ৰিডম জিৰোৰ জুবিন গাৰ্গ

ৰিডম জিৰোৰ জুবিন গাৰ্গ
  • 18 Nov, 2025

৯ ছেপ্তেম্বৰৰ দিনা সুদূৰ ছিংগাপুৰত অসমীয়াৰ প্ৰাণাধিক শিল্পী জুবিন গাৰ্গৰ অকাল আৰু মৰ্মন্তুদ প্ৰাণহানিৰ বাতৰিটো পোৱাৰ লগে লগে বুকুত আচম্বিতে আহি পৰা ঘাতক শোকৰ খুন্দাটো সামান্য চম্ভালি লোৱাৰ পাছত সামাজিক মাধ্যমত আমাৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল— “শেষ বিন্দুটোলৈকে শুহি শুহি মানুহটোক সাগৰত মৰিবলৈ এৰি দিলি?” শোক-ক্ষোভ-খং আৰু চকুপানীৰে সোধা সেই প্ৰশ্নত ক্ষমতাশালী আৰু প্ৰিভিলেজড্ (privileged) এচাম মানুহৰ ওচৰত সাধাৰণ মানুহৰ অসহায়তাৰ কাহিনীয়েই সংপৃক্ত হৈ আছিল। ইতিহাসে সাক্ষ্য দিব,— সেই চাম লোভী আৰু নিৰ্দয় মানুহৰ হাতত যুগে যুগে সৰু সৰু মানুহৰ শিল্প-সাহিত্য আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গবোৰ ব্যৱহৃত হৈছে, লাঞ্ছিত হৈছে— লক্ষ জনতাক অথাই শোক-সাগৰত পেলাই মৃত্যুৰ দুৱাৰেৰে নোহোৱা হৈ গৈছে! প্ৰিভিলেজড্ মানুহৰ ঘৃণনীয় উদাহৰণ শ্যামকানু মহন্তই পণ্য (‘কমোডিটি’) বুলি বিবেচনা কৰা এক জুবিন গাৰ্গৰ উশাহহীন শৰীৰটো ছিংগাপুৰৰ সাগৰৰ পানীত ওপঙি আছে!

শিল্প-শিল্পীৰ প্ৰসংগত ‘ক্ৰিয়েটিভ এক্সপ্লয়টেশ্যন’ (creative exploitation) বোলা এক পদৰ ব্যৱহাৰ আছে। এই পদটোৱে ইতিবাচক আৰু নেতিবাচক— দুটা অৰ্থ বহন কৰে। ইতিবাচক অৰ্থত কোনো এক শিল্পকৰ্মৰ পূৰ্ণ ব্যৱহাৰক ই নিৰ্দেশ কৰে। আনহাতে নেতিবাচক অৰ্থত সাধাৰণতে শিল্পীৰ শিল্প, সৃজনশীলতাক ব্যৱহাৰ কৰি সেই শিল্পী আৰু শিল্পৰ যথোচিত মূল্য আৰু মৰ্যাদা নিদিয়া আৰু নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰা বেপাৰী মানসিকতাকে এই ‘সৃজনীমূলক শোষণ’ বোলা অভিধাটোৱে বুজায়। এই কথা অস্বীকাৰ কৰিব খোজা নাই যে আধুনিক বজাৰমুখী সমাজ ব্যৱস্থাত শিল্পও এবিধ পণ্যই। সেয়ে হ’লেও কিন্তু বহু ক্ষেত্ৰতে কিছু শিল্পীক প্ৰফেশ্যনেলিজমৰ প্ৰাথমিক চৰ্ত— সন্মান আৰু যথোচিত পাৰিশ্ৰমিক দিয়া নহয়। সাধাৰণতে ক্ষুদ্ৰ তথা ফ্ৰিলাঞ্চাৰ ধৰণৰ শিল্পীসকল— গায়ক, বাদ্যযন্ত্ৰী, জুনিয়ৰ আৰ্টিষ্ট, চিত্ৰকৰ আৰু বিভিন্ন ক্ষেত্ৰৰ কাৰিকৰী শিল্পী (artisan) এই ক্ৰিয়েটিভ এক্সপ্লয়টেশ্যনৰ সহজ চিকাৰ হোৱা দেখা পোৱা যায়। কিন্তু জুবিন গাৰ্গৰ দৰে এক বিশাল সত্তা, যাৰ বাবে টকা-পইচা গৌণ— যাৰ মৃত্যুত জাতিটোৱে বিগত দুমাহ ধৰি অহৰহ অশ্ৰুপাত কৰিয়েই আছে, তেনে এক সত্তাও যে নিৰ্দয় শোষণৰ চিকাৰ হ’ব পাৰে, ভাবিলে আচৰিত লাগে। পৰম ঘৃণাৰে সেই ঘাতকীবোৰক বুৰাই পেলাবলৈ মন যায়,— যেনেকৈ জুবিনে গাৰ্গে তেওঁক দুগুণ পইচাৰ লোভ দেখুৱাই ইচ্ছাৰ বিপৰীতে কাম কৰোৱাব খোজা বলিউডৰ এক গায়ক তথা সংগীত পৰিচালকৰ প্ৰসংগত কৈছিল— গুৱাহাটীলৈ আহিবি, এয়াৰপ’ৰ্টতে টকাৰে পুতি পেলাম! আজি অসমীয়াৰ বুকুৱে বুকুৱে তেনে একুৰা জুইয়েই জ্বলি আছে।

১৯৭৪ চনত চৰ্বিয়া (তেতিয়া য়ুগোশ্লাভিয়া)ৰ মাৰিনা আব্ৰামভিক (Marina Abramovic) নামৰ (মহিলা) শিল্পীগৰাকীয়ে এটা সামাজিক পৰীক্ষা চলাইছিল। পৰিৱেশ্য কলা (endurance art) হিচাপে উপস্থাপন কৰা এই ‘ৰিডম জিৰো’ (Rhythm 0) নামৰ পৰীক্ষাটো কৰা হৈছিল ইটালীৰ নেপোলি চহৰৰ মোৰা নামৰ ষ্টুডিঅ’ত। ছঘণ্টা ধৰি চলা এই সম্পৰীক্ষাত ষ্টুডিঅ’ৰ এটা গেলাৰীত আব্ৰামভিক এক নিৰ্জীৱ ‘বস্তু’ৰ দৰে নিশ্চল আৰু নিশ্চুপ হৈ থিয় দি আছিল। তেওঁৰ কাষতে থকা এখন টেবুলত নিমাখিত (হানি কৰিব নোৱৰা)ৰ পৰা ভয়ানক (হানিকাৰক)লৈ ৭২বিধ বিভিন্ন প্ৰকাৰৰ বস্তু আছিল। বস্তুবোৰৰ ভিতৰত উল্লেখনীয় আছিল— ফুল, পাখি, মৌ, ব্ৰেড, মদ, লিপষ্টিক, বেলেগ বেলেগ ৰং, ৰেজৰ ব্লেড, চুৰী, গজাল, কাঁটা চামুচ, শিকলি, কেঁচী, এটা বুলেটৰ সৈতে এটা পিষ্টল আদি। আব্ৰামভিকে আৰ্ট ষ্টুডিঅ’লৈ যোৱা ৰুচিবান দৰ্শকসকলক আহ্বান জনাইছিল যে তেওঁলোকে যেনেকৈয়ে ইচ্ছা কৰে তেনেকৈয়ে আব্ৰামভিকৰ লগত আচৰণ কৰিব পাৰে আৰু তেওঁৰ ওপৰত টেবুলত থকা বস্তুবোৰো ব্যৱহাৰ কৰিব পাৰে। আব্ৰামভিকে দৰ্শকসকলক (সম্ভাৱ্য অংশগ্ৰহণকাৰী) নিৰ্ভয়তা প্ৰদান কৰিছিল— “I am an object. You can do whatever you want with me. I will take all responsibility for six hours.” (মই এটা বস্তু। মোৰ লগত যি ইচ্ছা তাকেই কৰিব পাৰে। ছঘণ্টাৰ বাবে সকলো দায়িত্ব মই বহন কৰিম।)

প্ৰথমে দৰ্শকসকলে ভাল মনোভাব আৰু আনন্দেৰে সৈতে সম্পৰীক্ষাটোত অংশগ্ৰহণ কৰিছিল। কোনোবা এজনে আব্ৰামভিকৰ হাত এখন লৰাই দিছিল, কোনোবাই ফুল এপাহ দিছিল, চুমা এটা খাইছিল— এনে ধৰণৰ নিৰ্দোষ ধেমালিৰেই সম্পৰীক্ষাটো আৰম্ভ হৈছিল। কিন্তু সময় যোৱাৰ লগে লগে দৰ্শকসকলৰ আচৰণ হিংসালৈ আৰু নিম্ন পৰ্যায়লৈ পৰ্যৱসিত হ’বলৈ ধৰিছিল। কোনোবা এজনে কেঁচীৰে তেওঁৰ কাপোৰ কাটি উলংগ কৰি পেলাইছিল; আন এজনে ব্লেডেৰে ডিঙিত অঁকিয়াই বৈ অহা তেজ চেলেকি খাইছিল; চুৰীৰে শৰীৰত ফুটা কৰিছিল; গোলাপৰ কাঁইট শৰীৰত ভৰাই দিছিল; কোনোবা এজনে পিষ্টলটো লৈ মূৰলৈ টোঁৱাইছিল আৰু আব্ৰামভিকৰে আঙুলি এটা ট্ৰিগাৰত লগাই থৈছিল, ভাগ্যে আন এজনে পিষ্টলটো কাঢ়ি লৈ গৈছিল! মুঠৰ ওপৰত অংশগ্ৰহণকাৰীসকলে অতি নিষ্ঠুৰভাৱে আব্ৰামভিকৰ শৰীৰটো ব্যৱহাৰ কৰিছিল,— যৌন নিগ্ৰহ চলাইছিল, গাত ভাল-বেয়া অনেক লিখিছিল, আঁক-বাক কৰিছিল, চূড়ান্তভাৱে আৰু অমানৱীয়ভাৱে অপমান কৰিছিল!

Marina Abramovic
Rhythm 0 (Marina Abramovic)

ছঘণ্টাৰ মূৰত যেতিয়া সম্পৰীক্ষাটো শেষ হৈছিল আৰু আব্ৰামভিক নিশ্চল অৱস্থাৰ পৰা চলমান হৈছিল অৰ্থাৎ ‘বস্তু’ৰ পৰা ‘ব্যক্তি’ হৈছিল, সেই নিষ্ঠুৰ লোকসকলে তেওঁৰ চকুলৈ চাব পৰা নাছিল আৰু সুৰসুৰকৈ ষ্টুডিঅ’ৰ পৰা পলাই গৈছিল। পৰৱৰ্তী সময়ত মাৰিয়া আব্ৰামভিকৰ এই অতি সাহসী সম্পৰীক্ষাটো বিভিন্ন পাঠ্যক্ৰম আৰু আলোচনাৰ অন্তৰ্ভুক্ত হৈছিল। আজিও ইয়াৰ আলোচনা বিভিন্ন প্ৰসংগত চলি থাকে। সম্পৰীক্ষাটো মনোযোগেৰে বিশ্লেষণ কৰি প্ৰায়সকল সমাজ-নিৰীক্ষক আৰু কলা সমালোচক দুটা প্ৰধান সিদ্ধান্তত উপনীত হৈছিল— ১. সাধাৰণতেই ক্ষমতাশালী লোকক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি, কাৰণ ক্ষমতাই তেওঁলোকক বিবেকশূন্য কৰি তুলিব পাৰে, ২. দায়ৱদ্ধতা আৰু জবাবদিহি নাথাকিলে মানুহ যিকোনো পৰ্যায়লৈ নামি যাব পাৰে।

জুবিন গাৰ্গৰ আচম্বিত মৃত্যু, তৎপৰৱৰ্তী সময়ত ঘটি থকা ঘটনাবোৰ, বিভিন্ন চাৰ্কাছ, ৰাজনৈতিক টনা-আঁজোৰাবোৰ, অভিযুক্ত অসমীয়া মানুহবোৰ আৰু তদন্তত সহযোগিতা কৰিব নিবিচৰা ছিংগাপুৰীয়া অসমীয়া (?) মানুহবোৰৰ মানসিকতা দেখি আমাৰ বিশ্বাস দৃঢ় হৈছে— জুবিন গাৰ্গ ‘ৰিডম জিৰো’ৰ একেবাৰে নিকট উদাহৰণ। মোৰ বিশ্বাস, প্ৰচুৰ অধ্যয়ন থকা জুবিন গাৰ্গে এই সম্পৰীক্ষাটোৰ বিষয়েও জানিছিল। জানিছিল যদিও কেতিয়াও চাগৈ ভাবিবই পৰা নাছিল যে তেওঁ নিজেই কেতিয়াবা ‘ৰিডম জিৰো’ৰ চিকাৰ হ’ব! চুকতে থাকি বুকতে কামুৰিব আপোন বুলি ভাবি থকা এমখাই! প্ৰাথমিক তদন্ত আৰু বিভিন্ন লোকৰ সাক্ষ্যৰ পৰা এই কথা ওলাই পৰিছে যে চেলাপটি জোকৰ দৰে লাগি থাকি শ্যামকানু মহন্ত, মেনেজাৰ অনা-অসমীয়া সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু আন আন অভিযুক্ত মানুহমখাই যেতিয়াই সুবিধা পাইছে, তেতিয়াই জুবিন গাৰ্গৰ তেজ শুহি শুহি খালে। জুই আৰু পানীৰ পৰা দূৰত থাকিবলৈ ডাক্তৰে উপদেশ দিয়া ৰুগীয়া মানুহজনক ছিংগাপুৰৰ সাগৰত মেলি দি ছিংগাপুৰীয়ামখাই ছেডিষ্টিক প্লিজাৰ ল’লে। দায়িত্বহীনভাৱে ছিংগাপুৰলৈ নি জুবিন গাৰ্গৰ খা-খবৰ নৰখা শ্যামকানু মহন্তই জুবিনক কেৱল ‘বস্তু’ বা ‘পণ্য’ (commodity) বুলি ভবা আৰু কোৱাৰ আখ্যান ইতিমধ্যেই তেওঁৰ তেজ-মঙহৰে সম্পৰ্কীয় মানুহেই ৰাজহুৱা কৰিছে। সিদ্ধাৰ্থ আৰু শেখৰৰ জুবিন গাৰ্গক কৰা অনেক প্ৰতাৰণা-প্ৰবঞ্চনাৰ দস্তাবেজ ইতিমধ্যে ওলাই পৰিছে। জুবিন গাৰ্গৰ বিশাল হৃদয় আৰু সকলোকে আপোন কৰা সৰল অন্তৰখনে এই ছল-কপটবোৰ দেখাই নাপালে। দেখা পোৱা হ’লে হয়তো কৰঙনত লাগি অহা দলনিৰ চেলাপটি জোক নিমখপানীৰে এৰুৱাই আঁচাৰি পেলোৱাৰ দৰে ‘কাকো খাতিৰ নকৰা’ মানুহটোৱেও স্বাৰ্থপৰ আৰু ছেডিষ্ট মানুহমখাক এৰুৱাই পেলালেহেঁতেন। দুৰ্ভাগ্য!

জুবিন গাৰ্গৰ অকাল মৃত্যুত প্ৰায় প্ৰতিজন অসমীয়া মানুহ কেইবাতৰপীয়া মানসিক পীড়নৰ চিকাৰ হৈছে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুতো আমি শোক পাইছিলো,— সেয়া আছিল নিভাঁজ শোক, আত্মীয় এজনে পৰিণত বয়সত এৰি যোৱাৰ শোক। কিন্তু জুবিন গাৰ্গ অকালতে আৰু আলৈ-আথানি হৈ দূৰ বিদেশত নোহোৱা হৈ যোৱা কথাটোৱে আমাক শোক, ক্ষোভ, ক্ৰোধৰ বহুতৰপীয়া পীড়নেৰে পীড়ি আছে। আৰু আছে জাতি হিচাপে হঠাতে দুখীয়া হৈ যোৱাৰ অসহায়তা— ভৰিৰ তলৰ পৰা যেন পৃথিৱী আঁতৰি গৈছে! জুবিনৰ দৰে দাতাকৰ্ণ শিল্পী এজনৰ হৈ প্ৰাৰ্থনাৰ এগছি চাকি জ্বলাবলৈও সুযোগ নোপোৱা এনে দুখীয়া জাতি আৰু কোনোবা আছেনে! লাগিলে একো নতুন সৃষ্টিয়েই নকৰক, অন্ততঃ পৃথিৱীত অসমীয়াৰ জাতীয় ৰাষ্ট্ৰদূত হৈ জুবিন গাৰ্গটো থাকি যোৱাহেঁতেন!

এই মুহূৰ্তত আমি চৰকাৰ আৰু আইন-আদালতক অনুৰোধ জনাইছোঁ— জুবিন গাৰ্গৰ অপঘাত মৃত্যুৰ উচিত তদন্ত কৰক আৰু দোষীক দৃষ্টান্তমূলক কঠোৰতম শাস্তি দিয়ক। আৰু অসমৰ আন আন শিল্পী-সাহিত্যিকক প্ৰাৰ্থনা জনাইছোঁ— অসমীয়াক আৰু দুখীয়া কৰাত অৰিহণা নোযোগাব, সময় থাকোঁতেই চেলাপটি জোকবোৰক চিনক আৰু আঁচাৰি পেলাওক। ‘ৰিডম জিৰো’ত আমি আৰু আন জুবিন গাৰ্গক চাব নিবিচাৰোঁ।

❧ | আৰু পঢ়ক:

জুবিন গাৰ্গৰ ছবি: শিল্পীগৰাকীৰ আনুষ্ঠানিক ইন্সটাগ্ৰাম একাউণ্টৰ সৌজন্যত।

ৰিডম জিৰোৰ জুবিন গাৰ্গ | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook