ৰাভা চেতনাৰ পুনৰ মূল্যায়ন হওক

২০ জুন। বিষ্ণু ৰাভা দিৱস। জীৱন কালতে কিম্বদন্তিত পৰিণত হোৱা ‘একমেব দ্বিতীয়ম’ এইগৰাকী বিপ্লৱী চেতনাস্ৰোতৰ চিৰন্তন বাৰ্তাবাহকক এই দিনটোতে ৰজা-প্ৰজা সকলোৱে সুঁৱৰিব বা পূজিব।

১৯৬২ চনত যুদ্ধবন্দীক বান্ধি নিয়াদি বিষ্ণু ৰাভাক বান্ধি নিছিল স্বাধীন চৰকাৰে। চৰকাৰে বাজেয়াপ্ত কৰিছিল বিষ্ণু ৰাভাৰ ৰচনা। কমিউনিষ্টেহে চীনক উচটালে ভাৰত আক্ৰমণ কৰিবলৈ— এনে অপপ্ৰচাৰো চলিছিল বহুদিন ধৰি। এনেয়ো ভাৰতীয় স্বাধীনতা যুঁজৰ বা অসমীয়াৰ গাত লাগিছিল বহু দেৰিকৈ। গতিকে ৰাজনৈতিকভাৱে চকুত লগাকৈ অপক্ক অসমীয়াৰ জনমানসৰ পৰা বিষ্ণু ৰাভা তেওঁৰ মৃত্যুৰ পিছৰ পৰাই হেৰাই যোৱাৰ উপক্ৰম হৈছিল। ৰাভাৰ বাঁওপন্থী সতীৰ্থসকলে ৰাভাৰ ৰচনাসমূহক থান-থিত লগাই সংৰক্ষণ নকৰা হ’লে বিষ্ণু ৰাভাৰ নাম লওঁতা এতিয়ামানে কাকোৱেই পোৱা নগ’লহেঁতেন। ইয়াৰ পিছত অসম আন্দোলনৰ সময়ৰ পৰা বিষ্ণু ৰাভা বাঁওপন্থী শিবিৰৰ উপৰিও আন সোঁপন্থী তথা প্ৰগতিবাদী শিবিৰৰো আপোন হৈ পৰিল।

পিছে এটা কথা। যদিও বিষ্ণু ৰাভা দিৱসৰ প্ৰতি অসমীয়াৰ আগ্ৰহ বঢ়া যেন পৰিলক্ষিত হৈছে, ৰাভাৰ প্ৰকৃত সত্তা এই দিৱস পালনৰ জৰিয়তে সুৰক্ষিত হ’ব বুলি ক’ব নোৱাৰি। কাৰণ বহু দল বা সংগঠনে বিষ্ণু ৰাভা দিৱসৰ নামত চিত্ৰাংকন প্ৰতিযোগিতা বা গীতৰ প্ৰতিযোগিতাৰহে আয়োজন কৰি অহা দেখিছোঁ। সমাজ দাৰ্শনিক বিষ্ণু ৰাভাৰ প্ৰজ্ঞা শিশু আৰু চেমনীয়াৰ প্ৰতিযোগিতাৰ আলমলৈ পৰিৱৰ্তন ঘটোৱাটো ৰাভাৰ জন্মশতবৰ্ষৰ অন্যতম কৌতুক বুলি বিবেচিত হোৱা উচিত। তদুপৰি ৰজাঘৰীয়া জাকজমকতাৰ মাজত ৰাভা সোমাই পৰিলে তেনেদৰে পতা ৰাভা দিৱসে ৰাভাৰ বিপ্লৱী চিন্তাধাৰাৰ অৱনমন ঘটাব। কেৱল কমিউনিষ্ট বিৰোধী অৱস্থানৰ পৰা ৰাভাক মূল্যায়ন কৰা বাবেহে তেখেতৰ বিশাল প্ৰতিভা এতিয়াও অসমীয়াৰ মনৰ মাজত দ-কৈ সোমাই পৰিব পৰা নাই। জন্ম শতবৰ্ষ পালন কৰি উঠা ৰাভা বহু নিলগত থাকিল অসম প্ৰকাশন পৰিষদৰ পৰা, অসম সাহিত্য সভাৰ পৰা। অৱশ্যে ইয়াৰ বাবে আক্ষেপ কৰাৰো কোনো প্ৰয়োজন নাই; কিয়নো, সংগ্ৰামী চৰিত্ৰ নথকা সংগঠনে ৰাভাৰ বিপ্লৱী চেতনাৰ কি বিকাশ ঘটাব?

অসম আন্দোলনৰ সময়ত পুনৰ অসমৰ জনমানসলৈ ওলাই অহা বিষ্ণু ৰাভা বৰ্তমান সময়ত আকৌ হেৰাই যোৱাৰ উপক্ৰম হৈছে। এতিয়া পঞ্চাশোৰ্ধৰ কিছুসংখ্যক ব্যক্তি আৰু বাঁও সংগঠনৰ বাহিৰে ৰাভাক বিচৰা প্ৰকৃত ব্যক্তি-সংগঠন প্ৰায় নাইকিয়া হৈছে। জন্ম শতবৰ্ষৰ অন্তিমক্ষণত বিষ্ণুৰাভাৰ আদৰ্শ যাতে সুবিধাবাদী আৰু ষড়যন্ত্ৰকাৰীৰ কৱলত পৰি দিৱসৰ বিগ্ৰহত পৰিণত নহয় তাৰ বাবে ৰাভাৰ আদৰ্শক মনে-প্ৰাণে ভাল পোৱাসকলে কাম কৰিব লাগিব। কথাতে কোৱা হয়— ‘Politics is the last resort of the scoundrels’ ৰাজনীতিক অপৰাধীকৰণৰ মাত্ৰা বাঢ়ি যোৱা বাবেহে এনে মন্তব্য সহজলভ্য হৈছে। ভাৰতে স্বাধীনতা পোৱাৰ সময়তো ৰাজনীতিত অপৰাধী আছিল আৰু এতিয়া তাৰ গুণ-মান(!) বাঢ়িছে। এনে বেয়া ৰাজনীতিৰ বিৰুদ্ধে বিষ্ণু ৰাভা আদিয়ে চলোৱা ৰাজনীতিৰ গুৰুত্ব বুজিব পাৰিলে ৰাজনীতি চয়তানৰ শেষ আশ্ৰয়স্থল বুলি কোৱাৰ অৱকাশ নাথাকিব।
বিষ্ণু ৰাভা বাঁওপন্থী হ’লেও আন বহু বাঁওপন্থীৰ তুলনাত তেওঁৰ জনপ্ৰিয়তা বঢ়াৰ মূল কাৰণ হৈছে— বিষ্ণু ৰাভাৰ ৰাজনীতিত তত্ত্ব আৰু প্ৰয়োগৰ সন্তুলন আছিল। তদুপৰি আৰ চি পি আইত যোগদান কৰাৰ পিছতহে ৰাভা বিপ্লৱী হ’ল বুলিও অপব্যাখ্যা চলি আছে। বিষ্ণু ৰাভাৰ জীৱনপঞ্জী ভালদৰে অধ্যয়ন কৰিলেহে অনুভৱ কৰিব পৰা যাব ৰাভাৰ জনপ্ৰিয়তাৰ গুৰিকথা। ঢাকাত জন্ম লাভ কৰা, বঙলা মাধ্যমত শিক্ষা আৰম্ভ কৰি কলেজীয়া শিক্ষাও কলিকতাত লোৱা বিষ্ণু ৰাভা বঙলুৱা নহৈ অসমীয়া হৈ থাকিল কেনেকৈ? জনজাতীয় মূলৰ হোৱা সত্ত্বেও শংকৰদেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ শংকৰদেৱৰ সমূহ সাংস্কৃতিক চৰ্চা আয়ত্ব কৰিলে কি ৰূপে? ৰজাঘৰীয়া আমন্ত্ৰণ, নিয়ন্ত্ৰণক কেতিয়াও গুৰুত্ব নিদিয়াকৈ থকাৰ মানসিকতা ৰাভাই কেতিয়া অৰ্জন কৰিলে? যিকোনো পৰিস্থিতিতে আপোচহীন চৰিত্ৰ বৰ্তাই ৰাখিব পাৰিছিল বিষ্ণু ৰাভাই। প্ৰতিষ্ঠাৰ লোভ ৰাভাৰ বিন্দুমাত্ৰও নাছিল। ইতিমধ্যে প্ৰকাশিত ৰাভা ৰচনা সম্ভাৰৰ দুয়োটা খণ্ডত চকু ফুৰালেই অনুভৱ কৰিব পাৰি কি অগাধ পাণ্ডিত্য আৰু অধ্যয়নেৰে সংপৃক্ত আছিল বিষ্ণু ৰাভা। কি জ্ঞানেৰে সমৃদ্ধ হৈ ৰাভাই ৰাজনীতিৰ পথাৰত নামিছিল তাক বুজিবলৈ ৰাভাৰ ৰচনাৱলী ভালদৰে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে।

মাত্ৰ ৬০ বছৰৰ আয়ুকাল পোৱা বিষ্ণু ৰাভাই অসমীয়া ভাষা-কৃষ্টি অধ্যয়নৰ উপৰি নাট্য-শাস্ত্ৰত নৃত্য-শাস্ত্ৰ, অসমৰ ভূগোল-বুৰঞ্জী, অসমৰ নৃতত্ত্ব-ভূতত্ত্ব আদি সমূহ বিষয়তে সমান নিষ্ঠাৰে মনোনিৱেশ কৰিছিল। অসমৰ নদ-নদী, জাতি-জনগোষ্ঠী, উৎসৱ-পাৰ্বণ আদি সমূহ দিশতে বিষ্ণু ৰাভাৰ দখল আছিল বাবেই জীৱনকালতে তেওঁ কিম্বদন্তিত পৰিণত হৈছিল। গণসংযোগৰ একমাত্ৰ মাধ্যম ভাষাজ্ঞানতো ৰাভা আছিল অতুলনীয়। সম্ভৱতঃ বহুকেইটা ভাষা ভালদৰে জনা বাবেই বিষ্ণু ৰাভাই অসমৰ প্ৰায়বোৰ গাঁৱতে গণ সংগঠনত নিজৰ স্থিতি দৃঢ় কৰিব পাৰিছিল। শংকৰদেৱ আৰু কনকলতাৰ আমি ব্যৱহাৰ কৰি থকা ছবি দুখন বিষ্ণুপ্ৰসাদ ৰাভাই অঁকা। সেইবাবেই ভাবোঁ যে ৰাভামনীষাৰ পুনৰ মূল্যায়ন হোৱা উচিত। অসমত ক্ৰমে বাঢ়ি অহা গোষ্ঠীবাদ, সাম্প্ৰদায়িকতা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ বিষ্ণু ৰাভাৰ চিন্তা-চেতনাক আমি ব্যৱহাৰ কৰিবই লাগিব। খবৰ ওলাইছে গুৱাহাটী বিশ্ববিদ্যালয়, সংগ্ৰহালয় আদিৰ দৰে অনুষ্ঠানেই সাঁচিপতীয়া পুথিৰ সুৰক্ষা দিব পৰা নাই। ইতিমধ্যে ৰংঘৰ, জোঙাল-বলহু আদি জাতীয় স্মাৰক সন্দৰ্ভত ৰাজনৈতিক নেতাৰ দুখলগা দৃষ্টিভংগী পৰিলক্ষিত হৈছেই। আমি ভাবোঁ, অসমীয়াই জাতীয় চেতনা সুৰক্ষাৰ শিক্ষা ল’বলৈ বিষ্ণু ৰাভাক পুনৰ পঢ়ক।«

আপোনাৰ আৰু ভাল লাগিব পাৰে:

ভূপেন শৰ্মা

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (শিলঘাট)ৰ অধ্যক্ষ।

Leave a Reply

Be the First to Comment!

avatar
wpDiscuz