শ ৰৎ ঋতুক বেয়া পোৱা মানুহ কমেইহে ওলাব। কিন্তু অসমীয়া কবিসকলে শৰতৰ ৰূপ বৰ্ণনা কৰি তাৰ বিশিষ্টতাক ধৰি ৰাখিবলৈ বেছি কবিতা লিখা নাই। একমাত্ৰ ব্যতিক্ৰম শঙ্কৰদেৱ। তেওঁ দিয়া শৰতৰ বৰ্ণনা বিস্ময়কৰ। ইংৰাজী সাহিত্যত অৱশ্যে শৰতক বিষয় কৰি লিখা কবিতাৰ বৰ অভাৱ নাই। শ্বেইক্সপীয়েৰ (William Shakespeare)ৰ ৭৩ নম্বৰৰ চনেট, ৱিলিয়াম ব্লেইক (William Blake)ৰ ‘To Autumn’, জন কীটছ (John Keats)ৰ ‘To Autumn’, ৰবাৰ্ট লুই ষ্টিভেনছন (Robert Louis Stevenson)ৰ ‘Autumn Fires’, ৰবাৰ্ট ফ্ৰষ্ট (Robert Lee Frost)ৰ ‘October’, জন ক্লেয়াৰ (John Clare)ৰ ‘Autumn Birds’, ডাণ্টে গেব্ৰিয়েল ৰছেটি (Dante Gabriel Rossetti)ৰ ‘Autumn Song’, জন গ্ৰিনলিফ হুইটিয়াৰ (John Greenleaf Whittier)ৰ ‘The Corn-Song’, সৰোজিনী নাইডু (Sarojini Naidu)ৰ ‘Autumn Song’, এমিলি ব্ৰণ্টি (Emily Jane Brontë)ৰ ‘Fall, Leaves, Fall’, ব্লিছ কাৰমেন (William Bliss Carman)ৰ ‘A Vagabond Song’, লুইছ গ্লুক (Louise Elisabeth Glück)ৰ ‘October’ ইত্যাদি শৰতক বিভিন্ন দিশৰ পৰা বিষয় কৰি লিখা কবিতা।
শ্বেইক্সপীয়েৰৰ চনেটটোত শৰৎ আৰু শীত— এই দুয়োটা ঋতুক সামৰা হৈছে। ধুনীয়া যুৱকজনক উদ্দেশ্য কৰি কোৱা হৈছে যে কবিৰ মাজত বছৰৰ সেই সময় তেওঁ দেখা পাব পাৰে যেতিয়া এটা-দুটা হালধীয়া পাত ডালত ওলমি থাকিব পাৰে অথবা ডাল লঠঙা হৈয়ো থাকিব পাৰে:
“That time of year thou mayst in me behold
When yellow leaves, or none, or few, do hang
Upon those boughs which shake against the cold”।
শৰতে কবিতাটোত মৃত্যুৰ ধাৰণাক কেন্দ্ৰত ৰাখিছে। কবিতাটোৰ মাজেদি গভীৰ দাৰ্শনিক সত্যৰ প্ৰকাশ পাইছে। যি পাৰ্থিৱ প্ৰক্ৰিয়াই শৰীৰটোক পূৰ্ণতা দান কৰিছিল, সেই একেই প্ৰক্ৰিয়াই ইয়াক ধ্বংসও কৰিছে।
“In me thou see’st the glowing of such fire
That on the ashes of his youth doth lie”
ৱিলিয়াম ব্লেইকৰ কবিতাটো চাৰিটা ঋতুক লৈ লিখা চাৰিটা কবিতাৰ এটা। শৰৎ ঋতুৰ ৰং, আনন্দ আৰু ইবোৰে জগাই তোলা অনুভূতি আদিক লৈয়ে কবিতাটো লিখা হৈছে। কবিতাটো আৰম্ভ হৈছে প্ৰকৃতি জগতৰ পৰিপূৰ্ণতাৰ ছবি এখনেৰে—
“O Autumn, laden with fruit, and stained
With the blood of the grape, pass not, but sit
Beneath my shady roof;”।
জন কীটছে শৰতক বিষয় কৰি লিখা কবিতাটোত শৰতত শস্যই লাভ কৰা পৰিপক্কতা, শৰতৰ ৰং, ৰূপ, দৃশ্য, শব্দ আদিক ইন্দ্ৰিয়গ্ৰাহ্য কৰি দাঙি ধৰা হৈছে। সূৰ্যৰ আশীৰ্বাদ পাই আপেল আৰু আঙুৰৰ গছ-লতাই নিজৰ ফলবোৰ ৰসেৰে পৰিপূৰ্ণ কৰিছে—
“To bend with apples the moss’d cottage-trees,
And fill all fruit with ripeness to the core;”।
শৰৎ যে নিজৰ ৰং, ৰূপ আৰু ঐশ্বৰ্যৰে পৰিপূৰ্ণ আৰু বসন্তৰ লগত তুলনা অপ্ৰয়োজনীয়, সেই কথাও স্পষ্ট কৰা হৈছে—
“Where are the songs of spring? Ay, Where are they?
Think not of them, thou hast thy music too,”।
শৰতক লৈ লিখা ৰবাৰ্ট ফ্ৰষ্টৰ ‘অক্টোবৰ’ কবিতাটোত শৰতৰ বৰ্ণনাৰ লগতে মৃত্যুৰ চেতনাও ক্ৰিয়শীল হৈ আছে। সন্তৰ্পণে অহা অক্টোবৰৰ পুৱাটো বৰ নিৰ্জু। গছৰ পাতে হালধীয়া বৰণ লৈছে। বলিয়া বতাহ বলিলে পাতবোৰ সৰি পৰিব। কাউৰীৰ জাকটোও কাইলৈ ক’ৰবালৈ উৰি গুচি যাব। মৃত্যুৰ এই সচেতনতাৰ বাবেই শৰতক কোৱা হৈছে যে এই দিনটোৰ গতি কিছু লেহেমীয়া কৰি দিব লাগে যাতে সময়খিনি ভালদৰে উপভোগ কৰিব পাৰি— “Begin the hours of this day slow”।
ৰবাৰ্ট লুই ষ্টিভেনছনৰ তিনিটা স্তৱকৰ নাতিদীৰ্ঘ কবিতাটোৰ দ্বিতীয় স্তৱকটো এনে ধৰণৰ—
“Pleasant summer over
And all the summer flowers,
The red fire blazes,
The grey smoke towers.”।
গ্ৰীষ্মৰ অন্তত ফুলবোৰ জুইৰ শিখাৰ দৰে হৈছে। ৰূপকীয় এই জুইৰে সম্প্ৰসাৰিত ৰূপ জাবৰ-জোথৰ পোৰোঁতে ওলোৱা ধোঁৱা। কবিতাটোৰ তৃতীয় স্তৱকত শৰতৰ উজ্জ্বলতাত পাঠককো অংশগ্ৰহণ কৰিবলৈ আহ্বান কৰা হৈছে—
“Sing a song of seasons!
Something bright in all!
Flowers in the summer,
Fires in the fall!”
ডাণ্টে গেব্ৰিয়েল ৰছেটিৰ Autumn Song কবিতাটোত মৃত্যুৰ চেতনা ক্ৰিয়াশীল। কবিতাটোৰ আৰম্ভণী স্তৱকতে কোৱা হৈছে যে গছৰ পাত সৰি পৰোঁতে হৃদয়ক এক অৱসন্ন বিষাদে আগুৰি ধৰে। শৰৎ কালত গছৰ পাত সৰি পৰোঁতে টোপনিও সুদৰ্শন হৈ পৰে। শৰতত গছৰ পাত সৰি পৰোঁতে মৃত্যুও মনোৰম হৈ পৰে—
“And how death seems a comely thing
In Autumn at the fall of the leaf?”।
সৰোজিনী নাইডুৰ এটা সুন্দৰ গীতিকবিতা Autumn Song। ৰূপকীয় অৰ্থত শৰৎ কবিৰ বাবে এখন সপোন হেৰোৱা হৃদয়ৰ দৰে। কবিতাটো এইদৰে আৰম্ভ হৈছে—
“Like a joy on the heart of a sorrow,
The sunset hangs on a cloud;”।
শৰৎ কালৰ বতাহৰ শব্দই কবিৰ বিষণ্ণ হৃদয়ক আহ্বান জনাইছে। শৰৎ কালত সৰি পৰা পাতৰ দৰে কবিৰ সপোনো আঁতৰি গ’ল। কবিয়ে নিজেও পিছ পৰি থকাৰ কাৰণ বিচাৰি পোৱা নাই—
“For its dreams like the fluttering leaves have gone,
And why should I stay behind?”।
কানাডাৰ কবি ৱিলিয়াম ব্লিছ কাৰমেনৰ A Vagabond Song কবিতাৰ বিষয়ো শৰৎ কাল। কবিতাটোৰ প্ৰথম শাৰীতেই কোৱা হৈছে যে শৰতৰ লগত তেওঁৰ তেজতে কিবা এটা জন্মগত লাগি আছে। কবিতাটোক কবিয়ে যাযাবৰী গীত বুলিছে। শৰতৰ মাজত কিবা এটা আছে, যিটোৱে তেওঁৰ যাযাবৰী তেজক উচটায়। জন ক্লেয়াৰৰ Autumn Birds কবিতাটোৰ বিষয় শৰৎ কালৰ চৰাই। হঠাতে মনলৈ অহা চিন্তাত মানুহে কেতিয়াবা উচপ খাই উঠাৰ দৰে শৰৎ কালত বনৰীয়া হাঁহবোৰো চমকি উঠে। বগলীটো ইমান লাহে লাহে উৰিছে যেন ইয়াক ধৰিবই পৰা হ’ব। ক্লান্ত ডেউকা কোবাই কাউৰীবোৰ হালিজালি গৈ আছে। কবিতাটোত বিচিত্ৰ চৰাইৰ উৰণ, বাহলৈ ঘূৰি যোৱা আৰু সিহঁতৰ মাতবোৰৰ বৰ্ণনা কৰা হৈছে।
লুইছ গ্লুকৰ October শীৰ্ষক কবিতাত শৰৎ কালত প্ৰকৃতিলৈ অহা পৰিৱৰ্তনক বৰ্ণনা কৰা হৈছে। শৰৎ কালত প্ৰকৃতিয়ে এটা নতুন ৰূপ ধাৰণ কৰে। নতুন গছপাতৰ পোছাক পৰিধান কৰি প্ৰকৃতি পূৰ্বৰ ৰূপলৈ ঘূৰি যায়। ঋতুৰ পৰিৱৰ্তন পৰীক্ষা কৰিবলৈ কবিয়ে চাৰিওফালৰ প্ৰকৃতিক নিৰীক্ষণ কৰিছে আৰু অনেক প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ নিজৰ অতীতৰ বিষয়ে কথা কৈছে। শৰতত প্ৰকৃতিয়ে পুনৰ্যৌৱন লাভ কৰে। বাৰীৰ পিছফালে থকা আঙুৰ লতাবোৰে কবিৰ মনোযোগ আকৰ্ষণ কৰিছে। কাৰো সহায় নোহোৱাকৈ আঙুৰজোপা দক্ষিণ ফালৰ বেৰত বগাইছে। কবিয়ে নিজকে আঙুৰজোপাৰ লগত তুলনা কৰিছে। কাৰো সহায় নোহোৱাকৈ আঙুৰজোপাৰ নিচিনাকৈ তেৱোঁ শক্তিশালী হৈছে। কবিৰ মনলৈ চেতনাস্ৰোতত অহা প্ৰশ্ন আৰু উত্তৰে কবিতাটোৰ গাথনিক গঢ় দিছে।
ৱিলিয়াম বাটলাৰ য়েটছ (William Butler Yeats)ৰ The Wild Swans at Coole শৰৎ কালক লৈ লিখা এটা বিখ্যাত কবিতা। সৰোবৰলৈ অহা বনৰীয়া ৰাজহাঁহ এজাক বছৰৰ পাছত বছৰ তেওঁ দেখি আছে। হাঁহজাক একেই আছে, কিন্তু কবিয়ে তেওঁৰ জীৱনলৈ অহা পৰিৱৰ্তন সম্পৰ্কে সজাগ হৈছে। চৰাইজাকৰ বিষয়ে কোৱা হৈছে— “Their hearts have not grown old”। সুন্দৰ আৰু ৰহস্যময় ৰাজহাঁহজাক কোনোবা দিনা কবিক এৰি থৈ উৰি গুচি যাব—
“…I awake some day
To find they have flown away?”।
অসমীয়া কবিতাত আহিন আৰু কাতি মাহৰ পথাৰখন বিভিন্ন ধৰণেৰে উদযাপিত হ’লেও শৰতৰ সামগ্ৰিক ৰূপৰ কবিতা কম। ‘ঋতু’ শিৰোনামত বছৰৰ বাৰটা মাহক লৈ লিখা বাৰটা কবিতাত ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে আহিন আৰু কাতিক লৈ লিখা কবিতা দুটাত দুখনমান স্মৰণীয় চিত্ৰকল্প ৰচনা কৰিছে। আহিন এখন সেউজীয়া নৈ। সেউজীয়া এই নৈখনৰ ওপৰেদি কুঁৱলিৰ আন এখন নৈ বৈ থাকে। কাতিমাহ কবিৰ দৃষ্টিত সুগন্ধময় অপেক্ষা।
অসমীয়া সাহিত্যত শৰৎ ঋতুৰ সৰ্বকালৰ শ্ৰেষ্ঠ বৰ্ণনা শঙ্কৰদেৱে শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধত কৰি গৈছে। ৰজাক সম্বোধন কৰি শুকে কৈছে যে বাৰিষা পাৰ হৈ গৈছে আৰু শৰতৰ মহাগুণসমূহে প্ৰকাশ লাভ কৰিছে। এই মহাগুণসমূহ সৰতৰ স্বকীয় বৈশিষ্ট্য। দুলড়ীত কৰা এই বৰ্ণনাই শৰৎ কালৰ বিশিষ্টতাৰ ছবিখনক ৰং, ৰূপ, গন্ধৰে চাক্ষুষ কৰি তোলাৰ লগতে ছবিখন গতিশীল কৰি তুলিছে। শৰৎ কালৰ বিশিষ্টতা এইদৰে প্ৰকাশ পাইছে: মেঘ দূৰলৈ আঁতৰি গৈছে, আকাশ নিৰ্মল হৈছে, পানী স্বচ্ছ হৈ পৰিছে, বতাহ শীতল হৈছে, সৰোবৰত জাক জাক চৰায়ে কলৰৱ কৰিছে, বিলত পদুম ফুলিবলৈ বুলি সাজু হৈছে আৰু ৰাতিৰ আকাশ তৰাৰে ভৰি পৰিছে। কিন্তু কেৱল প্ৰকৃতিৰ ৰূপ বৰ্ণনাত অধ্যায়টো শেষ হোৱা নাই। প্ৰথম চৈধ্য শাৰীৰ পিছৰ পৰা শৰতে অনা পৰিৱৰ্তনৰ গতিৰ লগত জীৱ-জন্তু, মাছ, মানুহ আদি আটাইৰে সুখ-দুখ, যন্ত্ৰণা, নিৰাময় আদি সাঙোৰ খাই পৰিছে। কবিতাৰ বিষয় প্ৰকৃতিৰ সান্নিধ্যত থকা মানুহৰ বৈষয়িক আৰু আধ্যাত্মিক জীৱন।
ঘোৰ বাৰিষাৰ বোকাপানী মানুহ আৰু জীৱ-জন্তুৰ কাৰণে সংকটপূৰ্ণ। ঘৰচীয়া, বনৰীয়া সকলো জীৱ-জন্তুৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা হয়। শুকান ঠাইৰ অভাৱত আটায়ে কষ্ট পায়। লগতে মহ-দাহ, চেৰেপা, জোক, পোক ইত্যাদি আছেই। শঙ্কৰদেৱৰ শৰৎ বৰ্ণনাত জীৱ-জন্তুৰ সংকট মোচনে প্ৰথমে ঠাই পাইছে। শৰৎ বৰ্ণনাত কবিয়ে যিবিলাক উপমা ব্যৱহাৰ কৰিছে, সিবোৰে উপমান আৰু উপমেয়ৰ যথাৰ্থ সাদৃশ্যৰ পৰা শক্তি আহৰণ কৰি পাঠক-শ্ৰোতাৰ মনত গভীৰ সাঁচ বহুৱায়। বাৰিষাৰ ঘন ক’লা মেঘ শৰতত শুকুলা হয়। এই পৰিৱৰ্তনৰ আঁৰত আছে বৰষুণ দিব পৰা ক্ষমতাৰ বিসৰ্জন। মেঘক মানৱীকৰণ কৰি কোৱা হৈছে যে শৰতৰ আগমনত মেঘে বৰষুণ দিব পৰা ক্ষমতা ত্যাগ কৰি গাৰ বৰণ শুকুলা কৰি লৈছে। এই শুকুলা বৰণক তুলনা কৰা হৈছে মুনিসকলৰ মনৰ শুদ্ধ ভাৱৰ লগত। মেঘৰ বৃষ্টি ক্ষমতাক মুনিৰ ক্ষেত্ৰত বিত্ত লোভৰ লগত তুলনা কৰা হৈছে।
মাছ জীৱনৰ প্ৰতীক। শঙ্কৰদেৱে একাধিক অৰ্থত মাছক মানুহৰ লগত তুলনা কৰিছে। অলপ পানীৰ মাছে এটা কথা নাজানে যে শৰৎ আহিলেই খাল-ডোং শুকাই যাব। মৰণশীলতাৰ কথা পাহিৰ থকা মানুহ আৰু অলপ পানীৰ মাছ একে। বাৰিষা বানপানীত আহি খালে-ডোঙে থাকি যোৱা মাছে খালকে পানীৰ অনন্ত উৎস বুলি ভবাৰ দৰে অনেক বৈষয়িক চিন্তাত নিমগ্ন মানুহে অনন্ত কাল জীয়াই থাকিব বুলি কাম কৰে। মানুহে কৰ্তব্য অৱহেলা কৰাৰ লগত কাল চেতনা জড়িত হৈ থাকে। পথাৰ এখনেই বাৰিষা সাগৰ সদৃশ হ’লে সৰু সৰু মাছবোৰে এই পানী শুকাই যাব বুলি অনুমান কৰিব নোৱাৰে— “অলপ পানীৰ মৎস্যে নজানিল/ শুখাই টুটি পৰে পানী।” খালৰ পানীকে অনন্ত জলৰাশি বুলি নাচি-নাদুৰি থাকোঁতেই শৰৎ কালত পানী শুকাই মাছ মৃত্যুৰ মুখত পৰে। অল্পমতি মানুহেও সময়কে চিৰন্তন বুলি বিষয় সুখত মত্ত হৈ থাকোঁতেই আকস্মিকভাৱে মৃত্যুৰ মুখামুখি হয়। পানী শুকাই গ’লে হাহাকাৰ লাগি মাছে কমাবলৈ আৰম্ভ কৰে। জাক পাতি কমাই থকা মাছৰ মাজত কবিগৰাকীয়ে দেখা পাইছে বিষয় সংসাৰত বন্দী মানুহৰ সীমাহীন অনন্ত হাহাকাৰ!
“দোভাৰ জলত সূৰ্যৰ তাপত
কমাৱে মৎস্য অপাৰ।
যেন মহাদুখী কুটুম্বী মনুষ্যে
দুখৰ নেদেখে পাৰ॥”
শঙ্কৰদেৱৰ কবি-প্ৰতিভা অতুলনীয়।
❧ | আৰু পঢ়ক: