মূল: কে সচ্চিদানন্দন (Body, State)
অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী
✽
আপুনি কয়: আমাৰ এটা দেহ আছে কাৰণেই
আমি দৃশ্যমান,
আমি দেখা পাওঁ, শুনা পাওঁ, সোৱাদ পাওঁ,
গোন্ধ পাওঁ আৰু স্পৰ্শ অনুভৱ কৰোঁ, আমি নিজকে
সজাব পাৰোঁ, পঢ়িব আৰু লিখিব পাৰোঁ,
প্ৰেমত পৰিব পাৰোঁ আৰু বস্তুবোৰ উদ্ভাৱন কৰিব পাৰোঁ।
মই কওঁ: আমাৰ দেহ এটা থকাৰ কাৰণেই
আমি গধুৰ, আমি বুঢ়া হওঁ
আৰু বেমাৰ আৰু মৃত্যুমুখত পৰোঁ,
আমি লিখি থাকোঁতে কবিতাৰ নিচিনাকৈ
গীতলৈ গলি যাবলৈ, বৰষুণৰ দৰে তললৈ নামিবলৈ
বতাহৰ দৰে বলিবলৈ অক্ষম আৰু এপলকতে
তৰাবোৰৰ কাষ পাবলৈ অসমৰ্থ।
দেহ এক ৰাষ্ট্ৰ; ইয়াত
আমাক স্বতন্ত্ৰতা দিয়া নহয়,
বৰঞ্চ আমাৰ স্বাধীনতাক নিয়ন্ত্ৰণ কৰা হয়:
মাংসৰ এক শৃংখল, গ্ৰেনাইটৰ এক মূৰ্তি
চিৰদাসত্বৰ।
✽
কে সচ্চিদানন্দন

মালায়ালম ভাষাত আধুনিক কবিতাৰ বাটকটীয়া কে সচ্চিদানন্দন (Koyamparambath Satchidanandan) মালায়ালম আৰু ইংৰাজী ভাষাৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, প্ৰাৱন্ধিক, সমালোচক আৰু অনুবাদক। তেখেত ‘ইণ্ডিয়ান লিটেৰেচাৰ’ পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। তেখেতে সাহিত্য অকাডেমিৰ সম্পাদক হিচাপেও (১৯৯৬-২০০৬) কাৰ্যনিৰ্বাহ কৰিছিল। কে সচ্চিদানন্দনৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২৮ মে’ত কেৰালাৰ ত্ৰিচুৰ জিলাৰ পুলূট (Pulloot) নামৰ গাঁৱত।
❧ | অধিক অনুবাদ কবিতা:
- সুতপা চক্ৰবৰ্তীৰ কবিতা: ব’লা ভ্ৰমৰ, দেশান্তৰী হওঁ
- গান্ধী আৰু কবিতা
- এগৰাকী নাৰীৰ প্ৰেমত পৰিবলৈ
- দুৱাৰৰ মাজেৰে কথা পতা
- গালিবৰ কবিতা: কিছু অতিৰঞ্জন
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক