বেৰসিক দিন আৰু ৰাতি। অথচ বসন্তৰ ভৰপূৰ আয়োজন চৌপাশে। বৰষুণৰ আগমন। ধৰাৰ অতৃপ্ত অধৰ চুমি বতাহৰো নাচোন। কাকিনি তামোলে হালিজালি নিজৰ অৱস্থিতি দোহাৰিলে একেই মেঘমল্লাৰ ৰাগৰ তালে তালে। বাকী সকলো ঠিকে আছে। এইকেইদিন নকৈ ওলোৱা কুঁহিপাতৰ আঁৰত কুলিৰ গীতেও মোক মোৰ অৱশ, অসহায়, তলাবদ্ধ অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। সুন্দৰৰ এনে কত আয়োজন, প্ৰকৃতিৰ এনে মনোহৰ, মনোমুগ্ধকৰ পৰিৱেশ— আকাশ, নদী, পাহাৰেৰে পৰিবেষ্টিত সেউজীয়া আঁচলত বন্ধা সুৰীয়া ঠাইখন আপোন মোৰ। ক’তো একো হীন-ডেঢ়ি নাই হোৱা। আনকি পথচাৰীৰ সামান্যতম হাই-উৰুমিয়ে স্পৰ্শ কৰিব নোৱৰাকৈ থকা মোৰ শয়নকক্ষ, মোৰ ইচ্ছা অবিহনে বতাহ সোমাব নোৱৰাকৈ লগাই লোৱা দৰ্জা-খিৰিকীকেইখনো খুবেই মজবুত। মই উঠি আহিলো। উঠি আহিলো খিৰিকী এখনৰ কাষলৈ আৰু খুলি দিলো। বতাহ এছাটিয়ে মোৰ অসাথন বুকু চুই পাৰ হৈ গ’ল। ঠাণ্ডা। ঠাণ্ডা যদিও কিবা এটা ভাল লগা সুখানুভূতিয়ে খন্তেকলৈ মোক আপ্লুত কৰিলে। মই জানো যে মোৰ লব্ধপ্ৰতিষ্ঠ জ্ঞান আৰু একনিষ্ঠ অভ্যাসনত অভ্যস্ত মনটোৱে প্ৰতিটো ক্ষণতে এক বিয়োগাত্মক ভাৱধাৰাক বহন কৰিব বিচাৰে। শৰীৰটোক মেৰাই থোৱা কপাহ-কোমল চমৎকাৰ চৰ্মবিধৰ তলত লুকাই থকা অন্তৰখনত কঢ়িয়াই ফুৰোঁ এনে এটি বিষাদ, যাক মই চুই চাব নোৱাৰোঁ, যাক আনৰ আগত দেখুৱাব নোৱাৰোঁ, প্ৰতিপালিত এই দুখবোধক শব্দৰেও আনকি প্ৰকাশ কৰিব নোৱাৰোঁ। কবিতা, গল্প, উপন্যাসৰ চৰিত্ৰবোৰত ঘূৰ্মুটিয়াই ফুৰোঁ, কিজানিবা বিচাৰি পাওঁ মোক উপহাস কৰি মোৰ অঘৰী আত্মাত স্থায়ীকৈ ঘৰ সজা মোৰ নৈৰাশ্যবোধক।
আশৈশৱ কঢ়িয়াই ফুৰা একাকীকত্বই হেজাৰ ভিৰৰ মাজতো মোক কৰি পেলায় নিসংগ। পৰিচয়হীন যাযাবৰী জীৱনত একোৱেই ভাল নালাগে। তথাপি জীৱন অন্যন্য, একক আৰু মায়াৱী। মানুহ মাত্ৰেই হয়তো অনুসন্ধানকাৰী। মানুহ মাত্ৰেই বিৰতিহীন দোলনত ডুলি থাকে অহৰ্নিশ।
নিৰুদ্দিষ্ট মৰূদ্যানৰ গান
সুপ্ৰকাশ ভূঞা
কুকুৰটোৰ ভুকভুকনিত অন্তেষপুৰৰ পৰা উভতি শব্দটোক অনুসৰণ কৰিলো। ভোক আৰু অপৰিচিতৰ পদাংকত বিৰতিহীন ভুকভুকনি— মোৰ পৰিচিত। কিছু সময়ৰ আগতে মাংস আৰু ভাত অলপ লুহিয়াই ৰনকক দিছে। তাকো মোৰ সন্মুখতে। কেতিয়াবা কেতিয়াবা লুহিয়াই ৰনকৰ খাদ্যবস্তুৰ ভাগৰ পৰা ছান কাঢ়ে। জানো সেই কথা। লুহিয়ায়ো জানে, ৰনকক মই মোৰ তেনেই সীমিত বন্ধুবৰ্গতকৈয়ো বেছিকৈ বিশ্বাস কৰোঁ। নিৰ্মল, ৰসেশ্বৰ আৰু গণেশ্বৰ মোৰ প্ৰাতঃভ্ৰমণৰ সংগী। তেখেতসকলে মোৰ হাঁহি আৰু সামাজিক ষ্টেটাছত সুখৰেই আবিৰ দেখে। ইয়ো মোৰ বাবে বিড়ম্বনা।
— বহুত দুখ হে মোৰ।
মুখৰ কথা শেষ কৰিবলৈ নেপাওঁ, তিনিওজনৰ অট্টহাস্যত খোজৰ গতি লেহেমীয়া হয়।
— মোৰ দৰে শৰীৰত হাইপ্ৰেছাৰ, চুগাৰ কঢ়িয়াই ফুৰিছে?
— মোৰ দৰে অকৰ্মণ্য সন্তান জন্ম দিছে আপুনি? মোৰ পেঞ্চনৰ টকাকেইটাক লৈ আপোনাৰ সন্তানৰ অৰিয়াঅৰি হয় জানো?
— জীৱনজোৰা সাধনাৰেও নিজাকৈ মাটি এটুকুৰা, ঘৰ এটা সাজিব নোৱৰাৰ দুখ আপুনি বহন কৰিছে জানো?
বাকীকেইজনৰ কথা শুনি মোৰ দুখবোধে তাপ মাৰে সেইপিনেই। হয়তো। মোৰচোন দুখেই নাই। তেনেই খন্তেকীয়া সেই সুখ, তুলাচনীত দুখে শিল হৈ বহি আছে।
এইখিনি সময়ত লুহিয়াই মোৰ বাবে সুখৰ আকৰ অকণমান দিবলৈ যো-জা কৰিছে। ৰাগীত ৰাগ উঠিব মোৰ সুখ-গীতৰ।
পৰ্টিকত বহি মদ খোৱাৰ সময়ত কেতিয়াবা লুহিয়া মোৰ ওচৰে-পাঁজৰে থাকে। মোৰ সৰু সৰু বস্তুবোৰ যতনাই দিয়াৰ বাবদ পোৱা ওপৰঞ্চি বক্চিচ, লগতে বটলৰ তলীত ৰৈ যোৱা মদখিনি গলাধঃকৰণত সিয়ো নিজকে ওপৰ মহলৰ মাল বুলি অনুভৱ কৰে। সাহস বাঢ়ে, কথা বাঢ়ে, নিশকতীয়া শৰীৰটোত শক্তি পায়, লগতে মোৰ লগত একেলগে বহি মদ খোৱা বুলি ঘৈণীয়েক মীৰাৰ আগত দম্ভালি মাৰিব পাৰে।
‘ছাৰৰ লগত মদ খাইছোঁ’ বুলি ক’লে তাৰ সাতখুন মাফ।
‘আৰমানৰ লগত গেলা খাইছোঁ’ বুলি ক’লে পাছদিনাই মীৰাৰ গোচৰ মোৰ ওচৰ পায়হি।
ৰনক মোৰ কোঁচত জঁপিয়াই উঠিলহি। ডিঙিটো পেলাই দিলে। মৰম কৰিলো। অদ্ভুত শব্দ, থেনথেনাই মোৰ পৰা মৰম লুটিলে।
“কি হ’ল তোৰ? কেলেই ইমানকৈ ভুকি আছ?”
পৰিচিত আবদাৰবোৰ সামৰি তাক লৈ আহিলো। ইতিমধ্যে লুহিয়া ঘৰলৈ যাবলৈ ওলাইছে। একো খোৱা নাই, একো কথা মোৰ লগত পতাও নাই। সি গ’লগৈ।
নিশা গভীৰ হৈ অহাৰ লগে লগে নীৰৱতাই গ্ৰাস কৰিলে গোটেই ঘৰটোকে। ছয়-সাতটা ৰুম, বিছনা-টেবুলত পৰিপাটিকৈ থকা কিতাপ, কাপোৰবোৰত এচিকুট ধূলি পৰিবলৈ নিদিয়াকৈ মীৰা আৰু লুহিয়াই ঘৰখন ধৰি ৰাখিছে। বিপৰীতে তৰপে তৰপে দুখৰ চামনিয়ে মোৰ ভিতৰখন ঢাকি ৰাখিছে।
“ঘৰখনত অকণমান শান্তি নাপাওঁ। অফিচৰ কামৰ বোজা, ঘৰখনলৈ অহাৰ পাছত ল’ৰা-ছোৱালীৰ উৎপাত, তোমাৰ খেচখেচনিয়ে মোৰ মূৰটো অনবৰতে গৰম কৰি ৰাখে।”— তাৰ লগে লগে নীৰাৰ গাত পৰা চৰটো, ভুকুটো, ল’ৰা-ছোৱালীহালৰ দৰ্জাখন ধৰি চাই থকা আলসুৱা চকুকেইটা খেপিয়াই ফুৰোঁ অহৰ্নিশ।
নীৰাই কন্দা আছুতীয়া ঠাইখিনিত বহি পৰিলো। উচুপনি আৰু আৱেদনময়ী চকু এহাল এন্ধাৰতে জিলিকি উঠিল। দৈনন্দিন তালিকাত এতিয়া মই কিছুমান হুলস্থূলীয়া শব্দ বিচাৰি ফুৰোঁ। চিজিল ৰুমটো বেচিজিল হৈ থকাটো বিচাৰোঁ। পোহৰৰ পয়োভৰত শাব্দিক তৰংগই যেন কঁপাই তোলক মোৰ ঘৰ, ঘৰৰ বাহিৰ কিম্বা মোৰ অন্তৰ্ভাগ। মোৰ থৰক-বৰক খোজ, কঁপা কঁপা হাতেৰে মই এফালৰ পৰা সকলোবোৰ মজিয়াত পেলাই দিলো। আনকি নীৰাৰ আলমাৰিৰ কাপোৰ-কানি পৰ্যন্ত। সৰু ফ্ৰক এটা— ফুটফুটীয়া ৰঙা আৰু বগা, হাত দীঘল কাপোৰ এযোৰ। ৰুহী আৰু মৌচমৰ সৰুকালৰে। নীৰাৰ বিশ্বাস, সন্তানৰ সৰু কালৰ কাপোৰ আলমাৰিত থাকিলে সুখ-সমৃদ্ধি, টকা-পইচাৰ কেতিয়াও অভাৱ নহয়।
“তুমি এইখন ঘৰত থকালৈকে এইখন ঘৰ কঙাল হৈ থাকিব। কি সুখ আছে এইখন ঘৰত? কি শান্তি আছে এইখন ঘৰত?”
নিমাতে-নীৰৱে চকুলোঁ টুকি আঁতৰি যোৱা নীৰাই আছিল শান্তিৰ কপৌজনী। আকাল এতিয়া সুখৰ, সেয়াও নীৰা অবিহনে। দুখ দিলো মোৰ মানুহজনীক, যিজনীয়ে সুখেৰে ৰাখিব বিচাৰিছিল মোক। নুবুজিলো একোকে। যেতিয়া বুজিলো, সুখ বিয়োগ কৰোঁতে কৰোঁতে শূন্যতাৰ পিয়লাত জীৱন ওপঙিছে। কি সুখ বিচাৰি ফুৰিছিলো, আজিয়ো সাঁথৰ হৈ থাকিল। সুখৰ সংসাৰখনত কি আৰু শান্তিৰ প্ৰয়োজন আছিল আজিয়ো বুজি নাপালো। একাকী জীৱনেই যদি মোৰ কাম্য আছিল, তেনেহ’লে একাকীকত্বত মই নিজেই কিয় জাহ গৈ আছোঁ?
এটা সময়ত অশান্তি বুলি ভবা সকলো কাৰণ ঘৰখনৰ পৰা দূৰ হৈ গৈছিল। ৰুহী পঢ়িবলৈ বুলি হোষ্টেললৈ গ’ল। তাৰপাছত চাকৰি, তাৰপাছত বিয়া। মৌচমো এনেকৈ হোষ্টেল আৰু কেৰিয়াৰৰ সন্ধানত বিদেশ পালেগৈ। বিয়া কৰালে। সন্তান হ’ল। মোৰ প্ৰচ্ছায়া বুলি গঢ় দিবলৈ মৌচমক কিমান যত্ন কৰিলো, কিন্তু সি মাকৰ দৰেহে হ’ল। মোৰ দৰ্প চূৰ্ণ হৈছিল নীৰাৰ লগত সিহঁতহালে কৰা আচৰণত। মা মা-কৈ সিহঁতে ঘৰত থাকোঁতে, আনকি বিয়া-বাৰু কৰোৱাৰ পাছতো থাকে। মোৰ সহ্য নহয়। ফোনৰ আনটো মূৰত সিহঁতৰ হাঁহি-স্ফূৰ্তিবোৰৰ ফোঁৱাৰা মোৰ ঘৰৰ দেৱালত খুন্দা খাই মোক আঘাত কৰে।
অকণমানি সেউজ দৈত্য
প্ৰকল্প ৰঞ্জন ভাগৱতী
মই প্ৰথমতে নীৰাই নেদেখাকৈ, নজনাকৈ বিবাহ বহিৰ্ভূত সম্পৰ্কবোৰেৰে সুখী হৈছিলো। পাছত দেখাকৈ, জনাকৈ টকা উৰুৱাইছিলো। সুখবোধত গৰ্বিত মোৰ মুখমণ্ডল, মোৰ ব্যৱহাৰক নীৰাৰ নিস্তেজ আৰু শান্ত-সমাহিত ৰূপে বিদ্ৰূপ কৰিছিল। এটা সময়ত ঘৰখনৰ পৰা নিজক বিচ্ছিন্ন কৰি সুখ পাইছিলো। কোনো ধৰফৰণি নাই পিঞ্জৰাবদ্ধ পখী এটাৰ ধৰফৰাই মুকলি আকাশলৈ ওলাবলৈ। ভগৱানৰ আশিসেৰে নিজকে ধন্য কৰিবলৈ এটা সময়ত মন্দিৰলৈ গৈ নাম গাইছিল বা প্ৰাৰ্থনা কৰিছিল। আনকি ঘৰতো। নীৰাই শান্তি পোৱা সকলো কামেই মোৰ বাবে অশান্তিকৰ। ঘৰৰে মন্দিৰটো ভাঙি সেয়েহে বিল্ডিংটো সজালো। মন্দিৰৰ শালগ্ৰামভাগ থ’বলৈ বৃহৎ ঘৰটোত এটুকুৰা ঠাই উলিয়াই নিদিলো। কান্দি-কাটি বাউলী হৈ মোৰ ওচৰত কাবৌ-কোকালি কৰক,— ওহোঁ নাই!
নিতৌ নীৰাক অশান্তি দিবলৈ কৰা কামবোৰৰ প্ৰত্যুত্তৰ নীৰৱে থাকি শান্তি গোটাইছিল। শেষত ছোৱালীজনীয়ে আহি মাকক লৈ গ’ল। ঘৰৰ পৰা যোৱাৰ দিনাও মোৰ সকলো যাৱতীয় বস্তুবোৰ যতনাই থৈ গৈছিল। মই ভাল পোৱা ধৰণে ভাতসাঁজ বাঢ়ি থৈ গৈছিল। পৰম শান্তি পাইছিলো। নীৰা মোৰ জীৱনৰ এডাল অঘয়া হুল আছিল।
এবাৰ যদি সুধিলোহেঁতেন আকুলতাৰে— “এইটো বয়সত মোক কোন স’তে এৰি যাবলৈ ওলাইছা? নুসুধিলেও মোৰ চকুৰ আৱেদনত ধৰিব পাৰিলে নীৰা নগ’লহেঁতেন।
“নাহিবা আৰু এইখন ঘৰলৈ, একেবাৰে যোৱা। শান্তি পাম।”
কিমান দুখত তিলতিলকৈ গঢ়া ঘৰখন এৰি নীৰা গ’লগৈ মই অনুভৱ নকৰিলো। এতিয়া অনুভৱ কৰিছোঁ— পত্নীজনী সকলো সুখৰ আকৰ, দুখৰ নহয়। যোৱা পাঁচটা বছৰৰ নিসংগতাই মোক এনেকৈ কোঙা কৰিলে যে ল’ৰা-ছোৱালী, পত্নীৰ খবৰৰ নামত কিছুমান আস্ফালন মোৰ কুকুৰটোৱে হজম কৰি আছে।
অইন দিনাৰ দৰে মোৰ ৰুমৰ খিৰিকীকেইখন খুলি দিলো। অকণি অকণি জোনাকী পৰুৱা দুই-এটা আহিছে। থপিয়াই ধৰিবলৈ যত্ন কৰোঁ। মই তেনে কৰিলে কুকুৰটোৱেও জঁপিয়াবলৈ ধৰে। শেষত চকীখনত বহি মই মোৰ প্ৰলাপ আৰম্ভ কৰোঁ। মুখ মেলি কুকুৰটোৱে চাই থাকে। অন্তৰংগ বন্ধু এজনৰ দৰে শেষ নিশালৈকে সংগী হয় মোৰ।
দুই-এজন বাটৰুৱাই মোৰ শব্দ শুনি গেটৰ ফাঁকেৰে জুমি চাই হ’বলা। লুহিয়াক পাছদিনা কোনোবাই কয়। মই সিহঁতে মিছা কোৱা বুলি কওঁ। কাৰণ নিচা ফটাৰ পাছত মোৰ একো মনত নেথাকে।
মফচলীয়া চহৰখনে দিনটোৰ ভাগৰ সামৰি নিঃপালি দিছে। মোৰ কথা শুনি আমনি পাই ৰনকে ৰেড কাৰ্পেটখনতে টোপনি গৈছে। সদায় একেখিনি কথা কুকুৰ কাৰণেহে শুনি থাকে। লুহিয়াইয়ে আনকি ব্যস্ততাৰ অজুহাতত মোৰ পৰা পলাই ফুৰে। আকাশত অৱশ্যে এধানিমান তৰা এটি মোৰ দৰে সাৰে আছে। খিৰিকীৰে দেখা আকাশখনৰ দৰে মোৰো মন-আকাশ ক্ৰমশঃ স্থূল হৈ আহিছে।
সন্ধিয়াৰ ফোনকলটোৱে আৰু বেছি অশান্তি দিছে। ৰুহীৰ ফোন আছিল।
মোৰ প্ৰয়োজন নথকাৰ দৰে ৰুহী আৰু মৌচমৰো মোৰ প্ৰয়োজন নাই। লুহিয়াই ধৰা ফোনটোত মোক বিচাৰিছিল তাই।
“সিহঁতৰ কাৰোৰে প্ৰয়োজন নাই বুলি ক।”
লুহিয়াই একো ক’বলগীয়া হোৱা নাছিল। বিচ্ছিন্ন ফোনৰ সংযোগত মোৰ অহেতুক অভিযোগ, সিহঁতৰ অভিমানে দুয়োটা মূৰত ঠেহ পাতিছিল। খবৰ এটা চিনাকি চহৰখনত বাগৰি বাগৰি মোৰ ওচৰ পোৱালৈকে আবেলি হৈছিল। গতানুগতিক দিনৰ অন্তত লুহিয়া আৰু মীৰা মোৰ আগত থিয় হৈছিলহি।
একেলগে?
একেলগে দুয়োৱে মোৰ পৰা কিবা বিচৰাৰ নজিৰ নাই। তলমূৰকৈ থিয় হ’লেই বুজি পাওঁ,— কেইটামান টকা প্ৰয়োজনতকৈ বেছিকৈ লাগে।
“কেৱল তহঁতে টকা টকা কৰি থাক যে? ইমান টকা দিব নোৱাৰোঁ নহয়।”
চকুত চকুপানী লৈ লুহিয়া বহি পৰিল।
“ছাৰ, টকা নেলাগে আমাক। আমি আপোনাৰ ওচৰত নীৰা বাইদেউৰ বাবেহে আছিলো। বাইদেউৰ কায়িক উপস্থিতি নহ’লেও আমাৰ লগত আছিল। কালিতো একেবাৰে গ’লগৈ। তেখেতৰ বাবেহে আপোনাৰ লগত আছিলো। তেখেতৰ অবিহনে আমি এইখন ঘৰত থাকিব নোৱাৰোঁ। ক্ষমা কৰিব আমাক।”
শিল পৰা কপৌটিৰ ওচৰৰ পৰা কেতিয়ানো সকলো পোহৰ আঁতৰি গ’ল, গমেই নেপালো। যেতিয়া মই গম পালো, এন্ধাৰতে ঘৰখন ডুবি আছে। ৰনকৰ টহ্ টহকৈ জিলিকি থকা চকুহাল, বিবৰ্ণ আন দুটি চকুত ক্ৰমশঃ জাহ গৈছে।
বল্মীক
সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা

প্ৰেমহীনতা
ধ্ৰুৱজ্যোতি শৰ্মা

বৈকুণ্ঠ প্ৰয়াণ
সপোনজ্যোতি ঠাকুৰ

আকাশৰ সীমা
প্ৰশান্ত কুমাৰ নেওগ

পাৰ্শ্বৰাগ
আকাশ দীপ্ত ঠাকুৰ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।


