হে শিল্পী, হে শিল্প

হে শিল্পী, হে শিল্প
  • 19 Oct, 2025

হঠাৎ কলৈ পলাল হিন্দু মুছলমান
অসমীয়া বঙালী বিহাৰী মাৰোৱাৰী
জনজাতি জাতি অজাতি
চিনাকি অচিনাকি

ধনী দুখীয়া
সুখী দুখী
ৰূপী কুৰূপী
নামী বদনামী
সকলো একাকাৰ সমুদ্ৰত

জনসমুদ্ৰত ভাহি উঠিল জুবিন
মানৱতাৰ হিল্লোল
সৰি পৰিল সকলো অপশক্তি

জীৱন দুদিনীয়া
দুদিনীয়া ধন-দৌলত
মিছা বিভেদ বিভাজন
কোনে ক’ব
কোনে ক’ব

কোনে জানে কালিলৈ কোন থাকিব কাৰ কাষত
কি লৈ যাম
কি থৈ যাম জগত হাটত
এই আছে এই নাই ক্ষণভঙ্গুৰ সময়

কোনে কৈছিল মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত

হে শিল্পী, হে শিল্প— চিৰন্তন প্ৰেম প্ৰসৱী
কেৱল তুমি কেৱল তুমি কেৱল তুমি
কেৱল তোমাৰ পদতহে নতজানু হৈ পৰে
উদ্ভ্ৰান্ত সমুদ্ৰ।

❧ | আৰু পঢ়ক:

হে শিল্পী, হে শিল্প | অনিৰ্বাণ দত্ত

Follow Nilacharai on Facebook