তুমি মানুহ গঢ়া যন্ত্ৰ আছিলা
সেয়েহে তোমাৰ নাছিল দুখ-ভাগৰ
এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি
তুমি আৰু মই

তুমি গুচি যোৱাৰ দিনা
সকলো ৰৈ আছিল
বিদায় বেলাৰ বিষাদ বিলাবলৈ

তুমি ধৰি দিয়া সুখৰ চৰাইজাক
উৰি গৈছিল তোমাৰ স’তে
মই চাই আছিলো নকন্দাকৈ

তুমি যে কৈছিলা—
পথাৰৰ সীমাৰ আলিটো বেছিকৈ নাকাটিবি
চৰাইজাকে তাতে বহি জিৰাব,

তুমি যাবলৈ ওলোৱাৰ দিনা
সকলোৱেই কান্দিছিল
পতাকাখনো খহি পৰিছিল

অদূৰৈত বহি মই অকলে
চাই আছিলো তোমাৰ শেষ যাত্ৰা।

❧ | অধিক কবিতা:

পিতাই | সত্যজিৎ গগৈ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: