শতবৰ্ষত ভূপেন হাজৰিকা

শতবৰ্ষত ভূপেন হাজৰিকা

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচী চৰকাৰে ধুমধামেৰেই আৰম্ভ কৰিছিল! প্ৰধানমন্ত্ৰীয়ে আহি যোগদান কৰিছিল। তেওঁৰ গীতে আকাশ-বতাহ মুখৰিত কৰিছিল। চৰকাৰে সামৰণি অনুষ্ঠানো পাতিছে। কিন্তু এটা বছৰে প্ৰকৃততে বিশাল প্ৰতিভাধৰ ভূপেন হাজৰিকাক আমি সঠিকভাৱে তুলি ধৰিব পাৰিলোনে? তেওঁৰ গান শ শ শিল্পীয়ে গালে। গীতৰ কৰ্মশালা হৈছে। নতুন প্ৰজন্মই শিকিছে। আকাশবাণীয়ে ধাৰাবাহিকভাৱে তেওঁৰ সৃষ্টি বজাই শুনাইছে। আলোচনা কৰিছে। কিছু পৰিমাণে পটভূমিও তুলি ধৰিছে।

কিন্তু তেওঁৰ গানৰ নিহিতাৰ্থ আমি কিমানে উপলব্ধি কৰিলো? তেওঁৰ গীতৰ যি প্ৰাণ, তাত আমি নিজক বিচাৰিছোঁনে? তেওঁ আমাক সদায়ে বাস্তৱৰ সৈতে মুখামুখি কৰাই দিছিল। এই বাস্তৱ মসৃণ বাস্তৱ নহয়, ৰূঢ় বাস্তৱ। ভূপেন হাজৰিকাৰ সময়ৰ বাস্তৱৰ সৈতে তেওঁৰ গীতত ভেজা দি আমি আজিৰ বাস্তৱৰ সৈতে মুখামুখি হ’ব পাৰিলোনে? শোষণ-নিৰ্যাতনৰ কাহিনীচোন দিনৌ চলিব ধৰিছে। ভূপেন হাজৰিকাই উভালি পেলাব খোজা সামাজিক বৈষম্যই আজিও দেখোন আমাক পিছলৈ টানি আছে। বৰ্ণবাদৰ তাণ্ডৱ এতিয়াও আমি দেখিয়েই আছোঁ। প্ৰতিবাদী জনতাৰ ওপৰত শাসক শ্ৰেণীৰ জুলুম আৰু বৰ্বৰতাৰ অন্ত নহ’ল। মুক্ত প্ৰকাশক হেঁচি ৰখাৰ ফেচিবাদী প্ৰৱণতা বাঢ়িব লাগিছে। ‘নেগুৰ কটা শৃগাল আজি ৰাজসভালৈ যায়’— কিমান গভীৰ উপলব্ধি সোমাই আছে তেওঁৰ গীতত! আৰু যে গাইছিল— ‘তেজ শোহা জোক জানো মহাপুৰুষ হয়’! আজি এচাম শিল্পী-বুদ্ধিজীৱীয়েচোন তেজ শোহা জোকৰ সৈতে সুসম্পৰ্ক গঢ়ি নিজৰ প্ৰতিভা বিক্ৰীৰ পথ বাছি লৈছে! আমিচোন দেখিয়েই আছোঁ। কেৱল মনোৰঞ্জনৰ আহিলা হিচাপে জানো ভূপেন হাজৰিকাৰ গীত গোৱা উচিত? ভূপেন হাজৰিকাই মানুহক জগোৱাৰ গান গাইছিল। জাগ্ৰত মানুহে নিজৰ অধিকাৰৰ সংগ্ৰামত অৱতীৰ্ণ হয়, তাক আমি বেয়া পাওঁ কিয়? কিয় শিল্পী সমাজে মুকলিভাৱে সমৰ্থন কৰিবলৈ ওলাই নাহে? ভূপেন হাজৰিকাই কৈ থৈছে— ‘কালৰাত্ৰিৰ বুকুতে লুকাই/ আছেই প্ৰভাত/ বুজিলানে নাই’!

আৰু পঢ়িব পাৰে

ভূপেন হাজৰিকা আছিল নিজেই এজন চিন্তাবিদ— উচ্চস্তৰীয় বুদ্ধিজীৱী। ‘আমাৰ প্ৰতিনিধি’ যিসকলে পঢ়িছিল, তেওঁলোকৰ নিশ্চয় ভূপেন হাজৰিকাৰ চিন্তাৰ জগতখনৰ লগত পৰিচয় নোহোৱাকৈ থকা নাই। এই চিন্তাৰ জগতখনৰ সৈতে তেওঁৰ এলানি গীত সংপৃক্ত হৈ আছে। বৰ্ণবাদী অসমীয়া সমাজখনৰ পৰা বিতাৰিত হৈ যদিও তেওঁ ৫৫-৫৬ চনতে অসম এৰিছিল, কিন্তু তেওঁৰ মন-প্ৰাণত সদায় জাতিটো প্ৰৱাহিত হৈ আছিল। সেয়ে অসমৰ বিভিন্ন সময়ত উদ্ভৱ হোৱা সংকটৰ তেওঁ মুখামুখি হ’ব পাৰিছিল আৰু বস্তুনিষ্ঠ মূল্যায়নেৰে তিৰ্যক মন্তব্য দিব পাৰিছিল। অসমৰ ভাষা সংকট, মাধ্যম আন্দোলন, বিদেশী বিতাড়ন আন্দোলনৰ সময়ত তেওঁ যি দিকদৰ্শী পৰ্যালোচনা কৰিছিল, সেয়া পঢ়ি আমি অভিভূত হৈ পৰোঁ। কেন্দ্ৰৰ অৱহেলাৰ বাবেই অসমীয়াই নানা দুৰ্ভোগ ভূগিবলগীয়া হৈছে, সেই কথা সত্তৰৰ দশকতে বলিষ্ঠভাৱে ‘আমাৰ প্ৰতিনিধি’ৰ সম্পাদকীয় স্তম্ভত তেওঁ লিখিছিল। ভাষা সম্পৰ্কত কেন্দ্ৰৰ আওকণীয়া মনোভাবৰ তেওঁ প্ৰচণ্ড সমালোচনা কৰিছিল। ভাষা সন্দৰ্ভত তেওঁৰ স্থিতি আছিল বিজ্ঞানপ্ৰসূত। তেওঁ ভাষা জাপি দিয়াৰ বিৰুদ্ধে আছিল। তেওঁ অসমীয়া ভাষাক সংযোগী ভাষা হিচাপে সকলো পক্ষক মানি ল’বলৈ আহ্বান জনাইছিল। আনহাতে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাৰ সমবিকাশৰ পক্ষে দৃঢ়তাৰে থিয় হৈছিল। চাহ বাগিচাৰ সমাজ আৰু জনজাতীয় সমাজৰ প্ৰতি অসমীয়া মধ্যবিত্তৰ মনোভাবকো তেওঁ মুকলিকৈ সমালোচনা কৰিছিল। তেওঁ কৈছিল, অৰ্থনৈতিক সমবিকাশেই মূল কথা। অৰ্থনৈতিক অসমতাই আনে বিচ্ছিন্নতাবোধ। বিদেশী বিতাড়ন আন্দোলনত তেৱোঁ কলকাতাৰ পৰা আহি উদগনি যোগাই গাইছিল— ‘আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান…’। তেওঁৰ কিছু সন্দেহো আছিল— যদি জাতিটো থানবান হয়! সেয়ে গাইছিল— ‘মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ’! সেয়া ১৯৮০ চনৰ কথা। একে সময়তে ‘আমাৰ প্ৰতিনিধি’ৰ পাতত তেওঁ বাঙালী জাতীয়তাবাদ আৰু অসমীয়া জাতীয়তাবাদৰ নেতিবাচক দিশক দেখুৱাই দি সতৰ্ক কৰিবলৈ দ্বিধাবোধ কৰা নাছিল। তেওঁ লিখিছিল বংগৰ জনৈক সাংবাদিকে যদি শ্ৰীৰামপুৰত ৰে’লপথ বন্ধ কৰাৰ হুমকি দিয়ে, সেয়া বাঙালী জাতীয়তাবাদৰ নেতিবাচক কথা। তেনেকৈ অসমত কোনো অসমীয়াই যদি যুগ যুগ ইয়াত বাস কৰা বাংলাভাষী লোকক হাৰাশাস্তি কৰে, সেয়া হ’ব অসমীয়া জাতীয়তাবাদৰ নেতিবাচক কথা। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাঙালী সমাজৰ দায়িত্ববোধৰ কথাও তেওঁ সোঁৱৰাই দিছিল। ইমানেই পৰিষ্কাৰ আছিল তেওঁৰ চিন্তা। উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ জনগোষ্ঠীৰ জীৱনশৈলী তেওঁ ওচৰৰ পৰা বুজাৰ চেষ্টা কৰিছিল। সকলোৰে সৈতে একাত্ম হোৱাৰ প্ৰয়াস কৰিছিল। সেয়ে তেওঁৰ গীতত এই জনগোষ্ঠীসমূহৰ উপস্থিতি আছিল অতি নিৰ্ভেজাল আৰু আন্তৰিক। তথাকথিত ৰাজনৈতিক সমন্বয়ৰ সূত্ৰ তাত নাই।

আৰু পঢ়িব পাৰে

দেখা গ’ল, শতবৰ্ষৰ সময়ছোৱাত চলচ্চিত্ৰকাৰ ভূপেন হাজৰিকা উপেক্ষিত হৈয়ে ৰ’ল। অথচ চলচ্চিত্ৰ তেওঁৰ বিশাল প্ৰতিভাৰ এটা প্ৰধান অংশ। চলচ্চিত্ৰৰ মাজেৰে মানুহক ভবাই তোলা তেওঁৰ লক্ষ্য আছিল। যিদৰে গানে, তেনেদৰে চলচ্চিত্ৰৰে মানুহক সমাজ ৰূপান্তৰৰ বাণীকেই শুনাবলৈ যত্ন কৰিছিল। হয়তো চলচ্চিত্ৰকাৰ হিচাপে সকলোতে তেওঁ সফল হোৱা নাছিল। কিন্তু তেওঁৰ সমাজৰ ছবিখনক নিৰ্ভেজাল ৰূপত দৰ্শকৰ সমুখত তুলি ধৰাৰ যি লক্ষ্য, তাৰ পৰা তেওঁ বিচলিত হোৱা নাছিল। ছবিৰ সংগীত পৰিচালনা সম্পৰ্কত দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈ থৈছে, তেওঁৰ বাণিজ্যিক ছবিৰ প্ৰতি কোনো আগ্ৰহ নাছিল। উদ্দেশ্যধৰ্মী ছবিৰ প্ৰতিহে তেওঁ আকৃষ্ট। আনকি গান গাইও তেওঁৰ ধন অৰ্জা লক্ষ্য নাছিল। জীৱনৰ শেষৰ ফালেহে কিছু অৰ্থৰ বাবে গাব লগা হৈছে। নিজৰ ছবিৰ বিষয়ে তেওঁ কৈছে যে এৰাবাটে ঘূৰি, অৱহেলিত মাটিৰ সুৰ শুনি তেওঁ প্ৰথমখন ছবি ‘এৰাবাটৰ সুৰ’ কৰাৰ প্ৰেৰণা পাইছিল। গোৱালপাৰাৰ বিশেষ স্থানৰ হাতী মাউত এজনৰ ব্যক্তিত্ব দেখি তেওঁ আৰম্ভ কৰিছিল দ্বিতীয়খন ছবি, বাংলাত— ‘মাহুত বন্ধুৰে’ ( এই ছবি চাই জৱাহৰলাল নেহৰু মুগ্ধ হৈছিল আৰু পৃথিৱীৰ নানা দেশত থকা ভাৰতীয় দূতাবাসলৈ পঠোৱাৰ ব্যৱস্থা কৰিছিল)। কালিদাসৰ অমৰ কাব্য সাৰ্বজনীন সৌন্দৰ্য অসমৰ ৰাইজৰ সমুখলৈ সহজভাৱে দাঙি ধৰাৰ প্ৰেৰণাই তেওঁক আগবঢ়াই নিছিল ‘শকুন্তলা’ ছবি কৰাৰ বাটেৰে। খাছী আৰু অসমীয়াৰ যোগসূত্ৰ তেওঁ উপলব্ধি কৰিছিল এদিন সন্ধিয়া চেৰাপুঞ্জীত বহি খাছী গাঁওবুঢ়া এজনৰ পৰা খাছী সাধুকথা শুনি। তিনিটা বছৰ ভাবি-চিন্তি তেওঁ কৰিছিল ‘প্ৰতিধ্বনি’। তাক খাছীসকলকো জনাবলৈ তেওঁ কৰিছিল খাছী ভাষাৰ প্ৰথমখন ছবি— ‘কা শ্বৰাতি’ বা The Flute। অসমত চলচ্চিত্ৰ নিৰ্মাণৰ সমস্যাৰ নানা দুখলগা পৰিস্থিতিৰ বিষয় লৈ তেওঁ কৰিছিল ব্যংগাত্মক ছবি ‘লটিঘটি’। তেনেদৰে মুখাপিন্ধা ধনীয়ে অসমীয়া গাভৰুৰ সতীত্ব কিনিবলৈ অহাৰ কাহিনী লৈ তেওঁ নিৰ্মাণ কৰিছিল ‘চিকমিক বিজুলী’। তেওঁ কৈছিল যে সকলোতে উদ্দেশ্য একে— সমাজক ভবাই তোলা। ফিল্ম শ্বুড্ প্ৰ’ভ’ক্ অডিয়েন্স টু থিংক। এই উপলব্ধি হৈছিল তেওঁৰ চাৰ্লি চেপলিন আৰু আইজেনষ্টাইনৰ ছবি চাই। ইয়াৰ পাছত তেওঁ ‘চিৰাজ’, ‘মন প্ৰজাপতি’ নিৰ্মাণ কৰিছে।

কিন্তু এই ছবিবোৰ কি হ’ল? শতবৰ্ষত একো কথা নোলাল যে! ছবি সম্পৰ্কে কোনো আলোচনা নহ’ল যে! তেওঁৰ ছবিসমূহৰ অসম ব্যাপী প্ৰদৰ্শন কৰাৰ প্ৰয়োজনক আমি কিয় উপলব্ধি নকৰিলো? কিয় অৱহেলা কৰিলো? অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এয়া দায়িত্ব নাছিলনে? নে চলচ্চিত্ৰকাৰ ভূপেন হাজৰিকাক পাহৰি যোৱা উচিত? কিন্তু অসমৰ চলচ্চিত্ৰ ইতিহাসৰ ভূপেন হাজৰিকা এক বৰ্ণিল অধ্যায়। তাক আমি কিয় মচি পেলাম? শতবৰ্ষতে যদি তাৰ চৰ্চা নহয়, কেতিয়ানো হ’ব?

বন্ধুবৰ চিত্ৰকৰ-কবি খনীন দাসে আৰ্টিষ্ট গীল্ডৰ জৰিয়তে কিছু দিন আগতে ভূপেন হাজৰিকাৰ ‘এৰাবাটৰ সুৰ’ আৰু ‘মেৰা ধৰম মেৰী মা’ (হিন্দী)ৰ দুটা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। কিন্তু এনে উদ্যমৰ কথা চলচ্চিত্ৰ সংস্থাবোৰে ভবা নাই কিয়? ছবিবোৰ উদ্ধাৰ আৰু প্ৰদৰ্শনৰ মাজেৰেহে শিল্পীগৰাকীৰ প্ৰতি শতবৰ্ষত প্ৰকৃত শ্ৰদ্ধা নিবেদন কৰা হ’লহেঁতেন।

ভূপেন হাজৰিকা অসমীয়া সংস্কৃতিৰ এটা ধাৰা। এই ধাৰা আছিল গণমুখী, গতিকে এই ধাৰাৰ বস্তুনিষ্ঠ মূল্যায়ন অসমৰ সংস্কৃতিৰ ভৱিষ্যতৰ গতিপথ প্ৰশস্ত কৰাৰ বাবেই জৰুৰী।

শতবৰ্ষত ভূপেন হাজৰিকা | ড° পৰমানন্দ মজুমদাৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক