পকা ধানে ৰিঙিয়াই মাতে
আঘোণৰ পথাৰখনলৈ
কুঁজা ধাননিৰ মাজৰে
সোঁ-সোঁকৈ বৈ যায় আঘোণী বতাহ—
দাৱনীৰ দীঘল চোলাত
ঢপ-ঢপাই উঠে
সোণালী ধাননিৰ পূৰঠ গোন্ধ
বতাহৰ বুকুত শিপাই থাকে
জিৰিক্ জিৰিক্ খোজেৰে ডাঙৰি কঢ়িয়াই কোনে
আঘোণৰ পথাৰতো প্ৰেমৰ তপত বতাহ বলে
কোনো দাৱনীৰ কোমল হিয়াত
কঁহুৱা ফুলে হালে-জালে
পথাৰৰ আলিয়ে, বাটে-ঘাটে, আকাশে-বতাহে
প্ৰেমিক চৰাইহাল উৰে
শইচৰ সোণালী গুটিৰ ভৰত
হালি পৰে ধাননিৰ সোণ-হালধীয়া হাঁহি আৰু
ৰ’দৰ চমকে দাৱনীৰ কপালত ধৰে
কিচিৰ-মিচিৰকৈ অঘৰী চৰাইজাক
উৰি ফুৰে আকাশে-বতাহে
প্ৰশান্তিৰ উমাল গান মুখত লৈ নিৰ্ভয়ে…।
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।