আঘোণৰ লেণ্ডস্কেপ

আঘোণৰ লেণ্ডস্কেপ
  • 19 Nov, 2024

পকা ধানে ৰিঙিয়াই মাতে
আঘোণৰ পথাৰখনলৈ
কুঁজা ধাননিৰ মাজৰে
সোঁ-সোঁকৈ বৈ যায় আঘোণী বতাহ—
দাৱনীৰ দীঘল চোলাত
ঢপ-ঢপাই উঠে

সোণালী ধাননিৰ পূৰঠ গোন্ধ
বতাহৰ বুকুত শিপাই থাকে

জিৰিক্‌ জিৰিক্‌ খোজেৰে ডাঙৰি কঢ়িয়াই কোনে
আঘোণৰ পথাৰতো প্ৰেমৰ তপত বতাহ বলে
কোনো দাৱনীৰ কোমল হিয়াত
কঁহুৱা ফুলে হালে-জালে
পথাৰৰ আলিয়ে, বাটে-ঘাটে, আকাশে-বতাহে
প্ৰেমিক চৰাইহাল উৰে

শইচৰ সোণালী গুটিৰ ভৰত
হালি পৰে ধাননিৰ সোণ-হালধীয়া হাঁহি আৰু
ৰ’দৰ চমকে দাৱনীৰ কপালত ধৰে

কিচিৰ-মিচিৰকৈ অঘৰী চৰাইজাক
উৰি ফুৰে আকাশে-বতাহে
প্ৰশান্তিৰ উমাল গান মুখত লৈ নিৰ্ভয়ে…।

❧ | অধিক কবিতা:

আঘোণৰ লেণ্ডস্কেপ | উৎপল বৰকটকী

Follow Nilacharai on Facebook