বা টে-ঘাটে, দোকানে-পোহাৰে, পূজাই-পাৰ্বণে অত ছোৱালী দেখা যায়, অথচ বিয়া পাতিব খুজিলে ছোৱালী এজনী পাবলৈ নাই। কোনোবাজনী যদি দেখাত পচন্দ হয়, পঢ়াশুনা কম। কোনোবাজনীৰ যদি পঢ়াশুনা আছে, চৰিত্ৰ বেয়া। কোনোবাজনী যদি পৰমা সুন্দৰীও, পঢ়াশুনাতো নাম কৰা, গুৰি-গোষ্ঠী ভাল নহয়। মুঠতে কিবা নহয় কিবা এটা নিমিলেগৈ। নিমিলা অংক!

চৈতন্যৰ অৱস্থাও এনেকুৱাই হৈছে। সি বিয়া পাতে, কিন্তু ছোৱালী পোৱা নাই। সম্বন্ধ আহে, কিন্তু ছোৱালী চোৱাৰ ওচৰ নাপায়গৈ। ওপৰ্যুক্ত কাৰণবোৰতে আধাবাটতে থমকি বয়। চৈতন্যৰ পাত্ৰীৰ কাৰণে অহোপুৰুষাৰ্থ কৰা সৰু মোমায়েকে তাক কয়— “অলপ এৰা-ধৰা কৰিব লাগিব বুইছ? ষোলঅনা ক’ত পাবি?”

“ষোলঅনা নাপালেও চাৰিঅনাতো পাব লাগিব। ময়ো একেবাৰে এলাইবাদু নহয়!”— চৈতন্যই উষ্মা প্ৰকাশ কৰে। তাৰ কথা মিছা নহয়। বৰ্তমানৰ বিয়াৰ বজাৰখনত তাৰ দাম অলপ উচ্চ বুলিয়েই ক’ব পাৰি। চৈতন্যৰ এটা চৰকাৰী চাকৰি আছে। দা-দৰমহা ভাল। টেবুলৰ তলেদিও দুই-চাৰি টকা আহে। তাৰ ঘৰ-দুৱাৰ দেউতাকেই সাজি থৈ যোৱা যদিও বেয়া নহয়, চকুত লগাই। আধুনিক সকলো সা-সুবিধাই ঘৰখনত বিদ্যমান। অন্ততঃ আৰু বিছ-ত্ৰিছ বছৰলৈ সি ঘৰ-দুৱাৰৰ চিন্তা নকৰিলেও হ’ব। তাৰ প্ৰজন্মই এইটো ঘৰতে জীৱনৰ ইতি পেলাব পাৰিব। বিয়াৰ ক্ষেত্ৰত চৈতন্যৰ মাথোঁ এটাই বিয়োগাত্মক দিশ— তাৰ অলপ বয়স হৈছে। বৰ বেছিও নহয়— দুকুৰি। এই ক্ষেত্ৰত তাৰ দোষ নাই। তাৰ তলত তিনিজনী ছোৱালী। তিনিওজনী ভনীয়েককে বিয়া দি আজৰি হোৱাৰ পাছতহে সি নিজে বিয়া কৰোৱাৰ সিদ্ধান্ত লৈছিল। আৰু আজিকালি ল’ৰাৰ কাৰণে চল্লিছ বছৰ একো বেছি বয়স নহয়। ছোৱালীহে কুৰিতে বুঢ়ী। অৱশ্যে আগৰ দিনত হোৱাহেঁতেন ইমানদিনে সি নাতিৰ মুখেই দেখিলেহেঁতেন। কিন্তু আগৰ দিনৰ লগত এতিয়াৰ দিনৰ তুলনা নহয়। আগতে প্ৰাপ্তবয়স্ক হোৱাৰ পাছত মানুহৰ বিয়া কৰোৱাটোৱেই প্ৰধান কাম আছিল। এতিয়া পঢ়াশুনা, চাকৰি-বাকৰি, প্ৰেম-পীৰিতি— তাৰ পাছতহে বিয়া।

চৈতন্যহঁতৰ মীনু মাহী ধেমেলীয়া স্বভাৱৰ। তেওঁ কেতিয়াবা সিহঁতৰ ঘৰলৈ আহিলে তাক কয়— “তইনো নিজেই ছোৱালী এজনী পছন কৰি নথলি কিয়? তেতিয়া ছোৱালী বিচাৰি ইমান হাবাথুৰি খাবলগীয়া নহ’লহেঁতেন।”

চৈতন্যই নজনা ভাও ধৰি ওলোটাই মাহীয়েকক সোধে— “ছোৱালী পছন কৰা মানে প্ৰেম কৰাৰ কথা কৈছা নেকি মাহী?”

“অঁ, আৰুনো কি কৈছোঁ। কত ল’ৰাই পঢ়ি থকা কালতে ছোৱালী ঠিক কৰি থয়। তইতো দেখাই-শুনায়ো ভাল। তোৰনো কোনো এজনীৰ লগতে হাব-ভাব হোৱা নাছিলনে?”
“প্ৰেম বস্তুটো তেনেকুৱা নহয় নহয় মাহী।”
“কেনেকুৱানো?”
“মোৰ জানিবা কাৰোবাক ভাল লাগিলেই, কিন্তু তেওঁৰ মোক ভাল নালাগিবও পাৰে।”
“তাৰ মানে তই কাৰোবাৰ প্ৰেমত পৰিছিলি?”
“তেনেকুৱা বুলিয়েই ধৰা। পিছে প্ৰকাশ কৰিবহে নোৱাৰিলো।”
“এতিয়া সেই ছোৱালীজনী আছেনে নাই?”
“কিয় সুধিলা?”
“আছে যদি তোৰ হৈ ময়ে কথাটো কওঁগৈ। তায়ো কিজানি মনে মনে তোকেই পছন কৰি থৈছে।”
“ভাল কথা কৈছা! তাইৰ ছোৱালীয়ে এইবাৰ মেট্ৰিক দিব।”
“উ… ! আগৰ দিনত হোৱাহেঁতেন তই তাইৰ ছোৱালীকে বিয়া পাতিব পাৰিলিহেঁতেন।”

মাহীয়েকৰ কথা একেবাৰে মিছা নহয়। আগৰ দিনত দৰা-কইনাৰ বয়সৰ পাৰ্থক্যটো বহুত বেছি থাকে। চৈতন্যৰে আইতাক ককাকতকৈ হেনো ত্ৰিছ বছৰৰ সৰু আছিল। অৱশ্যে আইতাক ককাকৰ দ্বিতীয় পত্নীহে আছিল। প্ৰথমগৰাকীৰ তৃতীয়টো সন্তান জন্ম হোৱাৰ পাছতে মৃত্যু ঘটাত ককাকে দ্বিতীয় বিবাহ কৰিছিল। চৈতন্যৰ দেউতাক দ্বিতীয়গৰাকীৰহে সন্তান।

চৈতন্যৰ বৰআইতাকৰ ফালৰ কোনোবা এলেকৰ পেলেক মিতিৰ এঘৰেই এদিন খবৰ এটা আনিলে— ছোৱালী এজনী পাইছে। দেখাই শুনাই, শিক্ষাই-দীক্ষাই, স্বভাৱে চৰিত্ৰই— সকলো ফালৰ পৰাই চমঝদাৰ। বয়সো মিলিব। গতিকে চৈতন্য ছোৱালী চাবলৈ যাব লাগে।

ছোৱালী চাবলৈ চৈতন্যই সৰু মোমায়েককে লগ ল’লে। তেওঁ তাৰ কাণসমনীয়া। বন্ধুৰ দৰে। এনেকুৱা ঘৰুৱা কথাবোৰত চৈতন্যই সদায় মোমায়েকৰে সহায় লয়। সকলো কথা মুকলিকৈ পাতিব পাৰে কাৰণে।

চৈতন্যহঁতক পদূলিমুখৰ পৰাই ছোৱালীৰ ঘৰৰ মানুহে আলহ-উদহকৈ আগবঢ়াই নিলে। মাক-দেউতাকৰ লগত প্ৰাথমিক কথা-বাৰ্তাখিনি শেষ হোৱাৰ পাছতে হাতত তামোল-পাণৰ বঁটা লৈ ছোৱালী চৈতন্যহঁতৰ আগলৈ ওলাল। পহিলাতে মোমায়েকেই কথা-বতৰা আৰম্ভ কৰিলে। চৈতন্যই সংকোচ নকৰি পোনপটীয়াকৈয়ে ছোৱালীলৈ চকু দিলে। ছোৱালী দেখাই-শুনাই, গাই-গাৰিয়ে সঁচাকৈয়ে ভাল। কিন্তু সেই মুহূৰ্ততে ছোৱালীজনীয়ে কথা হৈ থকা মোমায়েকলৈ চকুটিপ এটা মাৰি দিয়াত সি অবাক হ’ল। মোমায়েকেও থতমত খালে। তেওঁ ছোৱালীজনীক ক’লে— “মই নহয়, এওঁহে তোমাৰ সম্ভাব্য দৰা।”

“জানো।”— ছোৱালীজনীয়ে লাজ লাজকৈ ক’লে।
“তেনেহ’লে তুমি মোলৈ চকুটিপ মাৰিলা যে?”
“এইটো মোৰ মুদ্ৰাদোষ।”
“কি?”
“ওঁ, এইটো কাৰণতে ইয়াৰ আগতে মোৰ চাৰিখন বিয়া ভাগিল।”
“তোমাৰ এইখন বিয়াও ভাগিল বুলি ধৰি লোৱা।”— চৈতন্যৰ মুখৰ পৰা গাণ্ডীৱৰ শৰৰ দৰে ফটকে কথাষাৰ ওলাই আহিবলৈ ধৰিছিল যদিও সি বহু কষ্ট কৰি জিভাখন সম্বৰণ কৰিলে।

ইয়াৰ পাছৰ সময়খিনি চৈতন্যই বৰ যান্ত্ৰিকভাৱে পাৰ কৰিলে। ছোৱালীঘৰে আপ্যায়নত অকণো হেমাহি কৰা নাছিল। তথাপি সি আন্তৰিকতাৰে সেয়া উপভোগ কৰিব নোৱাৰিলে।

চৈতন্যই বাটতে উৰহৰ খং ভগা ঢাৰিত জাৰিলে— “তোমালোকে ছোৱালীজনীৰ বিষয়ে আগতেই সকলো কথা জানি ল’ব লাগিছিল।”
“কিয়, কি হ’লনো?”— মোমায়েকে কথাটো জানিও নজনাৰ ভাও জুৰিলে।
“মোকহে আকৌ ওলোটাই সুধিছা? নে ছোৱালীজনীয়ে চকুটিপ মৰা কাৰণে তুমি একেবাৰে গলি গ’লা?”
“অ’, সেইটো কথা? সেইটো দোষৰ বাহিৰে ছোৱালীজনীতো সকলো ফালৰ পৰা ভাল। তই কিন্তু এইবাৰ না নকৰিবি।”
“কথা হ’ল নেকি? মই আকালত ঘাঁহ খোৱা বাঘ নহওঁ দেই। ভালদৰে জানিবা। তুমি কল্পনা কৰাচোন— বিয়াৰ পাছত মোৰ কইনা চাবলৈ বন্ধু-বান্ধৱ আহিছে আৰু তাই চাহ-তামোল দিবলৈ গৈ এফালৰ পৰা সকলোকে চকুটিপ মাৰি গৈছে! মানুহবোৰে কি ভাবিব? অলপ লম্পটকেইটাইতো পেটে পেটে বেলেগ কিবাই ভাবি ল’ব!”

ইয়াৰ ছমাহ পাছতে আৰু এটা সম্বন্ধ আহিল। এইবাৰ সম্বন্ধটো আনিলে মীনু মাহীৰ দেওৰেকৰ শালপতিয়েকৰ ভতিজাকৰ বন্ধু এজনে। এইজনী ছোৱালীও দেখাই-শুনাই, শিক্ষাই-দীক্ষাই, স্বভাৱে-চৰিত্ৰই সকলো ফালৰ পৰাই উপযুক্ত। একমাত্ৰ সমস্যাটো হ’ল ছোৱালীজনীৰ ঘৰ ঘাইপথৰ পৰা প্ৰায় ত্ৰিছ কিল’মিটাৰ সোমোৱা। এছোৱা ৰাস্তা বৰ বেয়া। বানপানীয়ে প্ৰতি বছৰে কঁকাল ভাঙি থৈ যায়। আকৌ ঘাইপথৰ পৰা ফাটি যোৱা ৰাস্তাটোৱেদি চিধা-চিধি গ’লেই যে ছোৱালীৰ ঘৰ পায়গৈ, সেইটো নহয়। এইটো ৰাস্তাৰ পৰাও আন এটা ৰাস্তা ফাটি গৈছে। সেইটো ৰাস্তাইদি দহ কিল’মিটাৰমান গৈ আকৌ ডেৰ কিল’মিটাৰ আন এটা সৰু ৰাস্তাইদি খোজকাঢ়ি গৈহে লক্ষ্যস্থানত উপনীত হ’বগৈ পাৰি।— এইখিনি কথা জনাৰ পাছত চৈতন্যৰ মন কোঁচ খাই গৈছিল। কিন্তু সৰু মোমায়েক জোক লগাদি লাগিল তাক— “ব’লচোন ব’ল। আন একো নহলেও আমাৰ অভিজ্ঞতাৰ ভঁৰালটোতো চহকী হ’ব।”

“এনেকুৱা অভিজ্ঞতা বঢ়াই একো লাভ নাই বুইছা? মিছা-মিছিকে সময়ৰ অপব্যয়, টকা-পইচাৰ খৰচ, দেহৰ কষ্ট।”
“হেৰ’, কেতিয়াবা জুপুৰা হাবিতো বাঘ থাকে। কিজানি এইবাৰ যোৰাটো মিলেগৈয়ে। আৰু মানুহে কষ্ট কৰিলেহে ৰত্ন পায় বুলি জানই দেখোন!”

মোমায়েকে চৈতন্যক জোৰ কৰাৰ আৰু এটা কাৰণ আছে। ছোৱালী চাবলৈ গ’লে প্ৰতিঘৰ মানুহেই ৰাজসিক আপ্যায়ন আগবঢ়ায়। মোমায়েক পেটুক মানুহ। গতিকে তেওঁ এই সুবিধাটো কেতিয়াও এৰিব নোখোজে।

মোমায়েকে খৰচ কমাবলৈ বাছেৰেই যোৱাৰ প্ৰস্তাৱ দিছিল যদিও চৈতন্যই ৰিস্ক ল’বলৈ ভয় কৰিলে। গতিকে সি গাড়ী এখনকে ভাৰা কৰিলে।

ঘাইপথৰ পৰা সোমাই যোৱা উপপথটোৱেদি পহিলা বিছ কিল’মিটাৰমান চৈতন্যহঁত একো বাধা-বিঘিনি নোপোৱাকৈয়ে পাৰ হ’ল। কিন্তু বানপানীয়ে ভ্ৰমি যোৱা ৰাস্তাডোখৰ পোৱাৰ লগে লগে ড্ৰাইভাৰে জোৰেৰে ব্ৰে’ক কচি গাড়ীখন ৰখাই দিলে। চৈতন্য আৰু মোমায়েকে পিছফালে বহি কথাৰ মহলা মাৰি গৈছিল। অসতৰ্ক হৈ থকা বাবে তেওঁলোকে আগলৈ হাওলি গৈ কপালত ভালকৈয়ে খুন্দা খালে। চৈতন্যৰতো বিৰিংগুটিৰ সমান টেমুনা এটাই উঠি গ’ল। মোমায়েকে আচৰিত হৈ ড্ৰাইভাৰক সুধিলে— “কি হ’ল? আগত কিবা গৰু-ছাগলী পৰিল নেকি?”

“নাই পৰা।”— ড্ৰাইভাৰ গাড়ীৰ পৰা ছাবিটো লৈ নামি আহিল।
“তেনেহ’লে কিয় ৰখালা গাড়ীখন?”
“মই এইটো ৰাস্তাইদি গাড়ী নিব নোৱাৰোঁ।”
“কিয়?”
“এইটো আৰু ৰাস্তা হ’ল নেকি?”
“কিন্তু তোমাকতো আমি দস্তুৰমত ভাৰা কৰি আনিছোঁ।”
“সেইবুলিয়েই মই গাড়ীখন বেয়া হ’বলৈ দিব নোৱাৰোঁ নহয়। আপোনালোকে মোক তিনি হাজাৰহে দিব! গাড়ীখন বেয়া হ’লৈ মোৰ যে তাৰ চাৰি-পাঁচগুণ যাব।”

img

চৈতন্য আৰু মোমায়েকো গাড়ীৰ পৰা নামি আহিল। সঁচায়ে সন্মুখৰ ৰাস্তাটোৱেদি গাড়ীতো বাদেই, ভৰিও ভালদৰে নচলিব। কি কৰা যায় এতিয়া? ইমান দূৰ বাট আহি এতিয়াতো আৰু ঘূৰি যাব নোৱাৰি। মোমায়েকে প্ৰস্তাৱ দিলে— “বল নহ’লে এইখিনি বাট খোজকাঢ়িয়েই যাওঁ।”

“মই নোৱাৰোঁ দেই। কোনোবা বিশ্বসুন্দৰীয়ে অপেক্ষা কৰি থাকিলেও মই ইমান দূৰ বাট খোজকাঢ়ি গৈ ছোৱালী চাবগৈ নোৱাৰোঁ।”
“তেনেহ’লে কি কৰিবি এতিয়া?”
“নহ’লে এটা কাম কৰা।”
“কি?”
“মোৰ হৈ তুমিয়েই ছোৱালীজনী চাই আহাগৈ। মই ড্ৰাইভাৰৰ লগত গাড়ীতে বহি থাকোঁ।”
“হেৰ’, মই ছোৱালী চাবলৈ বিয়া মই পাতিমনে তই পাতিবি?”

সেই সময়তে দূৰত বাটৰুৱা এজন দেখা পাই মোমায়েকে চৈতন্যক ক’লে— “ৰচোন, সৌ মানুহজনক সুধি চাওঁ— কিবা কৰিব পাৰে নেকি!”
“সোধাচোন বাৰু।”

বাটৰুৱাজন ওচৰ চপাৰ লগে লগে মোমায়েকে তেওঁক সুধিলে— “হেৰি, ইয়াৰপৰা সান্দহখোৱালৈ যাবলৈ বেলেগ কিবা উপায় আছে নেকি?”
“আছে।”— উত্তৰটো মানুহজনৰ ওঁঠত যেন লাগিয়েই আছিল।
“কি উপায় কওকচোন।”
“আপুনি ওচৰৰে কোনোবা এঘৰৰ পৰা ছাইকেল এখন লৈ লওক।”
“আমি অচিনাকি মানুহক আকৌ দিয়েনে নিদিয়ে বা!”
“দিব। মাত্ৰ ত্ৰিছ-চল্লিছ টকা কিবা এটা দিব লাগিব।”
“ত্ৰিছ-চল্লিছ নালাগে, পঞ্চাছ-ষাঠিয়েই দিম। মুঠতে ছাইকেলখন পালেই হ’ল।”

বাটৰুৱাজনেই ওচৰৰ মানুহ এঘৰৰ পৰা ছাইকেল এখন যোগাৰ কৰি দিলে। কিন্তু তাৰ বিনিময়ত চৈতন্যইতে কিবা এটা বস্তু বন্ধকত থ’বলগীয়া হ’ল। অচিনাকি মানুহ। ক’বতো নোৱাৰি— ছাইকেলখন লৈ যদি পলাই পত্ৰং দিয়ে। চৈতন্যই হাতৰ আঙুঠিটোকে খুলি দিব খুজিছিল যদিও কিবা এটা ভাবি মোমায়েকে মানা কৰিলে। তেওঁ ড্ৰাইভাৰজনক বুজাই-মেলি গাড়ীৰ ছাবিটোকে বন্ধকত থ’লে। কাৰবাৰটোত চৈতন্যৰ পেটে পেটে খুব হাঁহি উঠিল। এখন ছাইকেলৰ বদলি এখন গাড়ী! কম কথা নহয়।

মোমায়েক শকত-আৱত, চৈতন্য খীণ-মীন। কিন্তু সেইবুলিয়েই সিতো আৰু মোমায়েকক ছাইকেল চলাবলৈ ক’ব নোৱাৰে। গতিকে… ।

আশী কিল’ ওজনৰ মোমায়েকক ছাইকেলত তুলি, বানপানীয়ে গৰকা ওখোৰা-মোখোৰা ৰাস্তাইদি দহ কিল’মিটাৰ বাট গৈ চৈতন্য যেতিয়া ছোৱালীঘৰৰ পদূলিমুখত উপস্থিত হ’লগৈ, তেতিয়া আৰু তাৰ ছোৱালী চোৱাৰ শেষ ইচ্ছাকণো ধূলিসাৎ হৈ গৈছিল। তাৰ ইস্ত্ৰি কৰা চোলাটো ঘামত তিতি লেতু-সেতু হৈ পৰিছিল, গাৰ পৰা পাৰফিউমৰ সুবাসৰ সলনি ঘামৰ লুণীয়া-টেঙেচীয়া গোন্ধ নিৰ্গত হৈছিল।

চৈতন্যহঁতৰ দুৰৱস্থা দেখি ছোৱালীৰ দেউতাকে খেদ প্ৰকাশ কৰি ক’লে— “আপোনালোকে খবৰ এটা দিয়া হ’লেই হয়। আমি কিবা উপায়েৰে সেইখিনিৰ পৰা লৈ আহিলোঁগৈ হয়।”
“হেৰি, আপোনালোকক খবৰ দিম কেনেকৈ কওকচোন? আপোনালোকৰ ইয়াত ফোনৰ একো টাৱাৰেই নাই।”— মোমায়েকে উষ্মা প্ৰকাশ কৰিলে।
“টাৱাৰ আছিল বুইছে। বনপানীয়ে উটুৱাই নিলে বুলিহে। কোম্পানীক দৰখাস্ত কৰা হৈছে। কেতিয়াবা বহুৱাব চাগৈ।”

সান্দহখোৱাত ফোনৰ টাৱাৰ নাথাকিলে কি হ’ল! ফোন হ’লে প্ৰত্যেকৰে হাতে হাতে। মানুহে ফোনেৰে কথা পাতিব নোৱাৰিলে কি হ’ল, গান শুনিবতো পাৰে, গেম খেলিবতো পাৰে!

এইবাৰ প্ৰথম দৃষ্টিতেই চৈতন্যৰ ছোৱালী পছন হ’ল। মোমায়েকে এইবাৰ পহিলাতে ছোৱালীৰ লগত কথা নাপাতিলে। চৈতন্যক ছোৱালীৰ লগত আছুতীয়াকৈ কথা-বতৰা হ’বলৈ সুবিধা কৰি দি বহাকোঠাৰ পৰা ওলাই আহিল।

প্ৰাথমিক কথা-বাৰ্তাখিনি শেষ হোৱাৰ পাছত ছোৱালীয়ে চৈতন্যক ক’লে— “আপোনাৰ যদি মোক পছন হৈছে, মোৰো আপোনাক বিয়া কৰোৱাত একো আপত্তি নাই। কিন্তু মোৰ চৰ্ত এটা আপুনি মানি ল’ব লাগিব।”
“কি চৰ্ত?”— চৈতন্যৰ কপালৰ গাঁঠি থুপ খালে।
“আপুনি মোক মাহত এবাৰ ইয়ালৈ আনিব লাগিব।”
“কি?”
“ওঁ, আমাৰ নামঘৰত থকা কলীয়া গোসাঁই প্ৰতিমাহতে পূৰ্ণিমাৰ দিনাখন জাগ্ৰত হয়। সেইদিনা আমি সৱেই তেওঁক পূজা-অৰ্চনা কৰোঁ। বিয়াৰ পাছতো মই এই কামটো কৰি থাকিব খোজোঁ। নহ’লে আমাৰ অমংগল হ’ব।”
“কিন্তু তোমালোকৰ ইয়ালৈ মাহত এবাৰকৈ আহিবলৈ হ’লে এবছৰতে মোৰ আটাইবোৰ হাড়ৰ জোৰা সুলকি যাব, মোৰ আয়ুস কমেও দহ বছৰ কমি যাব।”
“আপুনি এনেয়ে ভয় কৰিছে। আমাৰ ইয়াৰ মানুহতো এইবোৰ ৰাস্তাইদি অহা-যোৱা কৰি আছে। ক’তা, কোনোতো আওমৰণে মৰা নাই।”
“হ’লেও মই তোমাক এতিয়াই কথা দিব নোৱাৰোঁ। মই ঘৰত গৈ কথাটো চিন্তা কৰি চাব লাগিব।”

ঘৰলৈ বুলি উভতি আহোঁতে চৈতন্যই ছাইকেলৰ ওপৰতে মোমায়েকক ক’লে— “বুইছা মামা, এইবাৰো বিয়াখন নহ’বগৈ।”
“কিয়? এইবাৰতো ছোৱালীজনীৰ মই একো খুঁত দেখা নাই!”

চৈতন্যই মোমায়েকক ছোৱালীজনীৰ চৰ্তটো কোৱাৰ পাছত তেওঁৰো মনটো কোঁচ খাই গ’ল। মোমায়েকে আৰু চৈতন্যক জোৰ নকৰিলে।

ইয়াৰ চাৰিমাহ পাছতে চৈতন্যই আৰু এজনী ছোৱালী চালেগৈ। এইবাৰ পিছে একো আহুকাল নোহোৱাকৈয়ে কামফেৰা সম্পন্ন হ’ল। দিন-বাৰৰ বাহিৰে বিয়াখন প্ৰায় খাটাঙেই হৈ গ’ল। চৈতন্যৰ নিজতকৈও মোমায়েকৰ মনটো বেছি ভাল লাগিল। ভাগিনিয়েকৰ বিয়াৰ কাৰণে তেওঁতো কম কষ্ট কৰা নাই।

কিন্তু ভবা কথা নহয় সিন্ধি, বাটত আছে কণাবিধি। চৈতন্যই ছোৱালী চাই অহাৰ এসপ্তাহ পাছতে এটা অচিনাকি নম্বৰৰ পৰা তালৈ এটা ফোন আহিল— “আপুনি চৈতন্য বৰুৱা হয়নে?”
“হয়। আপুনি কোনে কৈছে?”— চৈতন্যই ওলোটাই সুধিলে।
“মই কোন জানি আপোনাৰ একো লাভ নহ’ব। বিশেষ কথা এটাৰ কাৰণে আপোনালৈ ফোন কৰিলোঁ।”
“কওকচোন।”
“আপুনি এসপ্তাহমান আগতে যিজনী ছোৱালী চাই আহিল, সেইজনী ছোৱালীক বিয়া কৰাব নোৱাৰে।”
“কাৰণটো জানিব পাৰোনে?”
“নিশ্চয়। ছোৱালীজনী— আই মীন পূবালীৰ লগত মোৰ দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছে।”
“তেনেহ’লে ইমান দিনে আপুনি তেওঁক বিয়া কৰোৱা নাই কিয়?”
“মই কৰাব খোজোঁ। কিন্তু তাইহে হ’ব নোখোজে।”
“কিয়?”
“মোৰ চাকৰি নাই বাবে।”

চৈতন্যৰ আৰু কথা বঢ়াবলৈ মন নগ’ল। এনেকুৱা ঘটনা আজিকালি প্ৰায়ে ঘটি থাকে। প্ৰেম কাৰোবাৰ লগত, বিয়া কাৰোবাৰ লগত। পাছত গৈ অশান্তি হয়গৈ। বহুতৰে ডিভোৰ্ছ পৰ্যন্ত হয়গৈ।

কথাটোৰ চয়-নিশ্চয় জানিবলৈ চৈতন্যই লগে লগে পূবালীলৈ ফোন লগালে। তাই কথাটো একেমুখে স্বীকাৰ কৰি লোৱাত তাৰ মনটো দমি গ’ল। গতিকে চৈতন্যই পূবালীক বিয়া নকৰোৱাটোকে সিদ্ধান্ত কৰিলে।

ইয়াৰ পাছতো চৈতন্যলৈ কেইবাটাও সম্বন্ধ আহিল, কিন্তু এজনী ছোৱালীৰ লগতো তাৰ বিয়াখন নহ’লগৈ।

চৈতন্যৰ বৰ্তমান বয়স আঢ়ৈ কুৰি। বিয়াৰ চিন্তাতে তাৰ মূৰৰ চুলি সৰি নোহোৱা হ’ল। খট্ দুটাৰ ওপৰত আৰু পিছফালে দুডালমান আছেগৈ মাথোঁ। ৰ’দত ওলাই গ’লে তাৰ তপা মূৰটো আঁতৰৰ পৰা ওলোটাই থোৱা কাঁহৰ বাটি যেন দেখি। আজিকালি ওচৰ-চুবুৰীয়া কোনোবাই ৰাতি ভুলক্ৰমে সাপৰ নাম উচ্চাৰণ কৰিলে, তিনি তপাৰ নাম স্মৰণ কৰোঁতে তাৰ নামটোও কৰে। চৈতন্যই এতিয়া আৰু বিয়াৰ আশা প্ৰায় এৰিয়েই দিছে। সৰু মোমায়েকে পিছে এৰা নাই। তেওঁ বিয়াৰ কথা উলিয়ালে সি কয়— “এতিয়া আৰু বিয়া কৰাই কি লাভ কোৱাচোন? জীৱনৰ পঞ্চাছটা বছৰ বৰলা ভাত খায়ে পাৰ কৰিলোঁ। বাকীকেইটা দিনো এনেকৈয়ে পাৰ কৰি দিম আৰু।”

“হেৰ’, বুঢ়াকালত তোক চাব কোনে!”
“এতিয়া হ’বলা মই ডেকা হৈ আছো?”
“ৰচোন ৰ। মনটো ইমান পেলাই নিদিবি। সিদিনা পেপাৰ এখনত পঢ়িবলৈ পাইছিলোঁ— অষ্ট্ৰেলিয়াত সত্তৰ বছৰ বয়সত বিয়া পাতি মানুহ এজনে বৰলা জীৱনৰ ওৰ পেলাইছে। তোৰতো পঞ্চাছহে হৈছে।”

মোমায়েকেই অ’ত ফৰ্মুটি মাৰি ত’ত ফৰ্মুটি মাৰি আৰু এটা খবৰ আনিলে। কিন্তু এইবাৰ সমস্যাটো আহিল খোদ চৈতন্যৰ পৰা— তাৰ তপা মূৰটোৰ পৰা। খবৰ অনা মানুহৰ আগত ছোৱালীয়ে কৈ পঠাইছে— ল’ৰা কণা হওক, খোৰা হওক,— তাত তাইৰ আপত্তি নাই, কিন্তু তপা হ’ব নোৱাৰিব। তপা মানুহক একদম ভাল নাপায় তাই,— কিবা হেনো শকুনি মোমাই, শকুনি মোমাই লাগে! কি হ’ব এতিয়া? এইটো সুবিধাও দেখোন হাতচাৰা হৈ যাব এতিয়া!

মোমায়েকেই শকুনি মোমাইৰ বুধি দিলে চৈতন্যক— “ছোৱালী চাবলৈ যাওঁতে তই টুপী পিন্ধি যাবি। তোৰ পিছফালে আৰু খটৰ ওপৰত কেইডালমান চুলি আছে নহয়। সেইকেইডাল দেখিলেই ছোৱালীয়ে বুজি পাব— তোৰ বাকী মূৰটোতো চুলি আছে।”
“কিন্তু বিয়াৰ দিনা কি কৰিবা? বিয়াৰ দিনাতো মই টুপী পিন্ধি যাব নোৱাৰোঁ!”
“বুধি আছে নহয়।”
“কি?”
“বিয়াৰ দিনা তই উইগ এটা পিন্ধি যাবি। আজিকালি বজাৰত বহুত দামী দামী উইগ পায়। পিন্ধি গ’লে ধৰিবলৈ কাৰো সাধ্য নাই আচল চুলিয়েই নে নকল চুলি।”
“কিন্তু বিয়াৰ পাছত কি কৰিম? যদি ধৰা পৰি যাওঁ?”
“পাছৰ কথা পাছত। আগতে বিয়াখন হৈ যাওকচোন।”

মোমায়েকৰ বুধিয়ে কাম দিলে। এইবাৰ চৈতন্যৰ বিয়াখন সুকলমেই হৈ গ’ল। বাহী বিয়াৰ দিনা ওচৰ-চুবুৰীয়া ন-কইনা চাবলৈ আহি মুগ্ধ হ’ল। মাত-কথা, চাল-চলন, ৰূপ-সৌন্দৰ্য কোনোটোতে কম নহয় ছোৱালী। বিশেষকৈ দাঁত দুপাৰি যেন দুধাৰি মুকুতাৰ মালাহে। চকু চৰহা দুই-এটাই অবশ্যে ফুচফুচাই ক’লে— বৃদ্ধস্য তৰুণী ভাৰ্যা। ভাল কথা নহয়। অলপ দিনৰ পাছতে কেলেংকাৰি নহ’লেই হয়!

চৈতন্য পিছে এটা অন্তৰ্দ্বন্দ্বত ভূগি থাকিল। ছোৱালীজনীক ঠগা ঠগা যেন লাগিল তাৰ। সেয়ে ফুলশয্যাৰ নিশাই চৈতন্যই দোষী দোষী ভাবেৰে ন-কইনাক ক’লে— “পাছত গণ্ডগোল হোৱাতকৈ তোমাক আজিয়েই মই কথা এটা কৈ থওঁ।”
“কি কথা?”— ন-কইনা অলপ আচৰিত হ’ল।
“আমাৰ বিয়াখনৰ ক্ষেত্ৰত তোমাক মই এটা কথাত ফাকি দিলো।”
“কি কথাত?”
“মোৰ চুলিখিনি আচল নহয়, নকল।”

চৈতন্যই ভয়ে ভয়ে ন-কইনাৰ মুখলৈ চাই থাকিল। কিন্তু ন-কইনাই একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। অলপ সময়ৰ পাছত তাই মুকুতাৰ দৰে দাঁত দুপাৰি উলিয়াই হাঁহি হাঁহি ক’লে— “ময়ো আপোনাক আজিয়েই কথা এটা কৈ থওঁ বুলি ভাবি আছিলোঁ।”
“কি কথা?”— এইবাৰ চৈতন্য আচৰিত হ’ল।
“আমাৰ বিয়াখনৰ ক্ষেত্ৰত ময়ো আপোনাৰ পৰা কথা এটা লুকুৱাই ৰাখিলো।”
“কি কথা?”
“আজিৰ পৰা পাঁচ বছৰ আগতে মোৰ এক্সিডেণ্ট এটা হৈছিল।”
“এইটোনো কি লুকুৱাবলগীয়া কথা। বহুতৰে এক্সিডেণ্ট হয়।”
“সেইটো হয়। কিন্তু সেই এক্সিডেণ্টটোত মোৰ এটাও দাঁত বচা নাছিল।”
“তাৰ মানে…!”
“আপুনি ঠিকেই অনুমান কৰিছে। মোৰ দাঁত দুপাৰি আচল নহয়, নকল।”

❧ | অধিক গল্প:

ৰাজযোৰা | ধ্ৰুৱজ্যোতি শৰ্মা

Follow Nilacharai on Facebook