জুবিন গাৰ্গৰ কবিতাত প্ৰেম আৰু প্ৰতিবাদ

জুবিন গাৰ্গৰ কবিতাত প্ৰেম আৰু প্ৰতিবাদ

জুবিন গাৰ্গ (১৯৭২-২০২৫) এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা। ড° ভূপেন হাজৰিকাৰ পিছত অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পী, হাৰ্টথ্ৰৱ। তেওঁ এগৰাকী কবিও, তেওঁৰ কবিতা সংকলন ‘শব্দ অনুভূতি’ প্ৰকাশ হৈছে ২০১১ চনত, প্ৰকাশক ৰুমী-ৰূপক, নগাঁও। ‘জুবিনৰ পদ্য’ নামৰ আন এখন কবিতা পুথিও প্ৰকাশিত হৈছিল। এই দুখনেই তেওঁৰ কবিতা পুথি, অৱশ্যে এই কবিতাসমূহৰো কেইটামান তেওঁ সুৰ দি গাইছে। জুবিন গাৰ্গৰ গীতৰ সংকলন জাতীয় কিতাপ বজাৰত সুলভ তেওঁৰ গীতৰ অভাৱনীয় জনপ্ৰিয়তাৰ বাবে। তেওঁৰ জীৱন বিষয়ক দুই-এখন কিতাপো প্ৰকাশ হৈছে যদিও কবিতা সম্পৰ্কীয় চৰ্চা কম। অথচ এগৰাকী গীতিকাৰ হিচাপে অসমীয়া গীতি-সাহিত্যলৈ তেওঁৰ অৱদান যথেষ্ট, সংখ্যাৰেও, মানেৰেও।

গীত আৰু কবিতাৰ এক ওচৰ সম্পৰ্ক থাকে। সৃষ্টিশীল ব্যক্তি মাত্ৰেই কবিতাৰে সৃষ্টিৰ যাত্ৰা আৰম্ভ হয় বুলি এক বিশ্বাস আছে। জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰে কোৱা মতে, সৰুৰে পৰা জুবিন আছিল অতি সংবেদনশীল, আৱেগিক আৰু প্ৰকৃতিৰ সৰৱ পৰ্যৱেক্ষক। নিচেই সৰুতে দেউতাকে কোলাত লৈ পাহাৰ ফুৰাবলৈ নিয়ে, ৯২টা চিৰি বগাই পাহাৰৰ শীৰ্ষৰ মুকলি ঠাইলৈ নি অপৰিমেয় প্ৰকৃতিৰ সৈতে পৰিচয় কৰাই দিয়ে। চাকৰি সূত্ৰে বদলি হৈ বিভিন্ন ঠাই ভ্ৰমোতে জুবিন আছিল এগৰাকী পৰ্যটকৰ দৰে। প্ৰকৃতিৰ এই প্ৰত্যক্ষ অভিজ্ঞতা লাভ আৰু ইয়ে দিয়া সংবেদন জুবিনৰ বাবে গুৰুত্বপূৰ্ণ আছিল, এইবোৰৰ মাজতেই তেওঁৰ অনুভূতিৰ বিকাশ হৈছিল। তদুপৰি পঢ়া-শুনাৰ প্ৰতি থকা জুবিনৰ আগ্ৰহে তেওঁক সৃষ্টিশীল হোৱাত প্ৰভূত সহায় কৰিছিল। পিতৃয়ে এঠাইত লিখিছে— “কিনান ৰলিংছৰ ‘ইয়াৰ্লিঙ’ উপন্যাসখনৰ কথা জুবিনৰ মুখত বহুবাৰ মই শুনিছোঁ। জুবিনৰ কৈশোৰৰ গঠনমূলক সময়ছোৱাত তেওঁ নিষ্ঠাৰে বহু বাংলা আৰু ইংৰাজী কিতাপ পঢ়িছিল। ভাল কিতাপ পঢ়াটো তেওঁৰ আজীৱন অভ্যাস।” অধ্যয়ন, পৰ্যৱেক্ষণে তেওঁৰ কবিসত্তাত কাব্যিক (লিৰিকেল) সৃজনৰ উদ্ভাৱন কৰিছিল। তেওঁ কবি হৈছিল, গীতিকাৰ হৈছিল; অৱশ্যেই এই যাত্ৰা আৰম্ভ হৈছে নীৰৱে, নিৰ্জনতাত। ‘অনামিকা’ (জুবিনৰ প্ৰথম এলবাম, ১৯৯২)ত অন্তৰ্ভুক্ত কৰা তেওঁৰ ৰচনা ‘মনৰ নিজানত’ গীতটিত নিজান জীৱন আৰু তাৰ দ্যোতক প্ৰেমবোধ গভীৰ অনুভৱৰে প্ৰকাশ হৈছে। ‘মৰুভূৰ মায়া’ এই চিত্ৰকল্পত গানটোৰ প্ৰকৃত আৱেদন নিহিত হৈ আছে।

অসমীয়া সংগীতলৈ নতুন ধাৰা অনা আৰু সফল হোৱা জুবিনৰ সাংগীতিক প্ৰতিভাক লৈ প্ৰতিজন অসমীয়াই প্ৰবল অনুৰাগ অনুভৱ কৰে। তীব্ৰ ভাবনা সঞ্চাৰী শব্দ, ভাষাত কল্পনাৰ সাগৰীয় ব্যাপ্তি আৰু তাৰ সৈতে যোগ হোৱা উচ্চ গ্ৰামৰ সুৰৰ মাজেৰে এক অস্থিৰ অথচ ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰদান কৰাত জুবিন অদ্বিতীয় আছিল। একেজন জুবিন আছিল অতিক্ৰান্ত সময়ৰ প্ৰেম আৰু প্ৰতিবাদৰ এক অভিব্যক্তি, এই ভাষা এহাতে আছিল যৌৱনৰ উচ্ছ্বাসেৰে প্ৰেমৰ ভাব আৰু তন্ময়তাৰ সন্মোহন; অন্যহাতে আছিল সামাজিক অৱক্ষয় আৰু ৰাজনৈতিক সংকটৰো দ্বিধাহীন প্ৰকাশ। জুবিনৰ আয়ত্তত আছিল যুৱ মনস্তত্ত্বৰ অতৃপ্ত বাসনা, বহুমাত্ৰিক অস্থিৰতা আৰু অপূৰ্ণতাই অনা হৃদয়াৱেগ, এই বেগৰো গতিবেগ তীব্ৰ। বিভ্ৰান্ত, দিশহাৰা পৰিৱেশতো জুবিন গাৰ্গ আছিল এক তীব্ৰ আৰু অবিশ্ৰান্ত কণ্ঠ, এই তীব্ৰতাত শেষলৈ মানৱতাহে উজলি উঠে— জুবিনৰ ক্ষেত্ৰত এই কথাটো মন কৰিবলগীয়া।

আৰু পঢ়িব পাৰে

জুবিন গাৰ্গৰ কবিতা অথবা গীত কোনোটোৱেই সাধাৰণ প্ৰমোদৰ বাবে নাছিল অথচ আমোদজনক জুবিন মানুহজনহে প্ৰমোদ-বিনোদনৰ এই পৃথিৱীখনত স্বাৰ্থপৰ এদলৰ বাবে এক আশ্চৰ্যজনক ‘মিশ্ৰণ’ হৈ পৰিছিল। আমোদ উদযাপনৰ কোলাহলৰ মাজতো তেওঁ অহৰহ নিৰ্জনতাৰ সন্ধানত আছিল, এই কথা গম পোৱা যায়, হৃদয়ত তেওঁ গভীৰ কাব্যিক মনন কঢ়িয়াই ফুৰিছিল, যাৰ বাবে তেওঁ দুপৰ ৰাতিলৈ অকলে ষ্টুডিঅ’ত শব্দ আৰু সুৰৰ সৈতে সৃষ্টিশীল হৈ থাকিব পাৰিছিল। কবিতা ধেমালি নহয়— এই কথাটো ধেমালিপ্ৰিয় খেয়ালী জুবিনৰ কবিতাখিনিত আৰু বেছি অনুভৱ কৰিব পাৰি।

আধুনিকতম ভাবনাৰে জুবিনৰ কবিতাত এক জেদ আছে, একে সময়তে আছে এক যুক্তিসংগত কাঠিন্য। এইবোৰৰ বাবে তেওঁ কবিতালৈ কেতিয়াবা টান শব্দ আনিছে। কিন্তু সঁচা অৰ্থত এইবোৰ টান শব্দ হ’লেও অনুভৱ অকৃত্ৰিম, সহজ, আত্মিক। উদাহৰণস্বৰূপে, তেওঁৰ ৰচিত ‘কবি’ কবিতাটোৰ কথা ক’ব পাৰি— মাত্ৰ পাঁচ শাৰীৰ এটা চুটি কবিতা।

“কবি মই চিৰন্তন
অবাক অৱধাৰিত গুঞ্জন
অন্তহীন স্ফুৰণ
অস্থিৰ উন্মাদ
পাৰ কৰি চেতন-অৱচেতন।”

কবিসত্তাত থকা প্ৰতিবাদেই এই কবিতাটোৰ মূল উপজীব্য। শব্দৰ প্ৰয়োগ আৰু তাৰ সৈতে থকা অৰ্থ প্ৰকাশক সজীৱতাই জটিল ভাবখিনিকো পাঠকৰ বাবে সহজ কৰি তুলিছে।

জুবিনৰ সৃষ্টিত যৌৱনৰ প্ৰতি মমতাৰ প্ৰকাশ অতুলনীয়। কিন্তু জুবিন অদমনীয় যৌৱনৰ ধুমুহা আৰু চাপৰ মাজতো জীৱনবোধৰ সন্ধানৰত এগৰাকী কবি। স্বাভাৱিকভাৱে তেওঁৰ ভাষাত ব্যক্তিগত শোকেই আছে, কিন্তু সেই অনুষংগই কঢ়িয়াই অনা নিষ্পাপ সম্ভাৱনা সাবটি পাঠকে লাভ কৰে শোক অতিক্ৰমি জীয়াই থকাৰ শক্তি। জুবিনৰ কবিতাও ট্ৰেজিক, এইবোৰৰ মাজত গুজৰি গুমৰি উঠা তেজো আছে। এই চঞ্চলতা আৰু এক অৰ্থত এই পৰিপক্বতা জুবিনৰ সম্পদ। ‘অস্থিৰ কাব্য’ শীৰ্ষক কবিতাটোৰ শেষত তেওঁ লিখিছে—

“লিখি দিয়া মোৰ অভিধানত পোহৰ
যাতে মই সঁচাকৈয়ে অন্ধ হ’ব পাৰোঁ।”

এই অন্ধত্ব তেওঁৰ দৰ্শনলব্ধ, এই ব্যক্ত ভাব আৰু অব্যক্ত চেতনাৰ মাজত পোহৰ আৰু এন্ধাৰৰ যুঁজখন পাঠকৰ মনলৈ আহিব। ব্যক্তিগত দুখ শোকৰ চঞ্চলতাত জুবিন হেৰাই যোৱা নাই, ‘বন্য ল’ৰালি’ নামৰ কবিতাটোত কবিৰ ভাবাবেগ নিয়ন্ত্ৰিত হৈছে, তেওঁ যেন সমাহিত। অলেখ প্ৰকৃতি অনুষংগৰ মাজত তেওঁ ল’ৰালিক পৰীক্ষা কৰিছে, ক’তো অকণমানো চঞ্চল নোহোৱাকৈ। তেওঁ লিখিছে—

“প্ৰতিজোপা গছত বিলীন হোৱা মোৰ অম্লান চেতনা
প্ৰতিটো শিলত খোদিত হোৱা মোৰ অস্থিৰ বেদনা
প্ৰতিডাল দূবৰিত মোৰ বন্য ল’ৰালি।”

এই কবিতাটোৰ শেষৰ স্তৱকত ল’ৰালিৰ সকলো অভিজ্ঞতাই যেন ভিৰ কৰিছেহি—

“সেউজ পথাৰ, বাউলি বা, সমাহিত সোণালী ধৰিত্ৰী
মুখৰিত আকাশ, এজাক বগলীৰ জিলমিলনি
কাউৰীৰ কা আৰু পাৰৰ ৰুণ-জুননি
থুনুক-থানাক কাৰোবাৰ মাত।”

এই স্মৃতিকাতৰতা আমনিদায়ক নহয়, বৰঞ্চ কাউৰীৰ কা আৰু পাৰৰ ৰুণ-জুন— এই দুটা স্মৃতি সৌধ শৈশৱৰ সময়খিনিৰ এক পাৰ্থক্যহীন মনোৱস্থা। এই বাবে শৈশৱ অথবা ল’ৰালি ইমান অকৃত্ৰিম আৰু সুখৰ।

আৰু পঢ়িব পাৰে

কবিতাত বস্তুনিষ্ঠতাৰ ধাৰণা গুৰুত্বপূৰ্ণ যদিও কবিৰ স্থিতি সদায় ব্যক্তিনিষ্ঠহে। বহু দিন আগতে ‘সাগৰতলিৰ শংখ’ত পঢ়িছিলো নীলমণি ফুকন ছাৰে কোৱা এষাৰ কথা যে কোনো ঘটনাৰ বস্তুনিষ্ঠ বিৱৰণ নাই, ঘটনাটোৱে সৃষ্টি কৰা আৱেগিক বা মানসিক প্ৰতিক্ৰিয়াটোহে আছে। এই প্ৰতিক্ৰিয়া জুবিনৰ কোনোটো কবিতাত মন কৰোঁ আহক—

“শব্দ যদি প্ৰেৰণা হয়
শব্দ যদি শকতি হয়
শব্দ আজি কিয় শংকিত
শব্দ যদি ব্ৰহ্মবৃক্ষ
শব্দ যদি চিৰশুদ্ধ
শব্দ আজি কিয় অশুদ্ধ
শব্দ আজি বাকৰুদ্ধ
শব্দ আজি কাৰাৰুদ্ধ
শব্দ আজি নিজেই নিজত আবদ্ধ…” (শব্দ)।

কলমৰ শক্তিৰ ওচৰত ৰাষ্ট্ৰযন্ত্ৰ অসহায়, প্ৰতিবাদ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে মাথোঁ কলমৰ অবিৰাম, শব্দৰ বাবে সেয়ে এটা জাতি ৰৈ থাকে, শব্দই যেন জাতিটোক জগায় অসামান্য প্ৰেৰণাৰে, তাৰ পাছতো শব্দ কিয় বাকৰুদ্ধ, কাৰাবন্দী, মৌন, সুবিধাভোগী, স্বাৰ্থপৰ? এই প্ৰতিক্ৰিয়া কেৱল প্ৰতিবাদ নহয়, এক ধৰণৰ সংগঠিত আন্দোলন। শব্দক ‘ঘিণ লগা শব্দ’ বুলি কবিয়ে কৰা তীক্ষ্ণ সমালোচনা জাতিটোৰ বাবে আত্মসমালোচনাৰ দৰে, এই সন্ধিক্ষণত জাতিটোৰ নেতাসকলৰ দম্ভ আৰু অবিবেচক অপলাপ দেখি-শুনি কবি ক্ষুব্ধ নহৈ নোৱাৰে।

জুবিন প্ৰজন্মৰ সময়খিনি উদাৰীকৰণৰ সময়। উদাৰ পুঁজিবাদৰ নিৰ্মম পৰিণাম আৰু অন্তহীন শোষণৰ জুবিন গাৰ্গ প্ৰত্যক্ষদৰ্শী। তেওঁ উপায়হীন হৈ নিঃস্বজনক সহায় কৰিছে, মানৱতাৰ কথা কৈছে। একে সময়তে তেওঁ ক্ষমতাৰ বাবে ৰচনা কৰা হিতাধিকাৰৰ নাটক বন্ধ কৰিবলৈ আৰু প্ৰতিশ্ৰুত প্ৰকৃত ‘পৰিৱৰ্তন’ আনিবলৈও শাসক গোষ্ঠীক সকীয়াই দিছে। জুবিনৰ প্ৰতিবাদৰ প্ৰভাৱ আকাশলংঘী। ভাষা ৰক্ষা, প্ৰকৃতিৰ সুৰক্ষা আৰু লোকসংস্কৃতিৰ প্ৰাণৰক্ষা— এইকেইটা কথাত তেওঁ আপোচহীন আছিল। লোকসংগীতৰ পৰা নানা ৰং আনি তেওঁ গীতত যোগ দিছিল, অথচ গীতবোৰ হৈ উঠিছিল ৰক সংগীত, পশ্চিমীয়া সংগীতৰ আৰ্হিত সেয়া দ্ৰুত আৰু উচ্চ। গানত থকা দ্ৰুত আৰু মুক্ত গতি যেন এখন পানী ৰঙৰ ছবি। ৰামকিংকৰ (Ramkinkar Baij)ৰ ‘স্প্ৰীং’ ছবিখনলৈ মনত পৰে, ওপৰভূমিত সৰল কিন্তু অন্তৰ্ভাগত অলেখ ৰং, বিচিত্ৰ ভাবৰ সঞ্চাৰ, ঠিক যৌৱনৰ দৰে। জুবিনৰ কবিতাত এই স্প্ৰীং অনুভৱ কৰিব পাৰি—

“এবাৰ মূৰ তুলি চোৱা
মোৰ প্ৰস্ফুটিত
নিদাগ বসন্ত থমকি ৰ’ব।” (স্বপ্নমিছিল)

তেওঁৰ কবিতাত এক ধৰণৰ চেতনাৰ দ্বন্দ্ব আছে। যিদৰে এক অন্তঃসলিলা আছে গান আৰু গানৰ প্ৰকাশত, একেদৰে কবিতাৰ ভিতৰতো এক সংঘাত আছে, কবিতাত সেইবাবে গীতিময়তা নাই, তেওঁৰ গীততো একে ধৰণে কবিতাৰ ৰুক্ষ চৰিত্ৰতো নাই। কিন্তু দুয়ো ক্ষেত্ৰতে কল্পনাৰ সৈতে প্ৰেম আৰু প্ৰেমৰ কৰুণ আখ্যান নিৰ্মাণত জুবিন সিদ্ধহস্ত। ইয়াত আকৌ যোগ হয় তেওঁৰ বিকল্পহীন কণ্ঠ আৰু সুৰ। এই তুলনাহীন প্ৰতিভাৰ বাবেই জুবিন এক ইভেণ্ট হৈ পৰিছিল, এই উদযাপনত কবি জুবিন বহিৰংগত বিলুপ্ত হ’লেও অন্তৰংগত তেওঁ সদায় পাঠকৰ বাবে ‘মডাৰ্নিজম ইন মিনিয়েচাৰ’ হৈ থাকিল। একেবাৰে চুটি কবিতা অথচ তাৰ বক্তব্য সুদুৰপ্ৰসাৰী। কথনভংগী নিৰ্মেদ, বৃত্তান্তধৰ্মী ৰীতি নাই, আছে সংক্ষিপ্ত ৰূপত বৃত্তান্ত ব্যাখ্যা অথবা ক্ষণিকৰ এক স্মৃতিকাতৰতা। কবিতাৰ মাজতে লৌকিক জীৱনটোৰ পৰা গৈ অলৌকিক এক সত্তাৰ ওচৰত জুবিনৰ চিন্তা মিলি গৈছিল। তেওঁ কিছুমান প্ৰতীকৰ সঘন পুনৰাবৃত্তি কৰে— পাহাৰ, পথাৰ, জোন, চৰাই। এইবোৰত তেওঁৰ ভিতৰৰ মানুহজন সোমাই আছিল। আকৌ ‘তুমি-মই’ সৰ্বনামেৰে আৰম্ভ কৰা কোনোটো কবিতা (বা গীতো) শেষলৈ ‘তুমি-মই’ৰ ঊৰ্ধ্বলৈ আগবাঢ়ে, হৈ উঠে এক ব্যাপ্ত পৰিসৰৰ ভাববোধক, যি অধিক ব্যঞ্জনাময়, অধিক মাত্ৰা প্ৰকাশক। উদাহৰণস্বৰূপে, ‘মায়াবিনী’ গানটোৰ কথা ক’ব পাৰি। ‘জীৱনেৰ এই সব নিভৃত কুহক’ বুলি কবি জীৱনানন্দই কৈছিল, এই সকলো গোপনীয়তাক উন্মুক্ত কৰোঁতে জুবিন হৈ পৰিছিল সকলোৰে আপোন। তেওঁৰ কবিসত্তাৰ এই সৰ্বজনীনতাও মন কৰিবলগীয়া। এই সময়ৰ এগৰাকী বিখ্যাত কবি শঙ্খ ঘোষৰ এটা কবিতাত তেওঁ কৈছিল— “তোমাৰ চোখেৰ নিচে আমাৰ চোখেৰ চৰাচৰ।” একে ধৰণে জুবিনৰ কবিতাবোৰ পঢ়ি, গীতবোৰ শুনি, তেওঁৰ দীঘলীয়া আৰু কঠোৰ অনুশীলনৰে আয়ত্ত কৰা সুৰবোৰত বিলীন হৈ প্ৰতিগৰাকী অসমীয়াই অনুভৱ কৰে— তোমাৰ চকুতে আমাৰ চকুৰ ছায়া।

এইগৰাকী অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অপ্ৰত্যাশিত মৃত্যুৰ খবৰে অসমখনক স্তব্ধ কৰি তুলিলে। এই স্তব্ধতাৰ যেন শেষ নহয়। সম্ভৱত তেওঁ নিজে লিখা অন্তিমটো কবিতা আছিল ‘ৱাটাৰ’। তাত তেওঁ লিখিছে—

“মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি
তহঁতে বুজি নাপাবি
মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ
সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ।”

কবিতাটোলৈ তেওঁ আকাৰহীন পানীৰ অনুষংগ আনি জীৱনৰ অনিশ্চয়তাক বুজাইছিল। চেতনা জোকাৰি যোৱাকৈ তেওঁ কৈছে—

“খোজকাঢ়িব পাৰ যদি আহিবি
মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত।”

সমকাল চেতনা আৰু সংবেদনশীলতাৰে উদ্ভাসিত জুবিন গাৰ্গৰ কবিতাত প্ৰেমৰ ছবি আছে, ক’ৰবাত আতুৰ আত্মিক মাত, ক’ৰবাত আৰ্তনাদ, বিষাদ গধুৰ, নিবিড়, অন্তৰতম উপলব্ধিৰ প্ৰকাশক। ক’ৰবাত আকৌ তেওঁৰ পৰিচয় এগৰাকী মুক্ত প্ৰতিবাদী হিচাপে, য’ত মনৰ উদ্দীপনা বেছি, সামাজিক ব্যংগও অধিক। এইবাবেই জুবিন গাৰ্গৰ কবিতাৰ বিষয়বস্তু মনোযোগেৰে অধ্যয়ন কৰা উচিত। অৱশ্যে তেওঁৰ ব্যংগ বুজি পাবলৈও এক বৌদ্ধিক প্ৰস্তুতিৰ প্ৰয়োজন— এই কথাটোতহে অসমীয়াই সদ্যহতে মন দিয়া উচিত।

আৰু পঢ়ক
ৰিডম জিৰোৰ জুবিন গাৰ্গ

ৰিডম জিৰোৰ জুবিন গাৰ্গ

পল্লৱপ্ৰাণ গোস্বামী

হে শিল্পী, হে শিল্প

হে শিল্পী, হে শিল্প

অনিৰ্বাণ দত্ত

কবিতাত শৰৎ

কবিতাত শৰৎ

ড° আনন্দ বৰমুদৈ

জুবিন গাৰ্গৰ কবিতাত প্ৰেম আৰু প্ৰতিবাদ | ড° দুলাল হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক