মই আকৌ আহিম

মই আকৌ আহিম
  • 14 Jun, 2012

শুনিছানে মোৰ কণ্ঠস্বৰ, হে মোৰ অসমৰ নবীন যুৱক
মই বিষ্ণু ৰাভা
দুকুৰি তিনি বছৰ হ’ল মই গুচি যোৱা
মেদিনীৰ ফেৰেংগাদাও হৈ—
ফেহুজালিতে খবৰ পাওঁ আজি বোলে কুৰি জুন—
উলহমালহেৰে তোমালোকে আজিকালি মোৰ শ্ৰাদ্ধ পাতা
উপৰি পুৰুষৰ সোঁৱৰণ ঐতিহ্যৰ শ্ৰদ্ধা—
জীৱন্ত জাতিৰ চানেকি ভৱিষ্যতৰ সোপান।

মই ভাল পাওঁ মোৰ দেশক
‘মুকুতা অসমী ৰাইজৰ জনমভূমি
শ্ৰেয়সী প্ৰেয়সী স্বৰ্গাদপি গৰীয়সী।’
মই সুধিছোঁ— তুমি ভাল পোৱানে তোমাৰ দেশক?
মোৰ জীৱনৰ তিনি কুৰি বছৰ এঙুৰ ভেঙুৰ বাট
অঘৰী, উদঙীয়া, ভ্ৰাম্যমাণ জীৱন ন-পটি সাজি
সেই পটিয়েদি আগুৱাই যাওঁ
আকাশৰ চমকা ডাৱৰে চানি ধৰা আন্ধাৰত
চিকমিক বিজুলিৰ পোহৰত
খোপে খোপে, দোপে দোপে, কণামুনাকৈ
খেপিয়াই খেপিয়াই আগবাঢ়িছিলো—
ৰূপতান্ত্ৰিক অসীম ক্ষুধাৰে ভৰা
ৰূপতন্ত্ৰ সাধনাৰে হৈছিলো ৰূপতীৰ্থ যাত্ৰী।

গুৰুৰো গুৰু পৰম গুৰু শঙ্কৰ
আৰু মাধৱৰ অবিনাশী পৰম্পৰা
ককাইদেউ জ্যোতিৰ স্নেহেৰে
সুহৃদ বলীনৰ বাউসীত ধৰি
ওষ্টাদ ব্ৰজনাথ শৰ্মাৰ লগে লগে
অতিক্ৰমিলো কিমান পথ।
ৰুদ্ধ কাৰাগাৰ— ৰাষ্ট্ৰই সজা অপৰাধ
তেতিয়াৰ তৰুণ কবিৰ আহ্বান—
‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’?
সেই ৰাতিৰ আন্ধাৰ ফালি আহক ঊষাৰ পোহৰ—
মোৰ বাবে ক্লিষ্ট, নিপীড়িত, নিৰ্যাতিত, দলিত
উপবাসী, কাৰাবাসী, অন্নহীন দল।
মোৰ জীৱনৰ লগত ‘সিহঁত কিমান ওতপ্ৰোত
কিমান সমদুখী, সমভাগী, সমব্যথী’।
‘নিপীড়িত, নিৰ্যাতিত, দলিত, পতিত
আজি এই নতুন যুগত হ তই জাগ্ৰত
তুলি ল তুলি ল সৌ কৰালী কালীৰ ভীম ভয়ঙ্কৰ খড়্গ
ভাঙ ভাঙ ভাঙ ভাঙ কাৰাৰ কপাট, শত অভিশাপ পূৰ্ণ
এই দুখময় দুৰ্গ’।

আজি মই অপূৰ্ণ সত্তা
আজি মই বহু দূৰ গুচি আহিলো
পাৰ হ’লো সুউচ্চ হিমালয়— মোৰ দেশৰ ধবল কীৰিটি
মই সমুদ্ৰত সাঁতুৰিলো
কুঁৱলিৰ ফাঁকে ফাঁকে, লৱনু জলৰ স্পৰ্শেৰে
ছেগাচোৰোকা সূৰ্যৰ পোহৰ লৈ
মই গুচি আহিলো।

ক’বানে নবীন বন্ধু,— কেনে আছে মোৰ দেশ
তুমি ভাল পোৱা মোৰ দেশ— মোৰ চিৰচেনেহী আই অসমী?

ওলাইনে বাৰু এতিয়া
‘জাঁকি মাৰি পুখুৰীত মোৱামাছ’
পথাৰে পথাৰে আছেনে বাৰু
ৰোৱনী দাৱনী?
আছেনে বাৰু গাৰো, নগা, কুকি, ৰাভা
বড়ো, কাৰ্বি, আহোম, চাহবাগানৰ ভাই
কোঁচ, কলিতা, বামুণ, পমুৱা মুছলমান
নেপালী দাজু অসমৰ অসমীয়া হৈ?
স্বৰ্গদেউ চুকাফাৰ সাতৰাজ মাৰি একৰাজ কৰা বৰ অসম
শঙ্কৰ-মাধৱ-আজান পীৰে জ্বলোৱা মিলন চাকি
জ্বলিছেনে— আইৰ মুখ পোহৰ কৰি?
এই সকলো খবৰ দিয়া মোৰ নবীন বন্ধু
কুশলে আছেনে চিৰচেনেহী সাদৰী আই?
বৈছেনে বল্লমবুৰ্ত্তৰ বাবা ব্ৰহ্মপুত্ৰ সেই প্ৰবল গতিৰে
সঁচা কথা ক’বা মোৰ ডেকা বন্ধু,
তোমাৰ ওপৰত মোৰ বহুত ভৰষা।
আজি ২০ জুন, তুমি মোৰ কথা কৈ—
১৭ জানুৱাৰী, জ্যোতি ককাইদেউৰ কথা কৈ— দীৰ্ঘ স্বৰে,
উদাত্ত কণ্ঠে তুমি ক’বা আৰু গাবা— ঐক্য, শান্তি, প্ৰগতিৰ কথা
বছৰত মাথোঁ দুদিনকৈ
ৰিণি ৰিণি মোৰ কাণত পৰা কথাবোৰ সঁচা নে মিছা!

নগা, আদি, খামটি, খাচী, গাৰো সকলোৱে
বেলেগ বেলেগে সাজিলে ঘৰ
বড়ো আৰু ডিমাছাকো লাগে বোলে নতুন ঘৰ।
প্ৰতি বছৰে হয় বোলে কুকি-কাৰ্বি, গাৰো-ৰাভা
বড়ো-অবড়োৰ ৰক্তেৰে প্লাৱিত অসম
এই অসম দেশ ভাতৃঘাতী সংঘৰ্ষৰে বধ্যভূমি আজি।

নবীন যুৱক বন্ধু,
লয় নকৰিবা অসমীয়া কৃষ্টি, লয় নকৰিবা অসমীয়া সংস্কৃতি
লয় নকৰিবা অসমীয়া সভ্যতা
বিশ্বায়নৰ চাকনৈয়াত পাহৰি নাযাবা নিজক।
হে মোৰ ডেকা বন্ধু, কাণ পাতি শুনা—
মই আকৌ আহিম— অকল ২০ জুনত নহয়
আহিম অনাগত দিনৰ বাবে
আহিম উত্তৰ পুৰুষৰ ভাৱিষ্যতৰ বাবে।

লুইতৰ বিস্তীৰ্ণ পাৰত
পৱিত্ৰ বৃক্ষৰে সুসজ্জিত প্ৰান্তৰত, আৰক্ত পৰ্বতমালাৰে
এই দুৰ্ভাগ্য জৰ্জৰিত ভাই-ভনী— দৰিদ্ৰ আত্মীয় জনৰ কাষত
যিকণ স্পন্দিত শস্যকণা আজিও আছে
মাটিত মিলাৰ পূৰ্বে আহাঁ আমি
কৰোঁ সংগ্ৰহ।
হয়তো এতিয়াও নতুন শস্যৰ জন্ম হ’ব পাৰে
ৰাতিৰ বতাহত শুনিব লাগিব মই তোমাৰ কণ্ঠস্বৰ
বিয়পি যাব সেই ধ্বনি সমগ্ৰ দেশত
মই আহি আকৌ গাম আশাৰ গান
আৰম্ভ কৰিম এক সন্মিলিত উজ্জ্বল জীৱন
এই গানেৰেই পৰিপূৰ্ণ হ’ব নতুন ফচল।

মই আজিও অদৃশ্য
তুমি মোক বিচাৰি পাবা
নিঃসীম অন্ধকাৰৰ মাজত
পাবা আনকি নিৰাকাৰ বতাহৰ মাজত
মোক দিয়া তোমালোকৰ হাত
অসমৰ দুঃসময় এই দুপৰীয়া
মই দেখা পাওঁ সংগ্ৰামৰ বাবে সাজু
অলেখ জনৰ হাত।
ৰাতিৰ আন্ধাৰত মই কোনো নিৰ্জনতা অনুভৱ কৰা নাই
কাৰণ আমি অগণিত মানুহ
আমাৰ কণ্ঠস্বৰত আছে
নিস্তব্ধতা অতিক্ৰম কৰা অমিত শক্তি
যাৰ প্ৰস্ফুটিত ওঁঠত অৱসান হয় ৰাতিৰ অন্ধকাৰ
ইয়াতেই সমাপ্ত হ’ব মৃত্যু দুঃখ বৰফৰ শীতলতা
মাটিলৈ উভতি যায় শস্যকণা
নৈশব্দ ভাঙি আকাশলৈ মূৰ তুলি চোৱা
এই মৃত্যুৰ মাজতে আছে নতুন জীৱন।

মই আকৌ আহিম ডেকা বন্ধু
তোমাৰ সিৰাই সিৰাই ৰক্তৰ প্ৰবাহেৰে
তোমালোকৰ প্ৰতিজনৰ আত্মাই আত্মাই
মই বিষ্ণু ৰাভা আকৌ আহিম!

পাবলো নেৰুদাৰ ‘পলাতক’ কবিতাৰ অমিত চৰকাৰে কৰা বাংলা অনুবাদৰ দুটামান শাৰীৰ আধাৰত।

মই আকৌ আহিম | গুণীন হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক