মেঘমুক্ত আকাশখনলৈ চালো
ঠিকেইতো মূৰৰ ওপৰতে আছে বেলি
শেৱালি কেতিয়া ফুলে কৈ দিব নোৱাৰি
নিয়ৰ কেতিয়া সৰে কৈ দিব নোৱাৰি
বেলি খেদি খেদি কিমান দিন এনেকুৱা সময়
পাৰ কৰি দিলো
চোতাল ভৰি সৰি থাকে শেৱালি
আকাশ ডাৱৰে ছানি ধৰে, ছানি ধৰে কয়লাৰ ধোঁৱাৰে
শৰৎ আহিল নে গুচি গ’ল
ওখতকৈয়ো ওখ এখন আকাশত উৰি থকা চৰাই এজনীৰ দৰে
লেৰেলি পৰা শেৱালি এপাহৰ দৰে
জুই হেন তাপ কঢ়িয়াই কোনে বাৰু আঁকে
কঁহুৱা
লাৱনী হাতেৰে।
❧ | অধিক কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক