আবিৰময় ফাগুন চৌপাশে
আকৌ মায়াময়
ৰঙৰ মেলা দশোদিশে,
কৃষ্ণৰ বৃন্দাবনত ৰাধাৰ জুনুকা বাজে
ফাকুৰ খেলত পৃথিৱীয়ে নাচে।
বৃন্দাবনী বাঁহীৰ সুৰত
বতাহ কঁপে
আনন্দৰ বন্যাত
হেজাৰজনে সুখ বিচাৰি পায়
জনসমাগমত নিসংগতাই লাজ পায়।
মোৰ মন-মৰুভূমিত আজিও বেদনাৰ বিচৰণ
অতীতক পাহৰিব নোৱৰা অপৰাধে খেদি ফুৰিছে চিৰকাল
পানীৰে নেখেলিবলৈ বাৰে বাৰে কৰা বাইদেউৰ শাসন শৈশৱৰ
কেনি হেৰাই গ’ল?
অতীতেই মোৰ সম্পদ,
বৰ্তমান আৰু ভবিষ্যৎ অনিশ্চিত হৈ ৰ’ল।
হে ফাগুন,
ৰং দিয়া
মদাৰ-ৰঙা আকাশ মোকো দিয়া
আবিৰ দিয়া
মোৰ মনাকাশত সেই অনুভূতি আকৌ দিয়া।
❧ | অধিক কবিতা:
- দুজন অচিনাকি
- অপৰাহ্ণ আৰু কেইটামান পংক্তি
- অন্বেষণ
- শিতানৰ গাৰু
- ব্যাকুল বিদ্ৰোহী: নীলমণি ফুকনলৈ শ্ৰদ্ধাঞ্জলি
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক