নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

আমি আৰু আমাৰ স্বাধীনতা

আমি আৰু আমাৰ স্বাধীনতা

স্বাধীনতাৰ মুকুট শিৰত পিন্ধাৰ দিনা
দেশৰ উজ্জ্বলতাই আকাশ চুইছিল
গৰিমাৰ বোল সানি
ৰ’দে পোহৰ বিলাইছিল
নদীৰ ঢৌত
জিলিকিছিল
সাতোৰঙী ৰামধেনুৰ ৰং।

পৰাধীন হাতবোৰত
স্বাধীনতাৰ অঞ্জলি
দেশৰ মাটিত
আপোন দুভৰিৰ
স্বাধীন খোজবোৰে
সময়ৰ হিচাপ কৰিছিল।

ইতিহাসৰ পাতত
গৌৰৱোজ্জ্বল সোণালী সুৰেৰে
দেশৰ স্বাধীনতাই জয়গান গাইছিল।

আমাৰ দেশ আমাৰ বেশ
আমাৰ মাটি আমাৰ খেতি
আমাৰ উদ্যোগ আমাৰ শিল্প
আমাৰ ভাষা আমাৰ আশা
আমাৰ মান আমাৰ প্ৰাণ।

স্বাধীনতাৰ বিজয় উল্লাসত
ত্ৰিৰংগ পতাকাই
আকাশ কঁপায়
চৌদিশে নিনাদিত হয়
বন্দে মাতৰম্
জয় হিন্দৰ ধ্বনি।

স্বাধীনতাৰ গীত গাইছোঁ
স্বাধীনতাক সোঁৱৰিছোঁ
শ্ৰদ্ধা জনাইছোঁ
স্বাধীনতাৰ কাণ্ডাৰী
জাতিৰ পিতাক।

তাতেই আছেনে স্বাধীনতাৰ
প্ৰকৃত তাৎপৰ্য!
আজিচোন আমি
স্বাধীনতাৰ নামত বোবাৰ
অভিনয় কৰিছোঁ
দেখিও নেদেখা অন্যায়বোৰ
স্বাধীনতাৰ পোছাকেৰে ঢাকি
জাহিৰ কৰোঁ—
আমি স্বাধীন দেশৰ নাগৰিক।

ত্ৰিৰংগ পতাকাৰ তলত
দেশ বন্দনা কৰিও
স্বাধীনতাৰ নামত
নিজৰ দেশতে হেৰুৱাইছোঁ
নিজৰ পৰিচয়।

স্বাধীনতাৰ কবিতা মাতোঁ
স্বাধীনতাৰ বক্তৃতাৰে
মঞ্চ কঁপাই
স্বাধীনতাৰ জয়গান গাওঁ
তথাপিও প্ৰাপ্তিৰ সমদলত
ঘৰ মাটি ভাষা জাতিৰ
শিপা বিচৰাৰ অপৰাধত
তেজ নদীৰ ঘাটত
শ্বহীদৰ বেদী সাজি
মৌন প্ৰাৰ্থনাত বহোঁ আমি
বেদনাহত হয় স্বাধীনতা।

❧ | অধিক কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
আমি আৰু আমাৰ স্বাধীনতা | ৰিবা হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...