(কোনো এক কবিতাৰ সভাত)

বহুদিনৰ মূৰত কবিতাৰ সভালৈ আহিছোঁ
বিচাৰি আহিছোঁ শব্দৰ উম
বৰ্ণৰ সুগঠিত শৰীৰ ভাৱৰ উচ্ছল স্ৰোত
বহুদিনৰ মূৰত কবিতাৰ সভালৈ আহিছোঁ

মই জানো
কেনেকৈ কবিতাৰ ছাঁতে লুকাই থাকে
কবিৰ বৰ্ণিল দেহ
ক’ব খুজিও ক’ব নোখোজা বহু কথাৰ আঁত
দেশ মানুহ প্ৰেম সেউজীয়া
আৰু বীভৎসতাৰ কাহিনী

বহুদিনৰ মূৰত কবিতাৰ সভালৈ আহিছোঁ
বিচাৰি আহিছোঁ শব্দৰ ৰ’দ
কবিৰ বুকুৰ সংবাদ
কবিৰ আতোলতোল হাতৰ পৰশত গজি উঠা
কবিতাৰ কঠীয়াডৰা

এনে বহু সংবাদ আৰু সেউজীয়াই মোক দিব
নিজৰ সৈতে মুখামুখি হোৱাৰ সাহস
(নিজতকৈতো আৰু শত্ৰু কোনো নাই)
বগাবলৈ শিকাব দুখৰ বল্লৰী
আৰু প্ৰেমৰ হিমালয় চূড়া।

বহুদিনৰ মূৰত কবিতাৰ সভালৈ আহিছোঁ
হে মোৰ সুহদ কবিগণ,
আপোনাসৱৰ উমৰ মাজত
আজি মোৰ তৰংগিত মন।

❧ | আৰু পঢ়ক:

শব্দৰ ৰ’দ | পবিত্ৰ হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

ঈদ মোবাৰক

ঈদ মোবাৰক

উচ্চতাৰ পদ্য

উচ্চতাৰ পদ্য

তোমাৰ কথা

তোমাৰ কথা