নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

এটা অজুহাত পালেই যে
আপুনি ঢাপলি মেলে
আপোনাৰ আপোন গাঁওখনলৈ,
কি বিচাৰি যায় বাৰু আপুনি?

নৈৰ সিপাৰে হেঙুলীয়াবোৰ আঁকি
দিগন্তত বুৰোঁ বুৰোঁ বেলিটোক
চাবলৈ যায় নেকি বাৰু আপুনি?
নে আপুনি বিচাৰি যায়
আপোনাৰ লʼৰালিক!

এতিয়া বাৰু আপুনিও
গাঁৱৰ পথাৰখন দেখিলেই
নষ্টালজিক হৈ পৰে নেকি,
যʼত বোকাত লুতুৰিপুতুৰি হৈ
পিতাইৰ লগত কৰিছিল ধেমালি?

আধি কৰা মাটিতেই
মানুহ কৰাৰ সপোন দেখিছিল,
আপোনাৰ পিতাইৰ দৰেই
মোৰ পিতায়েও।
সেয়েহে পথাৰখন দেখিলেই
নষ্টালজিক হৈ পৰোঁ মই,
ঠিক আপোনাৰ দৰেই এতিয়া।

❧ | আৰু পঢ়ক:- শীতৰ স্তৱক

এই লেখকৰ সকলো লেখা চাওক →
নষ্টালজিক | পবিত্ৰ হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...