ভ্ৰমণ

ভ্ৰমণ
  • 27 Sep, 2016

তুমি যদি দূৰ ভ্ৰমণলৈ যোৱা
মোৰ কাৰণেও এটা টিকেট কাটিবা

তোমাৰ সৰু সৰু যাত্ৰাত
তুমিতো সদায় মোক লৈ যোৱা
ময়ো যাওঁ বিনা ভাড়াতে
কেতিয়াবা তোমাৰ মানিবেগতে সোমাই

(সকলোৰে গোপন ইচ্ছা থাকে জীয়াই থকাৰ
আৰু ‘মৰি যোৱাই ভাল’ বুলি ভোৰভোৰায়)

সকলোৱে জীৱন সলনি কৰিব খোজে
আৰু লগ পায় কোনোবা এজনক
তেওঁক সেই সুযোগ দিয়া উচিত

যদি তোমাৰ বহুদিনৰ পৰা খেলি-মেলি মন
সেইবাবে যদি তুমি ফুৰিবলৈ
কোনো পাহাৰীয়া ষ্টেচনলৈ যোৱাৰ কথা ভাবিছা
নতুবা কোনো বৰফাঞ্চল বা সমুদ্ৰ নগৰীলৈ,
তেন্তে মোৰ কাৰণেও এটা টিকেট কাটিবা
কাৰণ, সেই যাত্ৰাত পৃথিৱীৰ সন্মতি আছে।

ভ্ৰমণ | নীলিম কুমাৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক