ইণ্ডিয়া-পাকিস্তান

ইণ্ডিয়া-পাকিস্তান
  • 14 Mar, 2012

আপুনি আমাৰ আলহী
কেনেকুৱা আলহী?
এনেকুৱা আলহী— ‘অতিথি ক’ব জাঅ’গে’ ধৰণৰ;
তেতিয়া আপোনাৰ আগত আমি মানুহহাল—
এখন খোলা দৈনিক বাতৰি।
কেনেকৈ জানেনে?
প্ৰতিৱেশীৰ ঘৰত বিয়া—
উপহাৰৰ বেলিকা মই ক’ম, নগদ টকা,
এওঁ ক’ব, হটকেচ
মই ক’ম, পূজাত বাহিৰলৈ যাম
তেওঁ— পূজাত, বাহিৰলৈ? মোৰ নতুন শাৰী
নতুন গহনা কোনে চাব? তুমি?
মোৰ মতে— ঠাণ্ডা দিন, তাতে বতৰটো সেমেকা,
ভালকৈ জ্বলা-মচলা দি মাংস অকণ খোৱাৰ বতৰ
তেওঁৰ মতে— নহ’ব, ঘিঁউ দি খিচিৰি খোৱাৰহে বতৰ।

ৰ’ব, আপুনি চাগে ভাবিছে,
আমি হাল কি স্বামী-স্ত্ৰী
নে ইণ্ডিয়া-পাকিস্তান?

নহয়, আপুনি নেদেখাকৈ কিছু ৰৈ যাব
আপুনি নেদেখিব, কিদৰে মই পাওঁ
পঢ়া টেবুলত ইকাপৰ পিছত সিকাপ বিনা চেনিৰ চাহ
আবেলিৰ চাহকাপৰ কাষত
বেছিকৈ মৰম দি অনা পকৰি ভজা
নেদেখিব সন্ধিয়া কিদৰে তেওঁলৈ বুলি লৈ আনো মই
সেই প্ৰথমৰ দিনবোৰৰ দৰেই
ৰামনাথৰ স্পেচিয়েল চানাৰ ত্ৰিশঙ্কু ঠোঙা!

ইণ্ডিয়া-পাকিস্তান | মহেন্দ্ৰ কাকতি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক