নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

তোমাৰ সৈতে প্ৰজ্ঞাৰ ভাগ-বতৰা কৰোঁ

তোমাৰ সৈতে প্ৰজ্ঞাৰ ভাগ-বতৰা কৰোঁ

মূল (ইংৰাজী): এন কাৰ্ছন (Anne Carson)
অনুবাদ: বৃষ্টিবন্যা


ওচৰলৈ আহাঁ, তোমাৰ সৈতে প্ৰজ্ঞাৰ ভাগ-বতৰা কৰোঁ।
আমাৰ পাৰ্থিৱ অৱস্থাৰ বিষয়ে তুমি বহুত ভাবা নেকি?
বোধ হয় নাই ভবা। বাৰু, শুনা।
সকলো পাৰ্থিৱই মৃত্যুৰ ওচৰত ঋণী।
কোনো জীৱিতই নাজানে
কাইলৈ তেওঁ থাকিব নে নাই।
আমাৰ ভাগ্য অদৃশ্য! এক মহাৰহস্য।
কোনেও বশ কৰিব নোৱাৰে, কোনেও ধৰিব নোৱাৰে।
ইয়াক মানি লোৱা! আনন্দ কৰা! এটা ড্ৰিংক লোৱা!
কিন্তু এফ্ৰোডাইট*— সেই সাদৰী দেৱীগৰাকীক নাপাহৰিবা।
বাকীবোৰ এৰি দিব পাৰা। মই ঠিকেই কৈছোঁনে বাৰু?
মই ভাবোঁ, কৈছোঁ। আহাঁ, এটা ড্ৰিংক লওঁ?
মালা এধাৰি পিন্ধি লোৱা। মই নিশ্চিত যে
ৱাইনৰ এটা চুমুকে তোমাৰ মন ভাল কৰিব।
আমি সকলো পাৰ্থিৱ। পাৰ্থিৱৰ দৰেই ভাবা।
কাৰণ মই জানো, জীৱন বুলি একো নাই,
এয়া মাথোন এক বিপৰ্যয়।

*এফ্ৰোডাইট: গ্ৰীক পুৰাণৰ প্ৰেম আৰু সৌন্দৰ্যৰ দেৱী। (নীলা চৰাইৰ সম্পাদকৰ সংযোজন)


এন কাৰ্ছন (Anne Carson)

এন কাৰ্ছন এগৰাকী কানাডিয়ান কবি, প্ৰাবন্ধিক আৰু অনুবাদক। তেখেতৰ শিল্পকৰ্মত প্ৰধানকৈ ক্লাছিক বিষয় উত্তৰ-আধুনিক হৈ উঠে। সেয়েহে গ্ৰীক পুৰাণৰ বিষয় আৰু চৰিত্ৰই তেখেতৰ সৃষ্টিত প্ৰায়েই ভুমুকি মাৰে। এক ব্যতিক্ৰমী ৰচনা-ৰীতিৰ বাবে এন কাৰ্ছনৰ কবিতা আৰু গদ্যই নিজস্ব সীমাৰেখা অতিক্ৰম কৰি যায় আৰু স্বাভাৱিকতেই তেখেতৰ ৰচনা শৈলী প্ৰায়েই জটিল, উদ্ভাৱনশীল আৰু ধীমান।

১৯৫০ চনৰ ২১ জুনত কানাডাৰ টৰণ্টোত জন্মলাভ কৰা এন কাৰ্ছনে ২০২৬ বৰ্ষৰ বাবে সাহিত্যত নবেল পুৰস্কাৰ লাভ কৰিছে।

এই লেখকৰ সকলো লেখা চাওক →
তোমাৰ সৈতে প্ৰজ্ঞাৰ ভাগ-বতৰা কৰোঁ | বৃষ্টিবন্যা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

কামলখী

কামলখী

মই আকৌ আহিম

মই আকৌ আহিম