১.
কিচকিচিয়া কলা শব্দহীন পুৰণা হাৰকুলিচ চাইকেল,
হেন্দেল ভৰ্তি পেটুৱা মোনা।
ফিৰফিৰীয়া বগলীবগা ধূতি আৰু দীঘল কামিজ
এডালো নপকা কেঁচা চুলিকোছাই ভেটে পঞ্চলিশটা শাওণৰ বান৷
দুৰন্ত শিশুৰ চপলতাত ক্লান্তিয়েও হাৰ মানে
কেইখনমান উৎকণ্ঠিত মুখৰ আকুলতাত ভৰি পৰে দেহ আৰু মন৷
প্ৰসন্নতাৰে উজ্জ্বল দুচকুত মমতাৰ সুগভীৰ সাগৰ।
২.
আশীসূতাৰ কোমল চাদৰ আৰু কপাহী সূতাৰ ঘনকৈ বোৱা মেখেলা
খহটা দুহাতত সময়ৰ আঁকবাঁক।
গাইজনী, হাঁহ-কুকুৰাকেইটা ,তাঁতশালখন
জুহালৰ আঙঠাই পোহৰাই খলাবমা কেঁচা মজিয়া।
আশা আৰু সপোনেৰে মুখৰ
নিদ্ৰাবিহীন মৌন ৰাতিবোৰ।
হিয়াৰ আমঠুকেইটা কুশলে থাকক সদায়।
৩.
মলেৰে ভৰপূৰ বাবলুৱে ভালপোৱা মাটি মিঠা আমজোপাৰ বয়স কিমান হ’ল বাৰু?
সৰু টেবুল আৰু মুঢ়াটো
সমীকৰণ,শতাংশ আৰু ভগ্নাংশ?
জীৱবিজ্ঞানৰ বংশগতি সূত্ৰবোৰ বিলীন হয় ডাইনিং টেবুলত
চাদৰৰ আঁচলত তৰপে তৰপে থুপ খায় হুমুনিয়াহ আৰু নিৰৱ উচুপনিবোৰ।
৪.
ফাটি উলমি পৰিছে বহু পুৰণি ছটি বস্তাৰ চিলিংখন
অতীতৰ গুলপীয়া বেৰবোৰত আন্ধাৰ আৰু হতাশাৰ আচ্ছাদন৷
থুনুক থানাক মাত কথাবোৰ বাৰু কেনেকৈ ইমান কৰ্কশ হৈ গ’ল?
আগ্ৰহেৰে ৰান্ধি দিয়া ভাত-আঞ্জাবোৰ?
ক্ৰমান্বয়ে দোঁ খাই অহা শৰীৰত সমস্ত জগতৰ ভাগৰ
অসহায় মনটোৱে নিৰৱে অকণমান জিৰাব বিচাৰে বুঢ়া মাটি মিঠা আমজোপাৰ তলত।
৫.
সলনি হৈছে বতৰ, দিন-ৰাতি, সলনি হৈছে মানুহ আৰু পৃথিৱী
সৰু সৰু ঘৰবোৰ ডাঙৰ হ’ল, নতুন ঘৰবোৰ পুৰণা হ’ল।
আৱৰ্তন, বিবৰ্তন, পৰিৱৰ্তন
আৰু পৰিভ্ৰমণ।
শীতৰ শেষত পুনৰ বসন্ত—
মৰম-স্নেহ, আদৰ-যতন, সপোন, আশাবোৰে
পুনৰাই সজাঁল ধৰে ককা-আইতাৰ পুৰণা ভেটিত
এতিয়া মাথোঁ অপেক্ষা, পুনৰাবৃত্তিৰ।
❧ | অধিক কবিতা: