ইয়াত, তাত, সকলোতে
মূল: পাবলো নেৰুডা (Here, there, everywhere)
অনুবাদ: কিশোৰ কুমাৰ দাস
✽
পৃথিৱীখন এতিয়া মোৰ চাৰিওফালে ঘূৰি আছে
চমক খুৱাই মোক
ধাতুৰ ঘণ্টাধ্বনিৰ দৰে
মোৰ ওচৰত এতিয়া মই ভাল পোৱা সকলোবোৰ আছে
মোৰ সৰু ব্ৰহ্মাণ্ডৰ ভিতৰত
তৰংগৰ তাৰকাযুক্ত ক্ৰম
শিলৰ আকস্মিক বিকাৰ
দূৰৈত এখন চহৰ
মোক মাতে দুৰ্বল শব্দেৰে
যাতে মোৰ হৃদয়ে কেতিয়াও নোৱাৰে ক’ব
নাযাওঁ বুলি
দায়বদ্ধতাৰ ওজন
আৰু মই আকাশ আৰু কবিতাৰ সৈতে
মই ভাল পোৱা সকলোবোৰৰ পোহৰত
ইয়াৰ সজ্জিত মঞ্চত
মোৰ গানৰ কাপটো দাঙি ধৰোঁ
পূৰ্বোদয়ৰ পোহৰ
ছাঁ আৰু সাগৰৰ চন্দ্ৰৰ বেহু ভাঙি ওলাই আহিছে
মই সদায় তোমাৰ জ্বলন্ত নিমখলৈ ঘূৰি আহোঁ
এইটো তোমাৰ নিৰ্জনতা যিয়ে মোক সদায় প্ৰেৰিত কৰে আৰু
আৰু এবাৰ ঘূৰি আহোঁ
মই নাজানো মই কোন
মই কঠিন বালি স্পৰ্শ কৰোঁ
মই আকাশলৈ চাওঁ
মই ক’লৈ গৈ আছোঁ নজনাকৈ খোজ কাঢ়োঁ
ৰাতিৰ বাহিৰলৈকে
অবৰ্ণনীয় ফুলবোৰ ওপৰলৈ উঠে আৰু পৰে
নিমখীয়া বতাহত
উপকুলৰ তৰাবোৰ এতিয়া কঁপি উঠিছে
ভ্ৰমণকাৰী প্ৰেম
মই ঘূৰি আহিছোঁ
এই হৃদয়েৰে সতেজ আৰু ক্লান্ত
পানী আৰু বালিৰ সৈতে সম্পৰ্কিত
তীৰৰ শুকান স্থানলৈ
ফেনৰ বগা যুদ্ধলৈ।
পাবলো নেৰুডা

পাবলো নেৰুডা চিলিৰ বিখ্যাত কবি, কূটনীতিবিদ আৰু ৰাজনীতিবিদ আছিল। সাহিত্যৰ বাবে তেওঁ ১৯৭১ চনত নবেল বঁটা লাভ কৰিছিল। পাবলো নেৰুডাই ১৩ বছৰ বয়সতে কবি হিচাপে বিস্তৃত স্বীকৃতি লাভ কৰিছিল।
চিলিৰ জাতীয় কবি হিচাপে প্ৰায়েই অভিহিত কৰা পাবলো নেৰুডাৰ জন্ম হৈছিল ১৯০৪ চনৰ ১২ জুলাইত আৰু মৃত্যু হয় ১৯৭৩ চনৰ ২৩ ছেপ্তেম্বৰ তাৰিখে। অধিক জানক
❧ | আৰু পঢ়ক:
- পাবলো নেৰুডাৰ কবিতা: তোমাৰ ভৰি দুখন
- জীবনানন্দ দাশৰ কবিতা: আকাশলীনা
- খলিল জিব্ৰানৰ কবিতা: ভয়
- অমৃতা প্ৰীতমৰ কবিতা: ইদিপাছ
- কে সচ্চিদানন্দনৰ কবিতা: এগৰাকী নাৰীৰ প্ৰেমত পৰিবলৈ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।