সেয়া বুলুংবুথুৰ ব্ৰহ্মপুত্ৰ হোৱাৰ আগৰ কথা।
কোনে পতিয়াব ক’লে—
মোৰ আই মোৰ দেৱী আই
মোৰ মাটি ঋতুমতী ভৰুণ নাৰী
পৰ্বত বগাই বুঢ়াই লৈ আহে তন্ত্ৰৰ পেৰা
স্বপ্নাবিষ্ট দুচকুত মদ মহিষ আৰু মৈথুনৰ স্বপ্নমায়া
শিঙৰিজোপাৰ তলত বহি বুঢ়াই শিকাই যায়—
শ্ৰমেই সাধনা উৎপাদনেই ধৰ্ম দেহেই আত্মা
পাহোৱাল ডেকাটো প্ৰেমত পৰে দেৱীৰ
দেৱী ঋতুমতী পথাৰৰ দৰে উৰ্বৰ
অৰণ্যৰ দৰে গহীন পাহাৰীয়া জুৰিৰ দৰে চঞ্চল
ঋতুমতী দেৱীয়ে কয়—
ক্ষণিক অপেক্ষা কৰা মোৰ প্ৰিয়তম
আহাঁ পান কৰোঁ মদ বনৰীয়া মহিষৰ মাংস
বাহিৰত অনৰ্গল বৰষুণ
কেঁচা মদৰ নিচা।
কোনে জানে পছিমৰ পৰা আহিব ধুমুহা
শক্তিমান আৰ্যপুৰুষ
আৰু বেদমন্ত্ৰ আওৰাই বুদ্ধিজীৱী পণ্ডিতপ্ৰবৰ
আৰ্যপুৰুষ আহিয়েই দলিয়াই দিলে
মদৰ পাত্ৰ মহিষ মাংস
অপমান-উপলুঙা
প্ৰিয়তম পাহোৱাল ডেকাক শত নাগপাশ
আজিৰ পৰা আৰ্যপুৰুষৰ বাক্যই আইন
সিন্ধুপাৰৰ পুৰোহিত পথালি ফোঁট লৈ বহি পৰিল,
দলিয়াই দিলে পৰ্বতীয়া বুঢ়াৰ পেৰা
আৰ্যপুৰুষৰ আদেশত
দেৱী উঠে দেৱী বহে দেৱীয়ে উচুপে
বাহিৰত আজিও মুষলধাৰে বৰষুণ
ক্ৰন্দনৰত কামলখীৰ।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক