মনত পৰাৰ পৰাই দেখি আহিছোঁ
নাৱৰীয়াই ৰঙা নৈৰ সোঁতৰ ওপৰেদি
নাও বাই উজাইছে, ভটিয়াইছে।
এদিন কিবা এটা মন গ’ল
নৈৰ ঘাটত নাও বান্ধি
হাবিখন পাৰ হৈ বহ-গাঁও পালোগৈ।
আঁহতৰ তলত গাঁৱৰ মানুহ জুম পাতি বহিছে
পাঠকে বিদুৰৰ কাহিনী পঢ়ি শুনাইছে
বিয়াৰ পানী তুলিবলৈ আয়তীসকল দূৰ্বাঘাটলৈ আগবাঢ়িছে,
ঢুলীয়াই মূৰ জোকাৰি ঢোল বজাই আগে আগে গৈ আছে,
চফল ডেকাই পেঁপা বজাইছে
উঠন গাভৰুৱে লগে লগে নাচিছে
ভয় নাই, সংকোচ নাই।
সাহিত্যাচাৰ্য প্ৰয়াত যজ্ঞেশ্বৰ শৰ্মাৰ এই অপ্ৰকাশিত কবিতাটি উপেন্দ্ৰ বৰকটকীৰ সৌজন্যত পোৱা হৈছে।
ছবি: যোগিন্দ্ৰ সিং
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।