ক’ৰবাত হেৰাই গ’ল
আমাৰ বাখৰুৱা দিন
বকুলৰ তলত নেওতা আওঁৰোৱা
পাপৰি কোমল ল’ৰালি
সময় এনেকৈয়ে যায় নে
ফুলাম দিনৰ মুগ্ধ সোঁৱৰণত
কঁপি উঠে বুকু
খহি পৰে সজল মুখৰ ছায়া
চকুৰ পচাৰতে
হেৰাই যায় সময়
আপোন মানুহ
আইনাৰ সন্মুখত ৰৈ
নিজলৈ থৰ লাগি চাই
কিবা উদং উদং লাগে
জনা নাছিলো
শূন্যতা এনেকৈয়ো আহে
বুকুত জাগি উঠে
আকুল হাবিয়াস
সোঁৱৰণত উপচি পৰে
গাল-মুখ
আৰু বুকুৰ উদং উপত্যকা
জনা নাছিলো
শূন্যতা এনেকৈও আহে!
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক