নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

কেইদিনমান ভোগালী

কেইদিনমান ভোগালী

১.
বতাহত উৰুকাৰ সুগন্ধি
ভোগালীয়ে চেনেহেৰে হাত বুলাই
ককাদেউতাৰ বৰকাপোৰ
আৰু আইতাৰ পুৰণি শেতেলিত।
জুহালত এতিয়া ঘৰমুৱা বেলি।

২.
জাক জাক উৰণীয়া হাঁহি।
নকৈ খুঁটা সলোৱা ঢেঁকীশালত
লচপচি গাভৰু আৰু কতৰাৰ দেওধনী।
চিৰা সান্দহবোৰ বুকুত সাবটি
গপত গঙ্গাটোপ পাচি-খৰাহি!

৩.
উখলমাখল বিলত পল জুলুকি জালৰ হেন্দোলনি
ৰৌ বাহু বৰালীৰ হাহাকাৰ
বাৰীঢাপৰ পুখুৰীত মাগুৰ শিঙৰাৰ খলখলনি ,
অথিৰ হয় বুঢ়ী কাৱৈকেইজনী।
পুঠি খলিহনা ডঁৰিকণাই ফিচফিচায়—
ভোগালীয়ে আমালৈ নাচায়!

৪.
আশাবোৰ নাচি নাচি আহে পথৰুৱা আলিয়েদি
ঘাম আৰু ভাগৰবোৰৰ জিৰণিৰ সময়।
মেজি হৈ জ্বলে লঘোণবোৰ
দুখ আৰু নিৰাশাবোৰ,
ভেলাঘৰত ভোগালীৰ আপ্যায়ন।

৫.
মেলানি মাগিছে শীতে
লঠঙা বিৰিখত কণমানি সেউজ,
পচোৱাই নচুৱাই গা ।
ডালে ডালে জঁপিয়ায় উলাহী ফাগুন,
আকলুৱা মন আৰু তেজৰঙী সপোন।

৬.
পোৱালি মেলা বঁকিয়াইদি চমুৱাই আহে
ভোগালী আৰু ফাগুনী।
চেনাইহঁতৰ ফটা গেৰোৱাত
পিৰপিৰায় বসন্তৰ জেতুকী
দূৰৈত কঙালীজনী এতিয়া চকুৰে নমনি।

অসমীয়া কবিতা নতুন

এই লেখকৰ সকলো লেখা চাওক →
কেইদিনমান ভোগালী | ৰাজুমণি বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...