰণে আজি সি সেইটো কৰিবলৈ পাহৰি গৈছিল। গাৰুৰ কাষতে থৈ দিয়া ফোনটো হাতত লৈ সৌৰভে দেখিলে— এটা অচিনাকি নম্বৰ। সি ফোনটো ৰিছিভ কৰি হেল্ল’ বুলি কোৱাৰ লগে লগে সিফালৰ পৰা এটা অচিনাকি নাৰী কণ্ঠ ভাহি আহিল— “দুৱৰা, আপুনি শুলেই নেকি?”
“নাই শোৱা, শুবলৈ লৈছোঁ আৰু। কিন্তু আপুনি কোন? এই ৰাতিখন মোলৈ কিয় ফোন কৰিছে?”
“আপুনি মোৰ মাতটো ধৰিব পৰা নাই নহয়? নোৱাৰিবই। কাৰণ ৰাতি শোৱাৰ আগেয়ে মই অলপ সুৰাপান কৰি লওঁ। গতিকে মাতটো অলপ বেলেগ হৈ যায়। তদুপৰি এই নম্বৰটোৰ পৰা আগেয়ে আপোনালৈ মই কেতিয়াও ফোন কৰা নাই।”
সৌৰভে বুজিলে— নাৰীকণ্ঠৰ গৰাকী তাৰ কোনোবা চিনাকি মানুহেই হ’ব। কিন্তু এই ৰাতিখন…। সি বিৰক্তিৰে ক’লে— “সেইবোৰ বুজিলোঁ বাৰু। এতিয়া আপুনি আপোনাৰ পৰিচয়টো দিয়ক আৰু কিয় ফোন কৰিলে কওক।”
সিফালৰপৰা নাৰীকণ্ঠই হাঁহি এটা মাৰি ক’লে— “লেখক মানুহ ইমান সোনকালে শোৱেনে? মই ৰুবী দত্ত। আপোনাৰ গ্ৰাহক। এতিয়া চিনি পালে?”
“পালোঁ পালোঁ। কিন্তু আপোনাকতো মই অহা মাহতহে গল্প দিয়াৰ কথা আছিল।”
“মই আপোনালৈ এতিয়া গল্প খুজি ফোন কৰা নাই।”
“তেনেহ’লে কিয় কৰিছে?”
“মই আপোনাক এটা প্ৰস্তাৱ দিব খুজিছোঁ।”
“কি প্ৰস্তাৱ?”
“মই আপোনাক বিয়া কৰাব খোজোঁ।”
“কি?”— সৌৰভৰ চকুৰ টোপনি পলাই ফাট মাৰিলে। “আপুনি সুৰাৰ নিচাত কথাটো কোৱা নাইতো?”
“নাই কোৱা। বহুদিন আগৰ পৰাই আপোনাক কথাটো ক’ম ক’ম বুলি ভাবি আছিলোঁ। কিন্তু এক সংকোচবোধত ক’ব পৰা নাছিলোঁ। আজি নোৱাৰিলোঁ আৰু, কৈ দিলোঁ। আপুনি মোৰ প্ৰস্তাৱটো চালি-জাৰি চাব বুলি আশা কৰিলোঁ।”
“কিন্তু আপুনি মোক কিয় বিয়া কৰাব খুজিছে? আপুনিতো মোৰ বিষয়ে একোৱেই নাজানে।”
“চাওক, আজিকালি এজন মানুহৰ বিষয়ে তথ্য-পাতি যোগাৰ কৰাটো একো ডাঙৰ কথা নহয়। তাতে মই এগৰাকী ৰাজপত্ৰিত বিষয়া। গতিকে এই কামটোৰ কাৰণে মোৰ ছ’ৰ্চ বহুত।”
“বাৰু, আপুনি মোৰ বিষয়ে কি কি জানে, কওকচোন?”
“সব জানো। আপোনাৰ ঘৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বালিদোৱাৰ গাঁৱত। আৰ্থিক অনাটনৰ কাৰণে আপুনি পঢ়া-শুনা আধাতে সামৰি জীৱিকাৰ সন্ধানত মহানগৰীলৈ গুচি আহিছিল। দুখন পেপাৰত চাকৰি কৰিছিল। যোৱা বছৰ আপোনাৰ ঘৰলৈ এদিন আৰক্ষী গৈছিল…।”
“আৰে, এইটো কথা আপুনি জানিলে কেনেকৈ?”
“কাৰণ আৰক্ষী বিষয়াজন মোৰ মামা আছিল।”
“কি?”
“ও, মই মামাক আপোনাৰ বিষয়ে অনুসন্ধান কৰিবলৈ কৈছিলোঁ। কিন্তু তেওঁ ইতিমধ্যে বেলেগ এটা কামত আপোনাৰ ঘৰলৈ গৈ সেই কাম কৰিলেই বুলি গম পাইছিলোঁ। এয়া নিশ্চয় কাকতালীয় সংযোগ আছিল।”
“আৰু কি জানে কওকচোন?”
“আপুনি অলপ দিন আগতে পাঁচ লাখ টকা ঘোচ খুৱাই চাকৰি এটা লৈছিল।”
“বাপৰে বাপ, আপুনি এইটো কথাও জানে?”
“জানো।”
“কিন্তু কেনেকৈ জানিলে ইমান গোপন কথাটো?”
“কাৰণ আপোনাৰ ঘোচৰ এটা অংশ ময়ো পাইছিলোঁ।”
“কি?”
“ও, সেই সময়ত আপুনি চাকৰি কৰা বিভাগটোৰ মই সৰ্বেসৰ্বা আছিলোঁ। মোৰ চহী নহ’লে চাকৰিবোৰ নহৈছিল। আপুনি যাক ঘোচ দিছিল, তেওঁ, অৰ্থাৎ প্ৰাক্তন সম্পাদকজন মোৰ মিডিয়েটৰ আছিল। অৱশ্যে সেই সময়ত মই যদি আপোনাক বিয়া কৰাম বুলি ভাবিলোঁহেঁতেন, আপুনি নিশ্চয় ঘোচ নিদিয়াকৈয়ে চাকৰিটো পালেহেঁতেন।”
সৌৰভে তস্মান খালে। আস্, তাৰ গল্পৰ কাহিনীতকৈও তাৰ জীৱনৰ কথাবোৰ দেখোন বেছি ৰোমাঞ্চকৰ হৈ পৰিছে। মোহনাত নৈ আৰু সাগৰ একাকাৰ হৈ যোৱাৰ দৰে তাৰ জীৱন আৰু গল্পও একাকাৰ হৈ গৈছে। সৌৰভে এক থ্ৰিল অনুভৱ কৰিলে। সেইখিনিৰ লগত মনৰ চোতালত উমলি থাকোঁতেই ৰুবী দত্তই পুনৰ ক’লে— “আপোনাৰ বিষয়ে মই আৰু এটা কথা জানো— যিটো জানিলে আপুনি আৰু আচৰিত হৈ যাব।”
“কওকচোন কওক।” সৌৰভৰ উৎকণ্ঠা তুংগত উঠিল।
“আপুনি সবিতা নামৰ ছোৱালী এজনীৰ প্ৰতি দুৰ্বলতা অনুভৱ কৰে?”
“হে ভগৱান, আপুনি সৰবজান নেকি?”
“কৈছোঁ নহয়, আপুনি আচৰিত হৈ যাব। পিছে এই কথাটো মই কেনেকৈ জানিলোঁ আপোনাৰ জানিবলৈ মন যোৱা নাইনে?”
“গৈছে, গৈছে। সোনকালে কওক।”
“মই যোৱা বছৰ চৰকাৰী কাম এটাত আপোনালোকৰ গাঁৱলৈ গৈছিলোঁ। সেই কামটোৰ মুখ্য আহ৩ায়িকা আছিল সবিতা। তেতিয়াৰ পৰাই তাইৰ লগত মোৰ ঘনিষ্ঠতা হৈছিল। পাছলৈ সেয়া বন্ধুত্বৰ পৰ্যায় পাইছিলগৈ। আমাৰ মাজত ইমানেই অন্তৰংগতা গঢ় লৈ উঠিছিল যে তাইৰ জীৱনৰ সকলো কথাই মোক কৈ পেলাইছিল।”
“ৰ’ব, আপুনি যদি আমাৰ সম্পৰ্কটোৰ কথা জানেই, তেনেহ’লে আপুনি মোক তাইৰ পৰা কিয় কাঢ়ি নিব খুজিছে?”
“চাওক দুৱৰা, নাৰীয়ে অনেক বস্তু ত্যাগ কৰিব পাৰিলেও নিজৰ প্ৰিয় পুৰুষজনৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰিব নোৱাৰে। সবিতাই তাইৰ মনৰ কথাখিনি মোৰ আগত কোৱাৰ আগেয়েই মই আপোনাক বিয়া কৰোৱাৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ। তদুপৰি…।”
“ৰৈ গ’ল কিয়? কৈ যাওক।”
“আপোনাক কথাটো ক’বলৈ লাজ লাগিছে।”
সৌৰভৰ হাঁহি উঠিল। যিগৰাকী নাৰীয়ে নিশা সুৰাপান কৰি কৰি এজন পৰপুৰুষক ফোনত বিয়াৰ প্ৰস্তাৱ দিব পাৰে, সেইগৰাকী নাৰীৰ আকৌ লাজ। এওঁৰ লাজ নিশ্চয় নাকত নালাগে, বেলেগ কিহবাত লাগে।
সিফালৰ পৰা কণ্ঠৰ সলনি গিলাচ আৰু বটলৰ টুং-টাং শব্দ ভাহি আহিল। খন্তেক পাছতে ৰুবী দত্তই আৱেগসিক্ত মাতেৰে ক’লে— “মই আপোনাৰ প্ৰেমত পৰিছোঁ।”
“আৰে, আপোনাৰ লগততো আজিলৈকে মোৰ ক্ৰেতা-বিক্ৰেতাৰ বাহিৰে আন একো সম্পৰ্ক নাই। আপুনি আকৌ মোৰ প্ৰেমত পৰিল কেনেকৈ?” সৌৰভৰ ওঁঠৰ কোণেদি এটা তাচ্ছিল্যৰ হাঁহি বাগৰি গ’ল। সিফালে ৰুবী দত্তই সুৰা এঢোক গিলি ক’লে— “মানে মই আপোনাৰ গল্পৰ প্ৰেমত পৰিছোঁ। আপোনাৰ গল্পৰ প্ৰেমত পৰা মানেই আপোনাৰো প্ৰেমত পৰা নহয় জানো?”
“সেইটো হয়। কিন্তু আপুনি মোৰ বিষয়ে যিমানখিনি জানে, মই যে আপোনাৰ বিষয়ে একোৱেই নাজানো।”
“সেয়ে মই আপোনাক মোৰ প্ৰস্তাৱটো চালি-জাৰি চাবলৈ কৈছোঁ। আজিয়েই আপুনি হা-না একো ক’ব নালাগে। মোৰ নিজৰ বিচাৰত আপুনি মোক অপচন্দ কৰাৰ কাৰণ মাত্ৰ দুটাই হ’ব পাৰে। প্ৰথম—মই আপোনাতকৈ বয়সত তিনি বছৰ ডাঙৰ, দ্বিতীয়— মই এগৰাকী ডিভোৰ্চি নাৰী…।”
“ৰ’বচোন ৰ’ব। এই দুটা কথা আপোনাৰ মাইনাছ পইণ্ট বুলি আপুনি কিয় ভাবি লৈছে?”
“কাৰণ সৰহভাগ পুৰুষেই তেওঁৰ পত্নীগৰাকী অসূৰ্যস্পৰ্শা আৰু বয়সত তেওঁতকৈ সৰু হোৱাটো বিচাৰে।”
“মই সেই সৰহভাগ পুৰুষৰ ভিতৰত নপৰিবওতো পাৰোঁ?”
“তেনেহ’লে মোৰ কাৰণে এইটো উত্তম কথা।”
“কিয়?”
“ভেৰি ছিম্প’ল— তেতিয়া আৰু আপোনাৰ ওচৰত মোৰ কোনো সংকোচবোধ নাথাকিব।”
“আৰু মই যদি অপাপবিদ্ধ নহওঁ, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব?”
“একো নালাগে। তেতিয়া আৰু উত্তম হ’ব।”
“কিয়?”
“কাৰণ তেতিয়া আমি কোনোজনেই পৰস্পৰৰ ওচৰত হীনমন্যতা বা উচ্চাত্মিকাবোধত ভুগিব নালাগিব।”
সৌৰভে আজিলৈকে কোনো নাৰীৰে হাত এখনো স্পৰ্শ কৰি পোৱা নাই। তাৰ মনৰ সমস্ত আৱেগ, দেহৰ সমস্ত উত্তাপ সি বিবাহৰ পাছলৈ সাঁচি থৈছে। কিন্তু এই কথাটো লৈ আনৰ ক্ষেত্ৰত সি সিমান শুচি-বায়ুগ্ৰস্ত নহয়। তাৰ জন্ম গাঁৱৰ এটা সংস্কাৰাচ্ছন্ন পৰিয়ালত যদিও সি বহু ক্ষেত্ৰত সংস্কাৰমুক্ত। অৱশ্যে সি ব্যভিচাৰ কেতিয়াও সমৰ্থন নকৰে। কিন্তু ৰুবী দত্ত এই ক্ষেত্ৰত কেতিয়াও এনেকুৱা হ’ব নোৱাৰে। তেওঁৰ দস্তুৰমত এজনৰ লগত সামাজিক প্ৰথামতে বিবাহ হৈছিল। কিবা কাৰণত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটিল, সেয়া দোচোৰা কথা।
নীলা শিয়ালৰ শিং
সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা
সৌৰভৰ হঠাৎ এনেয়ে ৰুবী দত্তৰ বিবাহ বিচ্ছেদৰ কাৰণটো জানিবলৈ মন গ’ল। সি ৰুবী দত্তক সুধিলে— “আপোনালোকৰ বিচ্ছেদ কিয় হৈছিল কাৰণটো জানিব পাৰোঁনে?”
“নিশ্চয়, কিয় নোৱাৰিব? মোৰ স্বামীৰ বেলেগ এজনী নাৰীৰ লগত এক্সট্ৰা মেৰিটেল এফেয়াৰ হৈছিল। কথাটো মই সহ্য কৰিব নোৱাৰিলোঁ। মই দুৰ্বল মনৰ নাৰী নহওঁ। কিন্তু কথাটোৱে মোক ইমানেই হতাশ কৰি পেলাইছিল যে তেতিয়াৰ পৰাই মই অলপ-অচৰপকৈ মদ্যপান কৰিবলৈ লৈছিলোঁ।”
“ভেৰি ছেদ।”
“ইণ্টাৰেষ্টিং কথাটো কি জানেনে?”
“কওক।”
“আমি ছবছৰ প্ৰেম কৰাৰ পাছত আমাৰ বিয়া হৈছিল আৰু আমাৰ বিবাহ বিচ্ছেদ হ’বলৈ ছমাহো নালাগিছিল। শ্বেইক্সপীয়েৰে প্ৰেম সম্পৰ্কে এষাৰ কথা কৈছিল— লাভ ইজ ব্লাইণ্ড, লাভ ইজ ডিভাইন, লাভ ইজ ইমমৰটেল। ছ’ নেভাৰ বিট্ৰে ইন লাভ, ইফ ইট ইজ ৰিয়েল। মোৰ স্বামীৰ কাৰণে কেনেকুৱা আছিল নাজানো, কিন্তু মোৰ কাৰণে তেওঁৰ প্ৰতি প্ৰেমৰ অনুভৱ এনেকুৱাই আছিল।”
“মোৰ প্ৰতি আপোনাৰ প্ৰেম কেনেকুৱা? শ্বেইক্সপীয়েৰে কোৱাৰ দৰেইনে?”
“আপোনাক মিছা নকওঁ— নহয়। পুৰুষৰ কথা নাজানো, নাৰীৰ জীৱনলৈ কিন্তু প্ৰকৃত প্ৰেম এবাৰেই আহে। এনেকুৱা কথা নহয় যে পাছত নাৰীয়ে আন কাৰোবাকো ভাল নোপোৱাকৈ থাকিব। নাৰীৰ প্ৰথম প্ৰেম যদি কুঁহিয়াৰৰ ৰস হয়, পাছৰ প্ৰেম হ’ব চেনিখিনি; নাৰীৰ প্ৰথম প্ৰেম যদি এপাহ গোলাপ ফুল হয়, পাছৰ প্ৰেম হ’ব এটা পাৰফিউম। কিন্তু আপোনাৰ প্ৰতি মোৰ মনত সৃষ্টি হোৱা প্ৰেম অলপ বেলেগ। ইয়াত অকল হৃদয়ৰ আলফুল কোমলতাই নিহিত হৈ থকা নাই, মগজুৰ কঠিন কচৰতো নিহিত হৈ আছে।”
ৰুবী দত্তৰ স্পষ্টবাদিতাত সৌৰভ মুগ্ধ হ’ল। সি এজন স্পষ্টবাদী লেখক হিচাপেই পাঠক সমাজৰ মাজত পৰিচিত আছিল। মানুহৰ ভণ্ডামি আৰু সমাজৰ ভ্ৰষ্টাচাৰবোৰ গল্পৰ জৰিয়তে ফুটাই তুলিবলৈ সি অকণো সংকোচবোধ কৰা নাছিল। কিন্তু নিজৰ ক্ষেত্ৰত সি ৰুবী দত্তৰ সমান ইমান স্পষ্টবাদী কেতিয়াও হ’ব পৰা নাই। ৰুবী দত্তই নিজে নজনাহেঁতেন সি হয়তো সবিতাৰ কথাটোকে কেতিয়াও তেওঁৰ আগত ক’ব নোৱাৰিলেহেঁতেন।
সিফালে ৰুবী দত্তই আৰু এঢোক সুৰা গলাধঃকৰণ কৰি ক’লে— “বাৰু, সেইবোৰ কথা এতিয়া বাদ। আমি এতিয়া আচল কথালৈ আহোঁ।”
“কওক।” সৌৰভ পুনৰ জীৱনৰ গল্পত সোমাই পৰিল।
“কিন্তু আপুনি মোক পচন্দ কৰিব পৰাৰো ঢেৰ কাৰণ আছে।”
“যেনে?”
“যেনে মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত পঞ্চম আৰু তৃতীয় হৈ ষ্টেণ্ড কৰিছিলো। মোৰ মোটা দৰমহাৰ উপৰি বহুত বাহিৰা উপাৰ্জনো আছে। মই এগৰাকী সুন্দৰী নাৰী। মোৰ আঁহ কোমল। আপোনাৰ ওচৰত থাকিলে আপোনাতকৈ মোক সৰু যেনেই লাগিব। মোক বিয়া কৰালে আপোনাৰ আৰু এটা লাভ হ’ব।”
“কেনেকুৱা লাভ?”
“আপুনি আৰু গল্প বিক্ৰী নকৰিলেও হ’ব। সেইবোৰ গল্প আপুনি নিজৰ নামতে প্ৰকাশ কৰিব পাৰিব।”
“কিয়?”
“কাৰণ তেতিয়া আপোনাৰ আৰ্থিক নিৰাপত্তা সবল হৈ পৰিব। আপুনি আৰু গল্প বিক্ৰী কৰি ধন উপাৰ্জন নকৰিলেও হ’ব। আপুনি জানো পইচাৰ কাৰণেই গল্পবোৰ বিক্ৰী নকৰে?”
সৌৰভ মনে মনে থাকিল। কিয়নো ৰুবী দত্তৰ কথা সম্পূৰ্ণ সঁচা। সি একো নোকোৱা দেখি ৰুবী দত্তই পুনৰ ক’লে— “আচলতে আপোনাৰ পৰা মই এনেকৈ গল্প লৈ আপোনাৰ ডাঙৰ অন্যায় কৰিছোঁ।”
“ওহোঁ, এয়া আপোনাৰ অন্যায় নহয়। আপোনাৰ পৰা মই দস্তুৰমত উপযুক্ত মাননি লৈছোঁ।”
“সেইটো হয়। তথাপি আপোনাৰ অসহায় অৱস্থাটোৰ এনেকৈ সুযোগ লোৱাটো মোৰ উচিত হোৱা নাই। এই ক্ষেত্ৰত মোৰ আৰু এটা উপলব্ধি হৈছে।”
“কেনেকুৱা?”
“এনেকৈ পৰৰ পিঠাৰে বিহু পতাৰ একো অৰ্থ নাই। এই কামৰ দ্বাৰা মই সদায় নিজৰ ওচৰত সৰু হৈ থাকিম। অন্তদ্বÇন্দ্বই মোক খুলি খুলি খাই থাকিব। আৰু মই আপোনাক স্বামী হিচাপে পোৱাৰ উপৰি আপুনি এজন লেখক হিচাপেও প্ৰতিষ্ঠা হোৱাটো সঁচা অন্তৰেৰে কামনা কৰোঁ। আৰু কি জানে?”
“কওক।”
“আপোনাৰ প্ৰতিভা এনেকৈ আনৰ নামত ব্যৱহাৰ হৈ থকা কথাটোৱে মোক বৰ কষ্ট দিবলৈ লৈছে। আমাৰ বিয়াৰ পাছত আপুনি ইচ্ছা কৰিলে চাকৰিটো এৰিও দিব পাৰে।”
“কিয়?”
“তেতিয়া সেই সময়খিনি আপুনি অকল সৃষ্টিকৰ্মতে ৰত হৈ থাকিব পাৰিব।”
আস্, সৌৰভে যেন সপোনহে দেখিছে। ইমান আন্তৰিকতা আৰু নিঃস্বাৰ্থ মৰম তাৰ প্ৰতি আজিলৈকে কোনেও দেখুওৱা নাই। সৌৰভৰ মন হঠাতে আৱেগত উথলি উঠিল। সেই আৱেগৰ ঢলে তাৰ দুচকু বাষ্পাকুল কৰি তুলিলে। কিন্তু সেয়া সি ৰুবী দত্তৰ আগত তেতিয়াই প্ৰকাশ কৰিব নিবিচাৰিলে। কণ্ঠত যিমান পাৰি সিমান স্বাভাৱিকতা বজাই ৰাখি সি ক’লে— “ঠিক আছে। মই আপোনাৰ প্ৰস্তাৱটো চালি-জাৰি চাই এসপ্তাহ পাছত আপোনাক হা-না কিবা এটা নিশ্চয় জনাম। আজিলৈ গুড নাইট।”
“গুড নাইট।”
ৰুবী দত্তই কটাৰ আগেয়েই সৌৰভে ফোনটো কাটি দিলে। সি বুজিলে— তাৰ চকুলৈ আজি সহজে নিদ্ৰাদেৱী নাহে। সৌৰভে ফোনটোত ফেচবুক উলিয়াই ৰুবী দত্ত নামটো ছাৰ্চ কৰিলে। এইটো নামৰ বাৰগৰাকী মানুহ আছে। ইয়াৰে তিনিজন পুৰুষ, নগৰাকী মহিলা। মহিলাকেইগৰাকীৰ ভিতৰত সৌৰভে যিগৰাকীকে বেছি ধুনীয়া দেখিলে, সেইগৰাকীৰে প্ৰফাইল খুলি তথ্য-পাতি মিলাই চালে। প্ৰথম প্ৰচেষ্টাতে সি সফল হ’ল। হয়, এইগৰাকীয়েই ‘তাৰ’ ৰুবী দত্ত। নিজে কোৱাৰ দৰেই তেওঁ সঁচাকৈয়ে এগৰাকী সুন্দৰী নাৰী। প্ৰথম দৃষ্টিতে পুৰুষৰ হৃদয় গলাই দিব পৰা, ৰক্তচাপ বৃদ্ধি কৰিব পৰা অপাৰ সৌন্দৰ্যৰ অধিকাৰী ৰুবী দত্ত। ‘ব্ৰেইন এণ্ড বিউটি’ৰ অপূৰ্ব সংমিশ্ৰণ। সবিতাও ধুনীয়া, মেধাৱী। কিন্তু ৰুবী দত্তৰ লগত তাইৰ তুলনা নহয়। ৰুবী দত্ত যদি একুৰা জুই, সবিতা এগছি মাটিৰ চাকি। সবিতা যদি এটা বন্ধ জলাশয়, ৰুবী দত্ত এখন ফেনে-ফোটোকাৰে বাঢ়ি অহা উত্তাল নৈ। সৌৰভক এতিয়া চাকিৰ স্নিগ্ধতা, নম্ৰতা আৰু কাৰুণ্যৰ প্ৰয়োজন নাই। তাক লাগে এতিয়া জুইৰ উগ্ৰতা, শক্তি আৰু উজ্জ্বলতা। সৌৰভৰ এতিয়া আৰু বন্ধ জলাশয়ত অৱগাহন কৰাৰ মন নাই। তাৰ মন এতিয়া নৈৰ সোঁতত উটি-ভাহি যোৱাৰ। কিন্তু ৰুবী দত্তৰ মাইনাছ পইণ্ট দুটা? সেই দুটাৰ কি হ’ব? ৰুবী দত্তৰ মাইনাছ পইণ্ট দুটা সৌৰভৰ বিচাৰৰ তুলাচনীত উঠিবলৈ পোৱাৰ আগেয়েই তেওঁৰ জুইকুৰাই সেই দুটা পুৰি ছাৰখাৰ কৰি দিলে। আনকি তাৰ ছাইখিনি তেওঁৰ নদীখনৰ কোবাল সোঁতে দিহিঙে-দিপাঙে উটুৱাই নিলে।
সৌৰভে এইবাৰ সবিতাৰ সলনি ৰুবী দত্তক মনত সুমুৱাই চকু দুটা মুদি দিলে। বাহিৰত তেতিয়া আকাশখন পুহৰি পুহৰি হৈছিল।
প্ৰেমৰ আন এটা গল্প
ধ্ৰুৱজ্যোতি শৰ্মা

পাৰ্শ্বৰাগ
আকাশ দীপ্ত ঠাকুৰ

অন্তঃসলিলা
ভূপেন্দ্ৰ নাথ হাজৰিকা

মাতৃত্বৰ সুবাস
ড° অৰূপ কুমাৰ শৰ্মা

বন্ধ-মোক্ষ
শিবানন্দ কাকতি
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক




