দি নটোত অসংখ্য মানুহৰ আগমন ঘটা এই অফিচটোত সি যেতিয়া চাকৰিত জইন কৰিছিল, তাৰ টেবুলখনৰ সন্মুখত কোনোবা এজন থিয় হৈ থাকিলেও সি বৰ অসহায় অনুভৱ কৰিছিল— নিজকে অশিষ্ট যেন লাগিছিল৷ নিজৰ চকীখনত কুচিমুচি বহি কোনোমতে কাম কৰি গৈছিল আৰু এতিয়া অফিচটোৰ এই টেবুলখনৰ আগত এদল অথৰ্ব লোকো যদি ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ থাকে, সি একো অনুভৱ নকৰা হ’ল৷ মানুহখিনিৰ উপস্থিতিক সম্পূৰ্ণ অগ্ৰাহ্য কৰি সি এতিয়া নিৰ্লিপ্ততাৰে কাৰ্যবোৰ কৰি যাব পৰা হ’ল৷ নিজকে ব্যস্ত দেখুৱাবৰ কাৰণে ইটোৰ পাছত সিটো ফাইল টানি অবাবত আঁক-বাঁক কৰি থাকিব পৰা হ’ল, ক্লান্তি দূৰ কৰাৰ অজুহাতত তাৰ পিতৃ বয়সীয়া মানুহৰ আগত খচ্কৈ চিগাৰেটটো জ্বলাই দিব পৰা হ’ল, সাধাৰণ কথা এটাতে অসন্তুষ্টি প্ৰকাশ কৰি বহি থকা চকীখন পাছলৈ ঠেলি তাৰ কাৰণে ৰৈ থকা মানুহখিনিক অনিশ্চয়তাৰ অঠাই সাগৰত পেলাই ঘণ্টাৰ পাছত ঘণ্টা কেণ্টিনত আড্ডা জমাই থাকিব পৰা হ’ল;— মুঠতে এই অফিচটোত কেৰাণী হিচাপে নাম কৰিবলৈ যিমানখিনি গুণৰ প্ৰয়োজন, সিমানখিনি আহৰণ কৰি এতিয়া এই অফিচটোৰ সি ‘কেৰাণী-কুল-শিৰোমণি’ হৈ উজলি উঠিল৷ মানুহবোৰে যেতিয়া ‘ছাৰ ছাৰ’কৈ তাৰ চাৰিওফালে এক গুঞ্জনৰ সৃষ্টি কৰে, তেতিয়া সি এক জান্তৱ তৃপ্তি অনুভৱ কৰে৷ তাৰ টেবুলৰ চৌকাষে বেঢ়ি-কুৰি ৰৈ থকা এই মানুহবোৰ তাৰ কাৰণে গৌণ, মুখ্য এই মানুহবোৰৰ নামত থকা ফাইলবোৰহে— এইটো তাৰ ‘সূত্ৰ’৷
এই অফিচটোত সি জইন কৰাৰ ছমাহ পাছতেই দীন দত্তই অৱসৰ ল’লে৷ দীন দত্তৰ অৱসৰৰ ঠিক এমাহ পাছত বৰবাবু ঘন দাসে যেতিয়া তাক তেওঁৰ কেবিনটোলৈ মাতি পঠিয়াইছিল, অফিচটোত তেতিয়া এটা গুণগুণনি আৰম্ভ হৈছিল আৰু ওলাই অহাৰ পাছত গুণগুণনিবোৰ শব্দ আৰু শব্দবোৰ বাক্য হৈ তাক ঘেৰি ধৰিছিল— বৰবাবুৱে তাক মাতি নিয়াৰ কাৰণটো বিচাৰি৷ সিও নিস্পৃহভাৱে কৈছিল— “দীন দত্তৰ টেবুলখনত কাইলৈৰ পৰা মই বহিব লাগিব৷”
তাৰ কথাষাৰত কি যাদু আছিল সি গম পোৱাৰ আগতেই কোঠাটো এখন শোকসভাত পৰিণত হ’ল৷ এক অসহ্য নীৰৱতাই কোঠাটো গ্ৰাস কৰি পেলালে৷ অৱশেষত নীৰৱতাখিনি ভংগ কৰি অফিচৰ ‘পাতি-কাউৰী’ বুলি পৰিচিতা কবিতা বৰুৱাই আধা ভগা মাতটোৰে চিঞৰি উঠিছিল— “ভট্ট, আপোনাৰে কপাল, আহিয়েই কুবেৰৰ বৰপেৰাটোতে হাত দিবলৈ পাইছে, আমালৈ হ’লে নেপাহৰিব দেই৷”
পিছদিনা সি নতুন কেবিনটোত বহাৰ অলপ পৰৰ পাছতে ওলালহি গোবিন্দ মহন্ত৷ ‘অফিচৰ গেজেট’-খ্যাত মহন্তই তাক কৈ গ’ল অফিচটোৰ কোনটো মানুহৰ চৰিত্ৰ কেনেকুৱা, কাৰ পৰা কেনে ধৰণৰ বিপদ অহাৰ সম্ভাৱনা… ইত্যাদি৷ অৱশ্যে যাবৰ সময়ত তেওঁ এইটোও কৈ যাবলৈ নাপাহৰিলে যে সৰ্ব-বিপদৰ পৰা হাত সৰাৰ মহৌষধো তেওঁৰ হাততেই আছে৷ তাক আচৰিত কৰি দিনটোত অফিচৰ প্ৰত্যেকজন মানুহেই এবাৰ নহয় এবাৰ আহি তাক লগ ধৰিলেহি৷ যিটো পদুম নাথে আগতে পানী এগিলাছ বিচাৰিলে গিলাছ নাই বুলি বাগি মাৰিছিল, সিও আজি তালৈ জৰ্দাপাণৰ টোপোলা এটা লৈ আহিছে৷ আগতে তাক বিশেষ পাট্টা নিদিয়া ভাগ্য বৰাই দুপৰীয়া কেণ্টিনত চাহ খাবলৈ যাওঁতে অৰ্থপূৰ্ণ হাঁহি এটা মাৰি কৈছিল— “ভট্ট, বৰ নতুনে নতুনে মিড্ ফিল্ডত খেলিবলৈ পালে, মাজে সময়ে বল আমালৈও পাচ দিব৷” কি দিব্য শক্তিৰ বলতনো সি এই আকৰ্ষণী গুণ লাভ কৰিলে, তাকে ভাবি থাকোঁতেই তাৰ ওচৰলৈ আহিছিল কাবেৰী দত্ত৷ “জানা ভট্ট, কালি যে ইমান গৰম,— শোৱাই নহ’ল৷” গৰমটোৱে যেন তেওঁক তেতিয়াও আক্ৰমণ কৰি আছে, তেনে এক ভাবেৰে তাৰ সন্মুখৰ চকীখনত বহি শাৰীৰ আঁচলটো খহাই টেবুলখনত ভেজা দি ক’লে কাবেৰীয়ে৷ সি আঁৰ চকুৰে কাবেৰীৰ অৰ্ধউন্মুক্ত স্তনযুগলৰ ফালে চালে— ডিঙিৰ পৰা দুই স্তনৰ মাজৰ লোৰটোলৈকে পাউদাৰৰ চামনি৷ ইতস্ততঃ কৰি সি ৰুমালখন উলিয়ালে৷ কিন্তু তাক আচৰিত কৰি কাবেৰী এইবাৰ তাৰ টেবুলখনৰ ওপৰত উবুৰি খাই পৰিল৷ তাৰ পৰা এক স্পৰ্শবিন্দু দূৰত্বত বুকুখন ৰাখি চেপা মাতেৰে তাক যিখিনি কথা ক’লে, তাৰ অৰ্থ এটাই— এই অফিচটোত তাইৰ বাদে বাকী কিজনীৰ চৰিত্ৰ একেবাৰে লেতেৰা, সাৱধানে নচলিলে বদনাম উলিয়াই তাক বেয়াকৈ ফচাই দিব৷ গতিকে সাৱধান৷ তাতকৈয়ো এখোপ আগুৱাই খুচুৰা পইছা এগাল জোঁকাৰি দিলে হোৱা জুনজুননিৰ দৰে হাঁহি এটা মাৰি কাবেৰীয়ে ক’লে— তাৰ প্ৰতি কিবা এটা ভাল ভাব আছে কাৰণেহে তাক কথাকেইটা ক’লে৷ পাৰফিউমৰ গোন্ধৰ লগতে তাক এক আচহুৱা উত্তেজনা প্ৰদান কৰি কাবেৰী দত্ত এসময়ত ওলাই গৈছিল৷
অফিচ ছুটীৰ ঠিক আগে আগে বৰবাবুৰ খাচ মানুহ হলিৰামে তাক মাতি গ’লহি৷ তাৰ চাকৰি কালত বৰবাবুৰ কেবিনটোত এয়া তাৰ তৃতীয় প্ৰৱেশ৷ প্ৰথম চাকৰিত জইন কৰাৰ দিনা, তাৰ পাছত তাক দত্তৰ টেবুলখনত বহিবলৈ কোৱাৰ দিনা আৰু আজি সোমাইছে তৃতীয় বাৰৰ বাবে৷
“বহক।”— ঘন দাসে ডাঠ চচমাজোৰ মচি মচি ক’লে৷ “হলি, দুৱাৰখন মাৰি দে”৷ হলিৰামে বন্ধ কৰি দিয়া কোঠাটোৰ ভিতৰত বৰবাবু ঘন দাসৰ লগত প্ৰায় দুঘণ্টা সময় কটাই ওলাই অহাৰ পাছত সি অনুভৱ কৰিলে— পৃথিৱীত অসম্ভৱ বুলি কোনো কথা নাই৷
সিদিনাৰে পৰা এই অসম্ভৱবোৰক সম্ভৱ কৰিবলৈ এক উন্মাদ ঘোঁৰাৰ গতিৰে সি আগবাঢ়িল৷ তাৰ বেগত নীতি-নিয়মবোৰ ৰাস্তাৰ শিলগুটিৰ দৰে উফৰি যাবলৈ ধৰিলে৷ পাঁচটা বছৰ এনে এক দুৰন্ত গতিৰে চলাৰ পাছত তাৰ লেকাম চিগা ঘোঁৰাটো হঠাৎ থমকি ৰ’ল৷ সি চাচপেণ্ড হ’ল— আৰু সেইদিনাই সন্ধিয়া তাৰ ঘৰত উপস্থিত হ’লহি বৰবাবু ঘন দাস৷
“হেৰা ডেকা ল’ৰা, মন মাৰি আছা কিয়? চাচপেনচন মানে সুবিধাহে৷ এই দুবছৰত তুমি গোটোৱা টকাখিনিৰ সদ্ব্যৱহাৰ কৰিবলৈ চৰকাৰে তোমাক এইটো এটা সুবিধাহে দিছে৷” তাৰ পিঠিখনত ঢকা এটা মাৰি ঢেকঢেককৈ হাঁহি মদৰ গিলাছটো তালৈ আগবঢ়াই দি কৈছিল দাসে৷ ঘন দাসৰ বুদ্ধি মতেই সি নতুনকৈ কিনা মাটিকণত বাউণ্ডেৰী ৱালখন মাৰি ঘৰটোৰ প্লিন্থটোও কমপ্লিট কৰিলে চাচপেণ্ড হৈ থকাৰ দিনকেইটাতে৷
নিৰ্দিষ্ট দিন এটাত সি আকৌ অফিচত জইন কৰিলে৷ দুদিনমান বেলেগ এখন টেবুলত বহাৰ পাছত সি আকৌ আগৰ স্থানলৈ গ’ল৷ তাৰ সকলোবোৰ অশুভ চিন্তাক নস্যাৎ কৰি অফিচৰ মানুহবোৰে তাক আকৌ আগৰ দৰে আঁকোৱালি ল’লে৷ এতিয়া এটা কথাত সি নিশ্চিত হ’ল যে অফিচত তাৰ কদৰ আগতকৈ বাঢ়িলহে৷
কাবেৰী দত্তৰ পেনপেননি (“ভট্ট, তুমি মোক বৌ বুলি মাতিবা হাঁ৷ কাইলৈ তুমি মোৰ তাতে থাকিবা, আমাৰ এওঁ যোৰহাটলৈ যাব, শাহুবুঢ়ী অকলেহে, ইমানডাল ঘৰ ভয় লাগে ভাই৷” সি ঘৰ ৰখিবলৈ যোৱা ৰাতি শাহুৱেকৰ আগত সতী-সাৱিত্ৰী দেখুৱাই বেড ৰূমৰ দুৱাৰত তিনিওটা চিটকানি লগাই বন্ধ কৰা কাবেৰী দত্তই পিছদিনা অৱশ্যে তাৰ বিচনাতহে সাৰ পাইছিল৷), গোবিন্দ মহন্তৰ ঈৰ্ষামিহলি চাৱনি (এইখন টেবুলত বহাৰ এক মোহ গোবিন্দ মহন্তৰ মনতেই ৰৈ গ’ল— একমাত্ৰ বৰবাবু ঘন দাসৰ লগত থকা অহি-নকুল সম্বন্ধৰ কাৰণে৷), কবিতা বৰুৱাৰ আমন্ত্ৰণ (ছিলঙৰ হোটেলত নৈশ যাপন কৰি থানা ফেৰৎ জীয়েকজনীক তাৰ হাতত গতোৱাৰ এক দুৰ্বাৰ আশা…)— এইবোৰৰ মাজতেই আকৌ সজাল ধৰি উঠিছে তাৰ প্ৰতিষ্ঠাৰ বৃক্ষজোপা৷
“ডেকা ল’ৰা, প্ৰেম-প্ৰীতি, মৰম-চেনেহ এইবোৰ আজিকালি ধন-টকা পইছাই কঢ়িয়াই অনা বস্তু৷ চাকৰি নথকা কালত এখন চাইকেল বিচাৰোঁতে যিটো মানুহে মোক গেঙেৰি মাৰি উঠিছিল, সেইটো মানুহেই এতিয়া মই নিবিচাৰিলেও মোলৈ গাড়ী এখন পঠাই দিয়ে৷”— প্ৰেক্টিকেল মানুহ ঘন দাসে এনেদৰেই তাক বুজাইছিল উন্নতিৰ আদিপাঠ আৰু সিও গম পাই গৈছিল তাৰ আৰু সীমাৰ যুগ্ম জীৱন, জীয়েক টুকটুকৰ ভৱিষ্যৎ, অফিচত তাৰ উপস্থিতিৰ সবল প্ৰমাণ— এইবোৰৰ বাবে লাগিব বছৰৰ বাৰমাহেই সগৰ্ভা হৈ থকা এটা মানিবেগ৷
তাৰ মানিবেগটো উৰ্বৰা কৰিবলৈ গৈ তাৰ উন্মাদ ঘোঁৰাটোৰ গতি আকৌ এবাৰ শ্লথ হ’ল— ছমাহৰ বাবে নিলম্বন৷ অৱশ্যে এই ছমাহত সি কি কৰিব তাৰ উপদেশ সি এতিয়া কাৰো পৰা ল’ব নালাগে৷ ইতিমধ্যে এই ছমাহত সি কি কৰিব, তাৰ এটা প্লেন কৰিছেই,— এইবাৰ সি অকলে ফুৰিবলৈ যাব (সুবিধা পালে এক বেচিজিল বন্য জীৱনত কিছুদিন পাৰ কৰিব৷ সীমাই কেৱল কি তাৰ জীৱনৰ লক্ষ্যবিন্দু হ’ব পাৰে!), সময় পালে গাঁৱলৈ এপাক যাব (নিজৰ ভাগৰ মাটিকণ বিক্ৰী কৰি দিব লাগে, দেউতাকৰ শ্ৰাদ্ধত সাতখন গাঁৱৰ মানুহক মাছে-মঙহে খুৱাই দিছে; এতিয়া আৰু গাঁৱৰ লগত কি সম্বন্ধ?), ফাৰ্ষ্ট ফ্ল’ৰৰ কামখিনি যেনেতেনে শেষ কৰিবই লাগিব (কেনেবাকৈ টকাবোৰ ধৰা পৰিলে অবাবত যাব অত কষ্ট), ‘ফাইল আবদ্ধ’ জীৱনৰ পৰা মুক্ত এই দিনকেইটাত আকণ্ঠ মদ্য পান কৰিব (ঘন দাসে বটল এটা লৈ এতিয়াও আহে তাৰ ওচৰলৈ), ব’ৰ লাগিলে কাবেৰী দত্তৰ ওচৰলৈ যাব (সীমা এতিয়া দ্বিতীয় বাৰ মাতৃ হোৱাৰ পথত, মাকৰ ঘৰত, কাবেৰীৰ গিৰিয়েকো যোৰহাটত)৷…
❧ | আৰু পঢ়ক: ধ্ৰুৱজ্যোতি শৰ্মাৰ গল্প ‘মিথ্যাশ্ৰয়ী’
এনেকৈয়ে পাৰ হ’ব ছটা মাহ৷ এদিন খাকি ৰঙৰ খাম এটাত তালৈ এখন চিঠি আহিব, সেইখন লৈ গৈ সি আকৌ অফিচ পাব— অফিচৰ ‘বচ’ নাথ ছাৰে ক’ব— “ড’ণ্ট মাইণ্ড ইয়ং মেন, সোণ পুৰিলেহে উজ্জ্বল হয়৷” প্ৰথমবাৰ চাচপেণ্ড হওঁতে কবিতা বৰুৱাই গেৰগেৰীয়া মাতটো উলিয়াই কৈছিল— “ভট্ট, চাব, কাইলৈৰ পৰা আপোনাৰ পদূলিত ছোৱালী দিয়া মানুহৰ ভিৰ লাগিব— আপুনি এতিয়া সাধাৰণ মানুহ নহয়, টকা থকা মানুহ৷” এইবাৰ হয়তো ক’ব— “ভট্ট, আপোনাৰ ছোৱালীৰ কাৰণে দৰাৰ চিন্তা নাই— চি বি আইয়ে ঘৰ ৰেইড কৰা মানুহৰ জীয়েক৷” আৰু এইখিনিকে মূলধন হিচাপে লৈ সি তাৰ টেবুলখনত বহিব— মানিবেগটোক গৰ্ভৱতী কৰিবলৈ দুৰ্নীতিৰ বীৰ্য ঢালিব— কাবেৰী দত্তৰ লগত নিষিদ্ধ আলাপ কৰিব— এইবোৰৰ মাজতে তাৰ কেবিনটোৰ দুৱাৰখনৰ ফাঁকেদি চকুত পৰি থকা টাইপিষ্ট মনজুমাৰ উলংগ নাভি প্ৰদেশ চাই চাই চিগাৰেটৰ ধোঁৱাৰে ৰিং বনাব, বৰবাবু ঘন দাসক তাৰ দৈনিক বে-হিচাপ আয়ৰ এটা ভাগ দি কণ্টকমুক্ত হৈ ৰ’ব— তালৈ বাট চাই ৰৈ থকা মানুহবিলাকৰ হুমুনিয়াহৰ উত্তাপ কপালত সানি ফাইলবোৰত আঁক-বাক কৰি যাব— গান্ধীৰ ছবি থকা কাগজবোৰৰ জোৰত সৌভাগ্যৱানসকলৰ ফাইলবোৰ চলমান কৰি দিব৷ তাৰ ‘লক্ষ্মীমাৰ্কা’ টেবুলখনক কেন্দ্ৰ কৰি ৰৈ থকা মানুহবোৰক বিন্দু হিচাপে লৈ সি এটা পৰিধিৰ সৃষ্টি কৰিব আৰু এনেকৈয়ে দৈনন্দিন সি এটা বৃত্ত আঁকি যাব৷
Image: Based on Jorge Royan (CC by SA 3.0)’s photograph