জোনাক নিশা
নৈৰ বুকুৱেদি বৈ যায়
এজাক ৰূপালী পোহৰ,
স্মৃতি আৰু বৰ্তমানৰ আলিত বহি
সপোন দেখিছোঁ ভবিষ্য়তৰ।
হিৰন্ময় হেমন্তই
আনিছে শীতৰ বতৰা
উজাগৰী নিশা কটাই
আছোঁ ৰৈ—
তুমি আহিবা।
হে নতুন, তুমি আশা ভৰা—
ক’লা শব্দবোৰ আৰু নাথাকিব
মোৰ বন্ধ কোঠাৰ খিৰিকী খুলি আছোঁ ৰৈ
পোহৰৰ প্ৰতিশ্ৰুতিবোৰ
ধূসৰ প্ৰভাতৰ কিৰণ নামিব।
সেউজীয়া সপোনবোৰ
সযতনে সাঁচি ৰাখিছোঁ
জীৱনক ভাল পাবলৈ লোৱাৰ পৰাই
পৃথিৱীৰ প্ৰেমিক
হৈ পৰিছোঁ।
❧ | আৰু পঢ়ক: