দুজন অচিনাকি

দুজন অচিনাকি
  • 16 Mar, 2023

মূল: মাহমুড ডাৰৱিশ্ব (Mahmoud Darwish)
ইংৰাজী অনুবাদ: কেথেৰিন ক’ভাম
অসমীয়া অনুবাদ: প্রকল্প ৰঞ্জন ভাগৱতী

সি ওপৰলৈ চালে
আৰু তালৈ চাই থকা
এটা তৰা দেখিলে

সি নামনিলৈ চালে
আৰু তালৈ চাই থকা
তাৰ কবৰটো দেখিলে

সি এজনী নাৰীলৈ চালে
যি তাক পীড়া আৰু আনন্দ দিয়ে
আৰু তাই তালৈ চোৱা নাই

সি আইনাখনলৈ চালে
আৰু তালৈ চাই থকা
তাৰ নিচিনা অচিনাকি এজন দেখিলে।

দুজন অচিনাকি মাহমুড ডাৰৱিশ্বৰ কবিতা

মাহমুড ডাৰৱিশ্ব

মাহমুড ডাৰৱিশ্ব (১৯৪১-২০০৮) পেলেষ্টাইনৰ জাতীয় কবি। প্রতিবাদী সত্তাৰ অধিকাৰী কবিগৰাকীৰ ‘পৰিচয় পত্র’ এটা প্রখ্যাত প্রতিবাদী কবিতা। সাহিত্য কৰ্মৰ বাবে অলেখ বঁটা আৰু সন্মান লাভ কৰা মাহমুড ডাৰৱিশ্বৰ ৩০খন কাব্যগ্ৰন্থ আৰু ৮খন গদ্যগ্ৰন্থ প্ৰকাশ পাইছে। ‘দুজন অচিনাকি’ কবিতাটোৰ ইংৰাজী পাঠটো A River Dies of Thirst (আৰ্কিপেলেগো বুকছ, ২০০৯) সংকলনটোৰ পৰা লোৱা হৈছে।

❧ | অধিক কবিতা:

দুজন অচিনাকি | প্ৰকল্প ৰঞ্জন ভাগৱতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক