বৈকুণ্ঠ প্ৰয়াণ

বৈকুণ্ঠ প্ৰয়াণ
  • 07 Jan, 2026

কণমানে সিদ্ধেশ্বৰ মাষ্টৰক ক’লে, “মাষ্টৰ, বৈকুণ্ঠ প্ৰয়াণখনকে এইবাৰ মেলিলো। ল’ৰাহঁতে সেইখন মিছামৰাৰ নেৰায়ণ বৰুৱাৰ পৰা আনিছে। মই নাটখন পঢ়ি-শুনি চাইছোঁ। তুমিও গধূলি পাক এটা মাৰিবা নামঘৰলৈ। মাৰিবানে?”

মাষ্টৰে কথাটো শুনি তভক মাৰি ৰ’ল। তেওঁৰ নামঘৰলৈ নোযোৱা বহুদিনেই হ’ল। বিহুৰ দিনা ৰাজহুৱা সেৱা লওঁতেই সেৱা লোৱা। যোৱা বছৰেকীয়া ভাওনা, বৰসবাহতো যাব নোৱাৰিলে। জীয়েক-জোঁৱায়েকৰ ঘৰত আছিলগৈ। জোঁৱায়েকৰ অফিচ, জীয়েকৰ অপাৰেশ্যন হ’ল, এতেকে নিজে গৈ জীয়েকৰ ঘৰ ৰখি দিলেগৈ। তেহে ৰক্ষা। নামঘৰলৈ যোৱাই হোৱা নাই। ইমান দিন হিচাপৰ পইচাকেইটা দিয়েই গাঁৱৰ দায়িত্বটো লেঠা মাৰি থকাা সিদ্ধেশ্বৰ দত্তক যে অকণমানে নাট মেলাৰ খবৰ দি মাতি থৈ গ’লহি, তাত সিদ্ধেশ্বৰ দত্ত আচৰিত হোৱাৰে কথা। আজিকালি মানুহক মানুহে এৰিছে। কোনো কাৰো ওচৰত ৰৈ থাকিবলৈ মন নকৰে। তুমি নাই অহা, অন্য আহিছে। হ’ব। অন্য আহিলেও হ’ব। তুমি অপৰিহাৰ্য নহয়। সেই পটভূমিত সিদ্ধেশ্বৰ মাষ্টৰক যে অকণমান নামঘৰীয়াই মাতি থৈ গ’লহি, সেয়া কম কথা নহয়। সিদ্বেশ্বৰ মাষ্টৰ নামেৰে অঞ্চলটোত পৰিচিতি লাভ কৰা মানুহজনে ভাবিলে— গধূলি এপাক মৰিব লাগিব।

গধূলি।

পোহৰৰ ভাল বন্দৱস্ত হৈছে নামঘৰত। ইলেক্‌ট্ৰিক লাইটৰ পোহৰ আছেই, লাইন গ’লে জ্বলাবলৈ বুলি বেটেৰীত চলা লাইটো দুটা অনা হৈছে। নতুন ল’ৰাবিলাক এইবিলাক বস্তু যোগাৰ কৰাত ওস্তাদ হৈ উঠিছে। সিদ্ধেশ্বৰ দত্তই দেখিলে আখলত চাহপানী কোনে বহাব, তালৈকে ঠিক হৈ আছে। যা-যোগাৰ অতি ভাল। ভাও দিয়া, ভাও নিদিয়া মানুহ মিলি প্ৰায় ডেৰকুৰিজনে নামঘৰত ঢপলিয়াই ফুৰিছে। বহু চেষ্টাৰ বাবে গাঁওখন এক হৈ আছে। কিছুমান কথাত গাঁওখন কাঢ়া। জেনেৰেল মিটিঙত হোৱা সিদ্ধান্তক সকলোৱে মানি চলিব লাগিব। ব্যক্তিগত কথা-বতৰাবিলাক, কাজিয়া-পেচালবিলাকক ৰাজহুৱা ৰূপ দিব নোৱাৰিব। নামঘৰত সেইবিলাক বিষয়হে আলোচনা হ’ব, যিবিলাক গাঁওখনৰ ৰাজহুৱা বিষয়। গাঁওখনক সামূহিকভাৱে অপকাৰ কৰা বিষয়বিলাকহে নামঘৰত আলোচনা হয়। ফলস্বৰূপে নামঘৰটোৱে গাঁওখনক সহায় কৰি আছে। গাঁৱত পঢ়-শুনা মানুহবিলাকৰ এটা ভূমিকা থাকে। একো বিশেষ কাম নকৰিলেও তেওঁলোকে নীৰৱেই এটা ভূমিকা পালন কৰি থাকে।

দত্তই ভাবিলে, আখৰা আৰম্ভ হ’ব এতিয়া। কিন্তু হোৱাৰ কোনো লক্ষণ দেখা নাই দত্তই, এজনে খোলটো এনেই টুংটুঙাই আছে। ছেও দি বজোৱা নাই। যিজনে খোলটো লৈ আছে, সেইজন গাঁৱৰ বায়নজন নহয়। গাঁৱৰ মেইন বায়নজন বিছনাত। যোৱা বছৰলৈকে বজালে। এইবাৰ আৰু নোৱাৰে। বয়স চাৰিকুৰিৰ ওপৰ চুলে। স্কুল এখনত চতুৰ্থ বৰ্গৰ চাকৰিও কৰিছিল তেখেতে। নামে-গুণে, খোলে-নেগেৰাই তেখেতৰ জোৰ পাবলৈ মানুহ নাছিল। পাছে যোৱাবাৰ দুৰ্গা পূজাৰ সময়তে বেমাৰত পৰিল আৰু এতিয়া বিছনাত। দত্তই ভাবিলে, বায়ন অহালৈ বাট চাইহে মানুহমখা ৰৈ আছে কথা চোবাই চোবাই। আখৰা চাবলৈ বুলি আৰু দুজনমান লোক আহিল, সেইকেইজনো আহি কথাত অংশ লৈ পৰিৱেশ ৰসাল কৰিবলৈ ধৰিলে। দত্তৰ এসময়ত খিয়াল হ’ল আৰু শেষত সুধিয়েই পেলালে আখৰা আৰম্ভ হোৱা নাই কিয় বুলি। তেতিয়াহে আচল কথাটো ওলাল যে আখৰা চলাবলৈ বায়ন নাই। বায়ন নাই? আচৰিত, বায়ন নোহোৱাকৈ আখৰা?

তেতিয়াহে সকলোৱে ভাবিবলৈ ধৰিলে যে নতুন ল’ৰাই বুঢ়া বায়নৰ লগত নাট চলাব পৰাকৈ শিকি-বুজি নল’লে। লগত বজাব পাৰে, কিন্তু অকলে নাট চলাবলৈ সাহ কৰা নাই কোনেও। কিছু সময় আলোচনা হোৱাৰ পাছত অকণমান নামঘৰীয়াই নাট মেলি কিয় এতিয়া বায়ন বিচাৰি হাবাথুৰি খাবলৈ সাহস কৰিলে সেইবোৰ ক’লে। অন্য গাঁৱৰ বায়ন মাতি আনি নিজৰ নাক নাকাটে বুলি কৈ তেওঁ এটা উপায়ৰ কথা ক’লে। উপায়টো শুনি সকলো ডৰক লাগিল। সিদ্ধেশ্বৰ মাষ্টৰে তেতিয়াহে গম পালে— অকণমানেনো তেওঁক পাক এটা মাৰিবলৈ কিয় কৈ আহিছিল। আচলতে অকণমানকে ধৰি দুই-চাৰিজনৰ মগজত এটা বুধি খেলাইছে। সেই বুধি মতে কাম কৰিবলৈ হ’লে গাঁওখনৰ জনা-বুজা মানুহৰ অনুমোদন লাগিব। যিকেইজন মানুহে যুক্তিৰে কথাবিলাক কৈ গাঁৱৰ জেনেৰেল মিটিঙত এটা ঘটনাৰ বৈধতা প্ৰমাণ কৰিব পাৰে। তাৰে ভিতৰত সিদ্ধেশ্বৰ মাষ্টৰো এজন। তেওঁ পঢ়া-শুনা কৰা, জনা-বুজা মানুহ, সমাজত কথা বৰ ভাল কয়। তেওঁৰ পইণ্ট কটা মানুহ গাঁৱত কম। লগতে যি দুই-তিনিজন মানুহ বিশেষভাৱে আহি আখৰাত উপস্থিত হৈছেহি, সেইকেইজনো লেখৰে। সিদ্ধেশ্বৰ মাষ্টৰে কথাটোৰ উমান পালে। নামঘৰীয়াই কথাটো কৈ আটাইকেইজনৰ মুখলৈ চালে। তেওঁলোকে কি কয় বা?

প্ৰকৃত নাম তেওঁৰ কলীয়া বা ক’লাই নহয়। মাক-বাপেকে দিয়া নাম, স্কুলৰ নাম আছিল বেলেগ। যাদৱ বৰা। যাদৱ বৰা নামেৰে স্কুলত নাম লিখাইছিল; ঘৰত মাতিছিল সৰু বুলি। কিন্তু কেনেকৈ গুণতকৈ ছালখনে নামটোত প্ৰাধান্য পালে গম ধৰিব পৰা নাযায়, সৰু বা যাদৱ হৈ পৰিল কলীয়া বা ক’লাই। মানুহে কালক্ৰমত মাতিবলৈ ল’লে ক’লাই বায়ন বুলি। সৰুৰে পৰা হাত পকা আছিল। খোলেই বুলিবানে নেগেৰাই বুলিবা, গীতেই বুলিবানে টোকাৰীয়েই বুলিবা— সকলোতে ক’লায়ে যি জোৰ দেখুৱাইছিল, সেয়া লগৰ কোনোৱে ফেৰ মাৰিব পৰাত নাছিল। স্কুলত নাম লগাইছিল যদিও সিমান আগবঢ়া নহ’ল। খেতি-বাতি কৰি যেনে-তেনে ঘৰখন ধৰিলে যদিও ভাওনা-সবাহ, নাম-গুণতহে ৰাপ হ’ল। ঘৰৰ পাছফালৰ বাৰাণ্ডা এডুখৰি বাপেকৰ দিনৰে। সেই তাতে খোলটোতে বা টোকাৰীতে যেতিয়া হাত দিয়ে, তেতিয়া খোৱা-বোৱা পাহৰে। ডেকাকালৰ অভ্যাস। বিয়া কৰাই অনাৰ পাছতো, বাপেকী হোৱাৰ পাছতো সেই অভ্যাসে মানুহটোক পৰ নুবুলিলে। বহাতে বহি, সেইবোৰ চলাই থাকে। ভাওনাত ভাৱো দিয়ে। সূত্ৰ নাচৰ পৰা বৰধেমালি, সৰুধেমালি, নান্দী— সকলোবোৰ বেজেনা শিকি পেলালে। হাত দেখুওৱাও হ’ল, খোজো শিকি পেলালে। বচনো মাতিবলৈ শিকিলে। গাঁওবিলাকত সত্ৰৰ পৰা শিকি অহা বায়নৰ দ্বাৰা নতুন শিকাৰুক বাজনা আৰু নৃত্য শিকোৱা হয়, সেইবিলাক শিকি ক’লায়ে হাত পকালেতো পকালেই, পকা বায়নে অন্য ঠাইত শিকাবলৈ যাওঁতে লগত তাক লগত লৈ যাবলৈ ধৰিলে। তেনেকৈ ঘূৰোঁতে ঘূৰোঁতে ক’লাইৰ মন খোল-ভাওনা এৰি অন্য ঠাইলৈ যাবলৈকে মন নকৰা হ’ল। ক’লাই বায়ন হিচাপে অঞ্চলটোত প্ৰতিষ্ঠা লাভ কৰিলে। ইমান কম বয়সতে এনে প্ৰতিভা দেখি মানুহ আচৰিত হয়, ভালো পায়। বায়নক ঈৰ্ষাও কৰে কৰায়, কিন্তু তেওঁৰ প্ৰতিভা মানি লোৱাৰ অন্য বিকল্প নেথাকে মানুহবিলাকৰ। ইখন-সিখন গাঁও ফুৰি, দুই-চাৰিজন লগ-সংগৰ লগত ঘূৰি ক’লাই জগতখনতে চিনাকি হৈ পৰিল।

চাপৰিখন ওচৰতে। সেইফালে ক’লাইহঁতৰ খেতি-খোলাও আছে। বাপেকৰ দিনৰে ভঙা মাটি। সেইবোৰলৈও যাব লাগে। এদিন এটা ম’হৰ জঁকা দেখা পালে। শিং দুয়োটা অক্ষুণ্ণ। ঘৰলৈ লৈ আহিল শিং দুটা। চাপৰিলৈ যাওঁতে নদীৰ পাৰত তেনে বস্তু দেখা পায়েই মাজে মাজে। এই শিং দুটাই ক’লাইৰ মনত নতুন সুৰ এটাৰ সৃষ্টি কৰিলে। চাপৰিত আজৰিপৰত কুৰুকি কুৰকি সেই দুটা চিকচিকীয়া কৰি পেলালে। তাৰ পাছত বাঁহ চুচি চিকতি লগাই দিলে। দুবাৰ-তিনিবাৰ ফুঁ দিওঁতেই সি মাতি উঠিল। দুয়োটা শিং একে হিচাপত লগাই কাণেৰে শুনি শুনি দুটা মাত এটা কৰি পেলালে। সেই যে মাত এটা কৰি পেলালে, তাৰ পাছত অঞ্চলটোত যুৰীয়া পেঁপা সজা মানুহ হিচাপে ক’লাইৰ ফেৰৰ মানুহ নোহোৱা হ’ল। তেওঁৰ ওচৰত পেঁপা নিবলৈ মানুহে ভিৰ কৰিবলৈ ধৰিলে। আনকি মিচিং জনগোষ্ঠীয় লোকেও ক’লাইৰ পেঁপাৰ সোৱাদ পালে। ক’লায়ে চাপৰিৰ বহাত থাকোঁতে বহুতো মিচিং বিহুৱাক পেঁপা সাজি দিলে। সেই মৰ্মে গৈ গৈ চাংঘৰত উঠি ক’লায়ে বাহিৰপকীয়া-ভিতৰপকীয়া আটাইকেইবিধ সোৱাদ পালে। তেওঁলোকৰ সৈতে তেওঁলোকৰ ভাষাত কথা ক’ব পৰা হ’ল নিজৰ মানুহৰ দৰে। লাহে লাহে কথা এনে হ’ল যে মিচিংসকলক লৈ ভাওনা এখনকে সাজু কৰি পেলালে। খোজ-কাটল, গীত-মাত নিজে ধৰি শিকাই ল’লে, নিজে খোল লৈ লগত তাল ধৰিবলৈ মিচিং ল’ৰা লগাই ল’লে। মিচিং কৃষ্ণই নাচিবলৈ ধৰিলে। ভাওনা চাবলৈ গাঁও চাৰিখন উঠি আহিল। ক’লায়ে মানুহৰ সোঁত দেখি বাজনা চৰাই দিলে। পুৱতি নিশা যেতিয়া খৰমান গালে, গাঁৱৰ মানুহে কিন্তু ঠিক কৰি পেলালে নতুন এখন ভাওনাৰ সৰু ধেমালি। ছয়-সাতখন মিচিং গাঁৱত নিয়মিত ভাওনা হ’বলৈ ধৰিলে ক’লাই বায়নৰ হাত ধৰি।

মানুহটোৰ স্বাস্থ্য-পাতিও ভাল। গাহৰি, নকজিন পাই সেই স্বাস্থ্যই দোপতদোপে উন্নতি কৰিবলৈ ধৰিলে। ক’লাইৰ মুখত নতুন তেজে জিকমিকাবলৈ ধৰিলে। তাতে সীমাবদ্ধ হৈ নেথাকিল। ওচৰৰ বাগানবিলাকতো ক’লাই নহ’লে নোহোৱা হ’ল। গামোচা এখন, চেলেং এখন, ৰূপ এটকা চাৰিঅনা, তামোল-পাণ এটা দি মান ধৰে আৰু এমাহ-ডেৰ মাহ গেবাৰি খাটি ক’লায়ে ভাৱৰীয়াৰ মুখত মাত ফুটায়, খোজত নাচ ফুটায়। পৰিস্থিতি এনে হ’বলৈ ধৰিলে যে ক’লায়ে মাদল বজাব পৰা হ’ল। আৰু ঢোলত মিচিং ছেও বজাব পৰা হ’ল। আনকি মিচিং গীত আৰু ঝুমুৰে ক’লাইৰ ডিঙিত নিসংকোচে অহা-যোৱা কৰিবলৈ ধৰিলে, যিদৰে গাহৰি মাংস, নকজিন আৰু হাৰিয়াই অহা-যোৱা কৰে। বজাৰে-সমাৰে যদি মিচিং গাঁৱৰ বা চাহ বাগানৰ লোকে ক’লাইক দেখা পায়, পৰম আত্মীয় মানুহক লগ পোৱাৰ দৰে কথা-বতৰা পাতে। খা-খবৰ লয়। সেইবিলাক মানুহৰ ঘৰৰ বিয়া-বাৰুত ক’লাইক মাতি নিনিলে নহয়। সেইখন কৰি থাকোঁতে ইফালে ক’লাইৰ গাঁৱত লাগিল গণ্ডগোল। মদ-গাহৰি খাই ফুৰা ক’লাইক গাঁৱৰ নামঘৰত সোমাবলৈ নিদিয়া হ’ল। দেখদেখকৈ গাহৰি খাব, আপং খাব, হাৰিয়া খাব— সেইটো মানুহক জানি-বুজি নামঘৰৰ মাজ-মজিয়াত সুমুৱাই লৈ কেনেকৈ পৱিত্ৰ নাট এখন মেলিবলৈ দিয়ে। গাঁওখনৰ নিজা বান্ধ আছে। মানুহবিলাকে নীতি-নিয়ম মানি চলে। সেই নীতি-নিয়মৰ অন্যথা কৰা সম্ভৱ নহয়। গতিকে ক’লাই নামঘৰৰ পৰা বাদ পৰিল। পাছে ক’লাইৰ ঠাইৰ নাটনি নহ’ল। বিভিন্ন জনগোষ্ঠীয় গাঁৱত ক’লায়ে ভাওনা-কীৰ্তন কৰি থাকিল। নেগেৰা বজাই দিহানাম গাব পৰা দল, সৰুধেমালি-বৰধেমালি গাব জনা দল গঠন কৰি ল’লে। সময় সলনি হ’ল। বিভিন্ন ৰাজহুৱা মঞ্চত দিহানাম গাবলৈ ক’লাইক নিমন্ত্ৰণ কৰিবলৈ ধৰিলে আৰু তেনে দল-বল লৈ গৈ ক’লায়ে দিহানাম, টোকাৰি গীতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ ধৰিলে। বহু নাম হ’ল ক’লাইৰ। নাকেৰে যুৰীয়া পেঁপা বজাই বিহু মঞ্চত হিৰ’ হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে। ক’লায়ে অন্য সমাজ এখনৰ সৃষ্টিৰ সংকেত দিবলৈধৰিলে। গাঁৱত এলাগী হ’লেও অন্য স্থানত ক ’লাই বায়ন এলাগী নহ’ল।

image

সিদ্ধেশ্বৰ মাষ্টৰে যেতিয়া অকণমান নামঘৰীয়াৰ মুখত সেই ক’লাইৰ কথা শুনিলে, অতি আচৰিত হ’ল। বাকী কেইবাজনো মানুহে ইজনে সিজনৰ মুখলৈ চালে। অকণমানে ক’লাইৰ কথা ভাবিলে কেনেকৈ? যিজন মানুহক ইমানদিনে নামঘৰৰ বাহিৰ কৰি থোৱা আছে, সেইজনক আকৌ ভিতৰ সুমুৱাই অনা ভাল হ’ব জানো? তেওঁক শুদ্ধ কৰিব পৰা যাব জানো? তেওঁক বাদ দিয়া বাবে তেওঁৰ ল’ৰা দুটায়ো নামঘৰ বাদ দিয়াৰ দৰে। সেৱা এটা কৰে আৰু ওলাই যায়। দিবলগীয়া ধনকেইটা দিয়ে। সিহঁত দুটাই গীত-মাত এইবোৰত মন নিদিলে। পঢ়া-শুনা কৰি কলেজ পালে সৰুটো। ডাঙৰটোৱে খেতি-বাতি কৰে। দোকান এখনো আছে। ভালদৰে চলি থাকে। মাকজনী সাদৰী যদিও কাৰো ঘৰলৈ অহা-যোৱা নকৰে। সেইখন ঘৰলৈ গৈ ক’লাইক নামঘৰলৈ মাতি থৈ আহে কোনে? কোনে কি সাহসত গৈ এই কাম কৰিব পাৰে? গাঁওখনৰ নামঘৰলৈ যদি সি নাহোঁ বুলি কয়! ইমান ডেকাকালটো গ’ল নামঘৰলৈ নোযোৱাকৈ, এতিয়া এই বয়সত নগ’লে নহ’বনে বুলি যদি কয়! মানুহবিলাকে আলোচনা কৰিবলৈ ধৰিলে। উপায়টো সিদ্ধেশ্বৰ মাষ্টৰেই উলিয়ালে। ক’লাইৰ সৰুটো পুতেক তেওঁলোকৰ স্কুলতে পঢ়া। তেওঁলৈ বৰ শ্ৰদ্ধা-ভক্তি আছে। যদি তাৰ আগত কথাটো উলিয়াই ক’লাইক তেওঁৰ ঘৰলৈ মাতি আনি কথাটো কোৱা হয়, তেতিয়া কাম সিজিবও পাৰে। তেতিয়া দুজনমান লোকে ক’লে যে গাঁওখন সেও হ’ব নেলাগে ক’লাইৰ ওচৰত। ক’লাইহে সেও হ’ব লাগিব। সি শপত খাই আগলৈ আৰু মদ-গাহৰি নোচোওঁ বুলি নামঘৰত সোমাব লাগিব। তেহে ৰাইজে তাক আদৰি ল’ব। বাপেক যেনে গুণী মানুহ আছিল, তেখেতৰ মুখলৈ চাইহে গাঁৱৰ মানুহে এইকণ দয়া কৰিব খুজিছে— এনে ভাবতহে ক’লাইক কথাটো কৈ নামঘৰলৈ সুমুৱাই আনিব লাগে। নহ’লে ক’লাইতো বাদেই, অন্য দহোটায়ো আগলৈ চল পাব। এইখন সমাজ গুচি তেনেই মেলেচৰ বাহ হ’ব। সেইমতেই সিদ্ধান্ত হ’ল।

কলেজৰ পৰা ঘূৰি যাওঁতে সিদ্ধেশ্বৰ মাষ্টৰে ক’লাইৰ সৰুটো পুতেকক মাতি আনি কথাবোৰ ক’লে। কেনেকৈ নিজা উদ্যোগত ক’লাইক গাঁওখনৰ ভিতৰ সুমুৱাই ল’ব খুজিছে, এইবাৰ নাট-ভাওনাত মেইন বায়ন কৰি ল’ব খুজিছে কথাবোৰ বুজালে। গাঁৱৰ মানুহে আজলমথালি কৰিছিল, কিন্তু তেওঁৰ কথা পেলাব নোৱাৰিহে যে ল’ব খুজিছে, সেয়া বুজালে। কথাবোৰ শুনি সৰু ল’ৰাটোৱে চকুপানী টুকি পেলালে। সিদ্ধেশ্বৰে পানী অকণ খাবলৈ দিলে। সেইদৰে চাহ-তাহ খাবলৈ পাই ল’ৰাটোৰ মন মুকলি হ’ল। সি ক’লে— “আমাৰ দেতাইনো কি কৰিছে? মদ-গাহৰি খাইছে। সেই যে নামঘৰৰ গে’টখন সজাই দিছে, সেইজন ডাঙৰ ইঞ্জিনিয়াৰ আমাৰ গাঁৱৰ। ঢেৰ পইচা। তেওঁ কিবা মদ-পানী নেখায় নেকি? তেওঁ আৰু নেখাবলগীয়া বস্তু নেখায় নেকি? বিদেশলৈও গৈছে দেখোন। বিদেশত কিবা সববিলাক আমি খোৱা বস্তুৱেই খাবলৈ পাই নেকি? তেওঁ দিয়া গেটৰ তলেদিয়েই দেখোন সকলোবোৰ নামঘৰলৈ সোমাই থাকে। ইমান বছৰে দেতাই মনত কিবা দুখ পোৱা নাইনে?” সিদ্ধেশ্বৰ মাষ্টৰে ক’লে— “মানুহৰ চিন্তাধাৰা সলনি হয়। চকুও সলনি হয়। সেয়ে আমি মাতিছোঁ। লগ লওক তেওঁ। আমি এৰিব খোজা নাই। সমাজখনৰ বান্ধ কিছুমান থাকে নহয়। বান্ধ ছিঙিব নোৱাৰি নহয়।”

নিৰ্দিষ্ট দিনটোত ক’লাই উপস্থিত হ’লহি নামঘৰত। চুৰিয়া পিন্ধি, গাত চেলেং লৈ আহিছে। গাঁওখনৰ আগশাৰীৰ লোক সকলোবোৰ আহিছে। শপত-শাতি খাই নামঘৰলৈ চাই সেৱা কৰি ক’লাই নামঘৰলৈ সোমাল। দবা বজালে, ঘণ্টা বজালে সকলোৱে। আশীৰ্বাদ দিলে। কেতিয়াও মদ-গাহৰি নোচোৱাকৈ নামঘৰৰ বন্ধা নিয়ম মতে ক’লাই চলিব লাগিব। ক’লায়ে হয় বুলিলে। নামঘৰত শৰাই দিয়া হ’ল। নাম লোৱা হ’ল। ক’লায়ে সেৱা ল’লে। লাহে লাহে কথাবোৰৰ পাক খোল খালে। অকণমানে ক’লে— “নাট এখন মেলিছোঁ। বায়েন নায়েই। তই আছিলি শইকৰ বায়েন। তয়ে এতিয়া নাটখন চলা। পূৰ্ণিমা তিথিত নাটখন হ’ব লাগিব। উধাৰণী বুলি সেই নাটখনকে এইবাৰ চলাই দে। নতুন যিকেইটা ল’ৰা ওলাইছে, হাত-ভৰি পোনাই ল। সন্ধিয়ালৈ আখৰালৈ আহ।”

ক’লায়ে চকুপানী টুকি ক’লে— “ৰাইজখনে কৈছে যেতিয়া আহিম আৰু।”

সেইমতেই সন্ধিয়া আখৰা আৰম্ভ হ’ল। নতুন যিকেইটা ল’ৰাই খোল চুইছিল, সিহঁতকেইটাই বজাবলৈ ভয় কৰা হ’ল। সিহঁতৰ বোলবোৰ ভুল। ক’লায়ে পোনাই-পাজৰাই থাকোঁতেই বহু সময় যায়। গীতবোৰৰ ৰাগ ভুল কৰে। ক’লায়ে ডবিয়াই তৎ নাপায়। যুদ্ধৰ ছেওৰ লগত প্ৰৱেশৰ ছেওৰ অকল বোলৰে পাৰ্থক্য নাই, বজোৱাৰ গতৰো পাৰ্থক্য আছে। ক’লায়ে বজালে যুদ্ধখনে চকুৰ আগতে নাচে। প্ৰৱেশ কৰা কেইটাক, যুদ্ধ কৰা কেইটাক ক’লায়ে ডবিয়ায়— হেৰৌ জাঁপ লৈছ কেলেই? ভগৱন্তৰ বস্তু, জাঁপ ল’লে নহ’ব নহয়। যেতিয়া ক’লায়ে দেখুৱাই দিয়ে, ল’ৰাবোৰে লাজ পায়। এনেকৈ আখৰা শেষ হ’ল। ক’লায়ে বৰ কষ্টত দিন পাৰ কৰিব লগা হৈছে। মদ-পানী খোৱাটো অভ্যাস হৈ গৈছিল। এতিয়া শপত-শাতি খাই বিপদত পৰিব লগা হ’ল। গাটোও বেয়া লাগি থাকে। মনটোও বেয়া লাগি থাকে। তথাপি উপায় নাই, ভাওনাখন ভালকৈ হৈ যাওকচোন। তাৰ পাছত যি হয়, দেখা যাব। নাই নাই, সি আৰু চাঙত উঠিবলৈ নেযায়। লাইনত গৈ ভিতৰ সোমাই যিহকে-তিহকে খাই নিদিয়ে। সি ক’লাই বায়ন। গাঁৱৰ নামকৰা বায়ন হ’ব। নিয়মত চলিব। ৰাইজখন লাগে। গাঁওখনো লাগে। কান্ধত নিবলৈ মানুহ চাৰিটা লাগিব। ক’লাই বায়নে ভাওনাৰ দিন হিচাপ কৰে।

ভাওনা।

দিনত বৰসবাহ সুকলমে হৈ গ’ল। গোসাঁয়ে আশীৰ্বাদ দিছে। ক’লাইৰ নেতৃত্বত যিবোৰ গায়ন উঠিল, গোসাঁয়ে ভূৰি ভূৰি প্ৰশংসা কৰিলে। ৰাইজেও চাই ভাল পালে। দিহানামো ভাল হ’ল। ক’লাইৰ এই মনপৰশা মাতষাৰ কেনেকৈ এই নামঘৰত নবজাকৈ আছিল, মানুহবোৰে ভাবি তৎ পোৱা নাছিল।

গধূলিৰে পৰা ক’লায়ে কোনখিনিত কি সৰঞ্জাম থাকিব, সকলো ঠিৰাং কৰি পেলালে। জেগাই জেগাই বস্তু থৈ ভাৱৰীয়া ওলোৱা-সোমোৱা ৰাস্তাবোৰ নিয়াৰি কৰি সন্ধিয়ালৈ আৰিয়া ধৰি সূত্ৰ উলিয়াই দিলে ক’লায়ে। তাৰ আগতে ধেমালিও গাই ল’লে জোখত। মানুহবিলাকে দেখিছে, ক’লাইৰ মুখখনত কিবা এটা তেজ উঠি আহিছে। ডবা বাজিল, ঘণ্টা বাজিল, কৃষ্ণ গোসাঁই ওলাই আহিছে। বৈকুণ্ঠ প্ৰয়াণ নাট। কৃষ্ণ ওলোৱাৰ লগে লগে মানুহ ঠাণ্ডা হৈ গ’ল। খোল লৈ কলীয়া আগবাঢ়ি গ’ল। গোসাঁইক সেৱা জনাব লাগে। “আগবাঢ়ি আহাঁ প্ৰভু আৰু এক ভৰি, চৰণত পৰি কান্দো বাগৰি বাগৰি…।” ক’লায়ে সেৱা কৰিলে।

আৰে কি হ’ল,— মানুহবোৰে ভাবিলে। ক’লাই উঠি নাহে যে। উঠি নাহে যে। এজনে ওচৰৰ পৰা চালে। চুই দিলে। ক’লাই বাগৰি গ’ল। পানী পানী পানী। পিছে লাভ নহ’ল। ক’লায়ে ইতিমধ্যে শেষৰকণ বতাহ এৰিলেই। কি ভাগ্য কি ভাগ্য! কৃষ্ণৰ নাম লৈ, একেবাৰে শুদ্ধ পৰাচিত হৈ কৃষ্ণৰ চৰণত মূৰ থৈ ক’লাই গ’লগৈ। গোটেইখন চিঞৰ-বাখৰ লাগিল। কি ভাগ্য! সকলোৱে একেলগে ক’লে— “একেবাৰে বৈকুণ্ঠলৈ যাব। ভগৱানৰ সৈতে লীন হৈ যাব। এইজন আচল ভক্ত।”

সিদ্ধেশ্বৰ মাষ্টৰে ভাবিলে,— ক’লাই কিয় মৰিল বাৰু?

❧ | অধিক গল্প:

বৈকুণ্ঠ প্ৰয়াণ | সপোনজ্যোতি ঠাকুৰ

Follow Nilacharai on Facebook