তোষপ্ৰভা কলিতাৰ কবিতা ‘দ্ৰৌপদী’ৰ আবৃত্তি আৰু পূৰ্ণ পাঠ

তোষপ্ৰভা কলিতাৰ কবিতা ‘দ্ৰৌপদী’ৰ আবৃত্তি আৰু পূৰ্ণ পাঠ
  • 24 May, 2020

দ্রৌপদী
তোষপ্ৰভা কলিতা
আবৃত্তি: পূৰবী শইকীয়া

পৃথিৱীয়ে জানে মই
ৰাজকন্যা ৰাজৰাণী
গৰৱিনী কৃষ্ণা যাজ্ঞসেনী;
কোনেও নাজানে হায়
মই এক নাৰী অভাগিনী।

মই অতি সাধাৰণ;
নিয়তিৰ ক্রীড়নক
সমাজৰ নিয়মৰ দাসী
কুৰুকুল-বধূ যত কুন্তী-মাদ্রী অম্বালিকা-অম্বিকাৰ দল
মই তাত এটি মাথোঁ ক্ষুদ্র সংযোজন।

যৌৱনৰ প্ৰথম পুৱাত
উৎপলৰ বৰণ-মালাত
যাৰ বাবে গাঁথিছিলোঁ হৃদয়ৰ সঞ্চিত আৱেগ
স্বামীগৃহ-প্ৰৱেশৰ পৰম ক্ষণত
সেই প্রিয় ফাল্গুনীৰ
ভীৰতা-ক্লীৱতা দেখি
ঘৃণা আৰু বিস্ময়ত আৱেগবিহ্বলা নৱবধু
থৰে থৰে কঁপিছিলোঁ মাথোঁ।

পাণ্ডুপুত্রে মাতৃবাক্য কৰিলে পালন;
জড় পদাৰ্থৰ দৰে কৰি ব্যৱহাৰ
সমানে ভগাই ল’লে
মোৰ স্বামিত্বৰ অধিকাৰ,
কোনেও নাচালে ভাবি
মোৰো যে থাকিব পাৰে
এখনি হৃদয়, এটি মন।
এয়া মাথোঁ আৰম্ভণ।
ধর্মপুত্র ধর্মযুধিষ্ঠিৰে
যিদিনা ৰাখিলে মোক পণ
ৰাজনীতি-কলুষিত ঘৃণিত পাশাৰ
সেইদিনা মিলি গ’ল
মাটিৰ লগত মোৰ
নাৰীত্বৰ, সতীত্বৰ
যত অহংকাৰ।
সেইদিনা বুজি পালোঁ ভালদৰে মই
দাস-দাসী, ধন-ৰত্ন, ৰাজ্য আৰু ঐশ্বৰ্য্যৰ দৰে
মই মাথোঁ অতিৰিক্ত এপদ সম্পদ
মদমত্ত জুৱাৰী স্বামীৰ,
হায়!
মই যেন কেৱল শৰীৰ!

তথাপিত ভাগ্যক ধিয়াই
সুখে-দুখে
বনে-ৰণে
বিপদে-সম্পদে
সংগ দিলোঁ, সেৱা দিলোঁ,
দিলোঁ বিশ্বস্ততা,
পাঁচ পাণ্ডৱক দিলোঁ পাঁচোটি সন্তান,
সিহঁতক দেয় মোৰ আৰু একো নাই।
পাণ্ডৱৰ আছে অহংকাৰ,
জন্মৰ গৌৰৱ আছে
আৰু আছে সর্বাংগত
উজ্জ্বল ভূষণ মৰ্যাদাৰ,
সিহঁতেতো নিবিচাৰে নাৰীৰ হৃদয়।
দ্রৌপদী, সুভদ্রা আৰু চিত্ৰাংগদা উলুপীৰ
পেলৱ শৰীৰ
অৰ্জুনৰ জন্ম-অধিকাৰ।

হে সূৰ্য্যনন্দন!
সয়ম্বৰ-সভাত যিদিনা
সভাসদ পৰিজন সকলোৰে মিলি
উপহাস কৰিছিলোঁ নিঃসম্বল সূতপুত্ৰ বুলি;
প্রত্যাখ্যান কৰিছিলোঁ অকপট হৃদয়ৰ
প্ৰেমৰ অঞ্জলি;
সেইদিনা হ’ল মোৰ বিচাৰৰ ভুল।
ভুলৰ হুলেৰে বিন্ধা
আজীৱন সেয়ে মোৰ ৰক্তাক্ত হৃদয়;
আজি আৰু ভয় মোৰ নাই পাপল’ই।

জন্ম মোৰ অসার্থক
সমস্ত জীৱন মোৰ অনন্ত নৰক
নালাগে অক্ষয় স্বর্গ মৃত্যুৰ পিছত।
মুক্তকণ্ঠে কওঁ আজি মই:
তুলনা কেৱল যাৰ দুপৰৰ উজ্জ্বল সূৰ্যত,
সঁচা কথা,
মুগ্ধ মই সিজনৰ অপূর্ব শৌৰ্যত।
ভয় নাই, দাতাকর্ণ!
নোখোজোঁ তোমাক প্রতিদান;
মহাকাব্যৰচয়িতা সত্যৱতীসূতে
অশুচি কামনা বুলি
ভুল ব্যাখ্যা কৰক যিমান,
তুমি তাত নাপাতিবা কাণ;
নাৰী যাৰ সংগী নিৰন্তৰ
সেই ক্ষত্রিয়ই নুবুজিলে,
জটাধাৰী জ্ঞান-তপস্বীয়ে
কি বুজিব নাৰীৰ অন্তৰ!

সূতপুত্র!
তোমাৰ কাষত মই
ৰাখি গ’লোঁ প্রেমাঞ্জলি মুগ্ধ হৃদয়ৰ।

❧ | আৰু পঢ়ক: লাচিতৰ আহ্বান- জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ আবৃত্তি

তোষপ্ৰভা কলিতাৰ কবিতা ‘দ্ৰৌপদী’ৰ আবৃত্তি আৰু পূৰ্ণ পাঠ | পূৰবী শইকীয়া

Follow Nilacharai on Facebook