সুদীৰ্ঘ সময়ৰ কৰ্মব্যস্ত জীৱনৰ ওৰ পৰিল। দুৰন্ত গতিৰে যেন সময়ে মোৰ পৰা মোৰ কৰ্মব্যস্ততাক উচ্ছন্ন কৰি এতিয়া উপহাস কৰিবলৈ লৈছে। মোৰ অৱসৰী জীৱনৰ মাজত কিবা এক নতুনত্বৰ স্বাদ বিচাৰিবলৈ গৈয়ো এতিয়া থমকি ৰৈছোঁ। হাতৰ মুঠিত মোৰ এয়া অজস্ৰ সময়। খৰচ কৰোঁ কেনেকৈ, তাক লৈহে মই চিন্তিত। অথচ সৌ সিদিনালৈকে মোৰ সময়ৰ অত্যন্ত অভাৱ আছিল। কলেজৰ চাকৰিৰ কৰ্মব্যস্ততাৰ অজুহাতত মই পাহৰি পেলাইছিলোঁ বন্ধু-বান্ধৱ, আত্মীয়-কুটুম্বক। অন্তৰংগ বন্ধু-বান্ধৱীসকলৰ সুখ-দুখৰ মুহূৰ্তবোৰতো মই বহু সময়ত নিজক যেন নিলগাই ৰাখিছিলোঁ। কিন্তু এতিয়া অফুৰন্ত আজৰিৰ মুহূৰ্তবোৰ ব্যস্ততাৰে ধৰি ৰাখিবলৈ মই আপ্ৰাণ চেষ্টা চলাবলগীয়া হৈছে। দীৰ্ঘদীন জীয়াই থাকিবলৈ, সু-স্বাস্থ্যৰে দিন নিয়াবলৈ হ’লে মানুহে বোলে স্বপ্ন দেখিব লাগে। কোনো বিখ্যাত লেখকে কোৱা কথা এয়া। স্বপ্নই মানুহৰ মনত জগাই তোলে আশা আৰু আশাইতো জীৱন। কিন্তু ষাঠিৰ ঊৰ্ধ্বৰ মোৰ দৰে মানুহ এজনেনো এতিয়া কি সতে স্বপ্নৰ সৈতে খেলা কৰোঁ? এয়া অৱশ্যে মোৰহে মনৰ ভাব, আনৰ নহ’বও পাৰে। নিজৰ সন্তানক লৈ বহুতৰে অলেখ সপোন থাকে। মোৰ সেই সপোন পূৰ নোহোৱা বুলি নাভাবোঁ। পুত্ৰ-কন্যাই কলেজ আৰু চৰকাৰী বিভাগত অধ্যাপক, বিষয়াৰূপে আত্মনিৰ্ভৰশীল হৈছে। তাতোতকৈ মোৰ সিহঁতক লৈ বিশেষ ব্যতিক্ৰমী ধৰণৰ আকাংক্ষা বা সপোনো নাছিল চাগৈ। সেয়েহে এতিয়াৰ সময়বোৰত শৈশৱ, কৈশোৰ আৰু যৌৱনৰ স্মৃতিবোৰ মনৰ পেৰাৰ পৰা লাহে লাহে উলিয়াবলৈ লৈছোঁ। মন-আকাশত ধুঁৱলী-কুঁৱলী হোৱা স্মৃতিবোৰো টানি উলিয়াবলৈ অহৰহ চেষ্টা কৰিছোঁ। মানুহ বৰকৈ স্মৃতিকাতৰ হোৱাটোও হেনো বেয়া কথা। কিন্তু শৈশৱৰ পৰা জীৱনৰ এই সময়লৈকে জীৱন পৰিক্ৰমাত ঘটি যোৱা অলেখ ঘটনা-পৰিঘটনা, শিক্ষকতাৰ দিনবোৰৰ সুখ-দুখৰ স্মৃতিবোৰ বাৰু পাহৰোঁনো কেনেকৈ? স্মৃতিবোৰে হেনো সুহুৰি মাৰি কোনোবা সুৰম্য উপত্যকালৈ গুচি যায় যদিও আমি সাধাৰণতে আপোনজনৰ স্মৃতিবোৰ ধৰি ৰাখিব বিচাৰোঁ। ঘৰখনৰ বিভিন্ন বস্তুবোৰৰ মাজত ময়ো এনে স্মৃতিবোৰ এতিয়া বিচাৰি থাকোঁ। পুৰণি কাঠৰ আলমিৰাটোত থকা কিবা-কিবি বস্তুবোৰ আজি খুঁচৰি ফুৰোঁতে হঠাৎ মোৰ চকু থৰ হৈ ৰ’ল ফ্ৰেমত বন্ধাই ৰখা ফটোখনত। লগে লগে ফটোখনে মোৰ মনটোক স্মৃতিকাতৰেই নহয়, কৰি তুলিলে অতিশয় আৱেগিক। ফটোখনত দেখিছোঁ এজন ডেকা মানুহ। কিতাপ এখনত চকু থৈ বহি আছে পঢ়াৰ টেবুলত। বাহিৰৰ পৰা অহা সূৰুযৰ পোহৰে তেওঁৰ মুখখন উদ্ভাসিত কৰিছে। ধৰিব পাৰি এয়া শীতৰ দিন। তেওঁৰ গাত এটা ছুৱেটাৰ। ডেকাজন যে আমাৰ প্ৰতুলদা, সেয়া বুজি উঠিলো। আৰু ছবিখন সম্ভৱত লণ্ডনৰ কোনোবা এটা ঘৰত তোলা। এয়া তেওঁ উচ্চ শিক্ষাগ্ৰহণৰ বাবে লণ্ডনত থাকোঁতে তোলা ছবিয়েই হ’ব। প্ৰতুলদাৰ ফটোখনে মোক যেন লৈ গ’ল বহুদিনৰ আগলৈ। আৰু এয়া মোৰ সন্মুখত দুটি বুদ্ধিদীপ্ত চকুৰে ৰৈছেহি প্ৰতুলদা। প্ৰতুল কুমাৰ দত্ত। আমাৰ পৰিয়ালবোৰৰ মাজৰ ৰূপকথাৰ নায়কজন। সকলোৰে এদিনৰ গৌৰৱৰ কেন্দ্ৰবিন্দু, অথচ তেওঁক লৈ হোৱা সেই সকলোবোৰ উচ্ছ্বাস, গৌৰৱৰ স্তম্ভটো এদিন তাচপাতৰ ঘৰৰ দৰে খহি পৰিছিল। আমি সকলোৱে দেখিছিলো, জীৱনৰ উত্থান-পতনৰ এখন দুখলগা ছবি। আৰু সেই ছবিখন আমাৰ মনৰ মাজত এৰি থৈয়েই তেওঁ যে আজিৰ পৰা দহোটা বছৰৰ আগেয়েই চিৰদিনৰ বাবে অচিন দেশলৈও গ’লগৈ। প্ৰতুলদাৰ কথা ভাবি ভাবি মই ঘূৰি গ’লোঁ আগৰ দিনবোৰলৈ।
‘তই হয়তো নাজান। জৰ্জ চাহাব আছিল মোৰ এজন ভাল বন্ধু— খুব ভাল বন্ধুত্ব আছিল তেওঁৰ লগত মোৰ, মোৰ কথাবোৰ তেওঁ মন দি শুনে— মোৰ সকলো পৰীক্ষাৰ ৰিজাল্টৰ মাৰ্কছীট-ছাৰ্টিফিকেট চাইছে তেওঁ— মোৰ হাতৰ পৰা ইংৰাজীতে দেশৰ ইকনমিক পলিচি-ফ’ৰেইন পলিচি বদলি কৰিবৰ বাবে মই লিখা দৰকাৰী কথাবোৰ থকা কাগজ-পত্ৰবোৰ নি আগ্ৰহেৰে পঢ়িছে তেওঁ। মুঠতে জৰ্জ চাহাবৰ ওচৰলৈ মোৰ অবাধ অহা-যোৱা— ইমান ডাঙৰ মানুহ, অপজিশ্যন পাৰ্টিৰ ইমান ডাঙৰ লিডাৰ— নাই কোনো গপ-ভেম, কিন্তু এই জৰ্জ চাহাবেই কিয় নাজানো— মোক এদিন কৰিলে কি শুন, পাৰ্টিৰ অফিচত বহি আছিল তেওঁ— লগত নিজৰ পাৰ্টিৰেই কেইজনমান ৱৰ্কাৰ— হয়তো ব্যস্ত,— হয়তো বিৰক্ত কিবা কথাত। মই আগৰ দৰেই গপগপাই তেওঁৰ কাষলৈ সোমাই যাবলৈ লওঁতেই মূৰ দাঙি চালে জৰ্জ চাহাবে মোলৈ। হাত এখন দাঙি মোক ৰ’বলৈ ইংগিত দিলে। তাৰ পিছত ক’লে— শুনা মিষ্টাৰ দত্ত— তুমি মোৰ ওচৰলৈ তেতিয়াহে আহিবা, যেতিয়া মই বা আমাৰ পাৰ্টি দেশৰ পাৱাৰলৈ আহিম। এতিয়া আৰু নাহিবা। মই হেল্পলেছ, মই এজন অপজিশ্যন পাৰ্টিৰ লিডাৰ মাত্ৰ— তোমাক সহায় কৰিব নোৱাৰি মই দুখিত।’
হয়, জৰ্জ চাহাবে কৈছিল— এয়া, জৰ্জ ফাৰ্নাণ্ডেজ। ভাৰতৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্নাণ্ডেজেই এনেদৰে এদিন কৈছিল হেনো আমাৰ প্ৰতুলদাক। সেয়া যে বহুদিন, বহুকেইটা বছৰৰ আগৰে কথা। আজি কেইবাটাও বছৰৰ পাছত হঠাৎ প্ৰতুলদাৰ আকস্মিক উপস্থিতিয়ে বিস্মৃত কৰাত এইবোৰ কথা মনত পেলাবলৈ বাধ্য হৈছোঁ। এদিন লণ্ডনত থকা প্ৰতুলদা যে এতিয়া সময়ে নিষ্ঠুৰভাৱে আঁচুৰি পেলোৱা, ভাগ্যৰ পৰিণতিয়ে ক’ৰবালৈ টানি নিয়া এজন মানুহ। যেন এজন যাযাবৰ, যাৰ নাই কোনো স্থায়ী ঠিকনা।
‘দেতা, এজন বাবাজী আহিছে। দীঘল পকা দাঢ়িৰ, দীঘল চোলা পিন্ধা। তোমাৰ নাম কৈ এইটো আমাৰ ঘৰ হয়নে নহয় সুধিছে।’
‘বাবাজী? ক’ৰ পৰানো আহিছে?’
মনৰ উৎসুকতা নিয়াবলৈ লগে লগেই বাহিৰলৈ আহি বিস্ময়ত যেন থৰ হৈ ৰৈছোঁ। হয়, এয়া প্ৰতুলদা। সুদীৰ্ঘ সময়ৰ মূৰত প্ৰতুলদাক এয়া লগ পাইছোঁ মোৰ ঘৰত। এৰা, এই সৰু নগৰখনত মই সজা ঘৰখনত। আমাৰ পুৰণি গাঁৱৰ ঘৰত নহয়। গাঁৱৰ সেই ঘৰখনেই যে আছিল প্ৰতুলদাৰ জীৱনৰ উত্থানৰ থলি— য’ত তেওঁৰ মৰমৰ মোমায়েক-মামীয়েক— মোৰ মা-দেউতাৰ চেনেহৰ উম লৈ মেট্ৰিকত ষ্টেণ্ড কৰি এদিন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙতো আই আই টি খৰগপুৰৰ পৰা ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈ পাছত লণ্ডনলৈ উৰা মাৰিছে। চকুত আছিল তেতিয়া প্ৰতুলদাৰ অযুত স্বপ্ন। অথচ তেওঁৰ সেই বিদেশ যাত্ৰাক লৈ যেন অকণো সুখী হোৱা নাছিল মোমায়েক— মোৰ দেউতা।
‘সি আমাৰ দেশত থকাটোহে মই বিচাৰিছিলো— দেশৰ চোকা মানুহবোৰ যদি এনেকৈ বিদেশলৈ গুচিয়েই যায়, তেনেহ’লে দেশৰ জানো উন্নতি হ’ব?’
দেউতাৰ সেই মনোভাবৰ বিপৰীতে প্ৰতুলদাই কিন্তু বিচৰা নাছিল নিজ দেশত থাকিবলৈ। কি কৰিম ইয়াত? য’ত দুৰ্নীতি-অন্যায় অবিচাৰৰ লগত কম্প্ৰমাইজ নকৰাকৈ চলিব নোৱাৰি, য’ত নিজকে আৰু ওপৰলৈ নিয়াৰ স্ক’প নাই, সেইখন দেশত থাকিলে জানো লাভ হ’ব? সেইদৰেই কৈ এদিন লণ্ডনলৈ গুচি যোৱা প্ৰতুলদা থাকিল জানো তাত? নাথাকিল। ঘৰৰ ল’ৰাটো হঠাৎ ঘৰলৈ ঘূৰি আহিল এদিন, আঠোটা বছৰৰ পাছত। আহিল আমাৰ নিজ গাঁৱৰ ঘৰলৈকো। বিস্ময়ত সিদিনা চকু থৰ হৈ গৈছে মা-দেউতাৰ।
‘তই কিয় ঘূৰি আহিলি? ইয়াৰ চাকৰি এৰি লণ্ডনত চাহাব হ’বলৈকেতো গৈছিলি’। এতিয়া একো সুধিবলৈ এই পৃথিৱীত নথকা মোৰ দেউতাৰ সেই দিনাৰ সেই প্ৰশ্নত, সেই কথাত মৌন হৈ ৰৈছিল প্ৰতুলদা। আৰু আজি সুদীৰ্ঘ বাৰটা বছৰৰ মূৰত প্ৰতুলদাক দেখি মই যেন দুখ-বেদনাত মূক হৈ গৈছোঁ। সাবটি ধৰিছোঁ আৱেগত প্ৰতুলদাক। মোৰ মূৰত আলফুলকৈ হাত ফুৰালে প্ৰতুলদাই।
‘দুখ কৰিছ নেকি? মোক দেখি তোৰ দুখ লাগিছে? তই সদায়েই বৰ ইম’শ্যনেল। এতিয়া জানো সৰু ল’ৰা হৈ আছ?’
প্ৰতুলদাক আনি ভিতৰৰ কোঠাত বহুৱালো।
‘কেনেকৈ চিনি পালে মোৰ ঘৰ?’ মোৰ কথাত প্ৰতুলদাই হাঁহিলে। চিনাকি সেই হাঁহি।
‘গাঁৱৰ ঘৰৰ পৰা এই সৰু টাউনখনলৈ আহিলি বুলিয়েই তোৰ ঘৰটোও বিচাৰি নাপাম? তহঁতৰ খা-খবৰবোৰ মই যেনে-তেনে হ’লেও ৰাখোঁ। দিল্লীত থকা বহুত অসমীয়া মানুহৰ ঘৰলৈও মই যাওঁ— ঠিকনা মতে সহজেই তেওঁলোকৰ ঘৰ বিচাৰি উলিয়াওঁ মই।’ সহজভাৱে কথাবোৰ কৈ যোৱা প্ৰতুলদালৈ চালো। শীৰ্ণকায় দেহত দীঘল পাঞ্জাবী-পায়জামা। মুখত বগা দীঘল অযত্নপালিত দাঢ়ি, চকুত হাই পাৱাৰৰ চছমা। পৰী আৰু বুকণে তেওঁক দেখিও একো বুজা নাই। বুজি পাব কেনেকৈ? আৰু এই সৰু-ছোৱালীহালেনো কেনেকৈ অনুভৱ কৰিব প্ৰতুলদাৰ লগত থকা আমাৰ নিবিড় সম্পৰ্কৰ কথা? কেনেকৈ আনে বুজিব প্ৰতুলদাক লৈ তেওঁৰ মাক-দেউতাক, আমাৰ আজলী জেঠাইজনী আৰু জেঠোৱে দেখা এদিনৰ সপোনবোৰৰ কথা। প্ৰতুলদাৰ বিচিত্ৰ জীৱন কাহিনী অৱশ্যে মই ইতিমধ্যেই কৈ পেলাইছোঁ মোৰ পত্নী স্বপ্নাক। এজন অচিনাকি মানুহৰ বিষয়ে মই দিবলৈ বিচৰা ধাৰণাই মানুহজনক জনাৰ বাবে জানো যথেষ্ট? নহয় চাগৈ। তথাপি মাজে মাজে কওঁ স্বপ্নাক প্ৰতুলদাৰ সপোনবোৰৰ কথা, কওঁ তেওঁৰ প্ৰেমৰ কথা। আৰুনো ক’ম কাক?
প্ৰেমৰ আন এটা গল্প
ধ্ৰুৱজ্যোতি শৰ্মা
‘কি চাইছ?’
একেথৰে প্ৰতুলদাৰ মুখলৈ চাই ৰোৱা দেখি মোক সুধিলে তেওঁ।
‘চাইছোঁ আপোনাক— ইমান দিনৰ মূৰত আহিছে, মোৰ দেখোন কিবা সপোন সপোন লাগিছে— কিয় অহা নাছিল ইমান দিন কওক।’ অন্তৰৰ সঁচা অভিমান ভৰা প্ৰশ্ন মোৰ।
‘নাহোঁ বুলিয়েই অহা নাছিলোঁ— আহিনো কৰিম কি? এতিয়া আৰু তহঁতৰ বোজা হ’বলৈ আহি থকাটো জানো উচিত হ’ব? তহঁতৰ নিজৰ নিজৰ ঘৰ-সংসাৰ আছে, ব্যস্ত জীৱন তহঁতৰ— তাৰ মাজত আহি তহঁতবোৰকনো আমনি কৰি থাকোঁ কেনেকৈ? সকলোৰে কাৰণে যে মই এতিয়া এটা বোজা।’
‘নাই তেনেকৈ নক’ব— বিশেষ একো খবৰ নাপাওঁ আপোনাৰ, আপোনাৰ লগৰ বহুতেই সোধে তোমালোকৰ প্ৰতুল এতিয়া ক’ত?’
‘কি কৱ তই?’
প্ৰতুলদাৰ প্ৰশ্নৰ একো উত্তৰ নিদি অসহায়ৰ দৰে তেওঁলৈ চাই হাঁহিলো।
‘কিয়? নকলি কিয় যে প্ৰতুল দত্ত এতিয়া লণ্ডনত থকা ইঞ্জিনিয়াৰ নহয়— সি এটা ঠিকনাবিহীন অঘৰী— দিল্লীৰ ৰাস্তাত সি স্কুলৰ সৰু ল’ৰা-ছোৱালীক মৰ্টন-চকলেট বিক্ৰী কৰে— নিশা হ’লে যিকোনো স্কুলঘৰত শোৱে, কেতিয়াবা দিনটো অলপ কেঁচা বুট, দুটামান কল খায়ে কটাই দিছে— হাঃ হাঃ হাঃ…, নকলি? আৰু ক’ব পাৰিলিহেঁতেন, প্ৰতুল দত্তই পৃথিৱীৰ মানুহৰ সকলো ধৰ্ম গ্ৰহণ কৰিছে। চা, এয়া অলপতে মই খ্ৰীষ্টান ধৰ্ম লৈছোঁ।’ ডিঙিত ওলমি থকা ক্ৰছডাল সোঁহাতেৰে চুই চুই ক’লে প্ৰতুলদাই। কথাবোৰ কৈ উঠি প্ৰতুলদা থিয় হ’ল— ‘ব’ল মোক মুখ-হাত, গা-পা ধুবলৈ দে।’
প্ৰতুলদাৰ কথাত সচকিত হৈ উঠিলোঁ। এৰা, এই দুপৰীয়া আহি পোৱা মানুহজনৰ লগত কথাহে পাতি আছোঁ। গা-পা ধুই আহি বাৰাণ্ডাতে মোৰ সৈতে বহি পৰা প্ৰতুলদাক এতিয়া বহুত ফ্ৰেছ যেন লাগিছে। প্ৰতুলদাই মোক সুধি গ’ল তেওঁৰ এদিনৰ সহপাঠীসকলৰ কথা। যিসকলৰ বিষয়ে জানো, সকলো ক’লোঁ। নিজৰ শিক্ষকসকলৰ কথাবোৰ কৈ গ’ল প্ৰতুলদাই। মাজে মাজে মোৰ ছোৱালী পৰী আৰু ভায়েক বুকণে আহি প্ৰতুলদালৈ চাইছে, তেওঁৰ কথাবোৰ শুনিছে।
‘এয়া তোমালোকৰ বৰদেউতা।’
‘ওহোঁ নহয়— এয়া ককাহে।’ মোৰ কথাত বুকণে অবিশ্বাসৰ সুৰতে কৈ উঠিছে। এৰা, এটা সাত বছৰীয়া ল’ৰাইনো প্ৰতুলদা যে মোৰ সম্বন্ধীয় ককাইদেউ, সেয়ানো বুজে কেনেকৈ? কেনেকৈনো বিশ্বাস কৰিব। সময়, উচ্চাকাংক্ষা আৰু প্ৰেম-বিৰহৰ যন্ত্ৰণাই বিধ্বস্ত কৰা প্ৰতুলদা যেন অকাল বৃদ্ধ আজি। মোৰ ল’ৰা-ছোৱালীহালৰ বাদে প্ৰতুলদাক কিন্তু অতি সহজভাৱেই লোৱা মোৰ পত্নী স্বপ্নাই ভিতৰত ব্যস্ত হৈছে প্ৰতুলদাৰ বাবে ৰন্ধা-বঢ়াত। ব্যস্ত নহ’বই কিয়? স্বপ্নাই যে জানেই আমাৰ ঘৰখনৰ মোৰ বাদেও দাদা আৰু বাইদেউৰ কাৰণেও প্ৰতুলদা আছিল ৰূপকথাৰ নায়ক। সেইজন মানুহক এটা সময়ত আগ্ৰহেৰে ভিতৰলৈ নি ডাইনিং টেবুলত বহুৱালে স্বপ্নাই। স্বপ্নাক প্ৰতুলদাই সুধিলে বহুতো ঘৰুৱা কথা। হাতত চামুচ লৈ নিঃশব্দে ভাত খালে তেওঁ। খাই উঠি প্ৰতুলদাই বাতৰি কাকতকেইখন বিচৰিলে।
‘তোৰ ফিজিকেল অপটিকচ আৰু বি ৰাজমৰ এটমিক ফিজিক্সৰ কিতাপ দুখনো দিবিচোন। অলপ কিবা-কিবি চাবলৈ আছে।’
একো নকৈ সেয়া আনি দিলোহি তেওঁৰ হাতত। স্বপ্নাই সজাই-মেলি থোৱা বিছনাখনত শুই বাতৰি কাকতখনত চকু ফুৰালে প্ৰতুলদাই। কাষৰ চকীখনত বহি তেওঁলৈ চাই ৰৈছোঁ মই। এটা সময়ত টোপনিৰ আৱেশত চকু জাপ খাই যোৱা প্ৰতুলদাক এৰি দৰ্জাখন সাৱধানে বন্ধ কৰি বাহিৰলৈ আহিলোঁ। বাহিৰত বহাৰ লগে লগে চকুৰ আগত যেন ভাহিবলৈ ধৰিলে অলেখ স্মৃতিৰ টুকুৰা-টুকুৰ ছবিবোৰ। গাঁৱত এতিয়াও দাদাৰ লগত থকা মাৰ এদিনৰ কথাবোৰ মনত পৰিল। মায়ে কৈছিল— ‘প্ৰতুলৰ চকুত এটা অদ্ভুত জ্যোতি আছিল বুইছ, উস্ কি যে প্ৰখৰ স্মৃতিশক্তি, ইমান যে চোকা আছিল সি, নহ’লেনো মেট্ৰিকত ষ্টেণ্ড কৰি ইঞ্জিনিয়াৰিঙতো ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হ’ব পাৰেনে?’ এৰা, এইদৰেই প্ৰতুলদা এদিন বৰাপানী প্ৰজেক্টৰ দায়িত্বশীল ইঞ্জিনিয়াৰ হৈছে। কেতিয়াবা অফিচৰ জীপ লৈ কিবা কামত আহোঁতে নিশা আহি আমাৰ গাঁৱৰ প্ৰতুলদাৰ নিজৰ জীৱনৰ ভেটি গঢ়া মোমায়েকৰ ঘৰ পাইছেহি। বিছনাত টোপনিত লালকাল দি শুই থকা আমাক বোলে চাই গৈছে টৰ্চৰ পোহৰত তেওঁ। ‘তহঁতেতো গমেই নাপালি’— মায়ে কৈছে পিছদিনা পুৱা। আৰু তাৰ পাছত প্ৰতুলদাই অনা বিস্কুটৰ পেকেটটো লৈ আমি তিনিওটাই টনা-আঁজোৰা কৰিছোঁ। মাজে মাজে মা আৰু দেউতাৰ মাজত তৰ্কবাদ শুনিছোঁ অলপ ডাঙৰ হৈ।
‘নাই নাই নহ’ব, সি তাইক কেনেকৈ বিয়া কৰাব? ভিনদেউৰ মত নাথাকিলে মই কেনেকৈ কিবা এটা কৰিব পাৰিম? মই তাৰ পঢ়া-শুনাৰ দায়িত্ব লোৱা মোমায়েকহে’— মাৰ কথাত অতি বিৰক্তিৰে উত্তৰ দিছে এদিন দেউতাই।
তাই? কোননো তাই, যাক প্ৰতুলদাৰ দেউতাক, মোৰ জেঠোৱে বিয়া কৰাবলৈ নিদিয়ে প্ৰতুলদাক? এদিন গম পাইছোঁ সেই কথা। তাই আন কোনো নহয়, প্ৰতুলদাৰ নিজা গাঁৱৰে চোকা বুদ্ধিৰ এজনী ছোৱালী। ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ পৰা চিকিৎসক হৈ ওলোৱা ছোৱালীজনীৰ নাম হেনো অৰুণা। প্ৰেম, বিবাহ এইবোৰৰ প্ৰকৃত অনুভূতিয়ে তেতিয়াও আমাক চোৱাই নাই। তথাপি ভাবোঁ, প্ৰতুলদাকনো তেওঁৰ দেউতাক আমাৰ জেঠোৱে সেই ডাক্তৰনী বাইদেউজনীক বিয়া কৰাবলৈ দিলে কি হয়? হ’ব পাৰে তাই আহোম সম্প্ৰদায়ৰ ছোৱালী। কলিতাৰ ঘৰলৈ অনাতনো কিহৰ বাধা? আন নহ’লেও আমাৰ দেউতাইতো জেঠোক বুজাব পাৰে। কিন্তু ক্লাছ ফ’ৰৰ পৰাই নিজৰ লগত ৰাখি নিজে হেড মাষ্টৰী কৰা স্কুলখনত পঢ়ুওৱা ভাগিনীয়েকৰ শিক্ষা জীৱনৰ সাফল্যই হয়তো নিজৰ ভাগিনৰ ওপৰত এক কৰ্তৃত্বৰ মনোভাব জগাই তুলিছিল অজানিতে দেউতাৰ মনোজগতত। আৰু সেই প্ৰতুলদাই এদিন নিজৰ প্ৰেমৰ বান্ধোন ছিঙি দেশৰ মাটিৰ মোহ এৰি চাকৰিৰ পৰা ছুটী লৈ হায়াৰ ষ্টাডিজৰ নামত গুচি গৈছে লণ্ডনলৈ। আমাৰ সপোনপুৰী বিলাতলৈ।
বিলাতনো ক’ত? মাক সুধিলে মায়ে আমাক কয়— ‘সাত সাগৰ তেৰ নদীৰ সিপাৰে আক’। বাপৰে, আমাৰ প্ৰতুলদা ইমান দূৰলৈ গুচি গ’ল। বিস্ময়ত আমি মাৰ মুখলৈ চাইছোঁ। ইংলেণ্ড, আয়াৰলেণ্ড, ফ্ৰেন্স, জাৰ্মান বহুতো দেশ ঘূৰিছে বোলে তেওঁ,— প্ৰতুলদাই। ইংলেণ্ডৰ কোনোবা লে’কত নাও চলাই থকা প্ৰতুলদা— লণ্ডন চহৰৰ মসৃণ ৰাজপথত নিজৰ বিলাসী গাড়ী চলোৱা প্ৰতুলদাৰ ফটো চাইছোঁ মাৰ পৰা টানি আনি। দেউতা আৰু জেঠোৰ মুখত বিষণ্ণতাৰ ছাঁ। নাই, সি আৰু কোনো দিনে নাহে বোলে এই দেশলৈ ঘূৰি। এই দেশৰ চাকৰি এৰি দি বিদেশতেই চাকৰি লৈছে হেনো প্ৰতুলদাই। কিয় নাহে বাৰু? হয়তো খং, হয়তো অভিমানত। নিজৰ প্ৰেয়সীক চিৰদিনৰ কাৰণে নিজৰ কৰি লোৱাৰ ক্ষেত্ৰত অভিভাৱকৰ পৰা পোৱা বাধাই বাৰু এই দেশৰ প্ৰতি মোহমুক্ত কৰিলে নেকি প্ৰতুলদাক? আস, কি যে কঠোৰতা আছিল প্ৰেমৰ ক্ষেত্ৰত সেইদিনৰ অভিভাৱকসকলৰ। যেন শিলতকৈয়ো কঠোৰ আছিল পিতৃ-মাতৃৰ মনবোৰ। নিজৰ ঘৰখন নিজৰ পিতৃ-মাতৃৰ প্ৰতি থকা আনুগত্য যেন সেই দিনবোৰত ডেকা-গাভৰুবোৰৰ বাবেও আছিল নিজৰ প্ৰেমতকৈয়ো বহু ঊৰ্ধ্বত।
বৈকুণ্ঠ প্ৰয়াণ
সপোনজ্যোতি ঠাকুৰ
কিন্তু সকলোকে হতাশাত পেলাই দেশৰ মাটিৰ গোন্ধ এৰি যোৱা ডেকাজন এদিন ঘূৰি আহিল নিজা ঘৰলৈ। আহিল যেন এজন পৰাজিত সৈনিকৰ দৰে। ব্ৰীফকেছত কিছু টকা। নিজে গঢ়ি তোলা জীৱনৰ উন্নতিৰ সৌধ খহি পৰিছে তাচপাতৰ ঘৰৰ দৰে। তেওঁলৈ অধীৰ আগ্ৰহেৰে বাট চাই তেতিয়াও অবিবাহিত হৈ ৰোৱা চিকিৎসক প্ৰেয়সীকো নকয় একোকে প্ৰতুলদাই। কিয় এনেদৰে ঘূৰি আহিল, সেয়াও নকয় তেওঁ। এক বিচিত্ৰ ৰহস্যময় জীৱন আৰম্ভ কৰিছে তেওঁ। নিজা গাঁৱৰ ঘৰত মাজে মাজে পঢ়িবলৈ লৈছে নলিনীবালা দেৱীৰ ‘জনমভূমি’ নামৰ কবিতা। বেৰত আঁৰি থোৱা লণ্ডনৰ ৰাজপথত নিজৰ গাড়ীৰ ড্ৰাইভিং ছিটত বহি তোলা সুন্দৰ ফটোখন আঁতৰাই পেলাইছে ইতিমধ্যে। মাজে মাজে আমাৰ ঘৰলৈও আহি আহি দুই-চাৰি দিন কটোৱা প্ৰতুলদাক মায়ে অনুৰোধৰ সুৰত কোৱা শুনো— ‘এতিয়াও সময় আছে, তুমি অৰুণাক বিয়া কৰোৱা প্ৰতুল। তাইতো এতিয়া মেডিকেল কলেজৰ চিনিয়ৰ প্ৰফেচৰ, চাকৰি তুমি নকৰা, নাই।’ মাৰ সেই অনুৰোধত চাই থকা কিতাপখনৰ পৰা মূৰ নোতোলাকৈয়ে প্ৰতুলদাই কৈছে— ‘মই কি বিচাৰিছিলো, সেয়া জানো আগেয়ে কোনোবাই বুজিছিল? এতিয়াও মই কিবা এটা বিচাৰি ফুৰিছোঁ— আপোনালোকে নুবুজে সেয়া।’
এৰা, কি বিচাৰি ফুৰিছে প্ৰতুলদাই, সেয়া যেন ময়ো নুবুজিলো আজিলৈকে। প্ৰতুলদাৰ জীৱন যেন আমাৰ বহুতৰ বাবে হৈ পৰিছে কুঁৱলিৰ আৱৰণত থকা এক ৰহস্যময় জীৱন। এদিন গম পাইছোঁ, প্ৰতুলদাক দিল্লীৰ অৰক্ষীয়ে এৰেষ্ট কৰিছে। কি দোষনো কৰিছিল তেওঁ? এৰা, দোষেই কৰিছিল প্ৰতুলদাই। সুৰক্ষা বেষ্টনী ভেদ কৰি অতৰ্কিতে এখন সভাগৃহত প্ৰতুলদাই ভাৰতৰ ৰাষ্ট্ৰপতিক বোলে দিব বিচাৰিছিল এখন আৱেদন। দেশৰ পৰা অন্যায়-অবিচাৰ দুৰ্নীতি আঁতৰাবলৈ কেনে ব্যৱস্থা ল’ব লাগে, সেইবোৰ বিষয়ৰ ওপৰত সুন্দৰকৈ ইংৰাজীতে লিখা এখন কাগজ দাঙি ধৰিছিল ৰাষ্ট্ৰপতিৰ সন্মুখত প্ৰতুলদাই। চি আই ডিৰ কোনোবা গোস্বামী উপাধিৰ এজন বিষয়া আহি আমাৰ ঘৰ পাইছেহি তাৰ পাছতেই। দেউতাৰ ষ্টেটমেণ্ট, স্কুলৰ পৰা প্ৰতুলদাৰ ৰেকৰ্ড-পাতি লৈ তেওঁ দিল্লী পুলিচৰ আগত দিয়া ষ্টেটমেণ্টৰ লগত সকলো মিলাই সন্দেহজনক যেন একো নাপাই এদিন এৰি দিছে আৰক্ষীয়ে প্ৰতুলদাক। দেউতা আৰু জেঠো-জেঠাইৰ এটা সময়ত মৃত্যু হৈছে। প্ৰতুলদাৰ দুয়োজন ককায়েক-ভায়েক নিজৰ ঘৰ-সংসাৰ লৈ ব্যস্ত, আৰু ময়ো এদিন গাঁৱৰ ঘৰৰ পৰা ওচৰৰ এই নগৰখনলৈ আহিছোঁ পদাৰ্থ বিজ্ঞানৰ লেকচাৰাৰ হৈ। সৰুকৈ এটা ঘৰ, পত্নী আৰু দুটি ল’ৰা-ছোৱালীৰে এখন সংসাৰৰ গৰাকী হৈছোঁ। পাৰ হৈ গৈছে কোবাল গতিৰে বছৰবোৰ।
মাজে মাজে মোৰ কলেজৰ ঠিকনাত প্ৰতুলদাই পঠোৱা চিঠি পাইছোঁ। কেতিয়াবা ইংৰাজীত লিখা আৰু কেতিয়াবা সৰু সৰু সুন্দৰ আখৰেৰে অসমীয়াত লিখা চিঠি। কোনো এজন ফাদাৰৰ ঠিকনাত উত্তৰ দিবলৈ লিখে। উত্তৰ দিওঁ। জানিব বিচাৰোঁ প্ৰতুলদাৰ বিষয়ে। একো নজনাই তেওঁ। কেৱল চিঠি লিখিলে আমাৰ সকলোৰে কথাহে জানিবলৈ বিচাৰে প্ৰতুলদাই। নিজৰ বিষয়ে জনাবলৈ হয়তো একো নাই বুলিয়েই নজনায় তেওঁ মোক। সেইজন প্ৰতুলদাই আজি বহু বছৰৰ পাছত আহি মোৰ মনত অতীতৰ স্মৃতিক সজীৱ কৰি তুলিছেহি।
দুপৰীয়া আহি পোৱা প্ৰতুলদাক লৈ আবেলি বাহিৰ ওলালো। ওচৰৰ দুই-এজনে উৎসুকতাৰে চাইছে প্ৰতুলদালৈ। এদিনৰ লণ্ডন নিবাসী প্ৰতুলদাৰ সাজ-পোছাক আৰু চেহেৰাই যে তেওঁৰ গালৈ আনি দিছে অতীতৰ ঋষি-মুনিৰ ৰূপ। নগৰৰ কাষেদি বৈ যোৱা দিখৌ নৈৰ মথাউৰিটোৰ ওপৰেৰে কিছু দূৰ ফুৰি পুনৰ ঘৰ সোমালোহি। কোঠাটোৰ বিছনাত বহি কিছু সময় ধ্যানত বহিল প্ৰতুলদা। নীৰৱে বহি ৰোৱা প্ৰতুলদালৈ চাই মনলৈ আহিল এদিন স্কুলত থাকোঁতেই প্ৰতুলদাই লিখা গল্পটোৰ কথা। কি আছিল গল্পটোৰ নাম? হয়, গল্পটোৰ নাম আছিল ‘ক’তনো ধুনীয়া ফুল লেৰেলি শুকায়’। সাহিত্য সভাৰ বিশেষ বঁটা পোৱা এটা গল্প। আৰু আজি প্ৰতুলদা নিজেই যেন এপাহ তেনে লেৰেলি শুকুৱা ফুল। তথাপি তেওঁ জীৱনৰ ৰস বিচাৰি থাকে কিতাপৰ মাজত।
‘কিতাপৰ পোকে জানো আনৰ কথা সঁচাকৈ ভাবে?’ বিদেশৰ পৰা ঘূৰি অহাৰ পাছতো অৰুণা নামৰ সেই এদিনৰ অপেক্ষাৰত প্ৰেমিকাক বিয়া ক’ৰাবলৈ পেৰি থাকি হতাশ হৈ পৰা মায়ে খঙেৰে কথাষাৰ কৈছিল প্ৰতুলদাক। অথচ প্ৰতুলদা আছিল নিৰ্বিকাৰ। পৰিভ্ৰমী পক্ষীৰ দৰে ঘূৰিছে দেশৰ বিভিন্ন স্থান। ঘূৰিছে দিল্লীৰ বাট-পথত। সন্ধিয়া সামান্য আহাৰ কৰি বহু নিশালৈকে কিতাপ পঢ়ি থকা প্ৰতুলদাৰ আচৰণত স্বপ্না যেন বিস্মৃত। কি পঢ়িছে তেওঁ? কিয় ইমান পঢ়ে মানুহজনে?
‘নাজানো, একো নুবুজোঁ ময়ো— কিয় ইমানকৈ তেওঁ পঢ়ে।’ স্বপ্নাক এইদৰে কৈয়ে পুনৰ শুই পৰিছোঁ। আৰু পুৱা যেতিয়া সাৰ পাইছোঁ, তেতিয়া গা-পা ধুই চাহ একাপ খাই প্ৰতুলদা যাবলৈ প্ৰায় সাজু।
‘যাওঁগৈ বুজিছ, গাঁৱৰ ঘৰত ককাইদেউৰ লগত এৰাতি থাকি যামগৈ।’
‘কিয়নো যায় আজিয়েই, আৰু দুদিনমান থাকক ইয়াতে।’ মোৰ আৰু স্বপ্নাৰ অনুৰোধত অন্তৰিকতাৰ কাৰ্পণ্য নাছিল অকণো।
‘নাই আজি নাথাকোঁ। পাছত আহিম আকৌ। আহ, মোক অলপ আগবঢ়াই দে।’
পৰী আৰু বুকণৰ গালত মৰমৰ পৰশ দি স্বপ্নালৈ চাই মিচিকিয়া হাঁহি এটা মাৰি বাহিৰ ওলোৱা প্ৰতুলদাৰ জেপত জোৰকৈয়ে পাঁচশ টকীয়া নোট এখন ভৰাই দিছিলো।
‘কিয়নো দিছ— মইতো তহঁতবোৰক একো দিব নোৱাৰিলো। দিলো কেৱল সকলোকে দুখ। আচলতে কি জান পুতু, মই বহুত ডাঙৰ, বহুত বিখ্যাত মানুহ হ’ব বিচাৰিছিলো। ভাবিছিলো, মোক গোটেই পৃথিৱীয়ে চিনি পাওক। কিন্তু সেয়া যে মোৰ জীৱনৰ এটা মাৰাত্মক ভুল আছিল। আকাশৰ জানো সীমা থাকে? নাথাকে। অথচ আকাশৰ সীমা বিচৰা মানুহ আছিলো মই। মানুহৰ আকাংক্ষাৰো সীমা নাই। কিন্তু সীমা থকা ভাল। নহ’লে জীৱনত কোনোৱেই সুখী হ’ব নোৱাৰে। মোৰ চকুত তই আজি এজন সুখী মানুহ। কাৰণ তই মোৰ দৰে দুৰাকাংক্ষী নাছিলি।’
মই প্ৰতুলদাক একো ক’ব নোৱাৰিলো। পদূলিমূৰত ৰৈ প্ৰতুলদাই মোলৈ গভীৰ আগ্ৰহেৰে চাই ক’লে— ‘পুতু, তোৰ ওচৰলৈ মই আহিছোঁ এটা কথা সুধিবৰ বাবেই— ‘তাই’ৰ কথা— অৰুণাৰ কথা— ক’চোন তাইৰ কথা— তাই বাৰু ভালেই আছেনে? জাননে তহঁতে তাইৰ খবৰ?’
মোৰ এখন হাতত ধৰি গভীৰ আগ্ৰহেৰে সুধিছে প্ৰতুলদাই ‘তাই’ৰ খবৰ। এখন হৃদয়ৰ খবৰ— যি হৃদয়ৰ ধুমুহাৰ খবৰ প্ৰতুলদাক দিয়াটো জানো মোৰ বাবে সম্ভৱ? প্ৰেমৰ পাৰাপাৰহীন সাগৰত ককবকাই উটি-ভাহি ক’ৰবালৈ যোৱা এজন ব্যৰ্থ প্ৰেমিকক মইনো কেনেকৈ দিওঁ— হৃদয়ৰ দুখ-যাতনাবোৰ লুকুৱাই দিন পাৰ কৰা তেওঁৰ সেই প্ৰেমিকাৰ খবৰ— যি প্ৰেমিকাই ওৰেটো জীৱন অপেক্ষা কৰি ৰ’ল কেৱল প্ৰতুলদাৰ বাবেই। তথাপি ক’লো চমুকৈ— অৰুণা বাইদেউৰ কথা। মানৱ সেৱাই এতিয়া যিজনী বাইদেৱে পৰম ধৰ্ম ৰূপে লৈছে। মেডিকেল কলেজৰ অধ্যাপিকাৰ চাকৰি এৰি দিছে তেওঁ। দুখীয়া ৰোগীক কোনো ফীজ নোলোৱাকৈ তেওঁ চিকিৎসা প্ৰদান কৰে। আৰ্তজনক সহায় কৰা এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ তেওঁ আজি এক চালিকা শক্তি। দৰিদ্ৰজনৰ বাবেই আজি তেওঁৰ জীৱন উৎসৰ্গিত। ওহোঁ, মই বৰকৈ ওচৰ চপা নাই তেওঁৰ— কেৱল দূৰৈৰ পৰা চাইছোঁ, খবৰ ৰাখিছোঁ সেইজনী বাইদেউৰ। যাওঁনো কি সতে তেওঁৰ কাষলৈ?
‘যাওঁগৈ দে, ইয়াত থাকিনো কৰিম কি? মই এজন দেশদ্ৰোহী— এজন বিশ্বাসঘাতক, মই… মই অৰুণাকো বিশ্বাসঘাতকতা কৰিলোঁ বিদেশলৈ গৈ… ।’ প্ৰতুলদাৰ মাতটো থোকা-থুকি হৈ পৰিল।
বিশ্বাসঘাতকতা? চাঁৎকৈ মনত পৰিল এদিন মায়ে মোক কোৱা কথাষাৰ। প্ৰতুলদাৰ ডায়েৰিত হেনো এদিন মায়ে প্ৰতুলদাই লিখি থোৱা বাক্যশাৰীত চকু ফুৰাইছিল মনে মনে। লিখা আছিল তেওঁৰ ডায়েৰীত— ‘এয়া কৰ্মফল, মোলৈ বাট চাই ৰোৱা অৰুণাক পাহৰি লণ্ডনৰ মাটিত লিজাক সাবটি লোৱাৰ প্ৰতিফল মই পাইছোঁ। এয়া ভগৱানৰে ইচ্ছা।’
প্ৰতুলদাৰ কথাবোৰ যেন সেইদিনাহে ভালদৰে বুজি উঠিছিলো, কিহৰ বেদনাত অতদিনে ছটফটাই ফুৰিছিল মানুহজনে। বুকুত তীব্ৰ অপৰাধবোধৰ যন্ত্ৰণা লৈ বিচাৰি আহিছিল এদিনৰ প্ৰেমিকাৰ খবৰ। মই নেদেখা হোৱালৈকে বাছৰ খিৰিকীৰে হাতখন জোকাৰি যোৱা প্ৰতুলদালৈ চাই সিদিনা মোৰ চকুপানী নিগৰিছিল। কি শুনাই গৈছিল সেইদিনা তেওঁ মোক? এৰা, মই যেন সেইদিনা শুনিছিলো প্ৰেমৰ পিঞ্জৰাত বন্দী হৈ ৰোৱা এটা ডেউকা ভগা বিহংগৰ কৰুণ ক্ৰন্দন।
পাৰ্শ্বৰাগ
আকাশ দীপ্ত ঠাকুৰ
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক


