(নীলিম কুমাৰলৈ শ্ৰদ্ধাৰে)
কবিতা কেতিয়াবা সমৰ্পিতা,
কবিতা কেতিয়াবা অধিকৰ্তা।
কবিতা কেতিয়াবা সালংকৃতা—
কবিতা কেতিয়াবা সদ্যস্নাতা—
আভূষণহীন, নিভাঁজ।
কবিতা কেতিয়াবা বহুবসনা—
এতৰপ এতৰপকৈ অনাৱৰণৰ বাবে উন্মুখ,
কবিতা কেতিয়াবা তৰ্কবাগীশ—
দলন, নিষ্পেষণৰ বিৰুদ্ধে সৰৱ।
কবিতা পুৰুষ নে নাৰী?
এদিন কবিতাই
কাণে কাণে ক’লে—
কবি তুমি যদি পুৰুষ
মই কবিতা নাৰী,
কবি তুমি যদি নাৰী
মই কবিতা পুৰুষ।
ইতিহাসৰ অন্ধগলিত সুৰা বিকা
কাণী বুঢ়ীৰ পাকঘৰত বহি কবিয়ে
এদিন সন্দেহেৰে ক’লে—
কবিতা পুৰুষো নহয় নাৰীও নহয়।
পাঠকে মনতে ভাবিলে—
কবিতা কি তৃতীয় লিংগ?
নহয় নহয়,
কবিতা লিংগ-নিৰপেক্ষ
—মই ক’লো,
হয়, মই।
❧ | অধিক কবিতা:
এই লেখকৰ সকলো লেখা চাওক →HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।