আবেলি

আবেলি
  • 16 Dec, 2022

মোৰ হিয়াৰ প্ৰতিটো মৃদু কঁপনিত
জ্বলে
তোমাৰ প্ৰেমৰ শলিতা

দুচকুত জ্বলে জীৱন গান

পাহৰি পাহৰি আহে
সপোন
মোৰ চোতালত কৰে
শৈশৱৰ খেলা

তাৰ প্ৰাণোচ্ছল হাঁহিয়ে আঁকে
এখনি ৰামধেনু
আবেলিৰ উকা আকাশত

ডকা ফুটা মোৰ বুকুৰ পৰা
উৰি যায়
এজাক বগলী
আকাশ ধিয়াই

❧ | আৰু পঢ়ক:

আবেলি | মমতাজ আনচাৰি
Follow Nilacharai on Facebook