ভী ষণ খেয়ালী অথচ বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰী সংগীত শিল্পী, অসমৰ পৰিচয় আৰু হিয়াৰ আমঠু জুবিন গাৰ্গ (১৯৭২-২০২৫)ৰ প্ৰিয় কিতাপ কি হ’ব পাৰে এই কথাটোৰ উত্তৰ বহু বছৰ আগতে ক’ৰবাত পঢ়িছিলো— চাৰ্লি চেপলিনৰ ‘মোৰ আত্মজীৱনী’। জৰ্জ বাৰ্ণাড শ্ব’ই বিশ্ব চলচ্চিত্ৰৰ ‘একমাত্ৰ জিনিয়াচ’ বুলি কোৱা চেপলিনৰ আত্মকথা চাৰ্লিৰ দৰে ৰোমাঞ্চকৰ, কমিক অথচ গভীৰ জীৱনবোধ সম্পন্ন। ৰাজহুৱা চাৰ্লিজনে নিজে নিজৰ বাবে এটা ‘প্ৰকৃতি’ সৃষ্টি কৰি লৈছিল, তৈয়াৰ কৰি লৈছিল এক বিশেষ ৰাজহুৱা ইমেজ, এয়া কোনো কাৰণতে লঘু নাছিল। চাৰ্লিৰ ৰাজহুৱা উপস্থিতিৰ দৰে জুবিনৰ ৰাজহুৱা উপস্থিতিও আছিল বিশেষ, আমোদজনক, কমিক, অথচ প্ৰতীকী অৰ্থত পূৰ্বানুমানবিহীন অনিশ্চিত জীৱনটোৰেই অৰ্থ প্ৰকাশক আৰু আছিল এক তীক্ষ্ণ আঁচোৰ, ব্যংগ। এইবোৰ লঘু বুলি বুজাটো আমাৰ বৌদ্ধিক আভিজাত্যবাদীসকলৰ প্ৰত্যায়িত ভুলহে। সন্দেহ হয়, জুবিনক বেৰি ৰখা চৌপাশৰ লঘু-তৰল চিঞৰ আৰু আমোদৰ মাজত জুবিনৰ এই নিজা ইমেজ আৰু ব্যংগৰ গভীৰতা কেইজনৰ হৃদয়লৈ প্ৰসাৰিত হয়? অৱশ্যে জুবিনে নিজেই কৈছে— ‘ওখ-চাপৰ চিঞৰ-বাখৰৰ অৰ্থ যে নাই ই ধুৰুপ’। জুবিন আছিল অঘৰী, ধুমুহাৰ দৰে অনিয়ন্ত্ৰিত, পানীৰ দৰে আকাৰহীন, কিন্তু পানীৰ দৰে অপৰিহাৰ্য এক মুক্ত, প্ৰকৃত আৰু লজ্জাবিহীন সত্তা। এয়াই জুবিনৰ গভীৰতা বুজিবলৈ যথেষ্ট, তেওঁৰ গীত আৰু সুৰৰ তীব্ৰতাও আৰু আকাৰবিহীনতাও (বিশেষকৈ অন্তৰৰ সমস্ত দুখ-ক্ষোভ-হতাশাক দলিয়াই দি মুক্ত হবলৈ তেওঁ সৃষ্টি কৰা হামিংবোৰ) এইখিনিতে আছে। ব্ৰুচ লিয়ে কৈছিল— বি ৱাটাৰ, বি শ্যেমলেচ; জুবিনে অকণমান সলনি কৰি কৈছে— বি ৱাটাৰ, বি শ্বেপলেচ। লীৰ ‘বি ৱাটাৰ’ দৰ্শন এক গভীৰ অনুভৱৰ বিষয়, পানীৰ দৰে হ’ব পৰাটো সহজ নাছিল। মান, অভিমান, ব্যক্তিসত্তা, লিবিডো এইবোৰ এৰি আজিৰ যুগত ‘পানী’ হোৱাটো কঠিন। জীৱনৰ যিকোনো ঘটনাকে, যিকোনো পৰ্যায়ৰ দুখ-যন্ত্ৰণাকে হজম কৰি, এই কোলাহলৰ জগতখনৰ সকলো সামৰি, সকলোকে কঢ়িয়াই নিৰন্তৰ গৈ থাকিব পৰাটোতে ‘বি ৱাটাৰ’ দৰ্শন। ‘মাৰা মাৰা আৰু মাৰা, চেপি চেপি তেজ খোৱা শূন্য হায়’— এই অৰ্থহীনতাক বুজাটোও দৰকাৰ। কি এক অসামান্য অভিব্যক্তিৰে জুবিনে লিখি গৈছিল ‘ৱাটাৰ’ নামৰ কবিতাটো, শেষৰ শাৰীত তেওঁ হিংস্ৰ বালিত খোজকাঢ়িবলৈ আহ্বান জনাইছে— ‘খোজ কাঢ়িব পাৰ যদি আহিবি,/ মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত/ বি ৱাটাৰ বি শ্বেপলেচ’। বালি এক নিৰ্মম বাস্তৱ, বাস্তৱৰ পৰা আঁতৰি থকাজনে তপত বালিত খোজ দিব কেনেকৈ, বালিত খোজ নিদিলে পানীয়েই বা কিদৰে চুমা আঁকি জীৱনৰ অৰ্থ বুজাব পাৰিব? জুবিনে বুজিছিল— পানী এক গধুৰ মেটাফৰ, পৰিহাৰ্য সকলো পৰিহাৰ কৰি নিৰবধি হৈ পৰা এক অপৰিহাৰ্য চিন্তাস্ৰোত।
ঘৰুৱা পৰিৱেশটোতে তেওঁৰ প্ৰতিভাৰ বিকাশ হৈছিল। এখন সংস্কৃতিৱান ঘৰত জুবিনে সংগীতৰ চৰ্চা কৰিব পাৰিছিল, মাক ইলি বৰঠাকুৰ আৰু দেউতাক কপিল ঠাকুৰ (মোহিনী মোহন বৰঠাকুৰ) আছিল জুবিনৰ প্ৰেৰণা। সৰুৰে পৰা জুবিন পঢ়া-শুনাতো ভাল আছিল, দেউতাকে এবাৰ কৈছিল— ‘শৈশৱৰে পৰা জুবিন বৰ চটফটীয়া আছিল, গানৰ প্ৰতি আকৰ্ষণ বেছি, কিতাপো পঢ়িছিল যথেষ্ট।’ কিতাপ পঢ়াতো অনুৰাগীয়ে টোকাবহীত টুকি থ’বলগা পৰ্যায়ৰ, বিনা কিতাপে প্ৰতিভা আগনাবাঢ়ে, এই কথা দেউতাকে জানিছিল, জুবিনেও উপলব্ধি কৰিছিল (বহুদিন পাছত এদিন হুৰমুৰকৈ জুবিন যোৰহাটত হোৱা গ্ৰন্থমেলাত ওলাইছিলগৈ, বিপণিৰ পৰা হাতত তুলি লৈছিল বিক্ৰম শেঠৰ ‘দ্য চুইটেবল বয়’)। দেউতাক মাকৰ চুইটেবল বয় জুবিন পানীকেঁচুৱা থাকোঁতেই ৮০ টকা দামেৰে এটা ৰেডিঅ’ কিনি আনিছিল দেউতাকে, ৰেডিঅ’ৰ গীত শুনি জুবিন সৰু কালতে সংগীতৰ প্ৰতি আগ্ৰহী হৈছিল। দেউতাকে তবলা-হাৰমনিয়াম শিকিবলৈ নামভৰ্তি কৰি দিলে, পিতৃ অসম প্ৰশাসনিক সেৱাৰ বিষয়া, চাকৰি সূত্ৰে বদলি হৈ অসমৰ ইখন ঠাইৰ পৰা সিখন ঠাই পায়গৈ, জুবিনো এইদৰে কৰিমগঞ্জ, তামুলপুৰ, বিজনী আদি পায়গৈ, কৰিমগঞ্জত জুবিনৰ গুৰু ৰবীন বেনাৰ্জী, বিজনীত গুৰু ৰমনী ৰয়। গুৰু ৰয়ৰ পৰা সৰুতেই জুবিনে শিকিলে লোকগীত, লোকসুৰবোৰৰ প্ৰতি মনোযোগী হ’ল, মাকে ঘৰত আজৰি সময়ত জুবিনক কাষত বহুৱাই লৈ পুৰণি অসমীয়া সঙ্গীতৰ চৰ্চা কৰে, জুবিনে কী ব’ৰ্ডত আঙুলি বুলায়, তাৰ পাছত গীটাৰ, কংগো, নাল, ঢুলকী, ড্ৰাম। জুবিনৰ ভগ্নী জংকীয়ে গান গায়, সৰু ভনীজনীয়ে ভাৰত নাট্যম নাচে, দেউতাকে বৰগীত গায়, পুৱা-গধূলি কীৰ্তন ঘোষাৰ পদ মাতে। জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদৰ গীতৰ সংগ্ৰহ জুবিনলৈ লৈ আহে। এইদৰে এখন ঘৰৰ ৰুচি আৰু পৰিৱেশে জুবিনক নিৰ্মাণ কৰিলে, এই কথাটোত আমি গুৰুত্ব দিয়া উচিত। উল্লেখযোগ্য যে জুবিনৰ কণ্ঠৰ অন্যতম শ্ৰেষ্ঠ গীত ‘প্ৰীতিৰ সুবাসে’ ৰচনা কৰিছিল জুবিনৰ জেঠায়েক ৰেণু শৰ্মাই। এই সংগীতৰ পৰিয়ালটোত জুবিন কেৱল গীতৰ মাজতে মছগুল হৈ থকা নাছিল, একে সময়তে তেওঁ শ্ৰেণীৰ চোকা ছাত্ৰও আছিল, ১৯৮৯ চনত প্ৰথম বিভাগত মেট্ৰিক উত্তীৰ্ণ হোৱা এইগৰাকী মেধাৱী ছাত্ৰই বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল। তেতিয়া জে বি কলেজৰ বিজ্ঞানৰ ছাত্ৰ জুবিন, ক্ষীণ, দীঘল চুলি, চকুত গান্ধী চছমা, যেন এজাক ধুমুহাৰ দৰে জুবিনৰ প্ৰৱেশ। তবলা আৰু কীব’ৰ্ড বজোৱা জুবিনে ভবা নাছিল গায়ক হ’ব, কিন্তু গান গুণগুণাই আছিল। এই মায়াৱী কণ্ঠ আৰু গুণগুণনি শুনি ৰেডিঅ’ৰ নীলু চক্ৰৱৰ্তীয়ে দিয়া নিৰ্দেশত জুবিনে সংকোচেৰে গালে হীৰুদাৰ ‘গানে কি আনে’, তাকো নিজে সুৰ দি। হীৰুদাৰ গানটোৱেই অসমৰ সংগীত জগতলৈ জুবিন নামৰ অবিশ্বাস্য ধুমুহাজাক কঢ়িয়াই আনিলে।
সেই যে ঘৰৰ কাষৰ দোকানখনৰ ডেকত বাজি থাকে ‘প্ৰীতিৰ সুবাসে’, টোকাৰী গীত, পাৰ্ৱতিপ্ৰসাদৰ গৰখীয়া হেৰ গৰখীয়া— সেই কণ্ঠ আৰু সুৰতেই সন্মোহন আছিল। হিয়ামন ছিৰিজ, মায়া এইবোৰ ঠিক গীত নাছিল, আছিল যাদু, অসমীয়া গীতৰ নতুন স্তৰ, আগে আগে জিতুল, জিতুলৰ নতুন ঠাঁচৰ বিষাদ সংগীত ‘যদি কেতিয়াবা অকলে…’ (সেইসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত থকা জিতুল সোণোৱালৰ সৈতে জুবিনে কী ব’ৰ্ড বজাইছিল)। এই নতুন সময়খিনিত জুবিনৰ আৱিষ্কাৰ এক বিশেষ ঘটনা, জুবিন গুৱাহাটীত উঠিছেহি, বি বৰুৱা কলেজত, ৰসায়ন বিজ্ঞানত অনাৰ্ছ, অৱলীলাক্ৰমে বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ পালে, মহোৎসৱত সৰুৰে পৰা হৃদয়ত কঢ়িয়াই ফুৰা সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰিলে অগণন শ্ৰোতাক, তাকো পাশ্চাত্য সংগীতৰ দ্বাৰা। ভূপেন হাজৰিকাৰ পাছত তিনিআলি-চাৰিআলিত আকৌ হিন্দী গীতে চৌব্বিশ ঘণ্টা অধিকাৰ কৰা সময়ত অসমৰ সংগীত আকাশত আৱিৰ্ভাৱ হৈছে নামবিহীন ‘অনামিকা’ৰ। তাৰ পৰাই আকৌ অসমীয়া গীত শুনাৰ পৰ্ব আৰম্ভ হৈছে। জুবিনৰ প্ৰথম দশকৰ (১৯৯২ ৰৈ পৰা ২০০২ মানলৈ) গীতবোৰৰ লগতে নিজৰ এলবামকেইটা অসমীয়া সংগীতৰ গুৰুত্বপূৰ্ণ সংযোজন। ৰুচিবোধৰ সংকটৰ সময়ত জুবিনৰ প্ৰথম পৰ্বৰ গীতবোৰ আছিল নিভাঁজ অসমীয়া। এই যাত্ৰা থমকি নৰয়, তেওঁৰ কণ্ঠত চল্লিশ ভাষাত ত্ৰিশ সহস্ৰাধিক গান, ৪৪খন চলচ্চিত্ৰৰ সঙ্গীত পৰিচালনা, অভিনয়— এইবোৰ এক অভিলেখ, এনে অসামান্য অৱদানেৰে কম বয়সতে তেওঁ এগৰাকী জীৱন্ত কিম্বদন্তিলৈ ৰূপান্তৰিত হৈছিল, হৈছিল এক অনুষ্ঠানলৈ, এক পৰিধিহীন শক্তিলৈ, অগণিত গুণমুগ্ধ আৰু অনুৰাগীৰে জুবিন হৈ পৰিছিল জাতিটোৰ একক অনুৰাগ। এয়া যিকোনো এজন গায়কৰ বাবে দিবাস্বপ্ন মাথোন, কিন্তু জুবিনৰ বাবে হৈছিল এয়াই দিঠক, এয়াই পুৰস্কাৰ। জাতিৰ সংকটৰ সময়ত জুবিন আছিল সমুখত, ডেকা শক্তিক মুক্ত আৰু স্বাধীন হ’বলৈ তেওঁ অনুপ্ৰেৰণা দিছিল, দিছিল অমৃত সাহস, নিঃস্বজনকো এখন পৃথক, অগতানুগতিক সাম্ৰাজ্যৰ অধিকাৰী কৰিছিল।
কালজয়ী প্ৰেমৰ গীতবোৰৰ উপৰিও জুবিনৰ সৃষ্টিত ধৰা দিছিল সমসাময়িক সমাজ আৰু সমুখৰ দুঃস্থ সময়। প্ৰেমৰ সৈতে নিষ্ঠুৰ সামাজিক বাস্তৱতাৰ অনুষংগও তেওঁৰ গীতত স্বাভাৱিকভাৱে ধৰা দিছিল। ‘অ’ বৌ অ’’ গীতটোৰ এঠাইত আছে— ‘পঢ়িলো শুনিলো চাকৰি নাপালো’— এই হাহাকাৰ নব্বৈৰ দশকৰ প্ৰতিগৰাকী উচ্চ শিক্ষিত ডেকাৰ মনৰ হাহাকাৰ। এই অনুষংগত থকা ডেকা মনৰ আত্মগ্লানি আৰু ধিক্কাৰক গীতেৰেই তেওঁ কিছু সকাহ দিছিল। ‘সোণেৰে সজোৱা পঁজা’ গীতটোৰে আশাভংগৰ বেদনাত আহত অসমীয়া জাতীয়তাবাদক মৰ্মান্তিক ৰূপত তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল— ‘বুঢ়ী আইৰ জুহালতে চকুলো শুকায়/ দেউতাৰো একে দশা পদূলিলে চায়/ বহুদিন হ’ল সৰু বোপাৰ মুখ দেখা নাই/ চেনেহীৰ আকাশত আজি জোন-তৰা নাই/ হালৰে গৰু গোহালিতে, পথাৰো শুকায়/ ৰাতি হ’লে গুলীৰ শব্দই ৰজনজনায়’। এই গীতটোৰ জনপ্ৰিয়তা আকাশলংঘী, একে সময়তে এই গীতে বহুজন দেউতাক, আইতাক, সৰুবোপাৰ পিতৃক মৰ্মাহত কৰে, সন্ত্ৰাসৰ নিষ্ঠুৰ সময়লৈ মনত পেলাই দিয়ে। জুবিনৰ মুক্তি বা শিশু এলবামকেইটিত থকা সামাজিক দায়ৱদ্ধতা মন কৰিবলগীয়া। ‘দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ’— এই কাতৰতা এখন সন্ত্ৰাস জৰ্জৰিত দেশৰ সাধাৰণ শিশুৰ, লক্ষ লক্ষ শিশুৰ এই প্ৰাৰ্থনাৰ ধ্বনিয়ে সংবেদনশীল প্ৰতিজনকে উচপ খুৱায়, চকুৰ সন্মুখতে কতজন নিৰপৰাধ ব্যক্তি নিহত হৈছে, কাৰ কপাল উকা হৈছে, ক’ত গুলি ফুতিছে, কতজন আহত, কতজন ঘুণীয়া। এই ৰাজনৈতিক অস্থিৰতাত অসম আতংকিত, সোণৰ অসম গঢ়াৰ স্বপ্নৰে আৱেগিক অসমীয়াৰ মৃত্যুপণো ক’ৰবাত পথভ্ৰষ্ট। এই জাতীয় সংকটৰ পৰা উদ্ধাৰ হ’বলৈ এক বিনয়ী আহ্বান জুবিনে গানেৰে প্ৰতিগৰাকী অসমীয়াৰ ঘৰলৈ লৈ গৈছিল— ‘গুলী বাৰুদ ধোঁৱা উৰুৱাই/ নিৰপৰাধী শিশুক কন্দুৱাই/ কিনো দিলা, কিনো পালা/ শান্তি দিয়া/ মুক্তি দিয়া।’
যিটো সময়ত জুবিন গানৰ মাজলৈ আহিছিল, সেইখিনি ৰাজ্যখনৰ বাবে এক ভয়াৱহ সময়। কুৰি শতিকাৰ শেষৰ দশকটোত হোৱা হত্যা, হিংসা, ৰাজনৈতিক ঈৰ্ষা আৰু সংঘাত, অসমীয়া ডেকাৰ চৰম ত্যাগ আৰু আনফালে চৰম হতাশা,— এইবোৰৰ মাজত জুবিন আহিছিল এক উশাহ হৈ, অস্থিৰতাৰ মাজতে শুনিবলৈ এটি মধুৰ গান হৈ, সংগ্ৰামৰ মাজত জী থাকিবলৈ অকণমান প্ৰেম হৈ। অসমীয়া জাতীয়তাবাদ সশব্দে পানীত ডুবাৰ সময়ত, সাংস্কৃতিক আগ্ৰাসনে প্ৰান্তীয় জনজীৱনক আত্মসাৎ কৰাৰ সময়ত, অসম আৰু অসমীয়াৰ আত্মপৰিচয়ৰো চৰম দুৰ্যোগৰ সময়ত জুবিনৰ কণ্ঠ হৈ পৰিছিল এক পৰিচয়, অসমীয়া সত্তাটোক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সবল আৰু সামগ্ৰিক। ঔপনিৱেশিক অসমৰ মুক্তিকামী উত্তৰণ সম্ভৱ হৈছিল জ্যোতি-বিষ্ণুৰ সাংস্কৃতিক জাগৰণেৰে, অম্বিকাগিৰীৰ চিঞৰেৰে, গোপীনাথ বৰদলৈকে ধৰি কেইগৰাকীমান ব্যক্তিৰ সবল ৰাজনৈতিক নেতৃত্বৰ বাবে। কিন্তু এই লিগেছি দুৰ্বল হৈ পৰিছিল, কেৱল মাত্ৰ সাংস্কৃতিক লিগেছি বৰ্তি আছিল ভূপেন হাজৰিকাৰ হাতত। ৰাজনৈতিকভাৱে অসম ক্ৰমে দুৰ্বল হৈ পৰাৰ লগে লগে অৰ্থনৈতিক সংকট নামি আহিল, জনমূৰি আয়ৰ দ্ৰুত অৱনতি ঘটিল, সামাজিক বিশৃংখলতাৰ সৃষ্টি হ’ল, আন্দোলনো এক জাতীয় সংস্কৃতিৰ অংগ হৈ পৰিল আৰু এইবোৰৰ ফলত সাংস্কৃতিক জাতীয়তাবোধৰ অধঃপতন ঘটিবলৈ একপ্ৰকাৰৰ বাধ্য পৰিৱেশ এটাৰ সৃষ্টি হ’ল। ভূপেন হাজৰিকা মুম্বাইত আছে, হিন্দী চলচ্চিত্ৰত গীত গাইছে, এই পৰিস্থিতিত তেওঁৰ ‘দিল হুম হুম কৰে’ৰ গত্যন্তৰ নাই। এই পৰিৱেশত জুবিন আহিছে একেবাৰে নতুন কথা আৰু সুৰ লৈ, ‘অনামিকা’ৰ জৰিয়তে। ভূপেন হাজৰিকা যদি কথাৰ কলাকাৰ আছিল, জুবিন সুৰৰ কলাকাৰ। এই সুৰে যোৱা তিনি-চাৰি দশক অসমক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে, সাংস্কৃতিকভাৱে স্বাধীন কৰিও ৰাখিছে। এই প্ৰজন্ম সেইবাবে ভাগ্যৱান। যুৱ মানসিকতাত এই স্বাধীনতা জাতীয় সংকটৰ পৰা উঠি অহা, সেইবাবে ইয়াৰ জাতীয় প্ৰভাৱ গুৰুতৰ। জুবিন সেইবাবে কেৱল প্ৰেমৰ পূজাৰী নহয়, বিপ্লৱৰো পূজাৰী, বংগৰ নজৰুলৰ দৰে, সংঘাত-সংগ্ৰামখিনিৰ সৈতে জুবিনৰ জনমুখী দৰ্শনৰো প্ৰাসংগিকতা আছে। সংগীত এক জাতীয় গৌৰৱৰ বিষয়। সেই সূত্ৰে সংগীতত জাতীয় দৰ্শনো প্ৰতিফলন হ’ব লাগিব। ক্ৰমশঃ বাঢ়ি অহা হত্যা, দুৰ্নীতি, অন্যায়, উৎপীড়নে জুবিনকো কোনোবাখিনিত হতাশ কৰিছিল। এই হতাশাক বুজি তেওঁ অসমীয়া মননৰ পৰা এয়া আঁতৰ কৰাৰো চিন্তা কৰি সংগীতকে মাধ্যম হিচাপে লৈছিল। তেওঁ গাইছিল— ‘অন্ধ আকাশ ৰুদ্ধ বতাহ/ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক…/ মুকুতি দেখোঁ আজি দিশহাৰা হৈ ৰয়/ দিশে দিশে চলে মাথোঁ মৃত্যুৰ ৰথ।’ ‘সকলোতে মাথোঁ অনিয়ম অনাচাৰ, এয়াই জানো সপোন আছিল কুৰি শতিকাৰ’— এই প্ৰশ্নৰ শক্তি তাৎপৰ্যপূৰ্ণ। জাতিৰ এই সংকটত শব্দ কিয় কাৰাৰুদ্ধ— এই প্ৰশ্নও জুবিনেই কৰিছে। শব্দ যদি প্ৰেৰণা হয়, তেন্তে শব্দ কিয় শংকিত? এয়া এক সৰ্বজনীন সত্য। মধ্যবিত্তীয় অসমীয়া সমাজৰ বাবে শব্দৰ নান্দনিকতাৰহে উদযাপন হয়। অথচ মধ্যবিত্ত অসমীয়া সমাজখনে যোৱা পঞ্চাছ বছৰত অসমখনৰ অস্তিত্ব ক্ৰমশঃ নিঃশেষ হ’ব ধৰা দেখি আহিছে। তাৰ পাছতো শব্দত বাস্তৱ কিয় নাই? নাই নিবনুৱাৰ কথা, জীৱিকা নোহোৱাৰ কথা, শিল্প-সংস্কৃতিৰ মৃত্যুৰ কথা, জাতিটোৰ খৰাং অৱস্থাৰ কথা। এই পৰিস্থিতিত বিদ্ৰোহ হ’ব, হাবিলৈ সৰু বোপা নগৈ কি উপায় আছে? ৰাষ্ট্ৰযন্ত্ৰৰ ওচৰত অসহায় অসমীয়াৰ এই ক্ষোভৰ মূল্য নাই, জানো। বিদ্ৰোহত মৃত্যু সুলভ হ’বই, অথচ এই মৃত্যু উপত্যকাত কোনো বিচাৰ নাই, প্ৰেক্ষাপট নিৰ্মাণ কৰোঁতাকো জগৰীয়া কৰা হোৱা নাই, এটা প্ৰতিবাদ নাই। অন্ধ শাসনৰ ভণ্ড শাসকৰ এই দেশত মৃত্যু সুলভ, সহজ উছৱ, জীৱন লোৱাৰ ক্ষমতা অপাৰ বুলি ক্ষমতাশালীক ভ্ৰূকুটি কৰি তেওঁ গীতেৰেই সেয়ে কৈছে— শিশুৰ মুখৰ হাঁহি ঘূৰাই আনিব লাগিব। এয়া এক সমূহীয়া সংকল্প হোৱা উচিত। শিশুৰ হাঁহিৰেহে এখন নতুন অসম নিৰ্মাণ হ’ব।
জুবিনে ‘দীনবন্ধু’ আৰু ‘মন যায়’ চিনেমা দুখনত অভিনয় কৰিও অসমীয়া দৰ্শকক মুগ্ধ কৰি ৰাখিছে। কলাকাৰ জুবিনৰ কলাত্মক অভিনয়ে দৰ্শকক সঁচা অৰ্থত মোহাচ্ছন্ন কৰি ৰাখিছিল। ‘মন যায়’ত প্ৰকাশ হোৱা এজন সৎ, দুখীয়া গাঁৱৰ যুৱকৰ স্বপ্ন আৰু স্বপ্নভংগৰ বেদনা বৰ অৰ্থৱহ, বহুতে মানৱ নামৰ ল’ৰাজনৰ কান্দোনখিনিত নিজক বিচাৰি পায়। মানৱে যেতিয়া এছাৰি এডালেৰে খালৰ পানীত কোবাই থাকে, ক্ষোভ, বিদ্ৰোহত ভিতৰৰ মানুহটো জ্বলি থাকে, গাঁৱলীয়া বাটৰ নিৰ্জন বেঞ্চ এখনত বহি প্ৰেয়সীলৈ ৰৈ থাকে, প্ৰেয়সী নিমাতে-নীৰৱে কাষেৰে পাৰ হৈ যায়, একো এটা ক’ব নোৱৰা অবুজ বেদনাৰে ল’ৰাটো কান্দি উঠে, তেতিয়া আমি মূক হওঁ, উচুপি উঠোঁ, যেন এইজন জুবিন নহয়,— মই, মই। এই চিৰাচৰিত নিবনুৱা ব্যথা, মেধাৰ অপচয়, প্ৰাণহীন জীৱনৰ হতাশা, প্ৰেম-সৌন্দৰ্যৰ পৰা দূৰৈত শুষ্ক এখন পৃথিৱীত মনৰ জুৰণি ক’ত? উচুপনিৰ বাহিৰে ইয়াত আছে বা কি— এই কৰুণ উপলব্ধিৰ মাজত অসহায় জুবিন গাৰ্গক আমি সাবটি ধৰোঁ, তেওঁৰ অকৃত্ৰিম অভিব্যক্তিৰ বাবে। জুবিনৰ গীতবোৰত প্ৰেমৰ উন্মুক্ত শৈল্পিক প্ৰকাশো অনুভৱ কৰোঁ বেছিকৈ। নিজে লিখা গীতবোৰত থকা কাব্যিক ব্যঞ্জনা আৰু অনুভৱৰ গভীৰতা জুবিনৰ সম্পদ আছিল। ‘মায়াবিনী’ গানটো এটা অদ্বিতীয় গীত, এফালে প্ৰেম, প্ৰেমৰ পৰা পাব পৰা শক্তি আৰু আনফালে ধুমুহা আৰু সংগ্ৰাম। তাৰ মাজতো জীৱন আগবাঢ়ে প্ৰেমেৰে, এই পীড়ন পাৰ হৈ প্ৰেম আহে, নামি আহে ৰ’দৰ নৈ, জীৱনৰ সমাধানহীন সমস্যাৰ মাজতো কোনো যুৱকে কাতৰ হৈ কামনা কৰে এই ধুমুহা, এই এন্ধাৰ সকলো তোমাৰ (প্ৰেয়সীৰ) বুকুত শেষ হ’ব। এই বিশ্বাসৰ প্ৰয়োজন আছে, জীৱনক নতুনকৈ প্ৰাণ সঞ্চাৰ কৰা প্ৰেম আৰু তাৰ উপলব্ধিৰ সংকেত বুজাটোও দৰকাৰ। তেওঁৰ এই বিকল্পহীন সৃষ্টিবোৰ আছিল আকস্মিক, কোনেও অনুমান কৰিব নোৱৰা বিধৰ, কোনো পূৰ্ব প্ৰস্তুতি নোহোৱাকৈ হঠাতে, কম সময়ৰ ভিতৰতে গীত লিখে, সুৰ কৰে, কণ্ঠদান কৰি ষ্টুডিঅ’ৰ পৰা ওলাই আহে। এই ৰাজকীয় প্ৰৱেশ আৰু প্ৰস্থানেও তেওঁৰ অপৰিমেয় প্ৰতিভাৰ ইংগিত দিয়ে। কথাটো জুবিন মূল্যায়নৰ বাবে দৰকাৰী।
জাতি, ধৰ্মক লৈ হোৱা সংকীৰ্ণ চিন্তাধাৰা দেখি পৰৱৰ্তী সময়ত জুবিনে এক পৰিৱৰ্তনৰ স্বপ্ন দেখিছিল, ‘কাঞ্চনজংঘা’ত সংলাপ দিছিল— মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়ে কাঞ্চনজংঘা। ‘ময়ে কাঞ্চনজংঘা’ এই থীমটোৰ সৈতে এক চছিঅ’ লেফটিষ্টৰ মনন সংপৃক্ত হৈ আছে, এক পৰিৱৰ্তনৰ আকাংক্ষা, কিন্তু বিক্ষিপ্ত, এক ধৰণৰ ঔচিত্যবোধ, বিদ্ৰোহ। বিষ্ণু ৰাভা তেওঁৰ প্ৰিয় হৈছিল, সেইজন বিষ্ণু ৰাভাই ‘ৰাজ্যে আছে দুইটা পাঠা, একটি কালো একটি সাদা, ৰাজ্যেৰ যদি মংগল চাও, দুইটি পাঠাই বলি দাও’ বুলি ঔচিত্যবোধৰ সকলো সীমা পাৰ হৈ অসীম সাহস দেখুৱাইছিল। একেদৰে জুবিনে মাজুলীত গৈ ‘প্ৰভু ঈশ্বৰ’ নামানো বুলি কৈছিল, এয়া মাত্ৰ এটা উদাহৰণহে। এইবোৰ পুৰণি ধাৰণাৰ বিপৰীতে এক পৰিৱৰ্তনকামী নতুন ধাৰাৰ সংবাহক আছিল জুবিন। চছিঅ’ লেফটিষ্ট— এই অৱধাৰণাটোত ক্ষয়িষ্ণু সমাজখন, বৰ্ণবাদ, সাম্প্ৰদায়িকতা দেখি কৰা বিদ্ৰোহ আছে, প্ৰশ্ন আছে, সাংস্কৃতিক সাম্ৰাজ্যবাদৰ বিৰোধিতা আছে, সংস্কৃতিৰ কলংক আৰু সিয়ে দিয়া শূন্যতাত জাতি যেতিয়া থৰকবৰক, তেতিয়া এজন নিঃকিন যুৱকৰ ক্ষোভ আৰু দুখ সাবটি জুবিনে গৰজি উঠিছে— পলিটিক্স নকৰিবা বন্ধু। এই গীতটোত কৈছিল— ‘দুবেলা দুসাঁজ ভাত খুঁটি খুঁটি খাওঁ’। জাগ্ৰত জনতাক দিকভ্ৰষ্ট কৰাটো এটা কুটিল ৰাজনৈতিক এজেণ্ডা, দুৰ্ভাগ্যজনকভাৱে এই জাতিধ্বংসী পলিটিক্স এক অৰ্থত অসমৰ জাতীয় সম্পত্তিৰ দৰে। সেইবাবে জাতি-মাটি-ভেটি, জাতি-জনগোষ্ঠী সকলো লুটি-পুতি খোৱা জনপ্ৰতিনিধিবোৰৰ সম্পত্তিৰ পৰিমাণ পৰ্বতসম, দহখন অসম কিনিব পৰা সামৰ্থ্যৰ। দেশখন যেন আকৌ কেইজনমান ধনকুবেৰৰ নতুন ঔপনিৱেশ হৈছে। এই নীতিহীন, জাতিপ্ৰেমহীন সমাজ ব্যৱস্থাত একধৰণৰ জাতীয় উত্থান দৰকাৰী। এই জাতীয় উত্থানক তেওঁ ‘আহি আছে মহাকাল’ বুলি ইংগিতেৰে কৈ গৈছে। বঞ্চনাৰ ৰাজনীতিত অতিষ্ঠ যুৱমনৰ সৈতে প্ৰতিষ্ঠানবিৰোধী ৰাজনৈতিক বক্তব্যৰে ক্ৰমে জুবিন হৈ পৰিছিল হতাশ ডেকাশক্তিৰ সমুখত এক সাহসী আশ্ৰয়, এক আশাৰ পোহৰ। এই শক্তিক যথাযথ ব্যৱহাৰ কৰি জাতীয় সমৃদ্ধিলৈ লৈ যাব পৰাটো হ’ব লাগিছিল জুবিনৰ অনন্য কৃতিত্ব, অথচ এয়া হৈ নুঠিল। এয়াও হাজাৰজন জুবিনক ভালপোৱা অথচ জুবিনৰ কাষত থকাৰ সুবিধা নোপোৱা জাতিপ্ৰেমীৰ বাবে এক গধুৰ বিষাদ আৰু পৰিতাপৰ বিষয়।
অৱশ্যে বিষাদৰ আৰু এক আখ্যান অসমীয়া জাতিয়ে সদায় কঢ়িয়াই লৈ ফুৰিব লাগিব। অসমীয়া গানৰ চহকী পৰম্পৰাত জুবিন আছিল একধৰণৰ চমক, অভিনৱ জুতিৰে, এই চমকৰ বজাৰীকৰণ হ’ল, এয়া যেন অৱধাৰিত আছিল (মৃতপ্ৰায় অসমীয়া চলচ্চিত্ৰৰ উদ্ধাৰৰ উদ্যোগটোও একেধৰণৰ)। তথাপি জুবিনমুখী সংগীতৰ বজাৰখনত জুবিনক কেন্দ্ৰ কৰি এক সামাজিক আৰু ৰাজনৈতিক চেতনাৰ প্ৰাসংগিকতা প্ৰয়োজন আছিল, প্ৰয়োজন আছিল এক জীৱনমুখী গভীৰ বোধৰ, ষ্টুডিঅ’ আৰু ষ্টুডিঅ’ৰ বাহিৰতো। জনপ্ৰিয়তাৰ দোষদুষ্ট আৱেগঘন জীৱনশৈলীয়ে ক’ৰবাত অসমীয়াক এই শৃংখলাৰ পৰা বঞ্চিত কৰিলে। সাধনাত খেয়ালী মনতকৈও চিন্তা আৰু কামৰ শৃংখলাৰ গুৰুত্ব বেছি থাকে। তাতে পুঁজিবাদ এনে এক কৌশল, যিয়ে জনপ্ৰিয়তাত ডুবাই ব্যক্তিক সমাজ বীক্ষণৰ মৌলিক দিশবোৰ অন্ধকাৰত ৰাখি, চিন্তাৰ বিপৰীতে প্ৰমোদৰ পৃথিৱী এখন নিৰ্মাণ কৰে। খেয়ালী মনৰ পৰা ব্যৱসায়িক লাভালাভো তাৎক্ষণিক। পুঁজিবাদৰ এই ভোগ প্ৰমোদ নিৰ্মাণৰ ষড়যন্ত্ৰত, পণ্যতত্ত্বৰ এই অবাঞ্ছিত প্ৰৱণতাত আমি সকলো অসহায়, এই দ্বন্দ্বৰ মাজত অসাধাৰণ প্ৰতিভাৰো দৃষ্টিভ্ৰম হ’ব, পুঁজিবাদে ইচ্ছাকৃতভাৱে নিজৰ স্বাৰ্থত ৰুচিৰ নিৰ্মাণ কৰিবলৈ চাব, সেয়া বিকৃত হ’লেও হওক। এইটো তাৎপৰ্যপূৰ্ণ যে ষ্টাইল আৰু ফেশ্বনতো জাতিৰ বোধশক্তি আৰু চৰিত্ৰৰ প্ৰকাশ ঘটে। জেদ (Z) প্ৰজন্ম অসমত নিঃসন্দেহে জুবিন প্ৰজন্ম, এয়াও স্বীকাৰ্য যে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জুবিনৰ অখণ্ড প্ৰভাৱ আছে। জাতীয় চৰিত্ৰৰ প্ৰকাশতো এই অখণ্ড প্ৰভাৱৰ অকণমান ছিটিকনি পৰিলে বৰ ভাল হলহেঁতেন। মায়াময় জুবিনৰ গানত থকা শীতলতা, মুগ্ধতা, পৰিৱৰ্তনমুখিতা বাৰম্বাৰ হৃদয়ত স্থাপনা কৰিও এই আক্ষেপ ৰৈ যাব অলেখজন জুবিন অনুৰাগীৰ মনত। অনাহুত নানা বিতৰ্কৰ মাজত (বিহু মঞ্চত হিন্দী গান আদি অনেকটা বিষয়ত) মৰমৰ শিল্পীজনক সচেতন সংগীত অনুৰাগীসকলে কোনোদিন চাব খোজা নাছিল। সুস্থ সংস্কৃতি এটা গঢ় দিয়াত জুবিনৰ অলেখ সম্ভাৱনা আছিল, আমি পাহৰিব নালাগিব যে সন্ত্ৰাস জৰ্জৰিত অসমত সন্ত্ৰাসবাদৰ বিৰুদ্ধে জুবিনৰ নীতিগত অৱস্থান আছিল শক্তিশালী, আনকি আলফাৰ সৈতেও জুবিনৰ বিবাদে চূড়ান্ত ৰূপ লৈছিল। অথচ আমি কোনেও নাভাবোঁ যে মুম্বাইৰ শিল্পী নহাকৈও অসমীয়া সঙ্গীত হ’ব পাৰে— এই বিশ্বাস আৰু জাতীয় অহংকাৰ কেৱল মাত্ৰ জুবিনসৃষ্ট। জুবিনে বহুবাৰ মঞ্চত উষ্মাৰে কৈছিল— ‘ফাল্টু কনচেপ্ট লৈ আমি সংস্কৃতি নকৰোঁ’। অসম আৰু অসমীয়া দীৰ্ঘদিন ধৰি এই ‘ফাল্টু কনচেপ্ট’ৰে পৰিচালিত হৈ আছে, বিষ্ণুপ্ৰসাদৰো ক্ষোভ সেইখিনিতে আছিল। এই গধুৰ গৰ্জন অসমীয়াৰ স্বাভিমান হ’বলৈ ধৰা সময়তে তোষামোদকাৰী ‘জুবিন-সংস্কৃতি’ত এক লঘু, তৰল বেশভূষা, ফেশ্বনৰ আমদানি হ’ল (ষ্টাইল নহয়)। যিদৰে বিহুত পুঁজিবাদৰ আমদানি হ’ল, জাতীয় কৃষ্টি-সংস্কৃতিৰ উপস্থাপনত ধনকুবেৰৰ শ্ৰুতলিপি চলিল, হডিং, পোষ্টাৰৰ অভিলেখত বিহুৰ স্বৰূপ হেৰাল, গ্লেমাৰৰ অত্যাচাৰত জন-সাংস্কৃতিক আন্দোলনে মুখ থেকেচা খালে। এয়াই পৰিহাস। এই ভয়ংকৰ সত্য বুকুত বান্ধিয়েই হাজাৰজন জুবিন অনুৰাগীয়ে জুবিনৰ গীত শুনিব লাগিব। জুবিন আছিল এজন অনুমান ঊৰ্ধ্বৰ ব্যক্তিত্ব, এক স্বাধীন সত্তা, শিকলিৰে বান্ধিব নোৱৰা, সেই বাবে অন্ততঃ এই আশা কৰা যায় যে জুবিনক এই সকলো সংকীৰ্ণতাৰ পৰা নিজৰ অসামান্য সৃষ্টিয়ে তুলি ধৰিব, সান্ত্বনা এয়াই যে ঠিক যেন ৰবীন্দ্ৰনাথে কোৱাৰ দৰে মানুহৰ মাজত যি কিছু শ্ৰেষ্ঠত্ব আছে, সেয়া সংকীৰ্ণভাৱে কোনো জাতিৰ মাজত আবদ্ধ হৈ থাকিব নোৱাৰে। জুবিনৰ অকাল মৃত্যুত ব্যথিত লক্ষজনৰ ‘জয় জুবিন দা’ চিঞৰে এই পৰিধিহীন আত্মিক জুবিন দৰ্শনকে নিনাদিত কৰিছে। এয়া যেন জাতিটোৰ আৰ্তনাদ, সকলো সম্ভ্ৰম ছিঙি, সকলো আকাৰ ভাঙি সামূহিক এক সত্তাত বিলীন হোৱাৰ, এক গাঁথনিহীন, মুক্ত, জনধ্বজাৰ তলত থিয় হোৱাৰ। এই আকাৰহীনতাই আছিল জুবিন, পানীৰ দৰে, ‘বি ৱাটাৰ, বি শ্বেপলেচ’ৰ প্ৰতিধ্বনি— এই জনজোৱাৰত এই কথা হেৰাই নাযাওক। এই বিশালতাত অৱগাহন কৰিও এক অব্যক্ত যন্ত্ৰণা আৰু বিষণ্ণতাত একেই অসহায়ভাৱে এই শেষ যাত্ৰাৰ অভিলেখ সমদলত যোগ দি সেয়ে সমস্বৰে আমি কামনা কৰিছোঁ— ‘শেষ বুলিলেইতো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়’। অসমীয়া জাতিটোৰ এই কঠিন সময়ত জুবিন জাতিহীন-ধৰ্মহীন এক সুস্থ আশাৰ নাম হওক।
❧ | আৰু পঢ়ক: