হঠাৎ কলৈ পলাল হিন্দু মুছলমান
অসমীয়া বঙালী বিহাৰী মাৰোৱাৰী
জনজাতি জাতি অজাতি
চিনাকি অচিনাকি
ধনী দুখীয়া
সুখী দুখী
ৰূপী কুৰূপী
নামী বদনামী
সকলো একাকাৰ সমুদ্ৰত
জনসমুদ্ৰত ভাহি উঠিল জুবিন
মানৱতাৰ হিল্লোল
সৰি পৰিল সকলো অপশক্তি
জীৱন দুদিনীয়া
দুদিনীয়া ধন-দৌলত
মিছা বিভেদ বিভাজন
কোনে ক’ব
কোনে ক’ব
কোনে জানে কালিলৈ কোন থাকিব কাৰ কাষত
কি লৈ যাম
কি থৈ যাম জগত হাটত
এই আছে এই নাই ক্ষণভঙ্গুৰ সময়
কোনে কৈছিল মৃত্যুওতো এটা শিল্প
জীৱনৰ কঠিন শিলত
হে শিল্পী, হে শিল্প— চিৰন্তন প্ৰেম প্ৰসৱী
কেৱল তুমি কেৱল তুমি কেৱল তুমি
কেৱল তোমাৰ পদতহে নতজানু হৈ পৰে
উদ্ভ্ৰান্ত সমুদ্ৰ।
❧ | আৰু পঢ়ক:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক