তুমি অহাৰ খবৰ যেতিয়া আমোলমোলায়

তুমি অহাৰ খবৰ যেতিয়া আমোলমোলায়
  • 10 Jul, 2024

মূল (উৰ্দু): নৱাজ দেওবন্দী (তেৰে আনে কী জব খবৰ মহকে)
অনুবাদ: মমতাজ আনচাৰি

তুমি অহাৰ খবৰ যেতিয়া আমোলমোলায়
তোমাৰ সৌৰভে গোটেই ঘৰ আমোলমোলায়

সন্ধ্যা হয় সুবাসিত তোমাৰ কল্পনাৰে
আৰু থাকে পুৱাৰো প্ৰহৰ আমোলমোলায়

ওৰে ৰাতি ভাবি থাকিলো তোমাক
ৰাতিখন হিয়া-মন থাকিল বৰ আমোলমোলায়

মনত পৰিলে অন্তৰখন হয় উদ্ভাষিত
দৰ্শনত তোমাৰ মোৰ নজৰ আমোলমোলায়

দুখন্তেক বহি য’ত তেওঁ অকণ জিৰায়
থাকে সেই ঠাই আৰু অচৰ আমোলমোলায়

নৱাজ দেওবন্দী

নৱাজ দেওবন্দী

উৰ্দু কবিতা আৰু গজল জগতৰ এটি সন্মানীয় নাম হৈছে নৱাজ দেওবন্দী। তেখেতৰ প্ৰকৃত নাম মহম্মদ নৱাজ খান হ’লেও নৱাজ দেওবন্দী হিচাপেহে অধিক জনপ্ৰিয়। ১৯৫৬ চনত জন্মগ্ৰহণ কৰা নৱাজ দেৱবন্দীৰ ভালেমান কবিতা আৰু গজল বিভিন্ন স্থানত প্ৰকাশিত হৈছে আৰু জগজিৎ সিঙকে ধৰি অনেক নামী শিল্পীয়ে তেখেতৰ গজল পৰিৱেশন কৰিছে।

নৱাজ দেওবন্দীৰ প্ৰকাশিত গ্ৰন্থ হৈছে— ‘পেহলা আচমান’ আৰু ‘চৱনেহ উলমা-ই-দেওবন্দ’।

❧ | অধিক অনুবাদ কবিতা:

তুমি অহাৰ খবৰ যেতিয়া আমোলমোলায় | মমতাজ আনচাৰি

Follow Nilacharai on Facebook