আবেগৰ ঢৌত
শীতৰ সুগন্ধ
জোনাক ঘঁহা পানীত
এৰি থৈ আহিলো
পুৰণি বাস্তৱ
আশাৰ আঁচল
সন্ধিয়াৰ সুৱাসে
ৰাতিটো শেষ নোহোৱালৈকে
কবিতাৰ সৈতে কথা পাতে
হৃদয় জুৰাই
পুৱাৰ পোহৰত নাঙঠ সপোনবোৰে
কলিজাৰ সৈতে মিতিৰালি কৰে
দুপৰ বেলাৰ অজান পৰত
নদীৰ সোঁতত ভাহি আহে
আবেগৰ তিৰবিৰণি
অ’ জোনাক
তোৰ প্ৰেমত পৰোঁ৷
❧ | আৰু পঢ়ক:
- প্ৰেমৰ আঢ়ৈটা আখৰ: কবীৰৰ সাতোটা দোহা
- ৰঙীন অনুতাপ
- দুপৰীয়া বৰষুণ দি আছিল
- সপোন এনেকুৱাই
- সন্দিকৈ কলেজৰ ৰঙা চুন্নি