একবিংশ শতিকাৰ গুৰুত্বপূৰ্ণ আৰু জটিল সমস্যাসমূহৰ ভিতৰত পাৰিপাৰ্শ্বিক সমস্যাসমূহেই প্ৰধান। এই সমস্যাসমূহৰ ভিতৰত মানৱ জাতিক জলা-কলা খুওৱা জলবায়ু পৰিৱৰ্তনৰ সমস্যা অন্যতম। এই সমস্যাই পৰিৱেশ, অৰ্থনীতি আৰু সমাজক প্ৰভাৱিত কৰাৰ সমান্তৰালভাৱে মানৱ জীৱনৰ বিভিন্ন দিশত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ আলোচনা সাধাৰণতে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিসীমাৰ ভিতৰত সীমাৱদ্ধ হৈ থাকে যদিও বৰ্তমান সময়ত সমাজবিজ্ঞানী, নাৰীবাদী চিন্তাবিদ আৰু পৰিৱেশবিদসকলে ইয়াক এক সামাজিক আৰু ৰাজনৈতিক বিষয় হিচাপেও বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত পিতৃতান্ত্ৰিক ব্যৱস্থা আৰু জলবায়ু পৰিৱৰ্তনৰ মাজত এক বিশেষভাৱে গুৰুত্বপূৰ্ণ আন্তঃসম্পৰ্ক আছে।
পিতৃতন্ত্ৰ হৈছে এনে এক সামাজিক ব্যৱস্থা, য’ত ক্ষমতা, সম্পদ আৰু সিদ্ধান্ত গ্ৰহণৰ অধিকাংশ অধিকাৰ পুৰুষৰ হাতত কেন্দ্ৰীভূত হৈ থাকে। এই ব্যৱস্থাত মহিলাসকল আৰু অন্যান্য প্ৰান্তীয় গোটসমূহ বিভিন্ন ধৰণৰ বৈষম্য আৰু বঞ্চনাৰ সন্মুখীন হয়। একে সময়তে, প্ৰকৃতিৰ ওপৰত নিয়ন্ত্ৰণ, সম্পদৰ অধিক শোষণ আৰু সীমাহীন উৎপাদনৰ ধাৰণাও পিতৃতান্ত্ৰিক চিন্তাধাৰাৰ লগত জড়িত বুলি বহু গৱেষকে মত প্ৰকাশ কৰিছে।
‘Patriarchy’ (পিতৃতন্ত্ৰ) শব্দটো গ্ৰীক শব্দ ‘Patriarkhēs’-ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে— ‘পিতৃৰ শাসন’। সমাজবিজ্ঞানত পিতৃতন্ত্ৰক এনে এক সামাজিক আৰু সাংস্কৃতিক ব্যৱস্থা হিচাপে ব্যাখ্যা কৰা হয়, য’ত পুৰুষসকলৰ আধিপত্য আৰু ক্ষমতাৰ স্থান অধিক শক্তিশালী হয় আৰু মহিলাসকল তুলনামূলকভাৱে অধীনস্থ স্থিতিত থাকে।
নাৰীবাদী চিন্তাবিদ ছিলভিয়া ৱালবি (Sylvia Walby)-এ পিতৃতন্ত্ৰক এটা সামাজিক গাঁথনি আৰু অনুশীলনৰ ব্যৱস্থা, যাৰ জৰিয়তে পুৰুষসকলে মহিলাসকলক নিয়ন্ত্ৰণ, শোষণ আৰু বশীভূত কৰে বুলি অভিহিত কৰিছে। তেওঁৰ মতে, পৰিয়াল, শিক্ষা, ৰাজনীতি, অৰ্থনীতি আৰু সংস্কৃতি— সকলো ক্ষেত্ৰতে পিতৃতন্ত্ৰৰ প্ৰভাৱ বিদ্যমান।
পিতৃতন্ত্ৰৰ মূল বৈশিষ্ট্যই হৈছে সিদ্ধান্ত গ্ৰহণত পুৰুষৰ আধিপত্য— সম্পদ আৰু সম্পত্তিৰ ওপৰত অসম অধিকাৰ, শ্ৰমৰ লিংগভিত্তিক বিভাজন, মহিলাৰ অবৈতনিক যত্নমূলক কামৰ অৱমূল্যায়ন, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত মহিলাৰ সীমিত অংশগ্ৰহণ। এই বৈশিষ্ট্যসমূহে কেৱল সমাজৰ লিংগ বৈষম্য বৃদ্ধি কৰা নাই, বৰঞ্চ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ আৰু উন্নয়নৰ ধাৰণাকো প্ৰভাৱিত কৰিছে।

জলবায়ু পৰিৱৰ্তন হৈছে পৃথিৱীৰ দীৰ্ঘম্যাদী তাপমাত্ৰা আৰু বতৰৰ পৰিৱৰ্তন। ঔদ্যোগিক বিপ্লৱৰ পাছৰে পৰা কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ অত্যধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড, মিথেন আৰু অন্যান্য সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ ফলত বিশ্বৰ উষ্ণায়ন ত্বৰাণ্বিত হৈছে।
আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন পেনেল (IPCC)-ৰ প্ৰতিবেদনসমূহত উল্লেখ কৰা হৈছে যে বৰ্তমান মানৱসৃষ্ট কাৰ্যকলাপ জলবায়ু পৰিৱৰ্তনৰ মুখ্য কাৰণ। ইয়াৰ ফলস্বৰূপে গড় উষ্ণতা বৃদ্ধি পাইছে; সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে; ঋতু পৰিৱৰ্তন আৰু বৰষুণৰ ধৰণ সলনি হৈছে; বানপানী, খৰাং আৰু ঘূৰ্ণীবতাহৰ দৰে দুৰ্যোগ বৃদ্ধি পাইছে; জীৱবৈচিত্ৰ্যৰ ক্ষতি হৈছে; খাদ্য আৰু পানীৰ সুৰক্ষাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। এই পৰিৱৰ্তনসমূহৰ ফলাফল সকলো মানুহৰ বাবে সমান নহয়। সমাজৰ বিভিন্ন স্তৰৰ মাজত থকা অৰ্থনৈতিক, সামাজিক আৰু লিংগভিত্তিক বৈষম্যই ইয়াৰ প্ৰভাৱক অধিক জটিল কৰি তোলে।
১৯৭০ চনৰ পাছত পাৰিপাৰ্শ্বিক-নাৰীবাদ বা ইক’ফেমিনিজমে বিশেষ গুৰুত্ব লাভ কৰে। ফ্ৰান্সোৱা ডি অ’বন (Françoise d’Eaubonne)-এ প্ৰথমবাৰৰ বাবে ‘Ecofeminism’ শব্দটো তেওঁৰ ‘লে ফেমিনিজম অ’ লা মৰ্ট’ (Le Féminisme ou la Mort) শীৰ্ষক গ্ৰন্থখনত পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল। এই ধাৰণাৰ মতে, মহিলাসকলৰ ওপৰত অত্যাচাৰ আৰু প্ৰকৃতিৰ ওপৰত শোষণ একেটা পিতৃতান্ত্ৰিক মানসিকতাৰ ফল।
পৰিৱেশ-কৰ্মী বন্দনা শিৱা (Vandana Shiva)-ৰ মতে, আধুনিক উন্নয়নৰ নামত যি ধৰণৰ প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ আৰু ধ্বংস সংঘটিত হৈছে, তাৰ মূলতে আছে পিতৃতান্ত্ৰিক আৰু পুঁজিবাদী দৃষ্টিভংগী। এই ব্যৱস্থাই প্ৰকৃতিক কেৱল উৎপাদনৰ উপাদান হিচাপে গণ্য কৰে আৰু ইয়াৰ অভ্যন্তৰীণ মূল্যক অৱজ্ঞা কৰে।

পাৰিপাৰ্শ্বিক-নাৰীবাদৰ প্ৰবক্তা কাৰেন ৱাৰেন (Karen J. Warren)-এ উল্লেখ কৰিছে যে পিতৃতান্ত্ৰিক চিন্তাধাৰাই ‘নিয়ন্ত্ৰণ’ আৰু ‘আধিপত্য’ক অধিক গুৰুত্ব দিয়ে। ফলত মানুহে নিজকে প্ৰকৃতিৰ ওপৰত শাসনকাৰী হিচাপে কল্পনা কৰে আৰু সম্পদৰ সীমাহীন শোষণক বৈধতা প্ৰদান কৰিবলৈ চেষ্টা কৰে। ইক’ফেমিনিজমে দেখুৱাইছে যে নাৰী আৰু প্ৰকৃতি— উভয়েই একে ধৰণৰ ক্ষমতাৰ গাঁথনিৰ দ্বাৰা প্ৰভাৱিত।
ঔদ্যোগীকৰণ, নগৰীকৰণ আৰু পুঁজিবাদী অৰ্থনৈতিক ব্যৱস্থাৰ বিকাশৰ লগে লগে উৎপাদন আৰু ভোগৰ ধাৰণাত আমূল পৰিৱৰ্তন আহে। অধিক উৎপাদন আৰু অধিক মুনাফা লাভৰ লক্ষ্যত প্ৰাকৃতিক সম্পদসমূহক সীমাহীনভাৱে ব্যৱহাৰ কৰা আৰম্ভ হয়। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সকলো মানুহৰ ওপৰত একে ধৰণে নপৰে। দৰিদ্ৰ, মহিলা, আদিবাসী আৰু অন্যান্য প্ৰান্তীয় গোটসমূহক অধিক ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ উন্নয়নশীল দেশসমূহত মহিলাসকলে খাদ্য, পানী, ইন্ধন সংগ্ৰহ, কৃষি আৰু পৰিয়ালৰ যত্নৰ দায়িত্ব বহন কৰাৰ বাবে জলবায়ু পৰিৱৰ্তনৰ ফলাফল অধিক তীব্ৰভাৱে অনুভৱ কৰে। এনে পৰিপ্ৰেক্ষিতত পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা আৰু জলবায়ু পৰিৱৰ্তনৰ মাজত থকা সম্পৰ্ক বিশ্লেষণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ, জলবায়ু সংকট কেৱল পৰিৱেশগত সংকট নহয়; ই সামাজিক ন্যায়, লিংগ সমতা আৰু মানৱাধিকাৰৰ সৈতেও ওতপ্ৰোতভাৱে জড়িত।
পিতৃতান্ত্ৰিক সমাজত ‘উন্নয়ন’ৰ ধাৰণা অধিকাংশ ক্ষেত্ৰত বৃহৎ প্ৰকল্প, খনিজ সম্পদ আহৰণ, বন ধ্বংস আৰু ঔদ্যোগিক সম্প্ৰসাৰণৰ ওপৰত নিৰ্ভৰশীল। এই উন্নয়ন মডেলে প্ৰকৃতিৰ পুনৰুৎপাদন ক্ষমতা আৰু স্থানীয় সম্প্ৰদায়ৰ জীৱন-জীৱিকাৰ বিষয়সমূহক উপেক্ষা কৰা দেখা যায়।

বৃহৎ নদীবান্ধ, খনি, উদ্যোগ আৰু নগৰীকৰণে বহু ক্ষেত্ৰত বনাঞ্চল ধ্বংস কৰিছে, নদীৰ স্বাভাৱিক প্ৰৱাহ সলনি কৰিছে আৰু স্থানীয় জনগোষ্ঠীক বাস্তুচ্যুত কৰিছে। ইয়াৰ ফলত পৰিৱেশগত ভাৰসাম্য বিনষ্ট হোৱাৰ লগতে সামাজিক বৈষম্যও বৃদ্ধি পাইছে। সেয়েহে বহু গৱেষকে যুক্তি আগবঢ়াইছে যে জলবায়ু সংকট কেৱল প্ৰযুক্তিগত ব্যৰ্থতাৰ ফল নহয়; ই ক্ষমতা, আধিপত্য আৰু উন্নয়নৰ প্ৰচলিত পিতৃতান্ত্ৰিক ধাৰণাৰো ফল।
জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সকলো ব্যক্তিৰ ওপৰত একে ধৰণে নপৰে। সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক কাৰকৰ বাবে মহিলাসকল বহু ক্ষেত্ৰত অধিক বিপদাপন্ন হৈ পৰে। জাতিসংঘৰ বিভিন্ন প্ৰতিবেদন আৰু IPCC-ৰ মূল্যায়নত উল্লেখ কৰা হৈছে যে বিশ্বজুৰি দৰিদ্ৰ জনসংখ্যাৰ বৃহৎ অংশ মহিলাই গঠন কৰে। ফলত প্ৰাকৃতিক দুৰ্যোগ, খাদ্য সংকট, পানীৰ অভাৱ আৰু জীৱিকা হেৰুওৱাৰ দৰে সমস্যাই তেওঁলোকক অধিক প্ৰভাৱিত কৰে। উন্নয়নশীল দেশসমূহত, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে পানী সংগ্ৰহ, ইন্ধন যোগান, কৃষিকাৰ্য, পশুপালন আৰু পৰিয়ালৰ সদস্যসকলৰ যত্নৰ দৰে বহু দায়িত্ব পালন কৰে। খৰাং, অনিয়মীয়া বৰষুণ, বানপানী আৰু বনাঞ্চল হ্ৰাসৰ ফলত এই কামবোৰ অধিক কঠিন হৈ পৰে।
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মহিলাসকলৰ মৃত্যুৰ হাৰো পুৰুষৰ তুলনাত অধিক হয়। ১৯৯১ চনত বাংলাদেশত হোৱা ঘূৰ্ণীবতাহত বহু মহিলাই প্ৰাণ হেৰুৱাইছিল। গৱেষক Neumayer আৰু Plümper-এ দেখুৱাইছে যে সামাজিক বৈষম্য আৰু সম্পদৰ অভাৱৰ বাবে মহিলাসকল অধিক ক্ষতিগ্ৰস্ত হৈ পৰে।
দুৰ্যোগৰ পাছত খাদ্যৰ অভাৱ, স্বাস্থ্য-সেৱাৰ সীমাৱদ্ধতা, স্থানান্তৰ আৰু জীৱিকা হেৰুৱাৰ ফলত মহিলাসকলৰ ওপৰত মানসিক আৰু শাৰীৰিক চাপ বৃদ্ধি পায়। কিছুমান ক্ষেত্ৰত গাৰ্হস্থ্য হিংসা আৰু লিংগভিত্তিক বৈষম্যও বৃদ্ধি পোৱা দেখা যায়।
বিশ্বৰ বহু অঞ্চলত মহিলাসকল কৃষি উৎপাদনৰ লগত ওতপ্ৰোতভাৱে জড়িত। খাদ্য আৰু কৃষি সংস্থা (FAO)-ৰ তথ্য অনুসৰি, উন্নয়নশীল দেশসমূহত কৃষিখণ্ডত উল্লেখযোগ্য অংশৰ শ্ৰম মহিলাই আগবঢ়ায়। কিন্তু ভূমিৰ মালিকীস্বত্ব, ঋণ লাভ, আধুনিক প্ৰযুক্তিৰ সুবিধা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ অংশগ্ৰহণ সীমিত। ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তনৰ ফলত কৃষিক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ সৈতে মোকাবিলা কৰাটো অধিক জটিল হৈ পৰে।
ভৱিষ্যতলৈ এখন চিঠি
পল্লৱপ্ৰাণ গোস্বামী
অনিয়মীয়া বৰষুণ, খৰাং, অতিবৃষ্টি, মাটিৰ উৰ্বৰতা হ্ৰাস আৰু নতুন নতুন ৰোগ-পতংগৰ প্ৰাদুৰ্ভাৱে কৃষি উৎপাদনক ক্ষতিগ্ৰস্ত কৰিছে। ইয়াৰ ফলত খাদ্য সুৰক্ষা বিপদাপন্ন হৈছে। পৰিয়ালৰ খাদ্য যোগানৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰা মহিলাসকল এই পৰিস্থিতিত বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়। মহিলাসকলে যদি পুৰুষৰ সমান সম্পদ আৰু সুযোগ লাভ কৰে, তেন্তে কৃষি উৎপাদন বৃদ্ধি পাব পাৰে আৰু খাদ্য সুৰক্ষাও শক্তিশালী হ’ব পাৰে।
ভাৰত জলবায়ু পৰিৱৰ্তনৰ বাবে অধিক বিপদসংকুল দেশসমূহৰ ভিতৰত অন্যতম। খৰাং, বানপানী, অতিবৃষ্টি, উষ্ণতা বৃদ্ধি আৰু উপকূলীয় অঞ্চলত সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিয়ে দেশখনৰ বিভিন্ন অংশত নেতিবাচক প্ৰভাৱ পেলাইছে। ভাৰতীয় সমাজত এতিয়াও পিতৃতান্ত্ৰিক মূল্যবোধ শক্তিশালীভাৱে বিদ্যমান। সম্পত্তিৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য-সেৱা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলে বহু ক্ষেত্ৰত বৈষম্যৰ সন্মুখীন হয়। ফলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত অধিক পৰে।
চিপকো আন্দোলনত গাঁওবাসী মহিলাসকলৰ সক্ৰিয় ভূমিকা বিশ্বজুৰি বিশেষভাৱে আলোচিত হৈ আহিছে। গছ কটা ৰোধ কৰিবলৈ মহিলাসকলে গছক আলিংগন কৰি প্ৰতিবাদ কৰিছিল। এই আন্দোলনে প্ৰকৃতি সংৰক্ষণ আৰু নাৰী নেতৃত্বৰ এক ঐতিহাসিক উদাহৰণ সৃষ্টি কৰে। গৌৰা দেৱীৰ নেতৃত্বত সংঘটিত এই আন্দোলনে দেখুৱাইছিল যে মহিলাসকল কেৱল পৰিৱেশৰ ভুক্তভোগী নহয়; তেওঁলোক পৰিৱেশ সংৰক্ষণ যাত্ৰাৰ অগ্ৰণী শক্তিও।
বন্দনা শিৱাৰ নেতৃত্বত গঢ়ি উঠা বেচৰকাৰী সংস্থা ‘নৱদন্য’ৰ আন্দোলনে জীৱবৈচিত্ৰ্য সংৰক্ষণ, জৈৱিক কৃষি আৰু স্থানীয় বীজ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই আন্দোলনত বহু গ্ৰাম্য মহিলাই অংশগ্ৰহণ কৰি বিকল্প কৃষি ব্যৱস্থাৰ বিকাশত ভূমিকা গ্ৰহণ কৰিছে।
অসম হৈছে জীৱবৈচিত্ৰ্যৰে সমৃদ্ধ এখন ৰাজ্য। কিন্তু বানপানী, গৰা-খহনীয়া, ভূমিক্ষয়, অনিয়মীয়া বৰষুণ আৰু উষ্ণতাৰ পৰিৱৰ্তনৰ ফলত ৰাজ্যখনৰ পৰিৱেশ আৰু অৰ্থনীতি বিশেষভাৱে প্ৰভাৱিত হৈছে। অসমৰ গ্ৰাম্য অঞ্চলসমূহত মহিলাসকলে কৃষিকাৰ্য, পশুপালন, মাছ ধৰা, বনজ সম্পদ সংগ্ৰহ আৰু পৰিয়ালৰ খাদ্য সুৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু সম্পদৰ মালিকীস্বত্ব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা তুলনামূলকভাৱে সীমিত। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ বানপানীয়ে বহু পৰিয়ালক ক্ষতি কৰিছে। এই পৰিস্থিতিত মহিলাসকলে সন্তানৰ শিক্ষা, খাদ্য, স্বাস্থ্য আৰু পানীৰ যোগানৰ দায়িত্ব বহন কৰিবলগীয়া হয়। বহু সময়ত তেওঁলোকক নতুন পৰিৱেশত জীৱিকা গঢ়ি তুলিবলৈ অতিশয় কষ্ট কৰিবলগীয়া হয়।
চৰ অঞ্চল, চাহ বাগিচা এলেকা আৰু জনজাতীয় অঞ্চলসমূহৰ মহিলাসকল বিশেষভাৱে জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰভাৱিত হৈছে। এই ক্ষেত্ৰত স্থানীয় জ্ঞান আৰু নাৰী নেতৃত্বক অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন বৃদ্ধি হৈছে।
জলবায়ু পৰিৱৰ্তনৰ বাবে যিসকল লোক দায়ী নহয়, তেওঁলোকেই অধিক ক্ষতিগ্ৰস্ত হৈছে। উন্নত দেশসমূহৰ তুলনাত উন্নয়নশীল দেশসমূহৰ অৱদান কম হ’লেও ইয়াৰ প্ৰভাৱ অধিক তীব্ৰভাৱে অনুভৱ কৰিবলগীয়া হৈছে। একেদৰে, সমাজৰ ভিতৰত মহিলাসকল আৰু প্ৰান্তীয় জনগোষ্ঠীসমূহ অধিক ক্ষতিগ্ৰস্ত হৈছে। সেয়েহে জলবায়ু ন্যায়ৰ আলোচনাত লিংগ সমতা, মানৱাধিকাৰ আৰু সামাজিক ন্যায়ৰ বিষয়সমূহ অন্তৰ্ভুক্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। জাতিসংঘৰ Sustainable Development Goals (SDGs)-ৰ পঞ্চম লক্ষ্য হৈছে লিংগ সমতা আৰু ত্ৰয়োদশ লক্ষ্য হৈছে জলবায়ু ব্যৱস্থা গ্ৰহণ। এই দুয়োটা লক্ষ্য পৰস্পৰৰ লগত ওতপ্ৰোতভাৱে সম্পৰ্কিত। বহু গৱেষণাই দেখুৱাইছে যে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্থানীয় সম্পদ, খাদ্য, পানী আৰু জীৱবৈচিত্ৰ্য সম্পৰ্কে তেওঁলোকৰ পৰম্পৰাগত জ্ঞান বিশেষ মূল্যৱান।
অসমক এটা জাতীয় মাছ লাগে
মানস প্রতিম দত্ত
ভাৰতৰ বহু ৰাজ্যত আত্ম সহায়ক গোট (SHG)-সমূহে মহিলাসকলক ক্ষুদ্ৰ ঋণ, জৈৱিক কৃষি, পানী ব্যৱস্থাপনা আৰু বিকল্প জীৱিকাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। এই সংগঠনসমূহে স্থানীয় পৰ্যায়ত জলবায়ু অভিযোজনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
জলবায়ু নীতি প্ৰস্তুতকৰণ, দুৰ্যোগ ব্যৱস্থাপনা, কৃষি উন্নয়ন আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত মহিলাসকলৰ সমান অংশগ্ৰহণ নিশ্চিত কৰাটো অত্যন্ত জৰুৰী। পৰিৱেশ-নাৰীবাদে কেৱল সমস্যাৰ কথাই নকয়, ই এক বহনক্ষম সমাধানৰ পথৰ বাটো দেখুৱায়। জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ হ’লে নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত মহিলাসকলক সক্ৰিয় অংশগ্ৰহণৰ সুযোগ দিবই লাগিব। গ্ৰাম্য মহিলাসকলৰ হাতত প্ৰকৃতি, বীজ সংৰক্ষণ আৰু থলুৱা ঔষধি উদ্ভিদৰ বিষয়ে প্ৰচুৰ পৰম্পৰাগত জ্ঞান থাকে। এই জ্ঞানক জলবায়ু প্ৰতিৰোধী কৃষিকাৰ্যত ব্যৱহাৰ কৰিব পাৰি। পঞ্চায়তৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় নীতি প্ৰস্তুত কৰোঁতে মহিলাৰ অংশগ্ৰহণ আৰু পৰামৰ্শক প্ৰাধান্য দিব লাগিব। পুৰুষতান্ত্ৰিক উপভোক্তাবাদী সংস্কৃতিৰ বিপৰীতে এক প্ৰকৃতি-অনুকূল আৰু সহানুভূতিপূৰ্ণ সমাজ গঢ়ি তোলাৰ বাবে নাৰীবাদী দৰ্শনৰ প্ৰয়োজন আছে।
পিতৃতন্ত্ৰ আৰু জলবায়ু পৰিৱৰ্তন দুটা পৃথক বিষয় যেন দেখা গ’লেও বাস্তৱত এই দুয়োৰে মাজত গভীৰ আন্তঃসম্পৰ্ক বিদ্যমান। পিতৃতান্ত্ৰিক ক্ষমতা ব্যৱস্থাপনাই যিদৰে মহিলাসকলৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰিছে, একেদৰে প্ৰকৃতিৰ ওপৰতো আধিপত্য আৰু শোষণৰ সংস্কৃতি গঢ়ি তুলিছে। ফলস্বৰূপে, জলবায়ু সংকট কেৱল বৈজ্ঞানিক বা পৰিৱেশগত সমস্যা নহয়; ই সামাজিক ন্যায়, লিংগ সমতা আৰু উন্নয়নৰ ধাৰণাৰ লগতো জড়িত হৈ পৰিছে। জলবায়ু পৰিৱৰ্তনৰ ফলত মহিলাসকল অধিক ক্ষতিগ্ৰস্ত হৈছে যদিও তেওঁলোক কেৱল ভুক্তভোগী নহয়; বৰঞ্চ পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত তেওঁলোক এক শক্তিশালী পৰিৱৰ্তনকাৰী শক্তি। সেয়েহে, জলবায়ু সংকটৰ স্থায়ী সমাধান বিচাৰিবলৈ হ’লে পিতৃতান্ত্ৰিক বৈষম্য দূৰ কৰা, লিংগ সমতা নিশ্চিত কৰা আৰু সিদ্ধান্ত গ্ৰহণৰ সকলো স্তৰত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। অধিক ন্যায়সংগত, অন্তৰ্ভুক্তিমূলক আৰু বহনক্ষম সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত এই দৃষ্টিভংগী বিশেষ গুৰুত্বপূৰ্ণ।
তথ্যসূত্ৰ:
- Agarwal, B. (1992). The Gender and Environment Debate: Lessons from India, Feminist Studies, 18 (1), 119–158
- FAO (2011), The State of Food and Agriculture 2010–11: Women in Agriculture, Rome: Food and Agriculture Organization
- IPCC (2023), Climate Change 2023: Synthesis Report, Geneva: Intergovernmental Panel on Climate Change
- Neumayer, E., & Plümper, T. (2007), The Gendered Nature of Natural Disasters, Annals of the Association of American Geographers, 97 (3), 551–566
- Shiva, V. (1988), Staying Alive: Women, Ecology and Development, London: Zed Books
- United Nations (2015), Transforming Our World: The 2030 Agenda for Sustainable Development, New York: United Nations
- Walby, S. (1990), Theorizing Patriarchy, Oxford: Basil Blackwell
- Warren, K. J. (2000), Ecofeminist Philosophy: A Western Perspective on What It Is and Why It Matters, Lanham: Rowman & Littlefield
- World Bank (2022), Gender Dimensions of Climate Change, Washington, DC: World Bank
- D’Eaubonne, F. (1974), Le Féminisme ou la Mort, Paris: Pierre Horay
অন্ধবিশ্বাসৰ বলি ফেঁচা
ড° জলি বৰা

হাও দেয়াৰ ইউ!
পল্লৱপ্ৰাণ গোস্বামী

কনাক নামৰ কাউৰীটো
ড° জলি বৰা

বৈদিক যুগৰ ভাৰতীয় নাৰী
ড° মোহিনী গোস্বামী

বাণীকান্ত কাকতিৰ ‘নাৰী হৃদয়’ত নাৰীৰ মনস্তত্ত্ব
গীতালি কেওট বৰা
এই লেখাটি সম্পূৰ্ণকৈ আৰু বিজ্ঞাপনমুক্তভাৱে পঢ়িবলৈ নীলা চৰাইৰ সদস্য হওক
অসমীয়া ভাষা-সাহিত্যৰ সুস্থ বৌদ্ধিক চৰ্চাক আগবঢ়াই নিবলৈ আৰু আমাৰ সকলো সংৰক্ষিত লেখা নিৰ্বিঘ্নে পঢ়িবলৈ আমাৰ পাঠক সমাজৰ সৈতে যুক্ত হওক।
বা কেৱল এই লেখাটি পঢ়িবলৈ (বিজ্ঞাপনযুক্ত) এটা বিনামূলীয়া একাউণ্ট সৃষ্টি কৰক
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক


