নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

এনেকৈয়ে যায় নে সময়

এনেকৈয়ে যায় নে সময়

ক’ৰবাত হেৰাই গ’ল
আমাৰ বাখৰুৱা দিন
বকুলৰ তলত নেওতা আওঁৰোৱা
পাপৰি কোমল ল’ৰালি

সময় এনেকৈয়ে যায় নে
ফুলাম দিনৰ মুগ্ধ সোঁৱৰণত
কঁপি উঠে বুকু
খহি পৰে সজল মুখৰ ছায়া

চকুৰ পচাৰতে
হেৰাই যায় সময়
আপোন মানুহ

আইনাৰ সন্মুখত ৰৈ
নিজলৈ থৰ লাগি চাই
কিবা উদং উদং লাগে

জনা নাছিলো
শূন্যতা এনেকৈয়ো আহে

বুকুত জাগি উঠে
আকুল হাবিয়াস
সোঁৱৰণত উপচি পৰে
গাল-মুখ
আৰু বুকুৰ উদং উপত্যকা

জনা নাছিলো
শূন্যতা এনেকৈও আহে!

❧ | অধিক কবিতা:

এই লেখকৰ অধিক লেখা পঢ়ক

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...