মূল (ইংৰাজী): বিলী ক’লিনচ্ (Billy Collins, ‘While Eating A Pear’)
অনুবাদ : দেৱজিৎ গোস্বামী
✽
ইয়াত আমি সামৰি উঠাৰ পাছতো
সমাহিত লয়ত পাক ল’ব পৃথিৱীয়ে,
বছৰ বাগৰিব তেনে এক স্থলতো
নেদেখা নুশুনা অচিন গণনাৰে,
দিন আৰু মাহ পাৰ হ’ব ধৰিব
আদিমতম দেৱতাৰ নৰ্ছ্ বা ৰোমান নামহীনতাৰে।
সময়ে পুনৰ খোজ ল’ব তেনেদৰে
যেনেদৰে লৈছিল বুৰঞ্জী জী উঠাৰ আগেয়ে,
এক অদেখা পৱিত্ৰতাৰে,
জোন আৰু বেলিৰ মাজত ওপজা নুবুজা সাঁথৰেৰে
প্ৰভাত অথবা দুপৰ বেলা নাইবা দোভাগ নিশাৰ বাবে
শব্দহীন তাহানিৰ দিনবোৰৰ দৰে,
ধৰাধামলৈ সম্ভাৰ অভিধা আনয়নৰো পূৰ্বে,
যেতিয়া বৃক্ষকুঞ্জৰ ডালে ডালে
ভৰপক দিছিল অনামী ফলবোৰে,
নিমজ সেউজীয়াৰ এটি ফাল আন্ধাৰ আৰু
আনটো পোহৰেৰে।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক