১.
ঘামবোৰ তিৰবিৰাইছিল।
মাকো আৰু দোৰপতিৰ খটখটনিৰে
ভৰপূৰ দুপৰীয়াবোৰত
তাঁতশালত থুপ খায়হি ফাগুন আৰু বসন্ত।
শিতানৰ চেগুন কাঠৰ পেৰাত নিচিন্ত সাঁচতীয়া সপোন।
দুগদুগী আৰু পোৱালমনিৰ মালাধাৰ
কাঁহৰ লোটা চৰিয়া, মুগাৰ পাটৰ ৰিহা-মেখেলা,
জনম কুন্দলি আৰু উত্তৰ পুৰুষৰ নিগাজি ঠিকনা।
নতুন পুৰুষ, পৰিৱৰ্তন আৰু বিকৰ্ষণ
ক্ৰমান্বয়ে বদলি হয় ঠিকনাবোৰ।
সময়ৰ পাখি লগা কাঁড়ত চটফটায় অশহায় কপৌজনীয়ে।
অন্ধকাৰ পিছচোতালত নীৰৱে উচুপে
অনাদৃত অৱহেলিত
শূন্যতা আৰু হুমুনিয়াহেৰে ভৰপূৰ
আইতাৰ সপোনভৰা ঘুণে নোখোৱা মজবুত পেৰাটোৱে।
২.
এটুকুৰা নতুনকৈ লোৱা মাটি, এটা নিজা ঘৰ
কেইবামহলীয়া।
ডাঙৰ ডাঙৰ কোঠাবোৰ, সুখ আৰু প্ৰাচুৰ্যবোৰ।
লো তীখাৰ আলমাৰিত সন্মান, সুৰক্ষা আৰু নিৰাপত্তা।
মসৃণ মজিয়াত বাৰে বাৰে পিছলে
আইতাৰ ক্ষয়যোৱা পুৰণি চেন্দেলযোৰ।
মজবুত দুৱাৰত প্ৰয়োজন দুগুণ মজবুত লোহাৰ আবেষ্টনী।
একাষৰীয়া হৈ পৰি ৰয়
বহাগ, শাওণ, আহিন নতুবা আঘোণ
ৰদ নোসোমোৱা খিৰিকীৰ মুখত আন্ধাৰৰ পৃথিৱী
চিমেণ্টৰ টাবত ফুলে অচিনাকি ফাগুন।
৩.
থকথককৈ কঁপে শীতৰে ভৰা বুকুখন
শেতেলিত দপদপায় বৰফশীতল ৰাতিবোৰে।
অস্তিত্বহীন উপস্থিতি আৰু আদৰবিহীন পৰিচৰ্যা।
গোমোঠা মুখবোৰ, শীতল চাৱনিবোৰ,
সময়ৰ হাতত বন্দী তেজ আৰু সম্বন্ধবোৰ।
অচিনাকি চৌপাশত বিচাৰিলে পামনে
হেৰাই যোৱা চিনাকি মুখবোৰ?
আপোনজনৰ মুখৰ এটি প্ৰাণখোলা হাঁহি?
এটি সহানুভূতিৰ চাৱনি?
সেমেকা ৰংহীন দুচকুত আন্ধাৰৰ আচ্ছাদন
আবেলিৰ চোতালত এতিয়া এসোপা সৰাপাত।

HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক