মূল: মাইকেল ড্ৰেইটন (Love’s Farewell)
অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা
✽
আৰু কোনো উপায় নাই যেতিয়া, আহাঁ এটি চুমাৰে বিদায় লওঁ,
বহুত হ’ল আৰু, মোৰ পৰা একো আশা নকৰিবা;
আৰু মই সুখী, ঠিক শুনিছা, অন্তৰৰ পৰা সুখী।
কাৰণ এনেকৈ ইমান নিৰ্দ্বিধাই নিজকে মুক্ত কৰিব পাৰিছোঁ।
শেষবাৰলৈ হাত মিলাওঁ আহাঁ, বাতিল কৰি দিওঁ আমাৰ সমস্ত শপত,
আকৌ যদি কেতিয়াবা লগ পাওঁ,
নাথাকে যেন দুয়োৰে মুখাবয়ৱত
পুৰণি অনুৰাগৰ তিলমানো ৰেশ।
এতিয়া অনুৰাগে অন্তিম শ্বাস লোৱাৰ পৰত,
যেতিয়া ক্ৰমান্বয়ে কমি আহিছে নাড়ীস্পন্দন, মূক হৈ পৰি ৰৈছে আবেগ,
যেতিয়া বিশ্বাস আঁঠুকাঢ়ি বহিছে তেওঁৰ মৃত্যুশয্যাৰ কাষত,
সৰলতাই জপাই দিছে তেওঁৰ দুনয়ন,
—এতিয়াও যদি তুমি ইচ্ছা কৰা, সকলোৱে আশা এৰি দিয়াৰ ক্ষণত,
মৃত্যুৰ মুখৰ পৰা কেৱল তুমিয়েই তেওঁক ওভতাই আনিব পাৰিবা।
✽
মাইকেল ড্ৰেইটন

মাইকেল ড্ৰেইটন এগৰাকী ইংৰাজ কবি আছিল। তেখেতৰ জন্ম হৈছিল ১৫৬৩ চনত আৰু মৃত্যু হৈছিল ১৬৩১ চনত
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।