ভাগৱত মাধুৰ্য

ভাগৱত মাধুৰ্য
  • 23 Feb, 2018

ঞ্চভূততেই মানুহৰ সৃষ্টি তথা লয়, পঞ্চগ্রাসতেই স্থিতি। শুদ্ধ–অশুদ্ধ, পোৱা-নোপোৱাৰ দোমোজা আৰু তাত সমাহিত হেজাৰ আকুতিয়ে মানৱ জীৱনৰ পৰিচয় বহন কৰে। পশু ৰাজ্যৰ নিয়মৰ পৰা বিৱৰ্তন ঘটি আহি আধুনিক তথা বৈজ্ঞানিক নিয়মত হয়তো শেষ হৈছে জৈৱ–বিৱৰ্তন! কিজানিবা বিৱৰ্তনৰ আৰু অনেক স্তৰ আছে; সেয়া পৰৱৰ্তী যুগৰ বিজ্ঞানেহে হয়তো প্রচাৰ কৰিব! দক্ষিণাচাৰ আৰু বামপন্থা— এই দুই শক্তি চুম্বকৰ দুই মেৰুৰ নিচিনা; কিন্তু দ্বিপন্থাই নিত্য!

কিন্তু এই কাম-নিস্কাম সকলো কলা-কলাপৰ কোনো অংশত লুকাই পৰিছে এক দিব্য অনুভূতি, যাক কোনোৱে কয় চেতনা তথা আন কোনোৱে প্রেম। এই প্রেম অৱশ্যে বিপৰীত লিংগৰ প্রতি থকা দুৰ্বাৰ বাসনা নহয়, বৰঞ্চ ই জীৱনৰ চালিকা শক্তি। প্রেমানুভুতি প্রকৃতাৰ্থত সকলোৰে কাম্য, কোনোৱে ক’ব পাৰে— ‘মোক সন্মান নালাগে’, ‘মোক সম্পত্তি নালাগে’, ‘মোক বাহুবল নালগে’! কিন্তু কোনে ক’ব পাৰিব— ‘মোক প্রেম নালাগে’? ধনী হওক বা দুখীয়া, সোঁপন্থী হওক অথবা বামপন্থী, সকলোৱেই জীৱনৰ কোনো পৰ্যায়ত সেই অনু্ভূতিৰ আশা ৰাখে। কোনোৱে পৰিয়ালৰ সৈতে, কোনোৱে দেশাৰ্থে, কোনোৱে বিপৰীত লিংগৰ সৈতে, কোনোৱে কাব্য-সাহিত্য তথা প্রকৃতিৰ সৈতে সেই শক্তিক অনুভৱ কৰিব বিচাৰে।

সেই প্রেমাসক্তিৰ আধাৰ লৈ যুগে যুগে কাব্য ৰচনা হৈছে— কালিদাস, জয়দেৱ, চণ্ডীদাস, মীৰা, শ্রীমন্ত শংকৰদেৱ, সুৰদাস প্রভৃতি কবিয়ে প্রেমাদৰ্শত শত শত কাব্যৰ সৃষ্টি কৰিছে। সেই প্রেমৰ আধাৰ সম্পূৰ্ণৰূপে দাঙি ধৰা কাব্য হৈছে— শ্রীমদ্ভাগৱত পুৰাণ। কেৱল বৈষ্ণৱী সাহিত্যই নহয়, বৰঞ্চ সমূহ শাস্ত্রৰ শিৰোমণি ভাগৱতৰ প্রধান লক্ষ্যই হৈছে প্রেম প্রদান। পৰম পুৰুষে মানৱীয় পটভূমিত সকলোকেই প্রেমাস্বাদ প্রদান কৰা আখ্যানসমূহে কাকো ভেদ কৰা নাই। নৰ-নাৰী, শিশু-বৃদ্ধ, পশু-পক্ষী, সন্ত-দানৱ কোনো বাদ পৰা নাই সেই ঐশ্বৰিক প্রেমানুভুতিৰ পৰা। ভাগৱত কেৱল ভাৰতীয় ধৰ্ম দৰ্শনেই সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াৰ প্রভাৱ সাংস্কৃতিক দিশতো অনবদ্য। ‘যি ক্ষণত জঠৰ দেহাত ক্ষুধা, তৃষ্ণা আদিৰ অনুভৱ হয়, সেই ক্ষণত আহাৰ গ্রহণ কৰিলে তৃপ্ত হোৱা যায়, তেনেকৈয়ে মনত ভগৱৎ প্রেম মিশ্রিত হ’লে আনন্দ লাভৰ যথাৰ্থ অনুভূতি পোৱা যায়।’ সেয়েহে চাগে নিষ্কাম প্রেম প্রাপ্তিক মনীষীগণে পুৰুষাৰ্থৰ সৰ্বোচ্চ পৰ্যায় বুলি কৈছে।

কৰ্মই ধৰ্ম; প্রকৃতাৰ্থত কৰ্মৰ দ্বাৰাহে কোনো আদৰ্শৰ শ্রেষ্ঠতা প্রতিপন্ন কৰা হয়। কৰ্মৰ লগত জ্ঞানৰ ওতপ্রোত সম্পৰ্ক। যদি কৰ্ম গীত হয়, তেনেহ’লে জ্ঞান হ’ল সেই গানৰ সুৰ। জ্ঞান অবিহনে মানৱত্ব পশুত্বলৈ পৰ্যৱসিত হয়; কিন্তু কেৱল কৰ্ম আৰু জ্ঞানেই মানুহক মানু্হ কৰিব নোৱাৰে। মানৱ উপাধি ল’বলৈ প্রয়োজন হয় প্রেমৰ; সেই প্রেম অবিহনে জ্ঞান অহংকাৰত পৰিণত হয় তথা কৰ্ম অকৰ্মত। কিন্তু বেদনা তথা ভৌত্ববাদীত্বক সমাহিত কৰা অনুভূতি প্রেম হ’ব নোৱাৰে। যি নিত্য, যি স্বাৰ্থৰহিত, যি চেতনাৰ মৰ্ম— সেই প্রেমকেই ভাগৱতত নিষ্কাম ভক্তি বুলি অভিহিত কৰা হৈছে। সেই প্রেমাভক্তি কোনো অন্ধ বিশ্বাস নহয়, বৰঞ্চ সকলোৰে বাৱে এক অপৰিহাৰ্য সাধন। যদিহে অন্ধ বিশ্বাস বুলি কোনো ধাৰণা গ্রহণযোগ্য নহয়, তেন্তে ‘অন্ধ প্রত্যাখ্যান’ হিচাপেও কোনো কোনো ধাৰণা বৰ্জনীয় নহয়!

ভাগৱতৰ দশম স্কন্ধত সেই প্রেমানুভুতিক বিতংভাৱে বৰ্ণন কৰা হৈছে, প্রধানতঃ ভগৱান শ্রীকৃষ্ণৰ বৃন্দাৱন লীলাত। বৃন্দাৱনৰ আখ্যানসমূহত নাই কোনো ভেদাভেদ, নাই কোনো কোনো পোৱা-নোপোৱাৰ দোমোজা, নাই কোনো পাৰস্পৰিক কন্দল। আখ্যান অনুসৰি ধনী-দুখীয়া, পুৰুষ-স্ত্রী, শিশু-বৃদ্ধ, ৰজা-প্রজা সকলোৱেই নিজৰ কৰ্ম নিষ্ঠা সহকাৰে কৰি গৈছে, কিন্তু তাত কাৰো কোনো লালসা নাই; তেওঁলোকৰ তেনে ভাৱনা কৃষ্ণপ্রেমক কেন্দ্র কৰি চালিত হৈ আছিল। যশোদাৰ বাৎসল্য, সুদামৰ সখীত্ব, গোপীৰ মাধুৰ্য আদি ভাবনা সেই প্রেমৰেই বিকাশ। আখ্যান অনুসৰি, কৃষ্ণকেই নিজ নিজ কৰ্মত দেখা পোৱা ব্ৰজবাসীয়ে কৃষ্ণপ্রেমৰ উদ্দেশ্যেই সকলো কৰে। প্রৱল যন্ত্রণাতো কোনো ভাগি নপৰে। বিপ্র দামোদৰৰ সহনশীলতা, প্রহ্লাদৰ ভয়হীনতা আদি আখ্যানৰ শ্রৱণ সাধাৰণ মানুহৰ বাবে প্রেৰণাৰ উৎস।

সেই ভাগৱতৰ প্রেমৰ আস্বাদ গ্রহণ কৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে কেৱল আধ্যাত্মিক উৎকৰ্ষই নহয়, সামাজিক উৎকৰ্ষৰো আদৰ্শ এৰি থৈ গৈছে। সামাজিক ভিত্তিত অন্ধবিশ্বাস, অজ্ঞানতা তথা শোষণৰ দাসত্ব পৰিত্যাগ কৰি কেৱল ঈশ্বৰত আত্মসমৰ্পণ কৰি ঈশ্বৰৰ উদ্দেশ্যে সকলো কৰ্ম কৰাৰ আদৰ্শ তেৰাই আমাৰ বাবে দি গৈছে। ভাগৱতীয় প্রেমৰসিক শ্রীচৈতন্য মহাপ্রভুৱেও ব্যক্তিস্তৰত হোৱা নিৰাশা, অহংকাৰ,পলায়নতা আদি নিৰ্মূলৰ বাবে বিতৰণ কৰি যোৱা প্রেমাৰসে আজিও জীৱনপ্রৱাহত নিৰাশাবাদী ভাৱনাবোৰক নিপাত কৰি নিষ্কাম ভক্তিযুক্ত ভাৱনা পতিত জনগনক প্রদান কৰে।

ছবিত: কথা ভাগৱতৰ এখিলা পাত, পুনিয়া সত্ৰ

ভাগৱত মাধুৰ্য | অথৰ্ৱণ গোস্বামী

Follow Nilacharai on Facebook